Saturday 29 March 2014

What is GDP ? (মুঠ ঘৰুৱা/গৃহ উৎপাদন কি ?)



GDP is an aggregate production  of  final goods and services taking place within the domestic country during a year .
       এখন দেশৰ এটা নিৰ্দিষ্ট বছৰত দেশীয় অৰ্থনীতিৰ ভিতৰত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ পৰিমাণকে  মুঠ গৃহ উৎপাদন আখ্যা দিয়া হয় ৷ এইক্ষেত্ৰত চূড়ান্ত দ্ৰব্য বুলিলে সেইবিলাক দ্ৰব্যক বুজা যায় যিবিলাক দ্ৰব্য উপভোগৰ বাবে সম্পূৰ্ণ সাজু হৈ পৰে  অৰ্থাৎ যিবিলাক দ্ৰব্যৰ ক্ষেত্ৰত পূনৰ কোনোধৰণৰ অৰ্থনৈতিক মূল্য সংযোজিত নহয় সেইবিলাক দ্ৰব্যই হৈছে চূড়ান্ত দ্ৰব্য ৷এটা কথা উল্লেখযোগ্য যে মুঠ গৃহ উৎপাদনৰ সম্পূৰ্ণ অংশ গৃহ দেশৰ নাগৰিকৰ হাতলৈ নাযায় ৷ এটা উদাহৰণৰ জৰিয়তে এই কথাটো বুজাত সহায়ক হব –  ধৰা হ’ল ভাৰতবৰ্ষৰ এজন নাগৰিকে ইংলেণ্ডত চাকৰি কৰে আৰু তাৰ বাবদ তেওঁ ইংলেণ্ডৰ পৰা যিমান পৰিশ্ৰমিক লাভ কৰিব সেইখিনি ইংলেণ্ডৰ মুঠ গৃহ উৎপাদনৰহে অন্তৰ্ভূক্ত হব ৷তাৰ বিপৰীতে ইংলেণ্ডৰ এজন নাগৰিকে ভাৰতবৰ্ষত লাভ কৰা পৰিশ্ৰমিক ভাৰতবৰ্ষৰ মুঠ গৃহ উৎপাদনৰহে অন্তৰ্ভূক্ত হ’ব ৷মুঠ গৃহ উৎপাদনৰ লগত শুদ্ধ বৈদেশিক আয় সংযোজন কৰি পোৱা সমষ্টিবাদী অৰ্থনৈতিক চলকটোক মুঠ ৰাষ্ট্ৰীয় উৎপাদন আখ্যা দিয়া হয় ৷

What is Real GDP and Nominal GDP ?

    নামমূলক মুঠ গৃহ উৎপাদন(Nominal GDP) হৈছে চলিত বজাৰ দামত (current market price) মূল্যায়িত মুঠ গৃহ উৎপাদন সেয়েহে নামমূলক মুঠ গৃহ উৎপাদনত চলিত বছৰত মুদ্ৰাস্ফীতি নাইবা অৱস্ফীতিৰ ফলত হোৱা বজাৰ মূল্যৰ পৰিবৰ্তনক অন্তৰ্ভূক্ত কৰা হয় ৷
   অন্যহাতে এখন দেশৰ বিভিন্ন সময়ৰ মুঠ ঘৰুৱা উৎপাদনৰ তুলনামূলক অধ্যয়ন কৰিবৰ বাবে আমি চলিত বছৰৰ বজাৰ মূল্যৰ উপৰত ভিত্তি কৰি নিৰ্ণয় কৰা মুঠ গৃহ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিলে নহ’ব ৷ বিভিন্ন সময়ত দৰস্তৰত হোৱা সালসলনিৰ ফলত এনে সমস্যাৰ সৃষ্টি হয় ৷ গতিকে এনেকুৱা ধৰণৰ তুলনামূলক অধ্যয়নৰ বাবে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন(Real GDP) ধাৰণাৰ প্ৰয়োজন হয় ৷প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনত দ্ৰব্য আৰ সেৱাসমূহক এক স্থিৰমূল্যত গণনা কৰা হয় ৷ গতিকে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনক স্থিৰ মূল্যত প্ৰকাশিত মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়