Friday 22 August 2014

নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰী প্ৰচেষ্টা/ আঁচনি



বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ জনবহুল দেশ ভাৰতবৰ্ষ৷ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা ১২১ কোটিৰো অধিক৷ এখন উন্নয়নশীল দেশত ইমান বৃহৎ পৰিমাণৰ লোকক নিয়োগৰ সুবিধা আগবঢ়োৱাটো সম্ভৱ নহয়৷ তথাপি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক চৰকাৰে দেশত নিয়োগৰ সুবিধা সৃষ্টিৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে আৰু তাৰে প্ৰতিফলন হ'ল তলৰ আঁচনিবোৰ৷

১৷ Integrated Rural Development Program (সংহত গ্ৰাম্য উন্নয়ণ যোজনা)  
এই আঁচনিখন ১৯৭৮ চনত প্ৰৱৰ্তন কৰা হৈছিল৷ মূলত আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ আয় বৃদ্ধিৰ বাবে আত্মনিয়োজনক গুৰুত্ব দিয়াই এই আঁচনিখনৰ উদ্দেশ্য আছিল৷ বিগত দিনবোৰত এই আঁচনিখনে গ্ৰাম্য অঞ্চলত নিয়োগৰ সৃষ্টিত যি অৱদান আগবঢ়াইছে, তাৰ ফালৰ পৰা চাবলৈ গ'লে যোজনাখন যথেষ্ট সফল হৈছে বুলিয়ে ক' লাগিব৷
 ২৷ Mahatma Gandhi National Rural Employment Guarantee Act (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি)  
২০০৫ চনৰ ২৫ আগষ্টত প্ৰৱৰ্তন কৰা এই আঁচনিখন দেশত নিয়োগৰ সৃষ্টিত অন্যতম সফল আঁচনি৷ গাওঁ অঞ্চলৰ প্ৰাপ্তবয়ষ্ক লোকক প্ৰতি বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিয়োগৰ সুবিধা কৰি দিয়াৰ নিশ্চিতকৰণক মূল উদ্দেশ্য হিচাপে লৈ আগবঢ়োৱা এই আঁচনিখন তুলনামূলকভাৱে যথেষ্ট সফল বুলিয়ে ক'ব লাগিব৷ ২০১০-১১ বিত্তীয় বৰ্ষত এই আঁচনিখনৰ বাবে ৪০,০০০ কোটি টকা খৰচ কৰা হৈছিল৷ নিয়োগ সৃষ্টিৰ উপৰিও গাওঁ অঞ্চলৰ সামগ্ৰিক বিকাশতো এই আঁচনিখনৰ অৱদান অতিকে লেখত 'বলগীয়া৷
৩৷ সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা ( Sampoorna Grameen Rozgar Yojana) 
এই যোজনাখন ২০০১ চনৰ ২৫ চেপ্তেম্বৰত প্ৰৱৰ্তন কৰা হৈছিল৷ সুবিধাজনক মজুৰিৰে নিয়োগ সৃষ্টি আৰু তাৰ দ্বাৰা খাদ্য সুৰক্ষা আগবঢ়োৱাটো এই যোজনাখনৰ মূ্ল লক্ষ্য৷ তাৰোপৰি গাওঁ অঞ্চলত স্থায়ী সম্পত্তি যেনে দলং, বাট -পথ আদি নিৰ্মাণ কৰি নিয়োগৰ সমান্তৰালভাৱে গাওঁ অঞ্চলৰ সামগ্ৰীক বিকাশৰ বাট মুকলি কৰাটোও এই আঁচনিখনৰ অন্যতম উদ্দেশ্য৷
৪৷ Swarnajaym Swaroz Yojana (স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা)  
১৯৯৯ চনৰ ১ এপ্ৰিল তাৰিখে এই যোজনাখন আগবঢ়োৱা হয়৷ এই যোজনাখনৰ জৰিয়তে দৰিদ্ৰ সীমাৰ তলত বাস কৰা লোকসকলক "আত্মসহায়ক গোট (SELF HELP GROUP) ৰ" দ্বাৰা সংগঠিত কৰি সামাজিক গতিশীলতা, প্ৰশিক্ষণ আৰু বেংক- ক্ৰেডিট তথা চৰকাৰী অণুদান আগবঢ়াই এক উন্নততৰ আৰ্থিক প্ৰস্থিতি দিয়াৰ প্ৰয়াস কৰা হয়৷
৫৷ নতুন উদ্যোগৰ সৃষ্টি (Establishment of new industries) 
দেশৰ উন্নতিৰ বাবে চৰকাৰীভাৱে বহুতো উদ্যোগ গঢ়ি তোলা হৈছে যি উন্নয়নৰ লগতে নিয়োগৰ বাটো মুকলি কৰিছে৷ এখন ঠাইত এটা উদ্যোগ স্থাপন হ'লে সেই উদ্যোগটোত কৰ্মসংস্থাপিত লোকসকলৰ উপৰিও গোটেই অঞ্চলটোতে কিছুমান আনুসংগিক প্ৰতিষ্ঠান (যেনে, দোকান-পোহাৰ ৰেষ্টুৰেন্ট আদি) গঢ়ি উঠে যিবোৰত বহুতো লোকে সংস্থাপন পাই৷ উদাহৰণ স্বৰূপে লেপেটকটাত স্থাপিত BCPL ৰ কথাকে ক'ব পাৰি৷ উদ্যোগটোত কেইবাহাজাৰ লোকে প্ৰতক্ষ্যভাৱে নিয়োগ পোৱাৰ লগতে আন কেইবাহাজাৰ লোকে আনুসংগিকভাৱে গঢ় লৈ উঠা প্ৰতিষ্ঠানবোৰত নিয়োজিত হ'ব পাৰিছে৷
৬৷ Self- Employment Scheme for Educated Unemployed Youth (SEEUY) 
শিক্ষিত নিবনুৱা যুৱকসকলৰ বাবে স্ব-নিয়োজন ১৯৮৩ চনত ঘোষণা কৰা এই আঁচনিখনৰ জৰিয়তে প্ৰতিবছৰে ২.৫ লাখ শিক্ষিত নিবনুৱা যুৱকক লাভৱান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰদ্বাৰা গাওঁ-পঞ্চায়তৰ যোগেদি শিক্ষিত নিবনুৱা যুৱকসকলে চৰকাৰী সুবিধাৰ বাবে আৱেদন কৰিব পাৰে৷ প্ৰযুক্তিগত জ্ঞান থকা আৰু ITI ত প্ৰশিক্ষিত যুৱক-যুৱতীসকলক অধিক অগ্ৰাধিকাৰ দিয়া হয়৷ বয়সৰ সময়সীমা ১৯ বছৰৰ পৰা ৩৫ বছৰ৷
৭৷ Prime Minister's Employment Generation Programme (PMEGP)
প্ৰধান মন্ত্ৰীৰ নিয়োগ সৃষ্টি আঁচনি এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনি, ক্ৰমে "প্ৰধান মন্ত্ৰীৰ ৰোজগাৰ যোজনা (PMRY)" আৰু গ্ৰাম্য নিয়োগ সৃষ্টি যোজনা "REGP" লগ লগাই সৃষ্টি কৰা হৈছে৷ এই আঁচনিখন ২০০৮ চনত প্ৰৱৰ্তন কৰা হয়৷ আঁচনিখনৰ মূল লক্ষ্য হ' স্বনিয়োজনক চৰকাৰীভাৱে উৎসাহিত কৰি গাওঁ আৰু চহৰ দুই অঞ্চলতে নিবনুৱাসকলক সকাহ প্ৰদান কৰা৷

আলোচনাৰ পৰা স্পষ্ট হৈছে যে চহৰ আৰু গাওঁ --এই দুই অঞ্চলতে নিয়োগৰ সা-সুবিধা বৃদ্ধিৰ বাবে চৰকাৰে যথেষ্ট পদক্ষেপ হাতত লৈছে৷ কিন্তু এইবোৰৰ সফল ৰূপায়ণ নিৰ্ভৰ কৰে জনসাধাৰণৰ সচেতনতাৰ ওপৰত৷ জনসাধাৰণ সচেতন হ'লে আৰু তাৰ দ্বাৰা নিৱনুৱা সমস্যাৰ সমাধান সূত্ৰ ওলালে ভাৰতবৰ্ষ অচিৰেই বিশ্বত এখন জাকত জিলিকা দেশ হৈ পৰিব৷