Wednesday 2 April 2014

ECONOMIC CHARACTERISTICS OF ASSAM (অসমৰ অৰ্থনৈতিক বৈশিষ্ট্য )


      ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ব প্ৰান্তত অৱস্থিত প্ৰাকৃতিক সম্পদেৰে ভৰা অসম এখন গুৰুত্বপূৰ্ণ ৰাজ্য ৷কিন্তু ৰাজ্যখনৰ অৰ্থনীতি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য সমূহতকৈ যথেষ্ট পিছপৰা ৷অসমত যথেষ্ট উন্নতিৰ সম্ভাৱনা থকা সত্বেও সম্পদৰ অপূৰ্ণ ব্যৱহাৰ আৰু দৰিদ্ৰতা থকা বাবে  অসমক এখন অনুন্নত ৰাজ্য বুলি কোৱা হয় ৷ এখন পিছপৰা বা অনুন্নত ৰাজ্য হিচাপে অসমৰ অৰ্থনীতিৰ বিশেষ বৈশিষ্ট্য সমূহ তলত দাঙি ধৰা হ’ল –
     ক) কৃষি নিৰ্ভৰ অৰ্থনীতি :-
                অসমৰ অৰ্থনীতি মূলত: কৃষিভিত্তিক ৷ৰাজ্যখনৰ প্ৰায় 77% জনসংখ্যা কৃষিৰ সৈতে প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে জড়িত হৈ আছে ৷2005-06 চনত ৰাজ্যখনৰ মুঠ ৰাজ্যিক আয়ৰ প্ৰায় শতকৰা 28.7 ভাগ কৃষিৰ পৰা আহৰিত হৈছিল ৷ অনা কৃষিমূলক জীৱিকাৰ পৰিসৰ প্ৰসাৰিত নোহোৱাৰ ফলশ্ৰুতিতে অসমৰ কৃষিখণ্ডৰ ওপৰত জনসংখ্যাৰ এক গধুৰ বোজা সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে ৷
      খ) নিম্ন জনমূৰি আয় :-
                 অসমৰ জনসংখ্যাৰ জনমূৰি আয় একেবাৰে নিম্ন ৷প্ৰচলিত মূল্যত 2005-06 চনত অসমৰ জনমূৰি আয় আছিল 18,598 টকা ,যি সময়ত ভাৰতৰ জনমূৰি আয় অসমতকৈ প্ৰায় 7000 টকা বেছি আছিল ৷নিম্ন জনমূৰি আয়ৰ বাবে ৰাজ্যখনত মূলধন গঠন নিম্ন পৰিমাণৰ হোৱাটো পৰিলক্ষিত হয় ৷
       গ) আন্ত:গাঠনিমূলক দূৰ্বলতা :-
                  অসমত আন্ত:গাঠনিমূলক সা-সুবিধাসমূহ সম্পূৰ্ণৰুপে উপলব্ধ নহয় ৷ই ৰাজ্যখনৰ অৰ্থনৈতিক অনগ্ৰসৰতাক বুজায় ৷পৰিবহন ,যোগাযোগ,বৈদ্যুতিকৰণ,ঋণৰ যোগান ইত্যাদিৰ ক্ষেত্ৰত ৰাজ্যখন এতিয়াও পিছপৰি আছে ৷এনে হোৱাৰ ফলত ৰাজ্যখনত উদ্যোগখণ্ডৰ বিকাশ আশাকৰা ধৰণে হোৱা নাই ৷
       ঘ) ৰাজ্যিক আয়ৰ লেহেমীয়া গতি :-
                     যোৱা কিছুবছৰ ধৰি অসমৰ ৰাজ্যিক আয় কিছুপৰিমাণে বৃদ্ধি পাইছে যদিও এই বৃদ্ধিৰ হাৰ মন্থৰ হোৱাটো পৰিলক্ষিত হৈছে ৷মন্থৰ গতিত বৃদ্ধিহোৱা ৰাজ্যিক আয়ৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়ণৰ হাৰো লেহেমীয়া হৈছে ৷ 1972-73 চনত অসমৰ ৰাজ্যিক  আয় আছিল 874 কোটি টকা আৰু 1973-74 চনত ই মাত্ৰ 946 কোটি টকালৈ বৃদ্ধি হয় ৷
       ঙ) মূলধন গঠনৰ নিম্ন নিৰিখ :_
                   মূলধন গঠন নিৰ্ভৰ কৰে সঞ্চয়ৰ ওপৰত আৰু সঞ্চয় নিৰ্ভৰ কৰে জনমূৰি আয়ৰ ওপৰত ৷ কিন্তু অসমৰ জনমূৰি আয় নিম্ন হোৱাৰ বাবে সঞ্চয় কম হয় আৰু ইয়াৰ ফলস্ৰুতিত ৰাজ্যখনৰ মূলধন গঠনৰ হাৰো একেবাৰে কম হোৱা দেখা যায় ৷যাৰ ফলত ৰাজ্যখনত বিনিয়োগৰ হাৰ কম হৈ অৰ্থনৈতিক উন্নয়ণ বাধাগ্ৰস্ত হৈছে ৷