অংশগ্ৰহণমূলক
গ্ৰামোন্নয়ন হ’ল গ্ৰাম্য উন্নয়নৰ এক বিশেষ কৌশল য’ত গ্ৰাম্যাঞ্চলৰ লোকসকলে উন্নয়নৰ
প্ৰতিটো পদক্ষেপতে সক্ৰিয় অংশগ্ৰহণ কৰে৷
উন্নয়নমূলক আঁচনিসমূহৰ চিনাক্তকৰণ, কাৰ্যকৰীকৰণ বা ৰূপায়ণ আৰু মূল্যায়ন –এই
প্ৰতিটো স্তৰতে গাওঁবাসীসকলক প্ৰত্যক্ষভাৱে যোগদান কৰাৰ সুবিধা দিয়া হয়৷ গাঁওবাসী
সকলেহে গাঁও অঞ্চলৰ অসুবিধাসমূহ ভালদৰে বুজি পায় কাৰণ তেওঁলোক বছৰ বছৰ ধৰি সেই
সমস্যাসমূহৰ ভুক্তভোগী হৈ আহিছে৷ সেয়েহে
সেই সমস্যাসমূহ দূৰীকৰণৰ বাবে লোৱা আঁচনিত তেওঁলোকৰ অংশগ্ৰহণে উন্নয়নক অধিক
বাস্তৱিক আৰু ফলপ্ৰসূ কৰি তোলে৷
গ্ৰামোন্নয়নৰ মৌলিক অৱধাৰণা ১৬২
|
গ্ৰাম্যাঞ্চলৰ
মাত কথা, ভাষা সংস্কৃতি, আচাৰ ব্যৱহাৰ আৰু ধৰ্মীয় বিশ্বাস অন্য অঞ্চলৰ সৈতে
নিমিলে৷ পৰম্পৰাগতভাৱে চলি অহা কিছুমান সামাজিক নীতি নিয়মৰ যোগেদি গ্ৰাম্য সমাজখন
পৰিচালিত হৈ আহিছে৷ সেই নীতি নিয়মবোৰ অমান্য কৰিলে গাঁওবাসীৰ ৰোষতপৰিবলগীয়া হয়৷
গ্ৰাম্য উন্নয়নৰ দায়িত্বত থকা চৰকাৰী বিষয়সকলে বহু সময়ত সেই নীতি নিয়মবোৰক হেয়
জ্ঞান কৰি কামত আগবাঢ়ে৷ কিছুমান বিষয়াই স্থানীয় ভাষাটো নজনাৰ বাবেও অসুবিধাত পৰে৷
এইবোৰৰ ফলত তেওঁলোক গাওঁবাসীৰ ঘনিষ্ঠ হোৱাত বিফল হয় আৰু তাৰ ফলত গ্ৰাম্যাঞ্চলৰ
প্ৰকৃত সমস্যাসমূহ ওলাই নপৰে৷ এই ক্ষেত্ৰতো অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ কৌশলটো
প্ৰয়োজনীয় হৈ পৰে৷
গাওঁ
অঞ্চলৰ লোকসকল সাধাৰণতে নিৰক্ষৰ আৰু সহজ সৰল৷ সেয়েহে চৰকাৰী বিষয়াসকলক নিজা
সমস্যাসমূহ আগবাঢ়ি আহি ক’বলৈ তেওঁলোকে সংকোচ কৰে৷ ইয়াৰ ফলত গ্ৰাম্যাঞ্চলৰ বহু
সমস্যা চৰকাৰী আঁচনিৰ বাহিৰতে থাকি যায়৷ তাৰ সলনি যদি উন্নয়ন কাৰ্যত গাঁৱৰে
দুজনমান লোকক অন্তৰ্ভুক্ত কৰি লোৱা হয় তেতিয়া সেই সমস্যাবোৰ নাথাকে৷ নিজৰ মানুহৰ
আগত গাঁওবাসীসকলে বিনা সংকোচেৰে নিজা অসুবিধাসমূহ খুলি ক’ব পাৰে৷ এই ক্ষেত্ৰতো
অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ কৌশলটো প্ৰয়োজনীয় হৈ পৰে৷
অংশগ্ৰহণমূলক
গ্ৰামোন্নয়ন ধাৰণাটোৰ জন্ম (Origin of the Concept of Participatory
Rural Development)
|
অংশগ্ৰহণমূলক
গ্ৰামোন্নয়নৰ নীতিসমূহ (Principles of Participatory Rural Development)
অংশগ্ৰহণমূলক
গ্ৰামোন্নয়নৰ পাঁচটা মূল নীতি আছে৷ সেইকেইটা হ’ল –
ক)
অংশগ্ৰহণ (Participation): এই
কৌশলটোৱে সামূহিক দায়ৱদ্ধতাৰ ওপৰত বিশ্বাস কৰে৷ সেয়েহে এই কৌশলটোৰ আধাৰত স্থানীয়
লোকসকলৰ ভূমিকাক স্বীকৃতি দিয়া হয়৷ স্থানীয় লোকসকলক কেৱল তথ্যৰ উৎস হিচাপে ব্যৱহাৰ
নকৰি এই কৌশলটোৱে তেওঁলোকক উন্নয়নৰ অংশীদাৰী আৰু সিদ্ধান্ত গ্ৰহণকাৰী কৰি তোলে৷
খ)
নমনীয়তা (Flexibility): অংশগ্ৰহণমূলক
গ্ৰাম্য উন্নয়ন পদ্ধতিত গ্ৰাম্যাঞ্চলৰ সমস্যাসমূহ চিনাক্ত কৰি লোৱাৰ পিছত সেইবোৰ
সমাধানৰ কৌশল বাচি উলিওৱা হয়৷ এনে কৌশলসমূহ কেনেদৰে বাচনি কৰি লোৱা হ’ব তাৰ কোনো
ধৰাবন্ধা নীতি নিয়ম নাই৷ উন্নয়ন কাৰ্যত জড়িত দলটোৰ আকাৰ, কামৰ বাবে উপলব্ধ সময়,
প্ৰযুক্তি আৰু কামৰ ধৰণ অনুসৰি উন্নয়ন কৌশল ভিন ভিন হয়৷
গ) দলীয়
কৰ্ম (Team Work): অংশগ্ৰহণমূলক
গ্ৰামোন্নয়নৰ কৌশলটো দলীয় কৰ্মৰ ওপৰত নিৰ্ভৰশীল৷ এই ব্যৱস্থাত উন্নয়নৰ আটাইবোৰ
সিদ্ধান্ত গ্ৰহণৰ বাবে যথেষ্ট সংখ্যক স্থানীয় লোকৰ লগতে কিছুসংখ্যক বিশেষজ্ঞৰে
গঠিত এক সংঘৱদ্ধ আৰু দায়িত্বশীল দল গঠন কৰি লোৱা হয়৷ সেই দলটোত মহিলাসকলৰো
অংশগ্ৰহণ নিশ্চিত কৰা হয়৷
ঘ)
দক্ষতা (Efficiency):অংশগ্ৰহণমূলক গ্ৰামোন্নয়নত দক্ষতাৰ ওপৰত
সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়৷ সেয়েহে উন্নয়ন কাৰ্যত স্থানীয় লোকসকলক অন্তৰ্ভুক্ত
কৰোঁতে কিছু দিশৰ ওপৰত মন দিয়া হয়৷ গাওঁ অঞ্চলৰ তুলনামূলকভাৱে কিছু শিক্ষিত আৰু
জনাবুজা লোকসকলকহে উন্নয়নৰ দলটোত স্থান দিয়া হয়৷ এই পদ্ধতিৰ মূল লক্ষ্যই হ’ল গাঁও
অঞ্চলৰ সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰক দক্ষতাৰে সমাধান কৰা৷
|
I am so happy to see this article. Such a various type of article and your info is too good!!!!!
ReplyDeleteBep-20 token development
That’s a very useful post and amazing write up !!!!!!!
ReplyDeleteDAPPS Design
Thanks for being a source of enlightenment. Also check the town of clay court
ReplyDelete