ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ব প্ৰান্তত অৱস্থিত
প্ৰাকৃতিক সম্পদেৰে ভৰা অসম এখন গুৰুত্বপূৰ্ণ ৰাজ্য ৷কিন্তু ৰাজ্যখনৰ অৰ্থনীতি
ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য সমূহতকৈ যথেষ্ট পিছপৰা ৷অসমত যথেষ্ট উন্নতিৰ সম্ভাৱনা
থকা সত্বেও সম্পদৰ অপূৰ্ণ ব্যৱহাৰ আৰু দৰিদ্ৰতা থকা বাবে অসমক এখন অনুন্নত ৰাজ্য বুলি কোৱা হয় ৷ এখন
পিছপৰা বা অনুন্নত ৰাজ্য হিচাপে অসমৰ অৰ্থনীতিৰ বিশেষ বৈশিষ্ট্য সমূহ তলত দাঙি ধৰা
হ’ল –
ক) কৃষি নিৰ্ভৰ অৰ্থনীতি :-
অসমৰ অৰ্থনীতি মূলত: কৃষিভিত্তিক
৷ৰাজ্যখনৰ প্ৰায় 77% জনসংখ্যা কৃষিৰ সৈতে প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে জড়িত হৈ আছে
৷2005-06 চনত ৰাজ্যখনৰ মুঠ ৰাজ্যিক আয়ৰ প্ৰায় শতকৰা 28.7 ভাগ কৃষিৰ পৰা আহৰিত
হৈছিল ৷ অনা কৃষিমূলক জীৱিকাৰ পৰিসৰ প্ৰসাৰিত নোহোৱাৰ ফলশ্ৰুতিতে অসমৰ কৃষিখণ্ডৰ
ওপৰত জনসংখ্যাৰ এক গধুৰ বোজা সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে ৷
খ) নিম্ন জনমূৰি আয় :-
অসমৰ জনসংখ্যাৰ জনমূৰি আয়
একেবাৰে নিম্ন ৷প্ৰচলিত মূল্যত 2005-06 চনত অসমৰ জনমূৰি আয় আছিল 18,598 টকা ,যি
সময়ত ভাৰতৰ জনমূৰি আয় অসমতকৈ প্ৰায় 7000 টকা বেছি আছিল ৷নিম্ন জনমূৰি আয়ৰ বাবে
ৰাজ্যখনত মূলধন গঠন নিম্ন পৰিমাণৰ হোৱাটো পৰিলক্ষিত হয় ৷
গ) আন্ত:গাঠনিমূলক দূৰ্বলতা :-
অসমত আন্ত:গাঠনিমূলক সা-সুবিধাসমূহ
সম্পূৰ্ণৰুপে উপলব্ধ নহয় ৷ই ৰাজ্যখনৰ অৰ্থনৈতিক অনগ্ৰসৰতাক বুজায় ৷পৰিবহন
,যোগাযোগ,বৈদ্যুতিকৰণ,ঋণৰ যোগান ইত্যাদিৰ ক্ষেত্ৰত ৰাজ্যখন এতিয়াও পিছপৰি আছে ৷এনে
হোৱাৰ ফলত ৰাজ্যখনত উদ্যোগখণ্ডৰ বিকাশ আশাকৰা ধৰণে হোৱা নাই ৷
ঘ) ৰাজ্যিক আয়ৰ লেহেমীয়া গতি :-
যোৱা কিছুবছৰ ধৰি অসমৰ ৰাজ্যিক
আয় কিছুপৰিমাণে বৃদ্ধি পাইছে যদিও এই বৃদ্ধিৰ হাৰ মন্থৰ হোৱাটো পৰিলক্ষিত হৈছে
৷মন্থৰ গতিত বৃদ্ধিহোৱা ৰাজ্যিক আয়ৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়ণৰ হাৰো
লেহেমীয়া হৈছে ৷ 1972-73 চনত অসমৰ ৰাজ্যিক
আয় আছিল 874 কোটি টকা আৰু 1973-74 চনত ই মাত্ৰ 946 কোটি টকালৈ বৃদ্ধি হয় ৷
ঙ) মূলধন গঠনৰ নিম্ন নিৰিখ :_
মূলধন গঠন নিৰ্ভৰ কৰে সঞ্চয়ৰ
ওপৰত আৰু সঞ্চয় নিৰ্ভৰ কৰে জনমূৰি আয়ৰ ওপৰত ৷ কিন্তু অসমৰ জনমূৰি আয় নিম্ন হোৱাৰ বাবে
সঞ্চয় কম হয় আৰু ইয়াৰ ফলস্ৰুতিত ৰাজ্যখনৰ মূলধন গঠনৰ হাৰো একেবাৰে কম হোৱা দেখা
যায় ৷যাৰ ফলত ৰাজ্যখনত বিনিয়োগৰ হাৰ কম হৈ অৰ্থনৈতিক উন্নয়ণ বাধাগ্ৰস্ত হৈছে ৷