অৰ্থনীতি
এটাৰ উন্নয়নৰ প্ৰকৃত ছবিখন পাবৰ বাবে সেইখন দেশৰ মানৱ সম্পদৰ কেনে ধৰণৰ উন্নয়ন
সাধন হৈছে সেয়া জনাটো আৱশ্যক৷ মানৱ সম্পদ হৈছে অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য আৰু আহিলা
দুয়োটাই৷ সেয়েহে মানৱ সম্পদৰ উন্নয়ন অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ বাবে
অত্যাৱশ্যকীয়৷ এতিয়া প্ৰশ্নটো হ’ল –কোনো এখন দেশত মানৱ সম্পদৰ উন্নয়ন হৈছে নে নাই
কিদৰে জানিব পাৰি? নতুবা মানৱ সম্পদ উন্নয়নৰ সূচক বা পৰিচায়কবোৰ কি কি?
কোনো
এখন দেশত মানৱ সম্পদৰ উন্নয়ন সাধন হৈছে নে নাই তাক জানিবৰ বাবে বিভিন্ন সূচক
আগবঢ়োৱা হৈছে৷ সেইবোৰৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ সংযুক্ত-ৰাষ্ট্ৰ উন্নয়ন অনুষ্ঠান (United Nations
Development Programme, UNDP) য়ে আগবঢ়োৱা মানৱ উন্নয়ন সূচক (Human
Development Index) আটাইতকৈ জনপ্ৰিয় আৰু বিস্তৃতভাৱে ব্যৱহৃত৷
UNDP য়ে আগবঢ়োৱা মানৱ উন্নয়নৰ এই জনপ্ৰিয় সূচকটোৰ স্ৰষ্টা আছিল পাকিস্তানৰ
বিখ্যাত অৰ্থনীতিবিদ মহবুব উল হক৷ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়াল বিশ্ববিদ্যালয়ৰ
গুস্তভ ৰানিছ আৰু লণ্ডন স্কুল অব ইকনমিক্সৰ মেঘনাদ দেশাইৰ সহযোগত এই বিশেষ সূচকটোৰ
বিকাশ সাধন কৰিছিল৷
UNDP ৰ মানৱ উন্নয়ন সূচক HDI হৈছে বিভিন্ন দেশসমূহে অৰ্জন
কৰা মানৱ উন্নয়নৰ আন্তৰাষ্ট্ৰীয়ভাৱে তুলনা কৰিব পৰা এক সৰ্বসন্মত সূচক৷ এই বিশেষ
সূচকবিধ গণনা কৰোঁতে মানৱ উন্নয়নৰ বাবে অত্যাৱশ্যকীয় তিনিটা মূল দিশ (Dimension)
অন্তৰ্ভুক্ত কৰা হৈছে৷ সেইকেইটা হৈছে –স্বাস্থ্য, শিক্ষা আৰু জীৱন
ধাৰণৰ মানদণ্ড৷ দেশ এখনে এইকেইটা দিশত অৰ্জন কৰা সফলতাৰ গাণিতিক গড় লৈ HDI গণনা কৰা হৈছে৷ এই দিশকেইটা কিদৰে গণনা কৰি গঢ় দিয়া হৈছে সেয়া তলত আলোচনা
কৰা হ’ল৷
স্বাস্থ্য
(Health): মানৱ
উন্নয়নত স্বাস্থ্যৰ মূল ভূমিকা আছে৷ সুস্বাস্থ্যৰ অধিকাৰী লোক এজনেহে উপযুক্ত
শিক্ষা আহৰণ কৰি দেশৰ অৰ্থনীতিলৈ নিজা অৱদান আগবঢ়াব পাৰে৷ সেয়েহে স্বাস্থ্যক
সম্পদৰ লগত তুলনা কৰা হয় (Health is Wealth)৷
HDI য়ে মানুহৰ জন্মৰ সময়ত জীৱন প্ৰত্যাশা কাল (Life Expectancy at
Birth) ক স্বাস্থ্যৰ নিৰ্দেশক (indicator) হিচাপে
গণনা কৰে৷ জীৱন প্ৰত্যাশা কাল হ’ল কোনো বিশেষ দেশ এখনত এজন লোকে জীয়াই থকাৰ
প্ৰত্যাশিত গড় আয়ুস৷ ই সেইখন দেশৰ স্বাস্থ্যজনিত সা-সুবিধা, পৰিপুষ্টিৰ উপলব্ধতা,
পৰিৱেশ আদিৰ ওপৰত নিৰ্ভৰ কৰে৷
শিক্ষাঃ মানৱ
সম্পদৰ উন্নয়নত শিক্ষাৰ অবিচ্ছেদ্য ভূমিকা আছে৷ শিক্ষাৰ যোগেদি কেৱল শিক্ষা গ্ৰহণ
কৰোঁতাজনেই উপকৃত নহয়, শিক্ষিত লোকসকলে গোটেই সমাজখনলৈকে বৌদ্ধিক পৰিৱৰ্তন আনে৷
শিক্ষিত লোকসকল স্বাস্থ্য, অৰ্থনীতি, ৰাজনীতি, সংস্কৃতি –আদি সকলো দিশতে সজাগ হয়৷
গণতন্ত্ৰৰ সফলতাৰ বাবেও দেশৰ জনসাধাৰণ শিক্ষিত হোৱাটো অতি আৱশ্যকীয়৷
শিক্ষাৰ
নিৰ্দেশক হিচাপে HDI য়ে দুটা বিষয় গণনাত অন্তৰ্ভুক্ত কৰে৷
প্ৰথমটো হ’ল- ২৫বছৰীয়া প্ৰাপ্তবয়ষ্ক লোকসকলে বিদ্যালয়লৈ যোৱা গড় বছৰ (Mean
Year of Schooling) আৰু দ্বিতীয়টো হ’ল –বিদ্যালয়ৰ জীৱন আৰম্ভ কৰা
পৰত শিশু এটিয়ে কিমান বছৰ বিদ্যালয়লৈ যাব তাৰ সম্ভাৱনা থকা প্ৰত্যাশা কাল
(Expected Year of Schooling)৷
জীৱন
ধাৰণৰ মানদণ্ড (Standard of Living): জীৱন
ধাৰণৰ মানদণ্ড আৰু মানৱ উন্নয়নৰ মাজত পোনপটীয়া সম্পৰ্ক আছে৷ এটি উচ্চ মানদণ্ডপূৰ্ণ
জীৱনে মানুহক ভাল খাদ্য, উচিত স্বাস্থ্যসম্পন্ন অভ্যাগ গঢ় দিয়ে৷ ইয়াৰোপৰি
মানদণ্ডপূৰ্ণ জীৱনে নতুন বৌদ্ধিক চিন্তাৰ বিকাশ সাধন কৰে, বৈজ্ঞানিক মানসিকতাৰ
জন্ম দিয়ে৷
জীৱন
ধাৰণৰ মানদণ্ডৰ নিৰ্দেশক হিচাপে HDI য়ে মুঠ ৰাষ্ট্ৰীয় আয়ক
(Gross National Income) দেশৰ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় নিৰ্ণয়
কৰি লয়৷ জনমূৰি আয়ক জীৱন ধাৰণৰ মানদণ্ডৰ সূচক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়৷ জনমূৰি আয় ভেদে জীৱন
ধাৰণৰ মানদণ্ড ভিন ভিন হয়৷ উদাহৰণ স্বৰূপে চহকী লোকসকলৰ জনমূৰি আয় বেছি থাকে বাবে
তেওঁলোকে এটি উচ্চ মানদণ্ডৰ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়৷
মানৱ উন্নয়ন
সূচকৰ গঠন পদ্ধতি (Method of construction of the Human Development Index)
মানৱ উন্নয়ন
সূচক HDI
গঠন কৰিবলৈ মূলতঃ দুই স্তৰৰ পদ্ধতি অৱলম্বন কৰা হয়৷ স্তৰ (Step) দুটি হ’ল –
ক)
নিৰ্দিষ্ট সূচকসমূহ (স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ সূচক) গঠন
খ)
সূচকসমূহৰ গড় (average) গণনা কৰি চূড়ান্ত HDI
সূচকটো গণনা কৰা
Thanks for being a constant source of knowledge. Also check the marion county courthouse hamilton al
ReplyDelete