অৰ্থনৈতিক বিকাশ এটা নিৰ্দিষ্ট সময়ত
তৎক্ষণাত হোৱা পৰিঘটনা নহয়৷ তাৰ বাবে বিকাশৰ কাৰকসমূহৰ এক বিৰৱিচ্ছিন্ন আন্তক্ৰিয়াৰ
প্ৰয়োজন৷ এই সম্পৰ্কে অৰ্থনীতিবীদ ৱাল্ট ৰ’ষ্টয়ে পাঁচটা
স্তৰত অৰ্থনৈতিক বিকাশৰ গতিধাৰাক পৰ্যালোচনা কৰিছিল৷
১/ পৰম্পৰাগত সমাজ (Traditional
Society): এই স্তৰত সমাজখন নাইবা অৰ্থনীতিটো সম্পূৰ্ণ কৃষিভিত্তিক হৈ থাকে৷
মূলত: জীৱন নিৰ্বাহৰ বাবে দুবেলা দুমুঠি খাই থকাৰ বাহিৰে কৃষিকাৰ্যত আন বিশেষ
অৰ্থনৈতিক উদ্দেশ্য নীহিত নেথাকে৷ শ্ৰমিকৰ কম উৎপাদনশীলতা আৰু চৰম পৰম্পৰাসৰ্বস্ব
কৌশলৰ বাবে উৎপাদনত ৰাহি নহয়৷ বাণিজ্যৰ পৰিৱেশ বিশেষ একো নাথাকে৷
২/ সাফল্যৰ পূৰ্বচৰ্ত(Preconditions for take-off): এই স্তৰত পৰম্পৰাসৰ্বস্ব কৌশলৰ পৰিৱৰ্তে কৃষিকাৰ্যত
ক্ৰমান্বয়ে প্ৰযু্ক্তিৰ ব্যৱহাৰ হ’বলৈ ধৰে৷ তাৰ
ফলত শ্ৰম আৰু মূলধনৰ উৎপাদশীলতা বৃদ্ধি পায়৷ উৎপাদন ৰাহি হোৱাৰ ফলত অৰ্থনীতিত বাণিজ্যৰ
আৰম্ভণি হয়৷ বাণিজ্যৰ পৰা হোৱা লাভে নতুন উদ্যোগীসকলক অনুপ্ৰেৰণা যোগায় আৰু তাৰ
ফলত নতুন নতুন ব্যৱসায়িক কৌশলৰ আৰম্ভণি হয়৷ তাৰ সমান্তৰালভাৱে জনমূৰি আয় বাঢ়িব
ধৰে৷ আয় বঢ়াৰ লগে লগে বিনিয়োগ আৰু লাভ বাঢ়িবলৈ ধৰে আৰু অৰ্থনীতিখন সফলতাৰ দিশে
ধাৱমান হয়৷
৩/ সাফল্য (Take-off): এই স্তৰত বাণিজ্যৰ চমকপ্ৰদ সম্প্ৰসাৰণ ঘটে৷ তাৰ
সমান্তৰালভাৱে চৰকাৰকে আদি কৰি সমাজৰ দৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰো বিকাশ ঘটে৷
আশাপ্ৰদ বাতাবৰণে বিনিয়োগ বৃদ্ধি কৰে, তাৰ ফলত লাভ, আয় আৰু সঞ্চয় বৃদ্ধি পায়৷ মুঠ
ঘৰুৱা উৎপাদন (GDP) ৰ
১৫% পৰ্যন্ত সঞ্চয় বৃদ্ধি পায়৷ বেংক-বীমা আদিৰ দৰে প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ হয়৷
কৃষিভিত্তিক অৰ্থনীতিৰ অৱসান ঘটি অৰ্থনীতিখন ক্ৰমাত নিৰ্মাণ আৰু সেৱা-খণ্ডৰ ওপৰত
নিৰ্ভৰশীল হৈ পৰে৷ নতুন নতুন নিয়োগৰ সৃষ্টি হয়৷ নাগৰিকসকলৰ পচন্দ আৰু
অগ্ৰাধিকাৰলৈও অভূতপূৰ্ব পৰিৱৰ্তন আহে৷
৪/ পৰিপক্কতালৈ গতি (Drive to Maturity): উদ্যোগসমূহলৈ
বৈচিত্ৰতা আহে৷ প্ৰযুক্তিবিদ্যাৰ উন্নয়ন আৰু নবোন্নয়ন (innovation) য়ে শ্ৰম আৰু
মূলধনৰ উৎপাদনশীলতা অভূতপূৰ্বভাৱে বৃদ্ধি কৰে৷ উৎপাদন ক্ষীপ্ৰতৰ হৈ পৰে৷ তাৰ লগে
লগে লাভ আৰু মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পায়৷
৫/ ভোগৰ যুগ (Age of mass consumption) : উৎপাদন বৃদ্ধি পোৱা বাবে এই
স্তৰত উপভোক্তাসকলৰ
ভোগো বৃদ্ধি পায়৷ পচন্দৰ বস্তুবোৰত উপভোক্তাসকলে উচ্চ হাৰত ব্যয় কৰিবলৈ ধৰে৷