আৰম্ভণি: উন্নত, উন্নয়নশীল
আৰু অনুন্নত – সকলো ধৰণৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সজাগতা
বৃদ্ধি পোৱাৰ লগে লগে নতুন নতুন অৰ্থনৈতিক তত্বৰ উদ্ভাৱন হৈছে৷ তাৰ সমান্তৰালভাৱে
অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ ভিন ভিন নিৰ্ধাৰক (indicator) আগবঢ়োৱা
হৈছে৷ G.D.P, G.N.P, জাতীয় আয়, জনমুৰী
আয় আদি পুৰণি নিৰ্ধাৰকসমূহৰ সলনি মানৱ উন্নয়ন সূচক (Human Development
Index), মানৱ
দৰিদ্ৰতা সূচক (Human Poverty Index),
Gender Development Index আদি
নতুন সূচকসমূহ অধিক জনপ্ৰিয় হ’বলৈ ধৰিছে৷ পুৰণি অৰ্থনীতিবিদসকলৰ
নৈৰাশ্যবাদৰ বিপৰীতে সকলো ধৰণৰ দেশসমূহৰ মাজতে আশাবাদ বিয়পি পৰিছে৷ প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ
উপযুক্ত ব্যৱহাৰ আৰু বিতৰণৰ জৰিয়তে অনুন্নত আৰু উন্নয়শীল দেশসমূহ চমকপ্ৰদ
অৰ্থনৈতিক উন্নয়নৰ দিশে আগবাঢ়িছে৷ সেই গতিক অধিক তৰান্বিত কৰাৰ উদ্দেশে অৰ্থনৈতিক উন্নয়নৰ প্ৰতিবন্ধকসমূহ সঠিকভাৱে
চিনাক্তকৰণৰ গুৰুত্ব বাঢ়িছে৷
অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ
প্ৰতিবন্ধকসমূহ (Obstacles of Economic Growth and
Development)
অৰ্থনৈতিক
বিকাশ আৰু উন্নয়নৰ প্ৰতিবন্ধকসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে বিকাশ আৰু উন্নয়নৰ
সংজ্ঞাসমূহ জানি লোৱাতো উচিত হ’ব৷ যদিও এই শব্দ দুটাক বহু ক্ষেত্ৰত একে অৰ্থত
ব্যৱহাৰ কৰা হয় তথাপি ইহঁতৰ মাজত পাৰ্থক্য আছে৷
অৰ্থনৈতিক
উন্নয়ন (Economic Development) বিকাশ (growth) ৰ তুলনাত এক বহল পৰিসৰৰ ধৰণা৷
আনহাতে অৰ্থনৈতিক বিকাশ তুলনামূলকভাৱে কিছু কম পৰিসৰৰ বিষয়৷ বিকাশৰ হাৰ স্থিৰভাৱে
বৃদ্ধি পাই থকা অৱস্থাত দৰৰ স্থিতাৱস্থা, কম নিবনুৱা সমস্যা আৰু অনুকুল লেনদেনৰ সমতাই
অৰ্থনৈতিক বিকাশৰ নিৰ্ণায়ক৷ Economic
Growth simply means that rate of growth
increases continuously and there is price stability, low level of unemployment
and equilibrium in the Balance of Payment. তাৰ বিপৰীতে অৰ্থনৈতিক উন্নয়নে আন আন
সূচকসমূহ যেনে, সাক্ষৰতা, জনসংখ্যা
বৃদ্ধি, অৰ্থনৈতিক অসমতা, স্বাস্থ্যগত
স্থিতি, আইন ব্যৱস্থা, জীৱন-নিৰ্বাহৰ
মানদণ্ড আদিকো অধ্যয়নৰ পৰিসৰ হিচাপে বাচি লয়৷ Development is a
wider term and it includes both
quantitative and qualitative indicators. In contrast, economic growth is only a
quantitative term which can be objectively measured.
গোলকীয়
অৰ্থনৈতিক অসমতাৰ কাৰণসমূহ চিহ্ণিত কৰি সেইবোৰৰ প্ৰতিকাৰৰ ব্যৱস্থা ল’লে
অৰ্থনৈতিক সমতাৰ পথ সুচল হ’ব৷ অভুতপূৰ্ব মানৱ-সম্পদ
আৰু প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতাৰে ভৰি থকা সত্বেও আফ্ৰিকা, লেটিন
আমেৰিকা আৰু এছিয়াৰ বহু দেশ এতিয়াও অনুন্নত৷ তাৰ কাৰণ বিচাৰি গৈ অৰ্থনীতিবিদসকলে
অৰ্থনীতিবিদসকলে উন্নয়ন আৰু বিকাশৰ তলত দিয়া প্ৰতিবন্ধক/ বাধাসমূহ
বিচাৰি পাইছে৷
১: কম সাক্ষৰতা হাৰ (Lower Literacy
Rate)
আমেৰিকা
যুক্তৰাষ্ট্ৰ, জাপান, গ্ৰেট ব্ৰিটেইন, অষ্ট্ৰেলিয়াকে
আদি কৰি উন্নত দেশসমূহৰ অভিজ্ঞতাৰ পৰা স্পষ্ট হৈছে যে চকুত লগা অৰ্থনৈতিক উন্নয়ন
আৰু বিকাশৰ বাবে দেশখনৰ নাগৰিকসকল শিক্ষিত হোৱা অতিকে প্ৰয়োজনীয়৷ শিক্ষিত
নাগৰিকসকল কৰ্মঠ, স্বাস্থ্যবান, সজাগ, দায়িত্বশীল আৰু অৰ্হতাসম্পন্ন
হয় যি দেশৰ অৰ্থনৈতিক উন্নয়নত পোনপটীয়াকৈ বৰঙণি আগবঢ়ায়৷ তাৰ বিপৰীতে, নিৰক্ষৰতাই
অৰ্থনৈতিক উন্নয়নত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে৷ অশিক্ষিত লোকসকল স্বাস্থ্যৰ প্ৰতিয়ো
আওকণীয়া হয়, তদুপৰি চৰকাৰী আচনি আদিৰ প্ৰতিও অকনো সজাগ নোহোৱাৰ বাবে Fiscal
policy , মুদ্ৰানীতি (Monetary Policy) আদিও যিমান কাৰ্যকৰী (effective) হ’ব
লাগিছিল, সিমান নহয়গৈ৷ যিহেতু শিক্ষিত লোকসকল দেশৰ মানৱসম্পদ, নিৰক্ষৰতাই
দেশখন মানৱ সম্পদত দুখীয়া কৰি তোলে৷ আফ্ৰিকা, লেটিন
আমেৰিকা আৰু এছিয়াৰ দেশসমূহৰ মাজত দেখা দিয়া অৰ্থনৈতিক স্থৱিৰতাৰ বাবে নিৰক্ষৰতা
বহু পৰিমাণে জগৰীয়া৷
২: অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি (Uncontrolled
Population Growth)
অৰ্থনৈতিক
উন্নয়ন আৰু বিকাশত মানৱ সম্পদে সকলোতকৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায় যদিও
অনিয়ন্ত্ৰিত হাৰত জনসংখ্যা বৃদ্ধিয়ে দেশৰ অৰ্থনীতিলৈ বিপৰ্যয় হে কঢ়িয়াই আনে৷
জনসংখ্যাৰ ঘনত্ব বাঢ়িলে জনমুৰি কৃষিভূমি (Per- Capita land ownership), আৰু
জনমুৰি খাদ্য (Per-Capita Food Availability)
কমি যায়৷
তদুপৰি জনসংখ্যা বৃদ্ধিৰ অনুপাতে দেশৰ জাতীয় আয় নেবাঢ়িলে জনসংখ্যা বৃদ্ধিৰ ফলত
জনমুৰি আয় (Per-Capita Income) নিম্নগামী হয়৷ ইয়াৰ ওপৰিও শিক্ষা
আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো জনসংখ্যা বৃদ্ধিৰ ঋণাত্মক প্ৰভাৱ সুদুৰপ্ৰসাৰী৷
৩: প্ৰাকৃতিক সম্পদৰ উপযুক্ত উদ্ঘাটন
আৰু ব্যৱহাৰৰ অভাৱ (Lack of Efficient Extraction and Use of Natural Resources)
আফ্ৰিকান
দেশসমূহ প্ৰাকৃতিক
সম্পদত অতিকে চহকী হোৱা সত্বেও অৰ্থনৈতিক উন্নয়নত পিছপৰা হোৱাৰ মূল কাৰণ হৈছে
প্ৰাকৃতিক সম্পদৰ অনুপযুক্ত উদ্ঘাটন আৰু ব্যৱহাৰ৷ অনাৱিষ্কৃত প্ৰাকৃতিক সম্পদৰ পৰা দেশ এখনৰ একো লাভ
নহয়৷ সম্পদসমূহ সঠিক সময়ত উদ্ঘাটন কৰি সাৰ্থকভাৱে কামত ব্যৱহাৰ কৰিব পাৰিলেহে
অৰ্থনৈতিক উন্নয়নৰ পথ সুচল হয়৷
৪: প্ৰতিকূল ভৌগোলিক অৱস্থা (Adverse
Geographical Property)
প্ৰতিকূল
ভৌগোলিক অৱস্থাই অৰ্থনৈতিক বিচ্ছিন্নতাৰ সৃষ্টি কৰে৷ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ
বাবে দেশখনৰ ভিতৰত আৰ্থিক সম্পদসমূহৰ বাধাহীন পৰিৱহন অতিকে প্ৰয়োজনীয়৷ ভৌগোলিক
প্ৰতিকূলতাই এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে৷ দুৰ্গম পাহাৰীয়া ঠাই প্ৰাকৃতিক
সম্পদেৰে ভৰি থাকিলেও সেইবোৰ উদ্ঘাটন কৰাটো অতিকে কঠিন আৰু ব্যয়বহুল হৈ পৰে৷
তদুপৰি পৰিৱহন ব্যৱস্থাই ঢুকি নোপোৱা বাবে সেইবোৰ অঞ্চলৰ পৰা সম্পদসমূহ আন ঠাইলৈ
কঢ়িয়াই নিয়াটোও অতিকে সমস্যাৰ কথা হৈ পৰে৷
৫: অনুন্নত বজাৰ ব্যৱস্থা (Underdeveloped
Market System)
বৰ্তমানৰ
অৰ্থনৈতিক প্ৰেক্ষাপটত বিচাৰ কৰিলে দেখা যায় যে বজাৰ ব্যৱস্থাই আধুনিক অৰ্থনীতিত
মূল নিৰ্ণায়কৰ ভূমিকা লয়৷ বিত্তীয় বজাৰ উত্থান-পতনে
সমগ্ৰ অৰ্থনীতিকে জোকাৰি যায়৷ যিবোৰ দেশৰ বজাৰ ব্যৱস্থাৰ আন্তগাঁথনি টনকিয়াল, তেনে
দেশৰ অৰ্থনৈতিক উন্নয়ন অৱধাৰিত৷ আনহাতে অনুন্নত বজাৰ ব্যৱস্থা দেশৰ অৰ্থনৈতিক
উন্নয়ন আৰু বিকাশৰ পৰিপন্ঠী৷
৬: উগ্ৰপন্থী সমস্যা (Problem of
Terrorism)
প্ৰাকৃতিক
সম্পদত ঈৰ্ষণীয়ভাৱে চহকী যদিও ইৰাক, ইৰাণ, কুৱেইট আদি দেশসমূহ চমকপ্ৰদ অৰ্থনৈতিক
উন্নয়নৰ পথত আগবাঢ়ি যোৱাত বিফল হৈছে৷ তাৰ কাৰণ উগ্ৰপন্থী সমস্যা৷ এই সমস্যাই মুক্ত
অৰ্থনীতি আৰু উদ্যোগীকৰণৰ পথত হেঙাৰ হৈ থিয়
দিয়ে৷ ভাৰতবৰ্ষৰ উত্তৰ-পূৱৰ দেশসমূহৰ উদ্যোগীকৰণতো এই সমস্যাটোৱে
জটিলতাৰ সৃষ্টি কৰি আহিছে৷
৭: পিছপৰা পৰিৱহণ আৰু যোগাযোগ ব্যৱস্থা (Poor Transport
and Communication System)
অৰ্থনৈতিক
উন্নয়ণৰ বাবে এক উন্নত পৰিৱহণ আৰু যোগাযোগ ব্যৱস্থা অত্যাৱশ্যকীয় চৰ্ত৷ সম্পদৰ উদ্ঘাটন, সৰবৰাহ আৰু বিতৰণৰ বাবে এক উন্নত পৰিৱহণ
ব্যৱস্থা অত্যাৱশ্যকীয়৷ সেইদৰে লেনদেন সম্বন্ধীয় বিত্তীয়
কাৰ্যকলাপৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা পূৰ্বনিৰ্ধাৰিত চৰ্ত৷
৮: আনুষ্ঠানিক বিফলতা (Institutional
Failure)
এটা
অৰ্থনীতি সামগ্ৰীক গতিপথ দেশখনৰ অনুষ্ঠানসমূহৰ কাৰ্যকলাপৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ
কৰে৷ D. North ৰ মতে “Institutions means all the roles which govern
human behavior.”
আক্ষৰিক অৰ্থত দেশখনৰ চৰকাৰৰ পৰা
আৰম্ভ কৰি আইন কানুন, কৰ্মচাৰীসকলৰ কৰ্তব্যনিষ্ঠা সকলোবোৰ অনুষ্ঠানৰ
ভিতৰত পৰে৷ দুৰ্নীতি, শিথিল আইন-কানুন, কৰ্তব্যত
গাফিলতি আদি আনুষ্ঠানিক বিফলতাৰ উদাহৰণ৷ অনুৰূপ সম্পদৰ প্ৰাচুৰ্যৰে ভৰি থাকিলেও
কিছুমান দেশ আন দেশৰ তুলনাত আনুষ্ঠানিক বিফলতাৰ বাবে পিছ পৰি যায়৷
সামৰণি: আলোচিত প্ৰতিবন্ধকসমূহ অৰ্থনৈতিক উন্নয়ন আৰু
বিকাশৰ পথত বাধা বুলি ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা প্ৰমাণিত হৈছে৷ অনুন্নত দেশবোৰত এই সমস্যাবোৰে ভয়াবহভাৱে মূৰ
ডাঙি উঠিছে৷ এইবোৰৰ উপস্থিতি সঠিক সময়ত চিনাক্ত কৰি নিবাৰণৰ ব্যৱস্থা নকৰিলে
অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ পথ সুচল নহয়৷ সুষম গোলকীয় অৰ্থনৈতিক বিকাশৰ বাবে এই প্ৰতিবন্ধকবোৰক
নাইকীয়া কৰিবলৈ লোৱাটো সমগ্ৰ বিশ্বসম্প্ৰদায়ে মূল লক্ষ্য হিচাপে বাচি ল’ব
লাগিব৷
I appreciate your unwavering dedication to blogging. Also check the woodbury town court
ReplyDelete