সেৱা
খণ্ড নামেৰে জনাজাত অৰ্থনীতিৰ তৃতীয় খণ্ড(tertiary
sector) হ’ল দেশৰ অৰ্থনীতিৰ চালিকা খণ্ড তিনিটাৰ ভিতৰত অন্যতম৷ আন দুটা খণ্ড হ’ল ক্ৰমে, প্ৰাথমিক খণ্ড (primary
sector) আৰু গৌণ খণ্ড (secondary
sector)৷ প্ৰাথমিক খণ্ডত অন্তৰ্ভুক্ত শিতানসমূহ হ’ল – কৃষি, মাছপালন, আৰু খনন৷
নিৰ্মাণৰ লগত জড়িত সকলো শিতান গৌণ খণ্ডৰ অন্তৰ্ভুক্ত৷
বৰ্তমান
সময়ত সেৱাখণ্ডৰ গুৰুত্ব সকলোতকে অধিক৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক আয়লৈ প্ৰতিটো খণ্ডই
বৰঙণি যোগায়৷ তাৰ ভিতৰত ৫১% ই হ’ল সেৱা খণ্ডৰ বৰঙণি৷ প্ৰাথমিক আৰু গৌণ খণ্ডৰ অৱদান হ’ল
ক্ৰমান্বয়ে ২৫% আৰু ২৪%৷
উদ্যোগসূহৰ
তৃতীয় খণ্ড উপভোক্তাসকলৰ সেৱাত ব্যস্ত৷ সেৱাসমূহৰ ভিতৰত-
পৰিৱহণ সেৱা, বিতৰণ আৰু
বিক্ৰি, বিনোদন, বেংক বীমা আদিৰ দৰে বিত্তীয় সেৱা আদি অন্তৰ্গত৷ চূড়ান্ত সামগ্ৰী (finished
good) নিৰ্মাণৰ
পৰিৱৰ্তে দেশৰ সেৱা খণ্ড গ্ৰাহকৰ সতে আন্তক্ৰিয়াৰ জড়িয়তে অৰ্থৈনিক লেনদেনত ব্যস্ত৷
যোৱা
১০০বছৰৰ প্ৰেক্ষাপটত বিচাৰ কৰিলে দেখা যায় যে উদ্যোগিকভাৱে সফল উন্নত দেশসমূহত সেৱা খণ্ডই দিনক দিনে আন দুটা খণ্ডৰ ঠাই
অধিকাৰ কৰিবলৈ লৈছে৷ এই
পৰিৱৰ্তনশীল পৰিঘটনাটোক তৃতীয়কৰণ (tertiarisation) বোলা হয়৷ পশ্চিমীয়া বিশ্বত এই তৃতীয় খণ্ড হ’ল
অৰ্থনীতিৰ বৃহত্তম আৰু সকলোতকৈ তীব্ৰগতিত উন্নয়নমুখী খণ্ড৷ সেৱা-খণ্ডৰ এই
বিকাশক লক্ষ্য কৰি অৰ্থনৈতিক
পৰ্যবেক্ষক Kenichi
Ohmae এনেদৰে
মন্তব্য কৰিছে, “In the United States 70% of the
workforce works in the service sector; in Japan, 60% and in Taiwan, 50%. These
are not necessarily busboys and live-in-maids. Many of them are in the
professional category. They are earning as much as manufacturing workers, and
often more.”
ভাৰতীয়
অৰ্থনীতিত বিচাৰ কৰিলে দেখা যায় যে মুঠ ঘৰুৱা উৎপাদন (GDP) লৈ সেৱাখণ্ডই অকলেই ৫৯.৯% বৰঙণি
আগবঢ়ায় (২০১৩-২০১৪, উৎস: Economic Survey of India, 2014)৷ দেশৰ অৰ্থনীলৈ এই খণ্ডৰ বৰঙণি দিনক দিনে বাঢ়ি যাব লাগিছে৷
যিহেতু প্ৰাথমিক খণ্ডৰ অন্তৰ্ভুক্ত শিতানসমূহ যেনে কৃষি আদিৰ ওপৰত কৰ আৰোপিত কৰিব
নোৱাৰি সেয়ে কৰ আহৰণৰ মূল খণ্ড হিচাপে তৃতীয় খণ্ডই বৰঙণি আগবঢ়াই আহিছে৷ তদুপৰি কৰ্মসংস্থাপনৰ জৰিয়তে নিয়োগ সৃ্ষ্টিত
কৰাত সেৱা খণ্ডৰ অৱদান সৱাটোকৈ বেছি৷
তৃতীয়
খণ্ডৰ এটা গুৰুত্বপূৰ্ণ শাখা হ’ল শিক্ষা৷ শিক্ষাৰ জৰিয়তে মানৱ সম্পদৰ বিকাশ সাধন কৰা হয় যি
দেশৰ অৰ্থনৈতিক উন্নয়নৰ মূল চালিকা শক্তি৷ শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই
গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিবলে সক্ষম হৈছে৷ সৰ্বশিক্ষা অভিযান আদিৰ দৰে সাক্ষৰতা
অভিযানসমূহৰ সফলতাৰ ফলত ভাৰতবৰ্ষ বৰ্তমান সকলোতকৈ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী থকা
দেশ হিচাপে পৰিচত হৈছে৷
সেৱা-খণ্ডৰ
বিকাশ বিজ্ঞানভিত্তিক গৱেষণা আৰু গঠনমূলক উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে৷ কৰ্মঠ আৰু অৰ্হতাসম্পন্ন
কৰ্মীৰ উপস্থিতি সেৱাখণ্ডৰ বিকাশৰ বাবে এৰাব নোৱাৰা চৰ্ত৷ মন কৰিবলগা কথাটো হ’ল যে
অৰ্হতাসম্পন্ন মানৱ সম্পদ সেৱাখণ্ডই নিজে সৃষ্টি কৰে,
আৰু পিছৰ পৰ্যায়ত নিজেই নিযুক্তি
প্ৰদান কৰে৷ উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৮০%
লোক নিয়োগৰ বাবে সেৱাখণ্ডৰ ওপৰত
প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল৷
সেৱা-খণ্ডৰ উৎপাদিত আয়ৰ ফালৰ পৰা বিশ্বত ভাৰতবৰ্ষৰ স্থান ১৫ তম৷ ভাৰতবৰ্ষৰ সেৱাখণ্ডই মুঠ নিয়োজিত লোকৰ ২৩% ক নিয়োগ প্ৰদান কৰিছে৷ তদুপৰি তিনিটা খণ্ডৰ ভিতৰত এই সেৱাখণ্ডৰ
বিকাশৰ হাৰেই সৰ্বাধিক – প্ৰায় ৭.৫%৷ ঠিক তেনেদৰে মুঠ ঘৰুৱা উৎপাদন (GDP) লৈ এই খণ্ডৰ বৰঙণি দিনক দিনে বাঢ়ি আহিছে (১৯৫০ চনত
১৫%, ২০০৫
চনত ৫৩.৮% আৰু ২০১৩-১৪ বৰ্ষত ৫৯.৯%)৷
ভৰতীয়
সেৱা-খণ্ডৰ
বিভিন্ন শিতানসমূহৰ ভিতৰত তথ্য-প্ৰযুক্তিখণ্ড (Information
Technology) ৰ বিকাশ আৰু অৰ্থনৈতিক অৱদান সকলোতকৈ অধিক৷ ২০০০ চনৰ এক
হিচাপ মতে মুঠ সেৱা উৎপাদনৰ এক-তৃতীয়াংশই তথ্য-প্ৰযুক্তিখণ্ডৰ পৰা আহে৷ ভাৰতবৰ্ষ উচ্চশিক্ষিত আৰু
অৰ্হতাসম্পন্ন তথা ইংৰাজী ভাষাত দখল থকা লোকেৰে ভৰা দেশ বাবেই তথ্য-প্ৰযুক্তিখণ্ডত
অভূতপূৰ্ব বিকাশ ঘটিছে৷
সেৱাখণ্ডৰ
আন এক গুৰুত্বপূৰ্ণ ঠাল হৈছে বীমা সেৱা৷ ১৮১৮ চনতেই এই সেৱাৰ আৰম্ভণি ঘটিছিল৷
বৰ্তমান সময়ত জীৱন-বীমাগত প্ৰিমিয়াম দেশৰ মুঠ ঘৰুৱা উৎপাদন (GDP)
ৰ ২.৫ শতাংশ৷ ঠিক তেনেদৰে GDP লৈ
সাধাৰণ বীমাৰ বৰঙণি
০.৬৫%৷ অৰ্থনৈতিক সংষ্কাৰৰ পূৰ্বলৈকে কেৱল ভাৰতীয় বীমা নিগম (Life
Insurance Corporation of India) য়েই দেশত
বীমাসেৱা আগবঢ়াইছিল৷ সংষ্কাৰৰ পাছত বিমাসেৱাতো প্যতক্ষ্য বৈদেশিক বিনিয়োগ (Foreign
Direct Investment, FDI) ৰ অনুমতি প্ৰদান কৰা হ’ল আৰু ১৯৯৯ চনত বিমাসেৱাত ২৬% FDI
ৰ লক্ষ্যভেদ হয়৷ তাৰ সমান্তৰালভাৱে ব্যক্তিগত বীমা প্ৰতিষ্ঠান
যেনে ICICI, Max Network, Bajaj Allianz, Kotak Mahindra আদিও ভাৰতীয় বীমাসেৱাৰ পৰিচিত নাম হৈ পৰে৷
Thanks for enriching our lives with your valuable blog. Also check the rome city court
ReplyDelete