Tuesday 30 September 2014

ভাৰতবৰ্ষৰ বিত্তীয় খণ্ডৰ সংস্কাৰ




আৰম্ভণি
ভাৰতবৰ্ষৰ বিত্তীয় খণ্ড বহুধাবিভক্ত আৰু তীব্ৰ বেগত সম্প্ৰসাৰণমুখী৷ বাণিজ্যিক বেংক, বীমা প্ৰতিষ্ঠান, অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠান, পেনচন ফাণ্ড, মিউচুৱেল ফাণ্ড আৰু কিছুমান সৰু সৰু বিত্তীয় অনুষ্ঠানেৰে ভাৰতীয় বিত্তীয় খণ্ড গঠিত৷
আমাৰ বিত্ত খণ্ড মূলত বেংক নিয়ন্ত্ৰণাধীন (bank dominated) ব্যৱস্থা মুঠ বিত্তীয় সম্পত্তিৰ ৬০% বাণিজ্যিক বেংকসমূহৰ অধিকাৰত৷ ইয়াৰ পিছতে বীমা প্ৰতিষ্ঠানসমূহৰ স্থান৷ অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান (Non Banking Financial Companies, NBFC) সমূহৰ বৰঙণিও বিগত বছৰবোৰত খুউব খৰকৈ  বাঢ়ি অহা পৰিলক্ষিত হৈছে৷
যি কি নহওক, ভাৰতবৰ্ষৰ বিত্ত খণ্ড বহু সংষ্কাৰৰ মাজেদি অগ্ৰসৰ হৈছে৷ তলত তাৰে কিছু আভাস দিবলৈ যত্ন কৰা ল৷

কিয় সংস্কাৰৰ প্ৰয়োজন ? (সংস্কাৰৰ আগৰ পৰিস্থিতি কেনে আছিল?)

১৯৯০ চনলৈকে ৰাহি খণ্ড (surplus sector) পৰা ঘাটী খণ্ড (deficit sector) লৈ মূলধনৰ সৰবৰাহ কৰাৰ বাহিৰে ভাৰতৰ বিত্তীয় ব্যৱস্থাৰ আন বিশেষ একো ভূমিকা নাছিল৷ বেংকিং খণ্ডত প্ৰতিযোগিতাৰ অভাৱ আছিল, মূলধনৰ নাটনি, কম উৎপাদন আৰু তাৰ তুলনাত ব্যয়ৰ পৰিমাণ অধিক হোৱা বাবে বিত্তীয় ব্যৱস্থাত জটিলতাই দেখা দিছিল৷
১৯৬৯ আৰু ১৯৮০ চনত বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু তাৰ ফলত বেংকিং খণ্ডত চৰকাৰৰ অধীনতা বৃদ্ধি পায়৷ বেংকসমূহৰ পৰিচালনা ব্যৱস্থা আৰু সেৱাসমূহ দুৰ্বল হৈ পৰে৷ আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগো খুব কম হোৱাৰ ফলত বেংকবোৰৰ মাণদণ্ড আৰু লাভালাভ কমি আহিবলৈ ধৰে৷ বীমা (INSURANCE) আৰু Mutual fund প্ৰতিষ্ঠানবোৰৰ মাজতো কোনো প্ৰতিযোগিতাৰ বাতাবৰণ নাছিল৷  তাৰ ফলত অনা বেংকীয় বিত্তীয় কোম্পানী (Non-banking Financial Company, NBFC) বোৰৰ বিকাশ বলৈ ধৰে কিন্তু সেইবোৰৰ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাছিল৷ সেই সময়ৰ বিত্তীয় বজাৰখনৰ মূল বৈশিষ্ট আছিল-
) বিত্তীয় সম্পদৰ দৰ নিৰ্ধাৰণৰ ওপৰত নিয়ন্ত্ৰণ
)বজাৰত প্ৰৱেশৰ বাধা
)উচ্চ বিনিময় ব্যয় আৰু
)সম্পদৰ প্ৰৱাহত জটিলতা৷
এনে পৰিস্থিতিত ভাৰতবৰ্ষৰ বিত্তীয় খণ্ডত সংস্কাৰ অতিকে আৱশ্যকীয় হৈ পৰে৷ এইটো বিশ্বাস কৰা যে বিত্ত খণ্ডৰ সংস্কাৰৰ অৱিহণে প্ৰকৃত খণ্ড (REAL SECTOR) প্ৰতিযোগিতাৰ ভাৱধাৰাক আগবঢ়াই নিয়াটো সম্ভৱ নহয়৷ গতিকে বিত্ত খণ্ডৰ গাঠনিগত (Structural) অভাৱ আৰু দুৰ্বলতাসমূহ আঁতৰাই তাৰ জৰিয়তে প্ৰকৃত খণ্ড(real sector) বিকাশ সাধনেই আছিল ভাৰতবৰ্ষৰ বিত্তীয় সংস্কাৰৰ মূল উদ্দেশ্য৷ এই সংস্কাৰ ১৯৯০ চনৰ পৰা আৰম্ভ কৰা হয়৷

কিদৰে সংস্কাৰ কৰা ?

১৯৯০ চনত আৰম্ভ হোৱা বিত্ত খণ্ডৰ সংস্কাৰৰ মূল নীতি আছিল বিত্ত ব্যৱস্থাটোত ন্যুন্যতম চৰকাৰী হস্তক্ষেপৰ বাতাবৰণ সৃষ্টিৰ জৰিয়তে এক মুক্ত বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰা আৰু একেসময়তে নীতি নিৰ্দেশনা আৰু নীৰিক্ষণমূলক(super visional) ব্যৱস্থাক শক্তিশালী কৰা৷ (The reform focused on creating a deregulated environment and enabling free play of market forces while at the same time strengthening the prudential norms and the supervisory system.)

বেংকিং খণ্ডৰ ক্ষেত্ৰত সংস্কাৰে এক নমনীয়তা আৰু কাৰ্যকলাপ ৰূপায়ণত স্বাধীনতাৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰয়াস কৰে আৰু এইটো বিশ্বাসত লোৱা হয় যে ইয়াৰ দ্বাৰা বেংকিংখণ্ডত দক্ষতা, উৎপাদনশীলতা আৰু লাভালাভ বৃদ্ধি পাব৷ (In the banking sector, the focus was on imparting operational flexibility and functional autonomy with a view to enhancing efficiency, productivity and profitability, imparting strength to the system and ensuring accountability and financial soundness. )  মূলত Committee on Banking Sector Reforms, 1998 (Chairman: Shri M. Narasimham) আছিল ভাৰতৰ বেংকিং খণ্ডৰ সংস্কাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ৷

ইয়াৰ উপৰিও সেই সময়ত চলি থকা বিত্তীয় প্ৰতিষ্ঠানবোৰত আৰোপ কৰি থোৱা কিছুমান বাধা নিক্ষেধ আঁতৰাই লোৱা হয়, সেইবোৰৰ ওপৰত আৰোপিত নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হয় আৰু বেংকিং খণ্ডত প্ৰৱেশৰ বাবে থকা বাধাবোৰ আঁতৰাই দিয়া হয়৷ (The restrictions on activities undertaken by the existing institutions were gradually relaxed and barriers to entry in the banking sector were removed.)

অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সংস্কাৰে সেইবোৰৰ খণ্ডভিত্তিক অভাৱ অভিযোগবোৰ নাইকীয়া কৰাত গুৰুত্ব প্ৰদান কৰে৷ (In the case of non-banking financial intermediaries, reforms focused on removing sector-specific deficiencies.)

বীমা খণ্ড আৰু মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ দ্বাৰা এক প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা হয়৷ ( In the case of the insurance sector and mutual funds, reforms attempted to create a competitive environment by allowing private sector participation.)

বিত্তীয় বজাৰৰ ক্ষেত্ৰত  সংৰচনাত্মক অসুবিধাবোৰ আঁতৰ কৰা, নতুন আহিলাৰ প্ৰৱৰ্তন, বিত্তীয় সম্পদসমূহৰ বাধাহীন দৰ নিৰ্ধাৰণ, গণনাত্মক বাধাবোৰ আঁতৰাই বাণিজ্যৰ উন্নতি সাধন কৰাটোকে সংস্কাৰে উদ্দেশ্য হিচাপে লয়৷ (Reforms in financial markets focused on removal of structural bottlenecks, introduction of new players/instruments, free pricing of financial assets, relaxation of quantitative restrictions improvement in trading, clearing and settlement practices, more transparency, etc. )

 সংস্কাৰৰ পাছত হোৱা লাভালাভ (Impacts of financial reform)

যোৱা সময়চোৱাত বিশেষকৈ ১৯৬৯ চনৰ বেংক ৰাষ্ট্ৰীয়কৰণৰ পিছৰ চাৰিটা দশকত ভাৰতবৰ্ষৰ বেংকিং খণ্ডৰ দৃষ্টান্তমূলক উন্নতি হোৱা দেখা গৈছে৷ ১৯৬৯ চনৰ মাত্ৰ ৮২৬২ টা শাখাৰ পৰা ২০১১ চনৰ জুন মাহত চৰকাৰী খণ্ডৰ বেংকৰ শাখাৰ সংখ্যা ৬২,৬০৭ টা হৈছেগৈ৷ তাৰোপৰি বেংকিং খণ্ডত ব্যক্তিগত বেংকসমূহৰ অংশগ্ৰহণ দিনক দিনে বৃদ্ধি পব ধৰিছে আৰু তাৰ ফলত হোৱা প্ৰতিযোগিতাই সেৱাসমূহৰ মাণ উন্নত কৰিছে৷ ঠিক একেদৰে বীমা আৰু অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠানসমুহৰো খৰটকীয়া উন্নয়ণ দৃষ্টিগোচৰ হৈছে৷ আৰু তাৰ সমান্তৰালভাৱে বিত্তীয় বজাৰখনৰ দোপ দোপে উন্নতি হৈছে৷