Wednesday 25 May 2016

Rostow's Stages of Growth (ৰ’ষ্টৰ অৰ্থনৈতিক বিকাশৰ স্তৰসমূহ )



অৰ্থনৈতিক বিকাশ এটা নিৰ্দিষ্ট সময়ত তৎক্ষণাত হোৱা পৰিঘটনা নহয়৷ তাৰ বাবে বিকাশৰ কাৰকসমূহৰ এক বিৰৱিচ্ছিন্ন আন্তক্ৰিয়াৰ প্ৰয়োজন৷ এই সম্পৰ্কে অৰ্থনীতিবীদ ৱাল্ট ৰষ্টয়ে পাঁচটা স্তৰত অৰ্থনৈতিক বিকাশৰ গতিধাৰাক পৰ্যালোচনা কৰিছিল৷
১/ পৰম্পৰাগত সমাজ (Traditional Society): এই স্তৰত সমাজখন নাইবা অৰ্থনীতিটো সম্পূৰ্ণ কৃষিভিত্তিক হৈ থাকে৷ মূলত: জীৱন নিৰ্বাহৰ বাবে দুবেলা দুমুঠি খাই থকাৰ বাহিৰে কৃষিকাৰ্যত আন বিশেষ অৰ্থনৈতিক উদ্দেশ্য নীহিত নেথাকে৷ শ্ৰমিকৰ কম উৎপাদনশীলতা আৰু চৰম পৰম্পৰাসৰ্বস্ব কৌশলৰ বাবে উৎপাদনত ৰাহি নহয়৷ বাণিজ্যৰ পৰিৱেশ বিশেষ একো নাথাকে৷
২/ সাফল্যৰ পূৰ্বচৰ্ত(Preconditions for  take-off): এই স্তৰত পৰম্পৰাসৰ্বস্ব কৌশলৰ পৰিৱৰ্তে কৃষিকাৰ্যত ক্ৰমান্বয়ে প্ৰযু্ক্তিৰ ব্যৱহাৰ হবলৈ ধৰে৷ তাৰ ফলত শ্ৰম আৰু মূলধনৰ উৎপাদশীলতা বৃদ্ধি পায়৷ উৎপাদন ৰাহি হোৱাৰ ফলত অৰ্থনীতিত বাণিজ্যৰ আৰম্ভণি হয়৷ বাণিজ্যৰ পৰা হোৱা লাভে নতুন উদ্যোগীসকলক অনুপ্ৰেৰণা যোগায় আৰু তাৰ ফলত নতুন নতুন ব্যৱসায়িক কৌশলৰ আৰম্ভণি হয়৷ তাৰ সমান্তৰালভাৱে জনমূৰি আয় বাঢ়িব ধৰে৷ আয় বঢ়াৰ লগে লগে বিনিয়োগ আৰু লাভ বাঢ়িবলৈ ধৰে আৰু অৰ্থনীতিখন সফলতাৰ দিশে ধাৱমান হয়৷
৩/ সাফল্য (Take-off): এই স্তৰত বাণিজ্যৰ চমকপ্ৰদ সম্প্ৰসাৰণ ঘটে৷ তাৰ সমান্তৰালভাৱে চৰকাৰকে আদি কৰি সমাজৰ দৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰো বিকাশ ঘটে৷ আশাপ্ৰদ বাতাবৰণে বিনিয়োগ বৃদ্ধি কৰে, তাৰ ফলত লাভ, আয় আৰু সঞ্চয় বৃদ্ধি পায়৷ মুঠ ঘৰুৱা উৎপাদন (GDP) ৰ ১৫% পৰ্যন্ত সঞ্চয় বৃদ্ধি পায়৷ বেংক-বীমা আদিৰ দৰে প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ হয়৷ কৃষিভিত্তিক অৰ্থনীতিৰ অৱসান ঘটি অৰ্থনীতিখন ক্ৰমাত নিৰ্মাণ আৰু সেৱা-খণ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে৷ নতুন নতুন নিয়োগৰ সৃষ্টি হয়৷ নাগৰিকসকলৰ পচন্দ আৰু অগ্ৰাধিকাৰলৈও অভূতপূৰ্ব পৰিৱৰ্তন আহে৷
৪/ পৰিপক্কতালৈ গতি (Drive to Maturity):  উদ্যোগসমূহলৈ বৈচিত্ৰতা আহে৷ প্ৰযুক্তিবিদ্যাৰ উন্নয়ন আৰু নবোন্নয়ন (innovation) য়ে শ্ৰম আৰু মূলধনৰ উৎপাদনশীলতা অভূতপূৰ্বভাৱে বৃদ্ধি কৰে৷ উৎপাদন ক্ষীপ্ৰতৰ হৈ পৰে৷ তাৰ লগে লগে লাভ আৰু মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পায়৷
৫/ ভোগৰ যুগ (Age of mass consumption) : উৎপাদন বৃদ্ধি পোৱা বাবে এই স্তৰত উপভোক্তাসকলৰ ভোগো বৃদ্ধি পায়৷ পচন্দৰ বস্তুবোৰত উপভোক্তাসকলে উচ্চ হাৰত ব্যয় কৰিবলৈ ধৰে৷