Thursday 14 May 2020

নিবনুৱা সমস্যা (Unemployment Problem)


যেতিয়া কোনো লোক এজন নিয়োগৰ বাবে উপযোগী আৰু ইচ্ছুক হোৱা স্বত্বেও বিভিন্ন কাৰণত উপযুক্ত নিয়োগৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়, তেনে পৰিস্থিতিকেই নিবনুৱা সমস্যা বোলা হয় আৰু বঞ্চিত লোকজনক নিবনুৱা বুলি কোৱা হয়৷ নিবনুৱা সমস্যাৰ ফলত মানৱ সম্পদৰ অপচয় হৈ ৰয়৷ ইয়াৰ কৱলত পৰি যথেষ্ট সংখ্যক সক্ষম লোকে অৰ্থনৈতিক উন্নয়নলৈ অৱদান আগবঢ়োৱাৰ পৰা বঞ্চিত হৈ ৰয়৷ ইয়াৰোপৰি নিবনুৱা সমস্যাই দৰিদ্ৰতাৰ ৰূপ লৈ অৰ্থনীতিটোক দৰিদ্ৰতাৰ চক্ৰত বন্দী কৰি ৰাখিব পাৰে৷ 
    নিবনুৱাৰ প্ৰকাৰ (Types of Unemployment)
সৃষ্টিৰ কাৰণ আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ নিবনুৱা আছে৷ তাৰেই কেইটামান তলত আলোচনা কৰা হ’ল৷
চক্ৰীয় নিবনুৱা (Cyclical Unemployment)
অৰ্থনীতিটোত সামগ্ৰী আৰু সেৱাৰ চাহিদা কম হ’লে এনে ধৰণৰ নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷ কম চাহিদাৰ কাৰণে সামগ্ৰী আৰু সেৱাৰ সৃষ্টিত কম পৰিমাণে বিনিয়োগ কৰা হয়৷ ইয়াৰ ফলত উৎপাদন প্ৰক্ৰিয়াই অৰ্থনীতিটোৰ বাবে আৱশ্যকীয় পৰিমাণৰ নিয়োগ সৃষ্টিত বিফল হয়৷ বাণিজ্য চক্ৰৰ উত্থান-পতনৰ লগে লগে এই ধৰণৰ নিবনুৱা সমস্যাটোৰ পৰিধি কমা-বঢ়া হয়৷ উদাহৰণস্বৰূপে বাণিজ্য চক্ৰৰ প্ৰাচুৰ্য (prosperity) স্তৰৰ সময়ত দ্ৰব্যৰ চাহিদা বৃদ্ধি পোৱাত উৎপাদন প্ৰক্ৰিয়াত অধিক বিনিয়োগৰ যোগেদি নিবনুৱা সমস্যাটো হ্ৰাস পায়৷ তাৰ বিপৰীতে মন্দাৱস্থা (Depression) ৰ সময়ত সেৱা আৰু সামগ্ৰীৰ চাহিদা অতি কম হোৱা বাবে উৎপাদন প্ৰক্ৰিয়াত হ্ৰাসমান বিনিয়োগৰ যোগেদি চক্ৰীয় নিবনুৱা সমস্যাটোৰ পৰিসৰ বৃদ্ধি হয়৷
সময় অনুসৰি হোৱা নিবনুৱা (Seasonal Unemployment)
বছৰটোৰ ভিন্ন ভিন্ন সময়ত দ্ৰব্য-সামগ্ৰীৰ চাহিদা ভিন ভিন হয়৷ উদাহৰণ স্বৰূপে আমাৰ দেশত উৎসৱ-পাৰ্বন যেনে পূজা, দেৱালী, বিহু আদিৰ সময়ত সামগ্ৰীৰ চাহিদাই উচ্চ সীমা অতিক্ৰম কৰে৷ বৰ্ধিত চাহিদাৰ সৈতে খাপ খোৱাবলৈ সেই সময়ত দ্ৰব্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা হয়৷ তাৰ বাবে উৎপাদন প্ৰক্ৰিয়াত অধিক বিনিয়োগ কৰা হয়, নতুনকৈ নিয়োগৰ সৃষ্টি কৰা হয়৷ গতিকে সেই সময়চোৱাত নিবনুৱা সমস্যাটো যথেষ্ট হ্ৰাস পায়৷ ইয়াৰ বিপৰীতে উৎসৱ পাৰ্বন নথকা সময়ত আৰু প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আদিৰ সময়ত মানুহৰ ক্ৰয় ইচ্ছা আৰু ক্ষমতা যথেষ্ট হ্ৰাস পায়৷ এনে সময়বোৰত উৎপাদনসকলে উৎপাদন প্ৰক্ৰিয়াটোত বিনিয়োগৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰে যাৰ ফলত নিয়োগৰ সৃষ্টি কম হোৱাত সাময়িকভাৱে নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷
কৃষিকৰ্মৰ ফলতো সাময়িক নিবনুৱাৰ সৃষ্টি হয়৷ বছৰৰ আটাইবোৰ সময়ত খেতি কৰা নহয়৷ আমাৰ অসমতে দেখা যায় যে বহাগ মাহৰ পৰা শাওন মাহলৈকে শালিখেতিত দিনে ৰাতিয়ে ব্যস্ত হৈ থকা লোকসকলে ভাদ, আহিন আৰু কাতি মাহত বিশেষ একো নকৰি ঘৰতে থাকে৷ ঠিক তেনেদৰে কৃষকসকলে আঘোন-পুহ মাহত খেতি চপোৱাৰ পিছত মাঘ, ফাগুন আৰু চ’ত –এই তিনিটা মাহ কৰ্মহীন ভাৱে অতিবাহিত কৰে৷ অৰ্থাৎ শালিখেতিত জড়িত খেতিয়কসকল বছৰৰ ছটাকৈ মাহ নিবনুৱা হৈ থাকিবলগীয়া হয়৷ এয়া সাময়িক নিবনুৱা সমস্যাৰেই উদাহৰণ৷
ভিন ভিন ঋতুত সামগ্ৰীৰ চাহিদা বেলেগ বেলেগ হয়৷ উদাহৰণস্বৰূপে শীত কালত ওলৰ কাপোৰৰ চাহিদা বৃদ্ধি হয় আৰু সেয়েহে সেই কামত জড়িত লোকসকলে নিয়োগৰ সুবিধা পায়৷ কিন্তু গ্ৰীষ্মকালত ওলৰ কাপোৰ অপ্ৰয়োজনীয় হৈ পৰাত সেই উদ্যোগটোৰ বহু লোক নিবনুৱা হ’বলগীয়া হয়৷ এয়াও সাময়িক নিবনুৱাৰেই এক উদাহৰণ৷
প্ৰযুক্তিগত নিবনুৱা (Technological Unemployment)
আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যাপক প্ৰয়োগৰ ফলত মানৱ শ্ৰমৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে৷ প্ৰতিটো খণ্ডতে যন্ত্ৰ-পাতিৰ প্ৰয়োগ বৃদ্ধি পাবলৈ ধৰিছে৷ দহ জন মানুহৰ যিটো কাম সম্পূৰ্ণ কৰিবলৈ এটা দিনৰ আৱশ্যক হয়, প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত তেনে কাম এটা দুই তিনি ঘন্টাতে সম্পূৰ্ণ কৰাটো সম্ভৱপৰ হৈছে৷ ইয়াৰ ফলত উন্নত দেশসমূহৰ লগতে অনুন্নত দেশসমূহতো উৎপাদন, সেৱা, কৃষি আদি আটাইবোৰ উদ্যোগতে যন্ত্ৰ-প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে৷ তাৰ ফলত মানৱ শ্ৰম অপ্ৰয়োজনীয় হৈ পৰাত বহু লোকে নিয়োগৰ সুবিধা হেৰুওৱাব লগীয়া হৈছে৷ ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যাক প্ৰযুক্তিগত নিবনুৱা বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে কম্পিউটাৰৰ ব্যৱহাৰৰ ফলত টাইপ-ৰাইটাৰ চলোৱা বহু লোকে নিয়োগৰ সুবিধা হেৰুৱালে৷ টেলিফোন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলত ডাক সেৱাত নিয়োগৰ সম্ভাৱনা হ্ৰাস পালে৷ এনেদৰে সৃষ্টি হোৱা নিবনুৱা প্ৰযুক্তিগত নিবনুৱাৰে উদাহৰণ৷ 

গাঁথনিগত নিবনুৱা (Structuralunemployment):

কোনো দেশৰ অৰ্থনীতি এটাৰ গাঁথনি বা সংৰচনাত পৰিৱৰ্তন ঘটিলে এনে ধৰণৰ নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷ উদাহৰণস্বৰূপে ভাৰতৱৰ্ষত বৃহৎ উদ্যোগৰ স্থাপন আৰম্ভ হোৱাত পূৰ্বতে কুটীৰ শিল্পত নিয়োজিত হৈ থকা বহু লোকে নিবনুৱা হ’বলগীয়া হ’ল৷ ১৯৯১ চনৰ পিছত বিশ্বায়নৰ যোগেদি বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক ভাৰতৱৰ্ষলৈ বৰপীৰা পাৰি দিয়াৰ ফলত আমাৰ দেশৰ বহু ঘৰুৱা উদ্যোগে বিদেশী প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰতিযোগিতাত তিষ্টিব নোৱাৰি বন্ধ হৈ পৰিল৷ ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যা গাঁথনিগত নিবনুৱাৰ উদাহৰণ৷
চৰকাৰী অৰ্থনৈতিক নীতি, ৰাজহ নীতি, মুদ্ৰানীতি আদিৰ ফলত এখন অৰ্থনীতিলৈ গাঁথনিগত পৰিৱৰ্তন আহে৷ আমি ভাৰতীয় অৰ্থনীতিৰ উদাহৰণকে ল’ব পাৰোঁ৷ ১৯৯১ চনৰ বিখ্যাত উদাৰীকৰণ (liberalisation), ব্যক্তিগতকৰণ (privatisation) আৰু গোলকীকৰণ (globalisation)   নীতিৰ যোগেদি ভাৰতীয় অৰ্থনীতিলৈ বৃহৎ পৰিৱৰ্তন আহিল৷ সমাজবাদৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় অৰ্থনীতিটো ব্যক্তিগতখণ্ডক অধিক গুৰুত্ব দিয়া মিশ্ৰ অৰ্থনীতিলৈ ৰূপান্তৰিত হ’ল৷ ব্যক্তিগতকৰণৰ ফলত চাৰিওদিশে প্ৰতিযোগিতাৰ বৃদ্ধি ঘটিল৷ বৃহৎ উদ্যোগসমূহৰ আগমন ঘটাত ক্ষুদ্ৰ উদ্যোগ আৰু কুটীৰ উদ্যোগসমূহলৈ সংকট চাপি আহিল৷  তেনে উদ্যোগসমূহত পূৰ্বতে কাম কৰি থকা বহু লোকে কাম হেৰুৱালে৷ এয়া গাঁথনিগত নিবনুৱা সমস্যাৰে এক বাস্তৱ উদাহৰণ৷   
ছদ্মবেশী নিবনুৱা (Disguised Unemployment)
ছদ্মবেশী নিবনুৱা সমস্যা সাধাৰণতে কৃষিখণ্ডত দেখিবলৈ পোৱা যায়৷ ভাৰতৱৰ্ষ, বাংলাদেশ আদিৰ দৰে জনসংখ্যাৰ বিষ্ফোৰণ হোৱা অনুন্নত দেশসমূহৰ কৃষিখণ্ডত প্ৰয়োজনতকৈ অধিক লোক নিয়োজিত হৈ থাকে৷ যুটীয়া পৰিয়াল, অধিক জনসংখ্যা, অবৈজ্ঞানিক পদ্ধতি আদি হৈছে তাৰ মূল কাৰণ৷ যিডৰা মাটিত খেতি কৰিবৰ বাবে তিনি-চাৰি জন মানুহেই যথেষ্ট, সেইডৰা মাটিত এনে দেশসমুহত আঠ-দহজন লোক নিয়োজিত হৈ থাকে৷ অতিৰিক্তভাৱে নিয়োজিত হৈ থকা সেই পাঁচ-ছয় জন লোকক কৃষিকৰ্মৰ পৰা আঁতৰাই লৈ আনিলেও শস্যৰ উৎপাদন কমি নাযায়৷ অৰ্থাৎ অতিৰিক্তভাৱে নিয়োজিত এই পাঁচ-ছয়জন লোকৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান৷ ওপৰে ওপৰে চাবলৈ গ’লে যদিও এওঁলোকক নিয়োজিত যেন লাগে, তথাপি এওঁলোক প্ৰকৃততে নিবনুৱাহে৷ এনে নিবনুৱাসকলক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়৷

3 comments: