Thursday 14 May 2020

দৰিদ্ৰতা (Poverty)


উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ বাবে দৰিদ্ৰতা শব্দটো এটা সঘনাই প্ৰয়োগ হৈ থকা শব্দ৷ আমি কওঁ যে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ যথেষ্ট সংখ্যক লোক দৰিদ্ৰ৷ আকৌ কেতিয়াবা কওঁ যে স্বাধীনতাৰ অত বছৰৰ পিছতো ভাৰতৱৰ্ষৰ মুঠ জনসংখ্যাৰ ত্ৰিশ শতাংতকৈ অধিক লোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে৷ –এই দৰিদ্ৰতা প্ৰকৃততে কিনো?
সাধাৰণ ভাষাত ক’বলৈ গ’লে, জীৱন নিৰ্বাহৰ বাবে অত্যাৱশ্যকীয় মৌলিক প্ৰয়োজনীয়তা আৰু ন্যূনতম সা-সুবিধাসমূহ আহৰণ কৰিবলৈ আৰ্থিক অসমৰ্থতাই হ’ল দৰিদ্ৰতা৷ মানুহৰ জীৱন ধাৰণৰ বাবে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ আৱশ্যক৷ ইয়াৰোপৰি ন্যূনতম শিক্ষা-দীক্ষা, আমোদ-প্ৰমোদ, সামাজিক প্ৰস্থিতিৰ প্ৰয়োজন৷ কিন্তু এইবোৰ আহৰণ কৰিবলৈ আৰ্থিক সামৰ্থ্যৰ আৱশ্যক হয়৷ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য, লজ্জা নিবাৰণ আৰু শীত-তাপৰ পৰা ৰক্ষা পাবলৈ বস্ত্ৰ আৰু ৰ’দ-বতাহ, বন্য জীৱ-জন্তুৰ পৰা সুৰক্ষিত অৱস্থাত জীয়াই থাকিবলৈ এটি ঘৰৰ আৱশ্যক৷ এই প্ৰয়োজনীয়তাবোৰ আহৰণ কৰিবলৈ টকা-পইচা লাগে৷ সকলোৰে সেই সামৰ্থ্য নাথাকে৷ 
বিভিন্নজনে নানা ধৰণেৰে দৰিদ্ৰতাৰ সংজ্ঞা আগবঢ়াইছে৷ ৰাষ্ট্ৰসংঘৰ মতে, “Fundamentally, poverty is the inability of having choices and opportunities, a violation of human dignity. It means lack of basic capacity to participate effectively in society.” অৰ্থাৎ - নিজা পচণ্ড আৰু সুবিধাসমূহ আয়ত্ব কৰিবলৈ অসমৰ্থতা, মানৱ মৰ্যদাৰ অৱমাননা আৰু সক্ৰিয়ভাৱে সমাজ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অপাৰগতাই হ’ল দৰিদ্ৰতা৷
বিশ্ব-বেংকৰ মতে, “Poverty is pronounced deprivation in well-being, and comprises many dimensions. It includes low incomes and the inability to acquire the basic goods and services necessary for survival with dignity.” অৰ্থাৎ, দৰিদ্ৰতা হৈছে ভাল অৱস্থা এটাৰ পৰা বঞ্চিত হৈ থকা পৰিস্থিতি আৰু ই বহুদিশীয়৷ ই কম আয়ৰ বাবে হয় আৰু তাৰ ফলত প্ৰাথমিকভাৱে প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱাবোৰ আহৰণ কৰি মৰ্যদাপূৰ্ণ জীৱন এটা ধাৰণ কৰি থাকিবলৈ অসুবিধাজনক হৈ পৰে৷ দৰিদ্ৰতাৰ কু-প্ৰভাৱসমূহৰ বিষয়ে বিশ্ববেংকে এনেদৰে কৈছে-“Poverty encompasses low levels of health and education, poor access to clean water and sanitation, inadequate physical security, lack of voice, and insufficient capacity and opportunity to better one's life. (দৰিদ্ৰতাৰ ফলাফল হ’ল দুৰ্বল স্বাস্থ্য আৰু শিক্ষা, বিশুদ্ধ পানী আৰু অনাময় ব্যৱস্থাৰ অনুন্নত সুবিধা, শাৰীৰিক সুৰক্ষাৰ দুৰ্বল ব্যৱস্থা, সমাজত সৱল মত দিবলৈ অসমৰ্থতা, এটি মানসম্পন্ন জীৱন ধাৰণ কৰিবলৈ অক্ষমতা)

4 comments: