Monday 17 February 2014

    2013 চনৰ ভাৰতীয় খাদ্য সুৰক্ষা অধিনিয়মখন আইনত পৰিণত হয় 2013 চনৰ 12 ছেপ্টেম্বৰ  তাৰিখে ৷এই আইনখনৰ প্ৰধান লক্ষ্য হ’ল ভাৰতৰ 1.2 বিলিয়ন জনসাধাৰণৰ তিনিভাগৰ দুই অংশ জনসাধাৰণক উপযুক্ত খাদ্য –সামগ্ৰী যোগান ধৰা ৷এই অধিনিয়মখনৰ অধীনত ভাৰতীয় জনসাধাৰণে তলত দিয়া দৰত  প্ৰতি কি.গ্ৰা. খাদ্য-সামগ্ৰী ক্ৰয় কৰিব পাৰিব –
    
    

    
     চাউল-        প্ৰতি কেজিত 3 টকাকৈ
    ঘেহুঁ-          প্ৰতি কেজিত 2 টকাকৈ
    গোটা শস্য-   প্ৰতি কেজিত 1 টকাকৈ

খাদ্যসুৰক্ষা অধিনিয়মখনৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে –

ক) গ্ৰামাঞ্চলৰ 75% আৰু নগৰাঞ্চলৰ 50% জনসাধাৰণে প্ৰতি মাহত চৰকাৰৰ পৰা যোগান ধৰা খাদ্যদ্ৰব্য যেনে :-চাউল,ঘেঁহু আৰু গোটাশস্য প্ৰতি কেজিত ক্ৰমে 3 টকা,2 টকা আৰু 1 টকা দৰত ক্ৰয় কৰিব পাৰিব ৷

খ ) ৰাজ্যচৰকাৰ সমূহে খাদ্যদ্ৰব্য সমূহ বিতৰণৰ ক্ষেত্ৰত প্ৰধান দায়িত্ব গ্ৰহন কৰিব ৷

গ) ৰাজহুৱা বিতৰণ কেন্দ্ৰসমূহ পুনৰ গঠন কৰা হ’ব ৷

ঘ ) পৰিয়ালৰ জেষ্ঠ মহিলাগৰাকী (18 বছৰ বা ওপৰৰ)ৰ নামত “ৰেচন কাৰ্ড “ মুক্ত কৰা হ’ব ৷
  
     এই খাদ্য সুৰক্ষা আইনমতে সমাজৰ দুৰ্বল ,পিছপৰা আৰু দৰিদ্ৰ সীমাৰেখাৰ  তলত বসবাস কৰা জনসাধাৰণৰ বাবে খাদ্য –সামগ্ৰী যোগান ধৰিছে যদিও বহুজনে ইয়াক সমালোচনাও কৰিছে ৷
  প্ৰকৃততে এই খাদ্য সুৰক্ষা আইনে দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰিছে ৷ কিন্তু সমাজৰ ধনী শ্ৰেণীৰ লোকেও ইয়াৰ বাবে আবেদন কৰা দেখা গৈছে ৷ফলত আইনখনৰ প্ৰকৃত উদ্দেশ্য শাধনত ব্যাঘাট জন্মাটৌ নিশ্চিত ৷

বিৰোধী দলৰ এজন নেতা মুৰলী মনোহৰ যোশীৰ মতে,”The bill is a measure for vote security rather than food security .”

No comments:

Post a Comment