Friday 14 February 2014

খুচুৰা খণ্ডত প্ৰত্যক্ষ বৈদেশিক  বিনিয়োগ:

কি প্ৰভাৱ পৰিব ভাৰতীয় অৰ্থনীতিত


কি কি পাম আমি-

1)   অৰ্থনীতিৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ লগতে নিয়োগৰ সুবিধা বৃদ্ধি পাব ৷
2)   মধ্যভোগীৰ অনুপস্থিতিত সামগ্ৰীসমূহ অধিক কম দামত গ্ৰাহকসকলৰ ওচৰলৈ আগবঢাই দিব পৰা যাব ৷
3)   কৃষিজ সামগ্ৰীৰ বাবে খেতিয়কসকলে উচিত দাম পাব ৷
4)   মধ্যভোগী নথকাৰ বাবে কলা বজাৰ কৃত্ৰিম নাটনি আদি নাথাকিব ৷গতিকে পিয়াঁজৰ দাম বঢাৰ দৰে ঘটনা নঘটিব ৷
5)   চৰকাৰে কৰ ব্যৱস্থাৰ যোগেদি অধিক ৰাজহ আহৰণ কৰিব পাৰিব ৷
6)   উচ্চ মানদণ্ডৰ সামগ্ৰীয়ে বজাৰ ভৰিব ৷
7)   ৰপ্তানি বৃদ্ধি পাব ৷
8)   খাদ্য সামগ্ৰীৰ সংৰক্ষণৰ বাবে উন্নত ব্ৱ্যস্থাৰ সৃষ্টি হোৱা বাবে খাদ্যবস্তুৰ অপচয় ৰোধ হ’ব ৷



কি কি হেৰুৱাম আমি -


বৈদেশিক কোম্পানীৰ ব্যৱসায়িক দক্ষতাৰ সন্মুখত স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে টিকি থাকিব নোৱাৰিব ৷ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহৰ দামতকৈ কোম্পানীসমূক্ষে আগবঢোৱা দাম কম হ’ব বাবে থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহৰ  উৎপাদন বন্ধ কৰিবলগীয়া হ’ব ৷

No comments:

Post a Comment