Tuesday 17 December 2013

what is Deflation { মুদ্ৰা সংকোচন কি ? }

    ই মুদ্ৰাস্ফীতিৰ বিপৰীত অৱস্থা ৷ অৰ্থ্যাৎ, মুদ্ৰা সংকোচন হৈছে এনে এক অৱস্থা যিটো অৱস্থাত অৰ্থনীতি এখনত মুদ্ৰাৰ মূল্য বৃদ্ধি পায় আনহাতে দৰস্তৰ হ্ৰাস পায় ৷
    অৰ্থনীতিবিদ পিগুৰ মতে উৎপাদিত দ্ৰব্য আৰু সেৱাৰ পৰিমান মুদ্ৰা আয়ৰ তুলনাত অধিক হ’লে মুদ্ৰা সংকোচন ঘটে ৷
   মুদ্ৰা সংকোচনৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল-
        ক] মুদ্ৰা আয়ৰ পৰিমানতকৈ প্ৰকৃত উৎপাদন বেছি হয় ৷
        খ] বজাৰত মুদ্ৰাৰ চাহিদাতকৈ মুদ্ৰাৰ পৰিমাণ কম থাকে ৷

        গ] দ্ৰব্য সামগ্ৰীৰ চাহিদাতকৈ যোগান বেছি থাকে৷

No comments:

Post a Comment