Wednesday 18 December 2013

Characteristics of Public Enterprises ( ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বৈশিষ্ট্য )

1)      চৰকাৰৰ দ্বাৰা বিত্তৰ যোগান  :-
     ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহলৈ সাধাৰণতে চৰকাৰে বিত্তৰ যোগান ধৰে ৷

2)      চৰকাৰৰ পৰিচালনা :-

     ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ চৰকাৰে পৰিচালনা কৰে ৷এনে উদ্যোগসমূহ পৰিচালনাৰ বাবে চৰকাৰে বিশেষ পৰিচালনা সমিতি গঠন কৰিব পাৰে

3)      বিত্তীয় স্বতন্ত্ৰতা :-
      যদিও ৰাজহুৱা উদ্যোগবোৰত চৰকাৰে বিনিয়োগ কৰে তথাপিও এনে উদ্যোগবোৰ বিত্তীয় ক্ষেত্ৰত স্বতন্ত্ৰ হয় ৷ দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে এনে উদ্যোগ চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নহয় ৷

4)      ৰাজহুৱা সেৱা :-
     ৰাজহুৱা উদ্যোগ সামাজিক সেৱাৰ উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয় ৷ এনে উদ্যোগৰ মূখ্য উদ্দেশ্য হৈছে সামাজিক সেৱা আগবঢ়োৱা ৷

5)      একচেটীয়া ব্যৱসায় :-
    কিছুমান ক্ষেত্ৰত  ৰাজহুৱা উদ্যোগে একচেটীয়া ব্যৱসায় কৰে ৷যেনে :- ভাৰতীয় ৰে’ল  ৷এনে ক্ষেত্ৰবোৰত ব্যক্তিগত খণ্ডক সোমাবলৈ অনুমতি দিয়া নহয় ৷


6)           ৰাজহুৱা খণ্ডৰ উদ্যোগে চৰকাৰী পৰিকল্পনা কাৰ্যকৰীকৰণত সহায় কৰে  ৷

No comments:

Post a Comment