Monday 23 December 2013

  Meaning of  Public Utilities ( ৰাজহুৱা উপযোগী সেৱা )

      ৰাজহুৱা উপযোগী সেৱা বুলিলে এনে কিছুমান সেৱাক বুজায় , যিবোৰ সামাজিক স্বাৰ্থ পূৰণৰ বাবে চৰকাৰে যোগান ধৰে ৷ যেনে :- পানী যোগান ,বিদ্যুৎ যোগান , পৰিবহন ,যোগাযোগ ইত্যাদি ৷এনে সেৱাৰ যোগান জনসাধাৰণৰ কল্যাণৰ দিশৰ পৰা ইমানেই গুৰুত্বপূৰ্ণ যে এইবোৰৰ যোগানৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ উপস্থিতি জনসাধাৰণৰ কাৰণে মংগলজনক নহয় ৷
Characteristics of Public Utilities services-

1)      প্ৰয়োজনীয় সেৱা :-
       এনে সেৱাই মানুহৰ কিছুমান মৌলিক অভাৱ ,যেনে: পানী যোগান, পোহৰ, পৰিবহন,যোগাযোগ ইত্যাদি পূৰণ কৰে ৷ এনে সেৱা কোনো বিভেদ নকৰাকৈ অতি সূলভ মূল্যত প্ৰদান কৰা হয় ৷

2)      স্বাভাবিক একচেটিয়া ব্যৱসায় :-
    ৰাজহুৱা উপযোগী সেৱা সমূহৰ অধিকাংশ স্বাভাৱিক একচেটিয়া ব্যৱসায়ৰ অৰ্ন্তভূক্ত হয় ৷ নূন্যতম ব্যয়ত উচ্চ মানদণ্ডৰ সেৱা যোগানৰ উদ্দেশ্য আৰু ক্ৰমহ্ৰাসমান ব্যয়ৰ বাবে এনে সেৱাৰ  ক্ষেত্ৰত প্ৰতিযোগিতামূলক বজাৰ উদ্ভৱ নহয় ৷

3)       অবিৰত  চাহিদা :-
    পানী যোগান ,বিদ্যুৎ যোগান ,যোগাযোগ আদিৰ দৰে ৰাজহুৱা উপযোগী সেৱা সমূহৰ চাহিদা অবিৰত ৷

4)      অহস্তান্তৰযোগ্য :-
    ৰাজহুৱা উপযোগী সেৱাসমূহ হস্তান্তৰ যোগ্য নহয় ৷অৰ্থ্যাৎ এজন ক্ৰেতাই ৰাজহুৱা উপযোগী সেৱাৰ প্ৰতি তেওঁৰ চাহিদা এজন বিক্ৰেতাৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব নোৱাৰে ৷

5)      নিম্ন বাৰ্ষিক প্ৰতিদান :-
   অন্য ব্যৱসায়ৰ তুলনাত ৰাজহুৱা উপযোগী প্ৰতিষ্ঠান বোৰৰ বাৰ্ষিক প্ৰতিদান সাধাৰণতে কম হয়৷এনে প্ৰতিষ্ঠানে প্ৰয়োজনীয় সেৱাসমূহ সূ্লভ মূল্যত আগবঢ়োৱা বাবে  প্ৰতিষ্ঠানটোত মুঠ মূলধন বিনিয়োগতকৈ বাৰ্ষিক  মুঠ বিক্ৰী আয় কম হয় ৷

Objectives of Public Utility Services

1)      সৰ্বতোপ্ৰকাৰে উদ্যোগ স্থাপনত সহায় কৰা ৷
2)      উদ্যোগ স্হাপনত বৃহৎ পৰিমানৰ বিনিয়োগ ৷
3)      জনসাধাৰণৰ সামূহিক অভাৱ দূৰীকৰণ ৷
4)       সম অৰ্থনৈতিক বিকাশ ৷
5)      অৰ্থনৈতিক শক্তিৰ কেন্দ্ৰীকৰণত বাধা ৷
6)      চৰকাৰী আঁচনিৰ কাৰ্যকৰীকৰণত সহায় ৷ ইত্যাদি৷


                                                      পাৰ্শ্বজ্যোতি>>



No comments:

Post a Comment