Tuesday 17 December 2013

what is Inflation ( মুদ্ৰাস্ফীতি কি ? )


   সাধাৰণ অৰ্থত মুদ্ৰাস্ফীতি বুলিলে আমি দৰ বৃদ্ধি হোৱাকে বুজোঁ ৷ অলপ বহল অৰ্থত ক’বলৈ গলে মুদ্ৰাস্ফীতি হৈছে এনে এক অৱস্থা, যি অৱস্থাত অৰ্থনীতি এখনত স্থায়ী আৰু অবিৰতভাৱে মূল্যস্তৰ বৃদ্ধি হয় আৰু মূদ্ৰাৰ মূল্যৰ অৱনতি ঘটে ৷ মুদ্ৰাস্ফীতি সম্পৰ্কত বিভিন্ন অৰ্থনীতিবিদে বিভিনন ধৰণৰ সংজ্ঞা দাঙি ধৰিছে –
   
    অধ্যাপক Coulbourn ৰ মতে, Inflation is a situation of too much money chasing too few goods.”
       
     অধ্যাপক  Crowther য়ে কৈছে যে , “ Inflation is a state in which the value of money is falling i.e. prices rising.”
        
     অন্য এজন বিশিষ্ট অৰ্থনীতিবিদ Gregory ৰ মতে , “ Inflation is a state of abnormal increasing the quantity of purchasing power .”

    
     মুদ্ৰাস্ফীতি প্ৰধানকৈ এক মৌদ্ৰিক বিষয় ৷ ইয়াৰ প্ৰধান লক্ষণ হৈছে অবিৰত আৰু উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱা মূল্যস্তৰ ৷ বৰ্তমান সময়ত মূদ্ৰাস্ফীতি পৃথিৱীৰ প্ৰায়বোৰ দেশৰ অৰ্থনীতিৰে এক প্ৰধানতম সমস্যা হৈ পৰিছে ৷

No comments:

Post a Comment