Thursday, 14 May 2020

অংশগ্ৰহণমূলক গ্ৰামোন্নয়ন (Participatory rural development)


অংশগ্ৰহণমূলক গ্ৰামোন্নয়ন হ’ল গ্ৰাম্য উন্নয়নৰ এক বিশেষ কৌশল য’ত গ্ৰাম্যাঞ্চলৰ লোকসকলে উন্নয়নৰ প্ৰতিটো পদক্ষেপতে সক্ৰিয় অংশগ্ৰহণ কৰে৷  উন্নয়নমূলক আঁচনিসমূহৰ চিনাক্তকৰণ, কাৰ্যকৰীকৰণ বা ৰূপায়ণ আৰু মূল্যায়ন –এই প্ৰতিটো স্তৰতে গাওঁবাসীসকলক প্ৰত্যক্ষভাৱে যোগদান কৰাৰ সুবিধা দিয়া হয়৷ গাঁওবাসী সকলেহে গাঁও অঞ্চলৰ অসুবিধাসমূহ ভালদৰে বুজি পায় কাৰণ তেওঁলোক বছৰ বছৰ ধৰি সেই সমস্যাসমূহৰ ভুক্তভোগী হৈ আহিছে৷  সেয়েহে সেই সমস্যাসমূহ দূৰীকৰণৰ বাবে লোৱা আঁচনিত তেওঁলোকৰ অংশগ্ৰহণে উন্নয়নক অধিক বাস্তৱিক আৰু ফলপ্ৰসূ কৰি তোলে৷

গ্ৰামোন্নয়নৰ মৌলিক অৱধাৰণা                    ১৬২                  

গ্ৰাম্যাঞ্চলৰ বাবে চৰকাৰী আঁচনিসমূহ প্ৰস্তুত কৰোঁতা বিষয়াসকল সাধাৰণতে চহৰ অঞ্চলত বসবাস কৰা লোক হোৱা বাবে গ্ৰাম্যাঞ্চলৰ প্ৰকৃত সমস্যাসমূহ চিনাক্ত কৰি উলিওৱাত তেওঁলোক বিফল হয়৷ তদুপৰি গাওঁ অঞ্চলৰ সমস্যাসমূহৰ জটিলতাৰ বাবে সেইবোৰ সহজে সমাধান কৰাৰ আঁচনি প্ৰস্তুত কৰাটো এটা কঠিন কাম৷ গ্ৰাম্যাঞ্চলৰ সমস্যাসমূহ জালসদৃশ৷ এটা সমস্যাৰ সৈতে আন এটা সমস্যা জড়িত হৈ থাকে৷ উদাহৰণস্বৰূপে গ্ৰাম্যাঞ্চলৰ কৃষিভূমিৰ কম উৎপাদনৰ বাবে দায়ী হৈছে পৰম্পৰাগত অবৈজ্ঞানিক কৃষিপদ্ধতি৷ সেই পদ্ধতি ব্যৱহাৰৰ কাৰণ হ’ল অজ্ঞতা আৰু নিৰক্ষৰতা৷ নিৰক্ষৰতাৰ মূল কাৰণ হ’ল দৰিদ্ৰতা৷ দৰিদ্ৰতাৰো অনেক কাৰণ আছে৷ গতিকে কৃষিভূমিত শস্যৰ উৎপাদন বৃদ্ধি ঘটাবলৈ হ’লে পোন প্ৰথমে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰতাৰ কাৰকসমূহ চিনাক্ত কৰি উলিয়াই ল’ব লাগিব৷ দৰিদ্ৰতা নিৰ্মূল কৰি গাওঁবাসী সকলক শিক্ষিত কৰাৰ পিছতহে কৃষিক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ কৰিব পৰা যাব৷ গোটেই পৰিস্থিতিটো এনেদৰে বিশ্লেষণ কৰি নলৈ শস্যৰ উৎপাদন বৃদ্ধি কৰোঁ বুলি পোনচাটেই গাঁৱৰ ঘৰে ঘৰে ৰাসায়নিক সাৰৰ বিতৰণ কৰিলে উদ্দেশ্য সিদ্ধি নহ’ব৷ কাৰণ, অজ্ঞ আৰু নিৰক্ষৰ গাঁওবাসীয়ে ৰাসায়নিক সাৰৰ অপপ্ৰয়োগ কৰাৰ সম্ভাৱনীয়তাহে অধিক৷ বহিঃৰাজ্যৰ চাহাবী বিষয়াসকলে গ্ৰাম্যাঞ্চলৰ সমস্যাসমূহৰ মূল শিপা বিচাৰি নাপায়৷ তাৰ ফলত গ্ৰামোন্নয়নৰ আঁচনিসমূহ বছৰ বছৰ ধৰি বিফল হৈ আহিছে৷  অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ যোগেদি গাঁওবাসীসকলক উন্নয়ন কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ দি এই অসুবিধাবোৰ আঁতৰ কৰা হয়৷
গ্ৰাম্যাঞ্চলৰ মাত কথা, ভাষা সংস্কৃতি, আচাৰ ব্যৱহাৰ আৰু ধৰ্মীয় বিশ্বাস অন্য অঞ্চলৰ সৈতে নিমিলে৷ পৰম্পৰাগতভাৱে চলি অহা কিছুমান সামাজিক নীতি নিয়মৰ যোগেদি গ্ৰাম্য সমাজখন পৰিচালিত হৈ আহিছে৷ সেই নীতি নিয়মবোৰ অমান্য কৰিলে গাঁওবাসীৰ ৰোষতপৰিবলগীয়া হয়৷ গ্ৰাম্য উন্নয়নৰ দায়িত্বত থকা চৰকাৰী বিষয়সকলে বহু সময়ত সেই নীতি নিয়মবোৰক হেয় জ্ঞান কৰি কামত আগবাঢ়ে৷ কিছুমান বিষয়াই স্থানীয় ভাষাটো নজনাৰ বাবেও অসুবিধাত পৰে৷ এইবোৰৰ ফলত তেওঁলোক গাওঁবাসীৰ ঘনিষ্ঠ হোৱাত বিফল হয় আৰু তাৰ ফলত গ্ৰাম্যাঞ্চলৰ প্ৰকৃত সমস্যাসমূহ ওলাই নপৰে৷ এই ক্ষেত্ৰতো অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ কৌশলটো প্ৰয়োজনীয় হৈ পৰে৷
গাওঁ অঞ্চলৰ লোকসকল সাধাৰণতে নিৰক্ষৰ আৰু সহজ সৰল৷ সেয়েহে চৰকাৰী বিষয়াসকলক নিজা সমস্যাসমূহ আগবাঢ়ি আহি ক’বলৈ তেওঁলোকে সংকোচ কৰে৷ ইয়াৰ ফলত গ্ৰাম্যাঞ্চলৰ বহু সমস্যা চৰকাৰী আঁচনিৰ বাহিৰতে থাকি যায়৷ তাৰ সলনি যদি উন্নয়ন কাৰ্যত গাঁৱৰে দুজনমান লোকক অন্তৰ্ভুক্ত কৰি লোৱা হয় তেতিয়া সেই সমস্যাবোৰ নাথাকে৷ নিজৰ মানুহৰ আগত গাঁওবাসীসকলে বিনা সংকোচেৰে নিজা অসুবিধাসমূহ খুলি ক’ব পাৰে৷ এই ক্ষেত্ৰতো অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ কৌশলটো প্ৰয়োজনীয় হৈ পৰে৷
অংশগ্ৰহণমূলক গ্ৰামোন্নয়ন ধাৰণাটোৰ জন্ম (Origin of the Concept of Participatory Rural Development)

             

দ্ৰূত গ্ৰাম্য উন্নয়নৰ কৌশল হিচাপে সংযুক্ত ৰাজতন্ত্ৰ (United Kingdom) Institute of Development Studies ৰ গৱেষক ৰবাৰ্ট চেম্বাৰচ (Robert Chambers) য়ে পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ ধাৰণাটোৰ বিকাশ সাধন কৰে৷ থাইলেণ্ডত অনুষ্ঠিত হোৱা এখন আন্তৰ্জাতিক পৰ্যায়ৰ  আলোচনা চক্ৰত তেওঁ এই বিষয়টো উপস্থাপন কৰে৷ গ্ৰাম্যাঞ্চলৰ লোকসকলক উন্নয়ন কাৰ্যত প্ৰত্যক্ষ অংশীদাৰী কৰি লোৱা এই বিশেষ কৌশলটোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷ গ্ৰামোন্নয়নৰ এই কৌশলটোৰ যোগেদি গাঁওবাসী সকলক তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহ নিজেই চিনাক্ত কৰি লৈ সেইবোৰ সমাধান কৰিবলৈ তেওঁলোকৰ দ্বাৰাই কৌশল প্ৰস্তুত কৰা হয়৷ আঁচনিসমূহ ৰূপায়নৰ পিছত সেইবোৰৰ সফলতা বিফলতা গাঁওবাসী সকলেই মূল্যায়ন কৰে৷  
অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ নীতিসমূহ (Principles of Participatory Rural Development)
অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ পাঁচটা মূল নীতি আছে৷ সেইকেইটা হ’ল –
ক) অংশগ্ৰহণ (Participation): এই কৌশলটোৱে সামূহিক দায়ৱদ্ধতাৰ ওপৰত বিশ্বাস কৰে৷ সেয়েহে এই কৌশলটোৰ আধাৰত স্থানীয় লোকসকলৰ ভূমিকাক স্বীকৃতি দিয়া হয়৷ স্থানীয় লোকসকলক কেৱল তথ্যৰ উৎস হিচাপে ব্যৱহাৰ নকৰি এই কৌশলটোৱে তেওঁলোকক উন্নয়নৰ অংশীদাৰী আৰু সিদ্ধান্ত গ্ৰহণকাৰী কৰি তোলে৷
খ) নমনীয়তা (Flexibility): অংশগ্ৰহণমূলক গ্ৰাম্য উন্নয়ন পদ্ধতিত গ্ৰাম্যাঞ্চলৰ সমস্যাসমূহ চিনাক্ত কৰি লোৱাৰ পিছত সেইবোৰ সমাধানৰ কৌশল বাচি উলিওৱা হয়৷ এনে কৌশলসমূহ কেনেদৰে বাচনি কৰি লোৱা হ’ব তাৰ কোনো ধৰাবন্ধা নীতি নিয়ম নাই৷ উন্নয়ন কাৰ্যত জড়িত দলটোৰ আকাৰ, কামৰ বাবে উপলব্ধ সময়, প্ৰযুক্তি আৰু কামৰ ধৰণ অনুসৰি উন্নয়ন কৌশল ভিন ভিন হয়৷
গ) দলীয় কৰ্ম (Team Work): অংশগ্ৰহণমূলক গ্ৰামোন্নয়নৰ কৌশলটো দলীয় কৰ্মৰ ওপৰত নিৰ্ভৰশীল৷ এই ব্যৱস্থাত উন্নয়নৰ আটাইবোৰ সিদ্ধান্ত গ্ৰহণৰ বাবে যথেষ্ট সংখ্যক স্থানীয় লোকৰ লগতে কিছুসংখ্যক বিশেষজ্ঞৰে গঠিত এক সংঘৱদ্ধ আৰু দায়িত্বশীল দল গঠন কৰি লোৱা হয়৷ সেই দলটোত মহিলাসকলৰো অংশগ্ৰহণ নিশ্চিত কৰা হয়৷ 
ঘ) দক্ষতা (Efficiency):অংশগ্ৰহণমূলক গ্ৰামোন্নয়নত দক্ষতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়৷ সেয়েহে উন্নয়ন কাৰ্যত স্থানীয় লোকসকলক অন্তৰ্ভুক্ত কৰোঁতে কিছু দিশৰ ওপৰত মন দিয়া হয়৷ গাওঁ অঞ্চলৰ তুলনামূলকভাৱে কিছু শিক্ষিত আৰু জনাবুজা লোকসকলকহে উন্নয়নৰ দলটোত স্থান দিয়া হয়৷ এই পদ্ধতিৰ মূল লক্ষ্যই হ’ল গাঁও অঞ্চলৰ সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰক দক্ষতাৰে সমাধান কৰা৷ 

            

ঙ) প্ৰণালীৱদ্ধ (Systematic): এই ব্যৱস্থাৰ আটাইবোৰ পদক্ষেপ অতি প্ৰণালীৱদ্ধ৷ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে এটি দক্ষ দল গঠন কৰাৰ পৰা আৰম্ভ কৰি সমস্যাসমূহৰ চিনাক্তকৰণ, সমাধানৰ পদ্ধতি নিৰ্ধাৰণ, আঁচনিৰ ৰূপায়ণ আৰু মূল্যায়ণ –এই আটাইবোৰ স্তৰ এক প্ৰণালীৱদ্ধ পদ্ধতিৰে পৰিচালনা কৰা হয়৷

গ্ৰামোন্নয়ন আৰু পৰিৱেশৰ সুৰক্ষা (Rural Development and Environmental Protection)


বহনক্ষম গ্ৰামোন্নয়ন সম্পৰ্কে আলোচনা কৰোঁতে ইতিমধ্যেই কোৱা হৈছে যে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰাৰ সময়ত পৰিৱেশৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অত্যাৱশ্যকীয়৷ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ মূল কৌশলটোৱেই হৈছে পৰিৱেশটোক সুৰক্ষিত কৰি আহৰণ কৰা উন্নয়ন৷
অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱাৰ পূৰ্বতে গাওঁ অঞ্চলবোৰত প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত হয় নে নহয় সেয়া দুই ধৰণেৰে আলোচনা কৰিব পাৰি৷ দুয়োটা ধাৰণা এটা আনটোৰ সম্পূৰ্ণ ওলোটা৷ দুয়োটাৰ নিজস্ব যুক্তি আছে৷
ক) গাওবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিত আৰু
খ) গাওবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিত নহয়৷
ক) গাওবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিতঃ গাঁৱৰ লোকসকল প্ৰকৃতিৰ বুকুতেই জন্ম আৰু লালিত-পালিত৷ তেওঁলোকে প্ৰাকৃতিক জগতখনক মাতৃজ্ঞান কৰে৷ গ্ৰাম্য লোকসকলৰ কাৰণে প্ৰকৃতিয়েই ভগৱান৷ তেওঁলোকে পূজা-অৰ্চনা কৰা দেৱ-দেৱীসকল প্ৰকৃতিজগতৰে৷ সেয়েহে তেওঁলোকে ডাঙৰ গছবোৰ নাকাটে, হাবিৰ জীৱ জন্তু হত্যা নকৰে, নদীবোৰত আৱৰ্জনা নেপেলায়৷ বহু গছ-গছনি আৰু বন্য জীৱ জন্তুক তেওঁলোকে দেৱ-দেৱতা জ্ঞান কৰি পূজা অৰ্চনা কৰে৷ 
গ্ৰাম্যাঞ্চলৰ লোকসকলৰ প্ৰয়োজনীয়তা অতি সীমিত৷ প্ৰকৃতিজগতৰ কোনো ক্ষতি নোহোৱাকৈয়ে তেওঁলোকে প্ৰকৃতিৰ পৰাই অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সুবিধা যোগাৰ কৰি লয়৷ চহৰৰ চহকী মানুহৰ ঘৰত থকা দামী আচবাব বোৰ তেওঁলোকৰ বাবে অপ্ৰয়োজনীয়৷ সেয়েহে গছ বন কাটি জীৱন যাপন বিলাসী কৰাটো তেওঁলোকৰ বাবে প্ৰয়োজনীয় নহয়৷ তেওঁলোক কম সা-সুবিধাতেই সন্তোষ্ট৷ গ্ৰাম্যাঞ্চলৰ লোকসকলে খেতি বাতি কৰে যদিও সেয়া ব্যৱসায়িক উদ্দেশ্যেৰে কৰা নহয়৷ পৰিয়ালটোৰ আটাইসকলে পেট ভৰাই খাবলৈ হোৱাকৈ শস্যৰ উৎপাদন হ’লেই তেওঁলোক সন্তোষ্ট৷ সেয়েহে হাবি-বন কাটি মাটি উলিয়াই খেতি কৰাটো তেওঁলোকৰ বাবে অপ্ৰয়োজনীয় বিষয়৷
গাওঁ অঞ্চলবোৰত বৃহৎ উদ্যোগ নাই৷ অধিকসংখ্যক লোক কৃষিৰ ওপৰতেই নিৰ্ভৰশীল৷ দুই এটা কুটীৰ শিল্পৰ প্ৰচলন আছে৷ এইবোৰত মানৱ শ্ৰমেই মূল৷ কল -কাৰখানা সাজিবলৈ তেওঁলোকৰ কাৰিকৰী জ্ঞান আৰু মূলধন দুয়োটাৰেই অভাৱ৷ সেয়েহে অৰণ্য কাটি কাৰখানা নিৰ্মাণ কৰাটো তেওঁলোকৰ সপোনৰো অগোচৰ৷ 
গ্ৰাম্যাঞ্চলৰ লোকসকলে দৈনন্দিন জীৱনত জৈৱিক সামগ্ৰীৰ ব্যৱহাৰহে কৰে৷ পিন্ধা কাপোৰৰ পৰা আৰম্ভ কৰি কৃষিকৰ্মত ব্যৱহৃত সাৰলৈকে  আটাইবোৰ -তেওঁলোকে প্ৰাকৃতিক উপকৰণৰ যোগেদি প্ৰস্তুত সামগ্ৰীহে ব্যৱহাৰ কৰে৷ প্লাষ্টিক, পলিথিন, ৰাসায়নিক দ্ৰব্য আদিৰ ব্যৱহাৰ গাওঁ অঞ্চলবোৰত একেবাৰেই নাই বুলিলেও চলে৷  সেয়েহে গ্ৰাম্যাঞ্চলৰ লোকসকলৰ দ্বাৰা মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ অতি নগন্য পৰিমানে হয়৷
খ) গাওঁবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিত নহয়ঃ গ্ৰাম্যাঞ্চলৰ লোকসকল অজ্ঞ আৰু অশিক্ষিত হোৱা বাবে তেওঁলোকে পৰিৱেশ সংৰক্ষণৰ মূল্য বুজি নাপায়৷ গ্ৰাম্যাঞ্চলৰ হাবিসমূহত বহুতো আপুৰুগীয়া গছ-বন আৰু জীৱ জন্তু পোৱা যায়৷ গাঁৱৰ লোকসকলে সেইবোৰৰ গুৰুত্ব বুজি নাপাই বহু জীৱ জন্তু খাবৰ কাৰণে চিকাৰ কৰি মাৰি পেলায়৷ তাৰ ফলত কিছুমান জীৱ জন্তু বিলুপ্ত হৈ পৰিছে৷ বহু চৰাই চিৰিকটি আজিকালি গাওঁবোৰৰ সলনি চহৰবোৰতহে দেখিবলৈ পোৱা যায়৷
জনসংখ্যা বৃদ্ধিৰ হাৰ গাঁও অঞ্চলবোৰত তুলনামূলকভাৱে অধিক৷ অন্ধবিশ্বাস, আধুনিক চিকিৎসা সুবিধাৰ অভাৱ, অজ্ঞতা আৰু কৃষিভিত্তিক প্ৰয়োজনীয়তাত গ্ৰাম্যাঞ্চলৰ লোকসকলে সাধাৰণতে অধিক সদস্যৰ পৰিয়াল পচণ্ড কৰে৷ এটা পৰিয়ালতে পাঁচ-ছয়টা পৰ্যন্ত ল’ৰা-ছোৱালী থাকে৷ জনসংখ্যা বৃদ্ধিৰ ফলত গাঁৱসমূহত কৃষিভূমিৰ অভাৱ ঘটাত অৰণ্যবোৰ কাটি মুকলি কৰি কৃষিভূমিৰ সৃষ্টি কৰা হয়৷
গ্ৰম্যাঞ্চলত প্ৰাকৃতিক সম্পদসমূহৰ প্ৰাচুৰ্য দেখি ব্যক্তিগত খণ্ডৰ কিছুমান উদ্যোগপতি আকৃষ্ট হৈ বিনিয়োগৰ যোগেদি লাভ অৰ্জন কৰিবলৈ গাঁৱলৈ আহে৷ তেওঁলোকে সহজ সৰল গাঁৱৰ লোকসকলৰ পৰা কম দামতে মাটি-সম্পত্তি ক্ৰয় কৰি নিজা মুনাফা অৰ্জন কৰে৷ এনে উদ্যোগপতিসকলে পৰিৱেশ প্ৰদূষণ কৰিবলৈ অকনো কুন্ঠাবোধ নকৰে৷ অশিক্ষিত আৰু সহজ সৰল গাঁৱলীয়া লোকসকলে চহকী উদ্যোগপতিসকলক  প্ৰদূষণৰ বিপক্ষে অভিযোগ দিবলৈ সাহস নকৰে৷
বহু গাঁৱৰ অবৈজ্ঞানিক কৃষি কৌশল পৰিৱেশ প্ৰদূষণৰ কাৰণে দায়ী৷ উদাহৰণস্বৰূপে বহু ঠাইত অৰণ্য জ্বলাই মুকলি কৰি কেইমাহমানৰ পিছত সেই ঠাইখিনিত খেতিবাতি কৰা হয়৷ তেনে কৃষি কৌশলক জুমখেতি বোলা হয়৷ খেতি কৰাৰ এনে পদ্ধতিৰ ফলত বহু আপুৰুগীয়া গছ বন আৰু জীৱ জন্তু অৰণ্যসমূহৰ পৰা বিলুপ্ত হৈ গৈছে৷ তদুপৰি অৰণ্যসমূহৰ আকাৰ যথেষ্ট হ্ৰাস পাইছে৷ জুমখেতিৰ ফলত পৰিৱেশ প্ৰদূষণো হয়৷ 
গ্ৰামোন্নয়ন আৰম্ভ হোৱাৰ পিছৰ পৰিৱেশ (Environment after the start of Rural Development)
গ্ৰামোন্নয়ন আৰম্ভ হোৱাৰ পিছত প্ৰাকৃতিক পৰিৱেশটোৰ উন্নতি ঘটে নে অৱনতি ঘটে সেইটো এটা ডাঙৰ প্ৰশ্ন৷ সেই সম্পৰ্কে বিভিন্ন অৰ্থনীতিবিদে ভিন্ন মত ডাঙি ধৰিছে৷ এইটো নিশ্চিত যে বৃহৎ উদ্যোগৰ ওপৰত প্ৰতিষ্ঠিত গ্ৰামোন্নয়নে প্ৰাকৃতিক পৰিৱেশৰ যথেষ্ট ক্ষতি কৰে৷ আগতেই কোৱা হৈছে যে গ্ৰাম্যাঞ্চলত বসবাস কৰা লোকসকলৰ অজ্ঞতা আৰু সহজ সৰল স্বভাৱটোৰ সুবিধা লৈ উদ্যোগপতিসকলে ইচ্ছানুসৰি আৰু বাধাহীন ভাৱে পৰিৱেশটো প্ৰদূষিত কৰি থাকে৷ সেয়েহে প্ৰদূষণৰ বাবে দায়ী বৃহৎ উদ্যোগসমূহৰ সলনি ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগৰ যোগেদিহে গ্ৰাম্যাঞ্চলৰ উন্নয়নত গুৰুত্ব আৰোপ কৰাটো উচিত৷ তদুপৰি এনে উদ্যোগসমূহৰ মালিকীস্বত্ব বৃহৎ উদ্যোগপতিৰ সলনি চৰকাৰ নতুবা ৰাইজৰ  ওচৰত থকাটো আৱশ্যকীয়৷
গ্ৰামোন্নয়নৰ প্ৰথমচোৱাত প্ৰাকৃতিক পৰিৱেশৰ অৱক্ষয় হোৱাটো একপ্ৰকাৰে নিশ্চিত৷ সেই সময়ছোৱাত প্ৰদূষণহীন বিশুদ্ধ প্ৰাকৃতিক পৰিৱেশ এটিৰ তুলনাত অৰ্থনৈতিক উন্নয়ন অধিক গুৰুত্বপূৰ্ণ হৈ পৰে৷ কিন্তু উন্নয়নৰ লগে লগে মানুহবোৰৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ ফলত আৰু বিশেষকৈ তেওঁলোক শিক্ষিত হৈ পৰাত সমাজত পৰিৱেশ সম্পৰ্কে সজাগতাৰ সৃষ্টি হয়৷ তাৰ ফলত পৰিৱেশ প্ৰদূষণ হ্ৰাস পাবলৈ ধৰে আৰু প্ৰাকৃতিক পৰিৱেশে পুনৰ ঠন ধৰিবলৈ লয়৷
অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কটো ডাঙি ধৰিবলৈ অৰ্থনীতি বিজ্ঞানত পৰিৱেশীয় কুজনেট বক্ৰ অভিধাৰণাটোৰ (Environmental Kuznets Curve Hypothesis) সহায় লোৱা হয়৷  এই বিশেষ অভিধাৰণাটোৰ মতে অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱাৰ আগতে অঞ্চল এটিত কোনো ধৰণৰ পৰিৱেশ প্ৰদূষণ নাথাকে৷ অৰ্থনৈতিক উন্নয়ন আৰম্ভ হ’লে উন্নয়নৰ প্ৰথম স্তৰত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি ঘটিবলৈ ধৰে৷ উন্নয়নে এক বিশেষ সীমা অতিক্ৰম কৰাৰ পিছত মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত প্ৰদূষণ পুনৰ হ্ৰাস পাবলৈ আৰম্ভ হয়৷ অৰ্থাৎ অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কটো তলৰ চিত্ৰত দেখুওৱা ওলোটা ‘U’ বৰ্ণটোৰ দৰে৷ গ্ৰামোন্নয়নৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য৷
চিত্ৰঃ পৰিৱেশীয় কুজনেট বক্ৰ
চিত্ৰটোত স্পষ্টভাৱে দেখুওৱা হৈছে যে অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱা প্ৰথম স্তৰত পৰিৱেশ প্ৰদূষণৰ বৃদ্ধি ঘটি উচ্চতম সীমা পাইগৈ৷ উন্নয়নে এক বিশেষ সীমা পোৱাৰ পিছত প্ৰদূষণ হ্ৰাস পাবলৈ ধৰে৷ অৰ্থাৎ উন্নয়নৰ প্ৰথম স্তৰত পৰিৱেশৰ অৱক্ষয় ঘটে আৰু উচ্চ পৰ্যায়ৰ উন্নয়নত পৰিৱেশৰ উন্নতি ঘটে৷ বাস্তৱ পৃথিৱীখনতো আমি এনে ধৰণৰ সম্পৰ্ক দেখিবলৈ পাওঁ৷ অনুন্নত দেশসমূহৰ তুলনাত উন্নত দেশসমূহৰ পৰিৱেশ অধিক নিৰ্মল৷


দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ মাজত সম্পৰ্ক (Relationship between Poverty and Unemployment)


দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ মাজত এক ওতপ্ৰোত সম্পৰ্ক আছে৷ তাক দুই ধৰণে আলোচনা কৰিব পাৰি৷
ক) দৰিদ্ৰতাৰ কাৰক হিচাপে নিবনুৱা সমস্যা
খ) নিবনুৱা সমস্যাৰ কাৰক হিচাপে দৰিদ্ৰতা
ক) দৰিদ্ৰতাৰ কাৰক হিচাপে নিবনুৱা সমস্যাঃ
ভাৰতৱৰ্ষৰ দৰে দেশত নিবনুৱা সমস্যা হৈছে দৰিদ্ৰতাৰ এক মূল কাৰক৷ জনসংখ্যাৰ বিষ্ফোৰণ ঘটা আমাৰ দেশত প্ৰতিবছৰে হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাৰ সৃষ্টি হয়৷ এই বৃহৎ সংখ্যক নিবনুৱাক চৰকাৰে নিয়োগৰ সুবিধা প্ৰদান কৰাটো সম্ভৱ নহয়৷ মূলধনৰ অভাৱত পৰি নিবনুৱা যুৱক যুৱতীসকলে স্বনিয়োজনৰ সুবিধাও আহৰণ কৰিব নোৱাৰে৷ ইয়াৰ ফলত শিক্ষিত হোৱা স্বত্বেও তেওঁলোকে দৰিদ্ৰতাৰ চক্ৰবেহুৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ অসমৰ্থ হয়৷ সেয়েহে নিবনুৱা সমস্যাক দৰিদ্ৰতাৰ এক মূল কাৰক হিচাপে গণ্য কৰা হয়৷
খ) নিবনুৱা সমস্যাৰ কাৰক হিচাপে দৰিদ্ৰতা
দৰিদ্ৰতা হ’ল নিবনুৱা সমস্যাৰ এক মূল কাৰক৷ আমাৰ দেশতে দৰিদ্ৰতাৰ কৱলত পৰি বহু লোকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে৷ অশিক্ষিত হোৱা বাবে তেওঁলোকে চৰকাৰী-বেচৰকাৰী কোনো খণ্ডতে নিয়োগৰ সুবিধা লাভ নকৰে৷ উপাৰ্জন কম হোৱা বাবে তেওঁলোক পুষ্টিকৰ খাদ্য আৰু আধুনিক চিকিৎসাৰ পৰাও বঞ্চিত হৈ থাকে৷ তাৰ ফলত তেওঁলোক স্বাস্থ্যৰ ক্ষেত্ৰতো পিছপৰি ৰয়৷ কম কৰ্মঠ হোৱা বাবেও তেওঁলোকে উচিত নিয়োগৰ সুবিধা লাভ নকৰে৷ দৰিদ্ৰ লোকসকল অশিক্ষিত আৰু অজ্ঞ হোৱা বাবে যথেষ্ট সন্তানৰ জন্ম দিয়ে৷ ইয়াৰ ফলতো নিবনুৱা সমস্যা অধিক বিস্তৃত হৈ পৰে৷
অনুন্নত দেশসমূহৰ আয় কম হোৱা বাবে সেইবোৰ দেশৰ সঞ্চয়ৰ পৰিমাণো অতি নগন্য হয়৷ ইয়াৰ ফলত সেইবোৰ দেশত মূলধন গঠন নহয় আৰু বিনিয়োগ কম হয়৷ বিনিয়োগ কম হোৱা বাবে অৰ্থনৈতিক বিকাশ নহয় আৰু তাৰ ফলত নিয়োগৰ সুবিধাও কম হয়৷ এইবোৰ কাৰণতে দৰিদ্ৰ দেশসমুহে নিবনুৱা সমস্যাৰ সৈতে সংগ্ৰাম কৰি থাকিবলগীয়া হয়৷

নিবনুৱা সমস্যা (Unemployment Problem)


যেতিয়া কোনো লোক এজন নিয়োগৰ বাবে উপযোগী আৰু ইচ্ছুক হোৱা স্বত্বেও বিভিন্ন কাৰণত উপযুক্ত নিয়োগৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়, তেনে পৰিস্থিতিকেই নিবনুৱা সমস্যা বোলা হয় আৰু বঞ্চিত লোকজনক নিবনুৱা বুলি কোৱা হয়৷ নিবনুৱা সমস্যাৰ ফলত মানৱ সম্পদৰ অপচয় হৈ ৰয়৷ ইয়াৰ কৱলত পৰি যথেষ্ট সংখ্যক সক্ষম লোকে অৰ্থনৈতিক উন্নয়নলৈ অৱদান আগবঢ়োৱাৰ পৰা বঞ্চিত হৈ ৰয়৷ ইয়াৰোপৰি নিবনুৱা সমস্যাই দৰিদ্ৰতাৰ ৰূপ লৈ অৰ্থনীতিটোক দৰিদ্ৰতাৰ চক্ৰত বন্দী কৰি ৰাখিব পাৰে৷ 
    নিবনুৱাৰ প্ৰকাৰ (Types of Unemployment)
সৃষ্টিৰ কাৰণ আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ নিবনুৱা আছে৷ তাৰেই কেইটামান তলত আলোচনা কৰা হ’ল৷
চক্ৰীয় নিবনুৱা (Cyclical Unemployment)
অৰ্থনীতিটোত সামগ্ৰী আৰু সেৱাৰ চাহিদা কম হ’লে এনে ধৰণৰ নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷ কম চাহিদাৰ কাৰণে সামগ্ৰী আৰু সেৱাৰ সৃষ্টিত কম পৰিমাণে বিনিয়োগ কৰা হয়৷ ইয়াৰ ফলত উৎপাদন প্ৰক্ৰিয়াই অৰ্থনীতিটোৰ বাবে আৱশ্যকীয় পৰিমাণৰ নিয়োগ সৃষ্টিত বিফল হয়৷ বাণিজ্য চক্ৰৰ উত্থান-পতনৰ লগে লগে এই ধৰণৰ নিবনুৱা সমস্যাটোৰ পৰিধি কমা-বঢ়া হয়৷ উদাহৰণস্বৰূপে বাণিজ্য চক্ৰৰ প্ৰাচুৰ্য (prosperity) স্তৰৰ সময়ত দ্ৰব্যৰ চাহিদা বৃদ্ধি পোৱাত উৎপাদন প্ৰক্ৰিয়াত অধিক বিনিয়োগৰ যোগেদি নিবনুৱা সমস্যাটো হ্ৰাস পায়৷ তাৰ বিপৰীতে মন্দাৱস্থা (Depression) ৰ সময়ত সেৱা আৰু সামগ্ৰীৰ চাহিদা অতি কম হোৱা বাবে উৎপাদন প্ৰক্ৰিয়াত হ্ৰাসমান বিনিয়োগৰ যোগেদি চক্ৰীয় নিবনুৱা সমস্যাটোৰ পৰিসৰ বৃদ্ধি হয়৷
সময় অনুসৰি হোৱা নিবনুৱা (Seasonal Unemployment)
বছৰটোৰ ভিন্ন ভিন্ন সময়ত দ্ৰব্য-সামগ্ৰীৰ চাহিদা ভিন ভিন হয়৷ উদাহৰণ স্বৰূপে আমাৰ দেশত উৎসৱ-পাৰ্বন যেনে পূজা, দেৱালী, বিহু আদিৰ সময়ত সামগ্ৰীৰ চাহিদাই উচ্চ সীমা অতিক্ৰম কৰে৷ বৰ্ধিত চাহিদাৰ সৈতে খাপ খোৱাবলৈ সেই সময়ত দ্ৰব্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা হয়৷ তাৰ বাবে উৎপাদন প্ৰক্ৰিয়াত অধিক বিনিয়োগ কৰা হয়, নতুনকৈ নিয়োগৰ সৃষ্টি কৰা হয়৷ গতিকে সেই সময়চোৱাত নিবনুৱা সমস্যাটো যথেষ্ট হ্ৰাস পায়৷ ইয়াৰ বিপৰীতে উৎসৱ পাৰ্বন নথকা সময়ত আৰু প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আদিৰ সময়ত মানুহৰ ক্ৰয় ইচ্ছা আৰু ক্ষমতা যথেষ্ট হ্ৰাস পায়৷ এনে সময়বোৰত উৎপাদনসকলে উৎপাদন প্ৰক্ৰিয়াটোত বিনিয়োগৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰে যাৰ ফলত নিয়োগৰ সৃষ্টি কম হোৱাত সাময়িকভাৱে নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷
কৃষিকৰ্মৰ ফলতো সাময়িক নিবনুৱাৰ সৃষ্টি হয়৷ বছৰৰ আটাইবোৰ সময়ত খেতি কৰা নহয়৷ আমাৰ অসমতে দেখা যায় যে বহাগ মাহৰ পৰা শাওন মাহলৈকে শালিখেতিত দিনে ৰাতিয়ে ব্যস্ত হৈ থকা লোকসকলে ভাদ, আহিন আৰু কাতি মাহত বিশেষ একো নকৰি ঘৰতে থাকে৷ ঠিক তেনেদৰে কৃষকসকলে আঘোন-পুহ মাহত খেতি চপোৱাৰ পিছত মাঘ, ফাগুন আৰু চ’ত –এই তিনিটা মাহ কৰ্মহীন ভাৱে অতিবাহিত কৰে৷ অৰ্থাৎ শালিখেতিত জড়িত খেতিয়কসকল বছৰৰ ছটাকৈ মাহ নিবনুৱা হৈ থাকিবলগীয়া হয়৷ এয়া সাময়িক নিবনুৱা সমস্যাৰেই উদাহৰণ৷
ভিন ভিন ঋতুত সামগ্ৰীৰ চাহিদা বেলেগ বেলেগ হয়৷ উদাহৰণস্বৰূপে শীত কালত ওলৰ কাপোৰৰ চাহিদা বৃদ্ধি হয় আৰু সেয়েহে সেই কামত জড়িত লোকসকলে নিয়োগৰ সুবিধা পায়৷ কিন্তু গ্ৰীষ্মকালত ওলৰ কাপোৰ অপ্ৰয়োজনীয় হৈ পৰাত সেই উদ্যোগটোৰ বহু লোক নিবনুৱা হ’বলগীয়া হয়৷ এয়াও সাময়িক নিবনুৱাৰেই এক উদাহৰণ৷
প্ৰযুক্তিগত নিবনুৱা (Technological Unemployment)
আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যাপক প্ৰয়োগৰ ফলত মানৱ শ্ৰমৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে৷ প্ৰতিটো খণ্ডতে যন্ত্ৰ-পাতিৰ প্ৰয়োগ বৃদ্ধি পাবলৈ ধৰিছে৷ দহ জন মানুহৰ যিটো কাম সম্পূৰ্ণ কৰিবলৈ এটা দিনৰ আৱশ্যক হয়, প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত তেনে কাম এটা দুই তিনি ঘন্টাতে সম্পূৰ্ণ কৰাটো সম্ভৱপৰ হৈছে৷ ইয়াৰ ফলত উন্নত দেশসমূহৰ লগতে অনুন্নত দেশসমূহতো উৎপাদন, সেৱা, কৃষি আদি আটাইবোৰ উদ্যোগতে যন্ত্ৰ-প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে৷ তাৰ ফলত মানৱ শ্ৰম অপ্ৰয়োজনীয় হৈ পৰাত বহু লোকে নিয়োগৰ সুবিধা হেৰুওৱাব লগীয়া হৈছে৷ ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যাক প্ৰযুক্তিগত নিবনুৱা বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে কম্পিউটাৰৰ ব্যৱহাৰৰ ফলত টাইপ-ৰাইটাৰ চলোৱা বহু লোকে নিয়োগৰ সুবিধা হেৰুৱালে৷ টেলিফোন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলত ডাক সেৱাত নিয়োগৰ সম্ভাৱনা হ্ৰাস পালে৷ এনেদৰে সৃষ্টি হোৱা নিবনুৱা প্ৰযুক্তিগত নিবনুৱাৰে উদাহৰণ৷ 

গাঁথনিগত নিবনুৱা (Structuralunemployment):

কোনো দেশৰ অৰ্থনীতি এটাৰ গাঁথনি বা সংৰচনাত পৰিৱৰ্তন ঘটিলে এনে ধৰণৰ নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷ উদাহৰণস্বৰূপে ভাৰতৱৰ্ষত বৃহৎ উদ্যোগৰ স্থাপন আৰম্ভ হোৱাত পূৰ্বতে কুটীৰ শিল্পত নিয়োজিত হৈ থকা বহু লোকে নিবনুৱা হ’বলগীয়া হ’ল৷ ১৯৯১ চনৰ পিছত বিশ্বায়নৰ যোগেদি বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক ভাৰতৱৰ্ষলৈ বৰপীৰা পাৰি দিয়াৰ ফলত আমাৰ দেশৰ বহু ঘৰুৱা উদ্যোগে বিদেশী প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰতিযোগিতাত তিষ্টিব নোৱাৰি বন্ধ হৈ পৰিল৷ ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যা গাঁথনিগত নিবনুৱাৰ উদাহৰণ৷
চৰকাৰী অৰ্থনৈতিক নীতি, ৰাজহ নীতি, মুদ্ৰানীতি আদিৰ ফলত এখন অৰ্থনীতিলৈ গাঁথনিগত পৰিৱৰ্তন আহে৷ আমি ভাৰতীয় অৰ্থনীতিৰ উদাহৰণকে ল’ব পাৰোঁ৷ ১৯৯১ চনৰ বিখ্যাত উদাৰীকৰণ (liberalisation), ব্যক্তিগতকৰণ (privatisation) আৰু গোলকীকৰণ (globalisation)   নীতিৰ যোগেদি ভাৰতীয় অৰ্থনীতিলৈ বৃহৎ পৰিৱৰ্তন আহিল৷ সমাজবাদৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় অৰ্থনীতিটো ব্যক্তিগতখণ্ডক অধিক গুৰুত্ব দিয়া মিশ্ৰ অৰ্থনীতিলৈ ৰূপান্তৰিত হ’ল৷ ব্যক্তিগতকৰণৰ ফলত চাৰিওদিশে প্ৰতিযোগিতাৰ বৃদ্ধি ঘটিল৷ বৃহৎ উদ্যোগসমূহৰ আগমন ঘটাত ক্ষুদ্ৰ উদ্যোগ আৰু কুটীৰ উদ্যোগসমূহলৈ সংকট চাপি আহিল৷  তেনে উদ্যোগসমূহত পূৰ্বতে কাম কৰি থকা বহু লোকে কাম হেৰুৱালে৷ এয়া গাঁথনিগত নিবনুৱা সমস্যাৰে এক বাস্তৱ উদাহৰণ৷   
ছদ্মবেশী নিবনুৱা (Disguised Unemployment)
ছদ্মবেশী নিবনুৱা সমস্যা সাধাৰণতে কৃষিখণ্ডত দেখিবলৈ পোৱা যায়৷ ভাৰতৱৰ্ষ, বাংলাদেশ আদিৰ দৰে জনসংখ্যাৰ বিষ্ফোৰণ হোৱা অনুন্নত দেশসমূহৰ কৃষিখণ্ডত প্ৰয়োজনতকৈ অধিক লোক নিয়োজিত হৈ থাকে৷ যুটীয়া পৰিয়াল, অধিক জনসংখ্যা, অবৈজ্ঞানিক পদ্ধতি আদি হৈছে তাৰ মূল কাৰণ৷ যিডৰা মাটিত খেতি কৰিবৰ বাবে তিনি-চাৰি জন মানুহেই যথেষ্ট, সেইডৰা মাটিত এনে দেশসমুহত আঠ-দহজন লোক নিয়োজিত হৈ থাকে৷ অতিৰিক্তভাৱে নিয়োজিত হৈ থকা সেই পাঁচ-ছয় জন লোকক কৃষিকৰ্মৰ পৰা আঁতৰাই লৈ আনিলেও শস্যৰ উৎপাদন কমি নাযায়৷ অৰ্থাৎ অতিৰিক্তভাৱে নিয়োজিত এই পাঁচ-ছয়জন লোকৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান৷ ওপৰে ওপৰে চাবলৈ গ’লে যদিও এওঁলোকক নিয়োজিত যেন লাগে, তথাপি এওঁলোক প্ৰকৃততে নিবনুৱাহে৷ এনে নিবনুৱাসকলক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়৷

বহনক্ষম গ্ৰাম্য উন্নয়ন (Sustainable Rural Development)


বহনক্ষম গ্ৰাম্য উন্নয়নৰ বিষয়ে জনাৰ আগেয়ে আমি বহনক্ষম উন্নয়ন মানে কি সেয়া জানি ল’ব লাগিব৷ তাৰ পিছতহে আমি গ্ৰামোন্নয়নৰ সৈতে সেই বহনক্ষম উন্নয়নৰ সম্পৰ্ক স্থাপন কৰিব পাৰিম৷ বনহক্ষম উন্নয়ন মানে হ’ল এনে এক প্ৰকাৰৰ উন্নয়ন যি বৰ্তমান প্ৰজন্মৰ সমানকৈয়ে ভৱিষ্যৎ প্ৰজন্মৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ই এনে এক উন্নয়ন কৌশল যাৰ দ্বাৰা অৰ্থনৈতিক উন্নয়নৰ কাৰণে সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰা হয় যে বৰ্তমান প্ৰজন্মই সেইবোৰ সম্পদ উপভোগ কৰাৰ লগতে যাতে ভৱিষ্যৎ প্ৰজন্মৰ কল্যাণ আৰু উন্নয়নৰ বাবেও যথেষ্ট পৰিমাণে সম্পদ ৰৈ যায় তাক নিশ্চিত কৰে৷ বিখ্যাত ব্ৰাণ্টলেণ্ড কমিছনৰ মতে, “Sustainable Development is the development which meets the needs of the present generation without compromising the ability of the future generation to meet their own needs.” অৰ্থাৎ বহনক্ষম উন্নয়নৰ ধাৰণাটোৱে বৰ্তমান প্ৰজন্মৰ অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ লগতে  ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ ওপৰতো সম গুৰুত্ব আৰোপ কৰে৷ ই এনে এক উন্নয়নৰ কথা কয় যিটোৱে ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰক সুৰক্ষিত কৰি বৰ্তমান সময়ত উন্নয়নৰ পথ উলিয়াই লয়৷ 
গাওঁসমূহ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যৰে ভৰা৷ বনজ সম্পদ, জলসম্পদ আৰু খনিজ সম্পদত গাওঁসমূহ চহকী৷ এই সম্পদসমূহক কামত খটুৱাই গ্ৰামোন্নয়নৰ পথটো সুন্দৰকৈ আৰম্ভ কৰিব পৰা যায়৷ প্ৰাকৃতিক সম্পদসমূহৰ উচিত ব্যৱহাৰৰ যোগেদি গ্ৰাম্য অৰ্থনীতিলৈ সাংঘাটিক পৰ্যায়ৰ ধনাত্মক পৰিৱৰ্তন আনিব পৰা যায়৷ আমাৰ অসমৰ ডিগবৈ, দুলীয়াজান আদি ঠাইসমূহ একালত যথেষ্ট পিছপৰা দুৰ্গম অঞ্চল আছিল৷ কিন্তু সেই অঞ্চলসমূহৰ প্ৰাকৃতিক সম্পদ (বিশেষকৈ খনিজ সম্পদ) ৰ সৎ প্ৰয়োগ কৰাৰ ফলত বৰ্তমান সময়ত সেই অঞ্চলসমূহ উচ্চ আয়ৰ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ কিছুমানলৈ ৰূপান্তৰিত হৈছে৷
গ্ৰাম্য উন্নয়নৰ বাবে প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰোঁতে এটা ক্ষেত্ৰত সাৱধান হ’ব লাগে যাতে ভৱিষ্যৎ প্ৰজন্মৰ সা-সুবিধাৰ কাৰণেও যথেষ্ট পৰিমাণে সম্পদ থাকি যায়৷ গ্ৰামোন্নয়ন নিশ্চিতভাৱে আৱশ্যকীয় বিষয়৷ কিন্তু সেই গ্ৰামোন্নয়ন যদি গ্ৰাম্যাঞ্চলৰ প্ৰাকৃতিক সম্পদৰ ভিত্তিত গঢ় দিয়া হয় তেতিয়াহ’লে বহনক্ষম উন্নয়নৰ প্ৰাসঙ্গিকতা আহি পৰে৷ প্ৰাকৃতিক সম্পদসমূহ যাতে অবিবেচকভাৱে ব্যয় কৰা নহয় সেই বিষয়টোলৈ মন কৰাটো অতি প্ৰয়োজনীয়৷
প্ৰাকৃতিক সম্পদসমূহক নৱীকৰণযোগ্য (Renewable) আৰু অনৱীকৰণযোগ্য (Non Renewable) –এই দুই ধৰণেৰে ভাগ কৰিব পৰা যায়৷ অনৱীকৰণযোগ্য সম্পদসমূহ সাধাৰতে খনিজাত সম্পদ যেনে –কয়লা, পেট্ৰ’লিয়াম আদি৷  এনে সম্পদসমূহ মানৱ জাতিৰ বাবে অৰ্থৱহ সময়ৰ ভিতৰত পুনৰ সৃষ্টি নহয়৷ গ্ৰামোন্নয়নৰ বাবে এই সম্পদসমূহ ব্যৱহাৰ কৰোঁতে সাৱধান হ’ব লাগে যাতে ভৱিষ্যৎ প্ৰজন্মলৈও এনে সম্পদৰ ভাণ্ডাৰ ৰৈ যায়৷ আনহাতে নৱীকৰণযোগ্য সম্পদসমূহ আমাৰ বাবে অৰ্থৱহ সময়ৰ ভিতৰতে পুনৰ সৃষ্টি হয়৷ উদাহৰণস্বৰূপে গছ-বন, মাছ আদি৷ পুনৰ সৃষ্টি বা জন্ম হোৱাৰ ক্ষমতা থাকিলেও এই সম্পদসমূহৰ অবিবেচক আৰু খৰতকীয়া ব্যৱহাৰে এইবোৰক বিলুপ্ত কৰি তুলিব পাৰে৷ উদাহৰণস্বৰূপে অৰণ্যৰ গছসমূহ নৱীকৰণযোগ্য সম্পদ; এজোপা গছৰ বীজৰ পৰা তেনে দহজোপা গছৰ জন্ম হয়৷ সেয়া হ’লেও এটা গছৰ পুলি সৰু অৱস্থাৰ পৰা ডাঙৰ গছ এজোপালৈ বৃদ্ধি হ’বলৈ ত্ৰিশ-চল্লিশ বছৰৰ আৱশ্যক হয়৷  অৰ্থনৈতিক উন্নয়নৰ প্ৰয়োজনীয়তাত গছবোৰ কাটোঁতে এই কথাটো মন কৰা উচিত৷ ইয়াৰোপৰি নৱীকৰণযোগ্য সম্পদসমূহৰ বংশবৃদ্ধি হোৱাৰ এটা বিশেষ হাৰ (rate) থাকে৷ উন্নয়নৰ বাবে সম্পদসমূহ ব্যৱহাৰ কৰোঁতে সম্পদৰ ব্যৱহাৰৰ হাৰ যাতে সম্পদৰ বংশবৃদ্ধিৰ হাৰতকৈ বেছি নহয় সেই কথালৈ মন কৰিব লাগে৷ আমি মাছৰ উদাহৰণ দিব পাৰোঁ৷ মাছ হ’ল নৱীকৰণযোগ্য সম্পদ কিয়নো মাছৰ বংশবৃদ্ধি হয়৷ ধৰা হ’ল কোনো পুখুৰী এটাত প্ৰতিবছৰে এহাজাৰ জনী মাছ নতুনকৈ জন্ম হয়৷ গতিকে অৰ্থনৈতিক উন্নয়নৰ বাবে পুখুৰীটোৰ মাছবোৰ ব্যৱহাৰ কৰোঁতে মন কৰিব লাগিব যাতে প্ৰতিবছৰে এহাজাৰ জনী বা তাতকৈ কম সংখ্যক মাছ বজাৰলৈ উলিয়াই দিয়া হয়৷ অন্যথাই সেই উন্নয়ন কৌশল বহনক্ষম নহ’ব৷
বহনক্ষম গ্ৰামোন্নয়নৰ কথা আলোচনা কৰোঁতে প্ৰদূষণ নামৰ বিষয়টোৰ কথাও আহে৷ পৰিৱেশ প্ৰদূষণৰ যোগেদি ঠাই এখনৰ মাটি, পানী আৰু বায়ুৰ স্বাভাৱিক প্ৰাকৃতিক গুণাগুণ  বিনষ্ট হয়৷ ই বহনক্ষম উন্নয়নৰ পৰিপন্থী৷ খৰতকীয়া অৰ্থনৈতিক উন্নয়নত গুৰুত্ব দিওঁতে কেতিয়াবা আমি প্ৰদূষণৰ কুফলসমূহলৈ মুঠেই মন নকৰোঁ৷ কিন্তু আমি মন কৰাটো উচিত যে পৰিৱশটোক প্ৰদূষিত কৰি অৰ্জন কৰা অৰ্থনৈতিক উন্নয়ন দীৰ্ঘম্যাদী নহয়৷ পৰিৱেশ প্ৰদূষণে ঋণাত্মক বাহ্যিকতা (Negative Externality) ৰ যোগেদি ৰাজহুৱা ব্যয় বৃদ্ধি কৰে৷
উন্নত দেশসমূহৰ তুলনাত ভাৰতৱৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় আইন কানুনসমূহ যথেষ্ট শিথিল৷কঠোৰ আইন কানুনে উৎপাদনকাৰীক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাবলৈ বাধ্য কৰায় আৰু তাৰ ফলত উৎপাদন ব্যয় বৃদ্ধি পায়৷ সেয়েহে পৰিৱেশ প্ৰদূষণ সম্পৰ্কে যিবিলাক দেশৰ আইন কানুন তুলনামূলকভাৱে কঠোৰ তেনেবোৰ দেশৰ প্ৰতি বিনিয়োগকাৰীসকল আকৰ্ষিত নহয়৷ সেই একেটা কাৰণতে ভাৰতৱৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ কৌশল হিচাপে পৰিৱেশসম্পৰ্কীয় আইনসমূহ তুলনামূলকভাৱে শিথিল কৰি ৰাখিছে বুলি গৱেষণাই প্ৰমাণিত কৰিছে৷ ইয়াৰ ফলত প্ৰত্যক্ষ বিদেশী বিনিয়োগে অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগে লগে পৰিৱেশৰো ক্ষতি কৰিছে৷
প্ৰত্যক্ষ বিদেশী বিনিয়োগে অৰ্থনৈতিক উন্নয়ন সাধন কৰে ঠিকেই কিন্তু তাক আকৰ্ষণ কৰিবৰ বাবে যদি পৰিৱেশীয় আইন-কানুনৰ কঠোৰতা হ্ৰাস কৰা হয়, তেনে কৌশলে বহনক্ষম উন্নয়নৰ সপোনক চাৰখাৰ কৰি পেলায়৷ প্ৰাকৃতিক পৰিৱেশৰ অৱনতি ঘটাই অৰ্জন কৰা উন্নয়ন দীৰ্ঘস্থায়ী নহয়৷ গৱেষণাই দেখুওৱা ধৰণে ভাৰতৱৰ্ষই যদি শিথিল পৰিৱেশীয় আইনক বিদেশী বিনিয়োগ আহৰণৰ চমু পথ হিচাপে ব্যৱহাৰ কৰিছে তেনে অদূৰ ভৱিষ্যতে তাৰ কুফল ভাৰতীয় অৰ্থনীতিয়ে ভোগ কৰিব লাগিব৷ প্ৰাকৃতিক পৰিৱেশক বন্ধকত থৈ আহৰণ কৰা অৰ্থনৈতিক বিকাশ কেতিয়াও দীৰ্ঘম্যাদী হ’ব নোৱাৰে৷

মানৱ সম্পদ উন্নয়নৰ গুৰুত্ব (Importance of Human Resource Development)


অফুৰন্ত প্ৰাকৃতি সম্পদৰ সম্ভাৰেও আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহলৈ অৰ্থনৈতিক উন্নয়ন কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নাই৷ তাৰ কাৰণ কি বাৰু? প্ৰাকৃতিক সম্পদৰ উপলব্ধতা অৰ্থনৈতিক উন্নয়নৰ চৰ্ত নহয় জানো? নিশ্চয় হয়৷ কিন্তু মূল কথাটো হ’ল –প্ৰাকৃতিক সম্পদ থাকিলেও মানৱ সম্পদৰ অবিহনে অৰ্থনৈতিক উন্নয়ন অসম্ভৱ আৰু অবান্তৰ৷ কোনো এক অঞ্চলৰ প্ৰাকৃতিক সম্পদসমূহৰ উচিত ব্যৱহাৰ কৰি সেইবোৰ অৰ্থনৈতিক উন্নয়নৰ সমল কৰি তুলিবলৈ হ’লে সেই বিশেষ অঞ্চলটোৰ মানুহসকলৰ শ্ৰম, দক্ষতা, জ্ঞান, শিক্ষা আৰু পৰিকল্পনাৰ আৱশ্যক৷
মানৱ সম্পদ মানেনো কি?প্ৰতিজন মানুহকে মানৱ সম্পদ বোলা হয়নে? আমাৰ পৃথিৱীত প্ৰায় সাতশ কোটি মানুহ আছে৷ তাৰে প্ৰতিজনেই মানৱ সম্পদ নেকি? এইবোৰ স্বাভাৱিকতে মনত উদয় হোৱা কিছুমান প্ৰশ্ন৷ এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ হ’লে পোনতে আমি মানৱ সম্পদৰ অৰ্থটো জনাৰ আৱশ্যক৷ মানৱ সম্পদ মানে হ’ল মানুহ এজনৰ মাজত থকা জ্ঞান, দক্ষতা আৰু কৌশল যিবোৰে অৰ্থনৈতিক উন্নয়নৰ পথত পোনপটীয়াকৈ বৰঙণি আগবঢ়ায়৷ অৰ্থাৎ যিসকল মানুহ জ্ঞানী, দক্ষ আৰু কৌশলী –কেৱল সেইসকল লোককহে মানৱ সম্পদ বুলি ধৰা হয়৷ পূৰ্বতেই কোৱা হৈছে যে জ্ঞান, কৌশল আৰু দক্ষতাৰ অৱিহনে প্ৰাকৃতিক সম্পদসমূৰ উচিত ব্যৱহাৰ কৰি আমি অৰ্থনৈতিক উন্নয়ন সাধন কৰিব নোৱাৰোঁ৷
মানৱ সম্পদৰ উন্নয়ন সম্পৰ্কে আমি ইতিমধ্যে প্ৰথম অধ্যায়ত আলোচনা কৰিয়েই আহিছোঁ৷ মানৱ সম্পদৰ উন্নয়ন মানে হৈছে মানৱ সমাজক সম্পদলৈ ৰূপান্তৰিত কৰা কাৰ্য বা প্ৰক্ৰিয়া যাৰ দ্বাৰা তেওঁলোকে অৰ্থনৈতিক উন্নয়নলৈ বৰঙণি আগবঢ়াবৰ কাৰণে যোগ্য হৈ উঠে৷ আগতেই কৈছোঁ যে যিসকল মানুহ জ্ঞানী, দক্ষ আৰু কৌশলী –কেৱল তেনে লোক সকলকহে মানৱ সম্পদ বুলি গণ্য কৰা হয়৷ সেয়েহে মানৱ সম্পদৰ উন্নয়ন সাধিবলৈ হ’লে শিক্ষা আৰু প্ৰশিক্ষণৰ যোগেদি তেওঁলোকক জ্ঞানী, দক্ষ আৰু কৌশলী কৰি তুলিব লাগিব৷ ইয়াৰোপৰি তেওঁলোকৰ স্বাস্থ্য আৰু জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নৰ কাৰণে পৰিপুষ্টি, উন্নত চিকিৎসা সেৱা আৰু নিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ লাগিব৷
গাওঁ অঞ্চলসমূহ মানৱ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে৷ শিক্ষা, স্বাস্থ্য আৰু জীৱন নিৰ্বাহৰ মান –এই আটাইকেইটা দিশতে গ্ৰাম্যাঞ্চলসমূহ চহৰ অঞ্চলৰ তুলনাত পিছপৰা৷ গাওঁসমূহ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ৷ কিন্তু মানৱ সম্পদৰ বা মানৱ উন্নয়নৰ অভাৱৰ ফলত এই প্ৰাকৃতিক সম্পদসমূহ উন্নয়নৰ অৰ্থে ব্যৱহৃত হোৱা নাই৷ তাৰ ফলত গাওঁসমূহে অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ মুখ দেখা নাই৷ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে মানৱ সম্পদৰ উন্নয়ন অত্যাৱশ্যকীয়৷
অনুন্নত দেশসমূহৰ মুঠ ভৌগোলিক এলেকাৰ অধিকাংশই গাওঁ অঞ্চলবোৰে আৱৰি আছে৷ গ্ৰাম্যাঞ্চলৰ উন্নয়ন অৱিহনে এই দেশসমূহৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়৷ একমাত্ৰ মানৱ সম্পদৰ উন্নয়নৰ যোগেদিহে সেই লক্ষ্য আহৰণ কৰিব পৰা যাব৷
শিক্ষাহ’ল মানৱ সম্পদ উন্নয়নৰ এক প্ৰধান আহিলা৷ এজন শিক্ষিত লোকে আন দহজনকো শিক্ষিত কৰি তোলে৷ সমাজৰ এলান্ধুসদৃশ অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰাই বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰসাৰত শিক্ষাৰ দৰে ফলপ্ৰসূ আহিলাআন ক’তো নাই৷ এজন শিক্ষিত লোক স্বাস্থ্য সম্পৰ্কে সচেতন হয়৷ শিক্ষিত হোৱাৰ বাবে তেওঁ নিয়োগৰ সুবিধাও সহজে লাভ কৰে, কাৰণ শিক্ষিত লোক এজনৰ জ্ঞান আৰু দক্ষতা স্বাভাৱিকতে আনতকৈ বেছি৷ তাৰ ফলত তেওঁৰ জীৱন নিৰ্বাহৰ মানদণ্ড অধিক উন্নত হয়৷ শিক্ষিত লোক এজনে নিজা ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে অধিক জ্ঞাত আৰু সজাগ৷ তেওঁ উন্নয়নৰ অৰ্থ, প্ৰয়োজনীয়তা আৰু কৌশল বুজি পায়৷ সেয়েহে অৰ্থনৈতিক উন্নয়নত শিক্ষিত লোকসকলে পোনপটীয়াকৈ যোগদান কৰি নিজা অৱদান আগবঢ়ায়৷ গ্ৰাম্যাঞ্চলৰ উন্নয়নত শিক্ষাই মূল ভূমিকা ল’ব পাৰে৷ গাঁৱৰ সকলো লোক শিক্ষিত হৈ পৰিলে গাঁওসমূহৰ ৰূপেই সলনি হৈ পৰিব৷ বহু সময়ত দেখা যায় যে গাওঁ অঞ্চলৰ উন্নয়নৰ দায়িত্বত থকা গাওঁ-পঞ্চায়তৰ লোকসকল শিক্ষিত নোহোৱা বাবে চৰকাৰী আঁচনিৰ সুবিধাসমূহ তেওঁলোকে গাৱঁলৈ কঢ়িয়াই অনাত বিফল হয়৷
স্বাস্থ্য হৈছে মানৱ সম্পদ উন্নয়নৰ কৌশল আৰু উদ্দেশ্য দুয়োটাই৷ স্বাস্থ্য সেৱাৰ উন্নতিৰ যোগেদি মানৱ সম্পদৰ উন্নয়ন সাধন কৰা হয়৷ নাগৰিকসকলৰ সুস্বাস্থ্যৰ কাৰণে উন্নত চিকিৎসা ব্যৱস্থা, পৰিপুষ্টি আৰু স্বাস্থ্যৰ সজাগতামূলক আঁচনি হাতত লোৱা হয়৷ তেনেদৰে মানৱ উন্নয়নে আকৌ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত মূল গুৰুত্ব আৰোপ কৰে৷ জীৱন প্ৰত্যাশা কাল বৃদ্ধি কৰা, মৃত্যুৰ হাৰ হ্ৰাস কৰা, মহামাৰীবোৰ নিৰ্মূল কৰা আদি বিষয়ত মূল গুৰুত্ব দিয়া হয়৷ স্বাস্থ্যৰ কাৰণে ইমান বেছি গুৰুত্ব দিয়াৰ মূল কাৰণ হ’ল অৰ্থনৈতিক উন্নয়ত ইয়াৰ অবিচ্ছেদ্য ভূমিকা৷ এজন সুস্থ স্বাস্থ্যৰ মানুহে ৰোগীয়া মানুহ এজনৰ তুলনাত অধিক দক্ষতাৰে আৰু কম সময়ৰ ভিতৰতে যিকোনো কাম সমাধা কৰিব পাৰে৷ সুস্থ স্বাস্থ্যৰ শিশু এটিয়ে শিক্ষা আহৰণৰ ক্ষেত্ৰতো অধিক ভাল ফলাফল প্ৰদৰ্শন কৰে৷ কথাতে কয় যে সুস্থ শৰীৰ এটাতহে সুস্থ মন এটিয়ে বাস কৰে৷ সুস্থ লোক এজন অধিক আগ্ৰহী, অধিক দক্ষ, অধিক উদ্যোগী আৰু অধিক কৰ্মঠ৷ সেয়েহে সুস্বাস্থ্যক গাওঁবিলাকৰ উন্নয়নৰ এক আহিলা হিচাপে গঢ় দিয়াটো উচিত৷ গ্ৰাম্য স্বাস্থ্যৰ উন্নয়নৰ কাৰণে বিশেষকৈ পৰিপুষ্টি, সজাগতা আৰু চিকিৎসা সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো উচিত৷ এই ক্ষেত্ৰত আমাৰ দেশৰ চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ দৰে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে৷ সেয়া হ’লেও গ্ৰাম্যঞ্চলত বসবাস কৰা লোকসকলৰ নিৰক্ষৰতা আৰু অজ্ঞতাৰ কাৰণে তেনে আঁচনিসমূহ সম্পূৰ্ণ সফল হোৱা নাই৷    
জীৱন ধাৰণৰ মানদণ্ড কেনে সেই বিষয়টো মানৱ উন্নয়নৰ এক মূল অংগ৷ উন্নত মানদণ্ডৰ জীৱন এটি নিৰ্বাহ কৰি থকা লোকসকলে শিক্ষা আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ অৰ্থনৈতিক উন্নয়নলৈ অৱদান আগবঢ়াবলৈ অধিক সুবিধা লাভ কৰে৷ জীৱন ধাৰণৰ মানদণ্ড সাধাৰণতে আয় বা উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল৷ যিসকল লোকৰ আয় অধিক তেওঁলোকৰ জীৱন ধাৰণৰ মান আনতকৈ উন্নত হয়৷ ঠিক তেনেদৰে কম আয়ৰ লোকসকলে এক মৰ্যদাসম্পন্ন জীৱন নিৰ্বাহৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়৷ গ্ৰাম্যাঞ্চলৰ ছবিখনলৈ মন কৰিলে দেখা যায় যে গাঁৱৰ বেছিভাগ লোকেই কম আয়ৰ ফলত নিম্ন মানদণ্ডৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে৷ তাৰ ফলত তেওঁলোক শিক্ষা, স্বাস্থ্যকৰ পৰিৱেশ, বৈজ্ঞানিক চিন্তাধাৰা আদিৰ পৰা বঞ্চিত হৈ আহিছে৷ গ্ৰাম্যাঞ্চলৰ উন্নয়নত এই এক ডাঙৰ প্ৰত্যাহ্বান৷ 

গ্ৰাম্য উন্নয়ন সম্পৰ্কে মহাত্মা গান্ধীৰ ধৰণা (The Gandhian Approach to Rural Development)


জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতৱৰ্ষৰ উন্নয়নত গাওঁসমূহৰ ভূমিকা ভালদৰে অনুধাৱন কৰি মত পোষণ কৰিছিল যে একমাত্ৰ গাওঁ অঞ্চলৰ উন্নতিয়েহে দেশখনক আগবঢ়াই নিবলৈ পাৰিব৷ তেওঁ গাঁৱে গাঁৱে ভ্ৰমণ কৰি মানুহবোৰৰ অৰ্থনৈতিক অৱস্থা আৰু সমস্যাবোৰৰ বুজ লৈছিল৷ কেৱল সেয়াই নহয়, এখন আদৰ্শৱান গাওঁ গঠনৰ বাবে তেওঁ এক আৰ্হিয়ো ডাঙি ধৰিছিল৷
ভাৰতীয় প্ৰেক্ষাপটত গ্ৰাম্য উন্নয়ন মানে হ’ল কৃষিখণ্ড আৰু আনুসংগিক কাৰ্যকলাপবিলাক যেনে- দুগ্ধপালন, হাঁহ-কুকুৰা পালন, মীনপালন আদিত উৎপাদন বৃদ্ধি হোৱা আৰু লগতে কুটিৰ উদ্যোগবিলাকৰো বিকাশ সাধন হোৱা৷      গ্ৰামোন্নয়নৰ বাবে গাওঁ অঞ্চলবোৰত নিয়োগ সৃষ্টিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে৷ বিশেষকৈ পিছপৰা সম্প্ৰদায়ৰ লোকসকলে যাতে উন্নততৰ জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা পায় সেই ক্ষেত্ৰত অধিক গুৰুত্বৰ আৱশ্যক৷ আৱশ্যকীয় সামগ্ৰী আৰু সেৱাবিলাক যেনে বিশুদ্ধ খোৱাপানী, বিদ্যুত, ৰাস্তা-ঘাটৰ সুবিধা, শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় সেৱাবিলাকৰ উন্নয়নৰ যোগেদিহে গ্ৰাম্য উন্নয়ন সম্ভৱপৰ হয়৷ 
তাত্বিকভাৱে, গান্ধীৰ গ্ৰামোন্নয়নৰ ধাৰণাটো আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত৷ ই নৈতিক মূল্যবোধৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে৷ হিন্দু ধৰ্মৰ মহাকাব্যবিলাক বিশেষকৈ ভগৱত গীতা এই নৈতিক মূল্যবোধৰ মূল উৎস৷
সকলো গাঁৱৰে সৰ্বাঙ্গীন উন্নয়ন সাধন কৰি অৰ্থনীতিক বিকশিত কৰি মহাত্মা গান্ধীয়ে এখন ‘ৰাম-ৰাজ্য’ প্ৰতিষ্ঠাৰ সপোন দেখিছিল৷ ৰাম-ৰাজ্যৰ সংজ্ঞা দিবলৈ গৈ গান্ধীয়ে কৈছে, “sovereignty of the people based on moral authority”.
অৰ্থাৎ গান্ধীৰ ৰাম ৰাজ্যখন ৰাইজৰ সাৰ্বভৌমত্ব বৰ্তি থকা আৰু ই নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত৷ ‘ৰাম’ বুলি কওঁতে গান্ধীয়ে কোনো ৰজা বা ভগৱানৰ কথা কোৱা নাই৷ তেওঁৰ মতে ৰাম হ’ল প্ৰতিজন মানুহৰ মাজত, অন্তঃৰ্নিহিত হৈ থকা সৎ বা নৈতিক শক্তি৷
আদৰ্শ গাওঁ আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ (Ideal Village and Decentralisation of Power):
গান্ধীৰ আদৰ্শ সমাজখনত গাওঁবোৰেই হ’ল মৌলিক গোট৷ গান্ধীয়ে এবাৰ কৈছিল, ““If the village perishes India will perish too….” অৰ্থাৎ গাওঁবোৰৰ পতন ঘটা মানে গোটেই দেশখনৰে পতন ঘটা৷ তাৰ বিপৰীতে গাওঁবোৰৰ উন্নতি মানে গোটেই ভাৰতৱৰ্ষৰে উন্নতি৷
গান্ধীৰ মতে গ্ৰামোন্নয়নৰ বাবে গাওঁবোৰক স্বায়ত্ব শাসনৰ সুবিধা প্ৰদান কৰাটো উচিত৷ তেনে ব্যৱস্থা এটাত গাঁৱৰ লোকসকলে নিজৰ সমস্যাবিলাক নিজেই সমাধান কৰি ল’ব৷ গাঁৱৰ সমস্যা গাঁৱৰ লোকসকলেহে বুজি পায়৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ কোনো হস্তক্ষেপ নোহোৱাকৈ গাঁৱৰ লোকসকলক স্ব-উন্নয়নৰ দায়িত্ব আৰু ক্ষমতা অৰ্পণ কৰিলে গাওঁবোৰ বিকশিত হৈ উঠিব৷ কেন্দ্ৰীয় চৰকাৰে ধনৰ যোগান ধৰিব আৰু স্বায়ত্বশাসিত গাওঁসমূহৰ মাজত সহযোগিতা সৃষ্টিৰ বাবে আঁচনি ল’ব৷ ইয়াৰোপৰি ব্যয়বহুল ৰাজহুৱা সেৱাসমূহ যেনে শিক্ষা, চিকিৎসা, প্ৰাথমিক উদ্যোগ, মুদ্ৰাৰ প্ৰচলন আৰু যোগান, বেংক সেৱা, বিজুলী যোগান আদিবোৰ প্ৰৱৰ্তন কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব৷
গান্ধীয়ে বিশ্বাস কৰিছিল যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোগেদি গাঁৱৰ লোকসকলক সামাজিক আৰু ৰাজনৈতিক ক্ষমতা অৰ্পণ কৰি গ্ৰাম্য প্ৰজাতন্ত্ৰ (Village Republic) গঢ়ি তুলিব পৰা যায়৷ তেনে ব্যৱস্থাত পঞ্চায়তসমূহৰ ওপৰতে গাঁৱখনৰ উন্নয়ন সম্পৰ্কীয় সকলো সিদ্ধান্ত লোৱাৰ ক্ষমতা অৰ্পণ কৰা হ’ব৷ পঞ্চায়তৰ সিদ্ধান্তত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব৷ গাঁৱৰ প্ৰাপ্তবয়ষ্ক লোকসকলে পঞ্চায়তৰ সদস্যসকলক ভোটদানৰ যোগেদি এট নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰিব৷
পঞ্চায়তবোৰে নিজা ভৌগোলিক এলেকাৰ ভিতৰত বিধানমণ্ডল (Legislature), কাৰ্যপালিকা (Executive) আৰু ন্যায়পালিকা (Judiciary)  - এই আটাইকেইটাৰে কাৰ্য সম্পাদন কৰিব পাৰিব৷ সমাজত নিম্ন শ্ৰেণীৰ বুলি স্বীকৃতি পোৱাসকলৰ উন্নয়নৰ বাবে পঞ্চায়তে কাম কৰিবলৈ দায়ৱদ্ধ৷ অস্পৃশ্যতা (untouchable) ৰ দৰে অন্ধবিশ্বাস সমূহ মষিমূৰ কৰিবলৈ পঞ্চায়তসমূহে ভূমিকা গ্ৰহণ কৰিব লাগিব৷ 
গাঁৱৰ আটাইবোৰ বাদ-বিবাদ গাঁৱখনৰ ভিতৰতে পঞ্চায়তে নিষ্পত্তি কৰিব৷ কোনো লোকেই গাঁৱৰ বাহিৰৰ আইন-আদালতলৈ যোৱাৰ আৱশ্যকতা নাই৷ নিজা বিষয়সমূহ সমাধান কৰাৰ লগতে পঞ্চায়তসমূহে বহিঃশক্তিৰ আগ্ৰাসনৰ পৰাও গাঁওখনক ৰক্ষা কৰিব৷ আন্দোলনৰ বাবে গাওঁবোৰে অহিংসাৰ নীতি অনুকৰণ কৰিব৷ প্ৰতিৰক্ষাৰ বাবে প্ৰতিখন গাঁৱতে অহিংসা নীতিৰ ওপৰত প্ৰতিষ্ঠিত স্বয়ংসেৱকৰ দল থাকিব৷ 
গান্ধীৰ আদৰ্শ গাওঁ ধাৰণাটোৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ দেশত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰচলন কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ দৰেই পঞ্চায়তবোৰে সাংবিধানিক ক্ষমতা লাভ কৰিছে৷ পঞ্চায়তবোৰৰ অধীনত এশ-এবুৰি চৰকাৰী আঁচনি চলিব লাগিছে৷ গাওঁসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন, নিয়োগ সৃষ্টি, শিক্ষাৰ সুবিধা, স্বাস্থ্যৰ সুবিধা আৰু সজাগতা – এই সকলোবোৰ দিশতে গাওঁ পঞ্চায়তসমূহে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে৷
আত্মনিৰ্ভৰশীলতা (Self-sufficiency):
গান্ধীৰ আদৰ্শ গাওঁখন আত্মনিৰ্ভৰশীল৷ তেওঁৰ মতে প্ৰতিখন গাঁও অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তাৰ বাবে স্বনিৰ্ভৰশীল হ’ব লাগিব৷ যিবোৰ সামগ্ৰী নিজা ভৌগোলিক এলেকাৰ ভিতৰত নিজেই প্ৰস্তুত কৰিব নোৱাৰি, তেনে সামগ্ৰীবোৰ বাহিৰৰ অঞ্চলৰ পৰা আমদানি কৰিব আনিব লাগিব৷ যিবোৰ সামগ্ৰী প্ৰস্তুত কৰাৰ সুবিধা আছে তেনেবোৰ নিজা প্ৰয়োজনীয়তাতকৈ অধিক পৰিমাণে উৎপাদন কৰিব লাগে৷ অতিৰিক্তভাৱে উৎপাদিত সামগ্ৰীসমূহৰ বিনিময়ত নিজেই প্ৰস্তুত কৰিব নোৱাৰা সামগ্ৰীবোৰ অন্য ঠাইৰ পৰা আনিব পৰা যাব৷ গান্ধীয়ে কৈছে, “We shall have to produce more of what we can, in order thereby to obtain in exchange, what we are unable to produce”
গান্ধীৰ মতে প্ৰতিখন গাঁৱে নিজা প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে খাদ্য শস্য আৰু কপাহৰ উৎপাদন কৰিব লাগে৷ গাঁওবোৰৰ কিছুমান অঞ্চল পশুপালনৰ বাবে ৰাখিব লাগে৷ তাৰোপৰি শিশু আৰু প্ৰাপ্তবয়ষ্কসকলৰ বাবে সুকীয়াকৈ খেলা ধুলা কৰিব পৰা খেলপথাৰ প্ৰতিখন গাঁৱতে থাকিব লাগে৷ ধন উপাৰ্জনৰ বাবে চাহ, ধপাত, কপাহ আদিৰ দৰে বাণিজ্যিক কৃষিৰ বাবেও কিছুমান অঞ্চল ৰাখিব লাগে৷  
          ১৩০                   

গাওঁবোৰৰ অৰ্থনীতিবোৰে এনেদৰে পৰিকল্পিত কৰিব লাগে যাতে প্ৰতিজন লোকে গাঁৱৰ ভিতৰতে নিয়োগৰ সা-সুবিধা লাভ কৰে৷ নিয়োগৰ বাবে যাতে কোনো লোক চহৰলৈ ঢাপলি মেলিব লগীয়া নহয় সেয়া নিশ্চিত কৰিব লাগে৷ তদুপৰি জাতি, ধৰ্ম, বৰ্ণ আৰু লিংগ নিৰ্বিশেষে প্ৰতিজন লোকে কাম কৰাৰ সম অধিকাৰ লাভ কৰিব লাগে৷ গান্ধীৰ মতে জীৱন নিৰ্বাহৰ বাবে প্ৰতিজন লোকে শাৰীৰিক শ্ৰম কৰাটো বাঞ্চনীয়৷ নৈতিক মূল্যবোধৰ বিকাশ আৰু সুস্থ মন এটিৰ বাবেও শাৰীৰিক পৰিশ্ৰম অতি আৱশ্যকীয়৷ বৌদ্ধিক শ্ৰমে আত্মসন্তোষ্টিৰহে সৃষ্টি কৰিব পাৰে, ই উপাৰ্জনৰ পথ নহয়৷ গান্ধীৰ মতে প্ৰতিজন মানুহেই যদি পৰিশ্ৰম কৰে তেতিয়া সকলোৰে বাবে খাদ্য আৰু বিশ্ৰাম উপলব্ধ হ’ব (“If all laboured for their bread then there would be enough food and enough leisure for all”)
উদ্যোগীকৰণ (Industrialization):
গান্ধীয়ে বৃহৎ উদ্যোগৰ বিৰোধিতা কৰিছিল৷ তেওঁৰ মতে বৃহৎ উদ্যোগসমূহে ধনী শ্ৰেণীটোৰ হাতত অৰ্থনৈতিক ক্ষমতাৰ কেন্দ্ৰীকৰণৰ দ্বাৰা শোষণৰ বাট মুকলি কৰে৷ উদ্যোগীকৰণে গাওঁবোৰক প্ৰত্যক্ষ বা পৰোক্ষভাৱে শোষণ কৰে৷ পুজিপতিসকল সদায় লাভৰ আশাত থাকে আৰু লাভ অৰ্জন কৰিবৰ বাবে গাঁৱৰ লোকসকলক বিভিন্ন প্ৰকাৰে শোষণ কৰে৷
তাৰোপৰি, উদ্যোগীকৰণে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নিবনুৱা সমস্যাৰ জন্ম দিয়ে৷ বৃহৎ উদ্যোগসমূহত উৎপাদনৰ মূল কাৰ্যসমূহ যন্ত্ৰ-পাতিয়ে পৰিচালনা কৰে৷ তেনে উদ্যোগত মানৱ শ্ৰমৰ প্ৰয়োজন নাই বুলিলেও হয়৷ ভাৰতৱৰ্ষৰ দৰে জনসংখ্যাৰ বিষ্ফোৰণ হোৱা দেশ এখনত তেনে ধৰণৰ বৃহৎ উদ্যোগ গঢ়ি উঠিলে সি দেশৰ নিবনুৱা সমস্যাটোক অধিক প্ৰাসাৰিত কৰি পেলাব৷ বৃহৎ উদ্যোগবোৰে গাঁৱৰ অৰ্থনীতিক চাৰখাৰ কৰি পেলাব৷
বৃহৎ উদ্যোগে সৃষ্টি কৰা নিবনুৱা সমস্যালৈ মন কৰি গান্ধীয়ে মত পোষণ কৰিছে যে গাঁওবোৰত বৃহৎ উদ্যোগৰ সলনি কুটিৰ শিল্পবোৰৰ বিকাশ সাধন কৰাটো আৱশ্যকীয়৷ কুটিৰ উদ্যোগসমূহ মূলতঃ মানৱ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল৷ এই উদ্যোগসমূহে গাওঁ অঞ্চলবোৰত নিয়োগৰ সৃষ্টি কৰাৰ লগতে গাওঁবোৰক আত্মনিৰ্ভৰশীল কৰি তুলিব৷ আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত গান্ধীয়ে কৈছে যে গাওঁবোৰত আধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব পৰা যাব কিন্তু সেইবোৰে কোনো শ্ৰেণীৰ লোককে শোষণ কৰিব নালাগিব আৰু তেনে প্ৰযুক্তি কেৱল গাওঁবোৰ আত্মনিৰ্ভৰশীল কৰিবৰ বাবেহে ব্যৱহৃত হ’ব লাগিব; নিবনুৱা সমস্যাক তেনে প্ৰযুক্তিয়ে অধিক প্ৰসাৰিত কৰিব নোৱাৰিব৷  
ন্যাসৰ স্বত্বাধিকাৰী (Trusteeship):
মহাত্মা গান্ধী সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্বৰ বিৰোধী আছিল৷ তেওঁ কৈছে যে অৰ্থনীতি এটাৰ সম্পদবোৰ গৰাকী হৈছে গোটেই সমাজখন৷ তাৰ বাবে তেওঁ কিছুমান ন্যাস খোলাৰ কথা কৈছে৷ তেনে ন্যাসবোৰে শ্ৰমিক আৰু নিয়োগকৰ্তাৰ মাজৰ বাদ-বিবাদ নিষ্পত্তি কৰিব আৰু শ্ৰমিকসকলৰ কল্যাণৰ বাবে কাম কৰিব৷ তদুপৰি এনে ন্যাস সমূহে নিম্নশ্ৰেণীৰ লোকসকলৰ স্বাৰ্থত মাত মাতি সমাজত সমতাৰ সৃষ্টি কৰিব৷
মাটিৰ গৰাকীসকলে যদি দুখীয়াসকলক শোষণ কৰিবলৈ নেৰে তেনে ক্ষেত্ৰত দুখীয়াসকলে অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত অসহযোগিতা আৰু আইন অমান্য আন্দোলন কৰিব লাগিব৷ দুখীয়া বা সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকল এটা সময়ত তেওঁলোকৰ প্ৰাপ্য আৰু অধিকাৰ সম্পৰ্কে সজাগ হৈ উঠিব৷ নিজা অধিকাৰৰ কাৰণে তেওঁলোকে অহিংসা নীতিৰ ওপৰত প্ৰতিষ্ঠিত আন্দোলন কৰিব আৰু তেওঁলোক জয়ী হ’ব৷ 
গান্ধীজীৰ উন্নয়নৰ ধাৰণাটো সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উত্তৰণৰ সৈতে জড়িত৷ তেওঁ গাঁৱৰ সাধাৰণ লোকসকলক বিদেশী কাপোৰ বৰ্জন কৰি নিজেই কপাহ উৎপাদন কৰি আৰু সূতা কাটি কাপোৰ বৈ ল’বলৈ শিকাইছিল৷ গ্ৰামোন্নয়নৰ কাৰণে তেওঁ মানুহৰ শিক্ষা, স্বাস্থ্য আৰু বৃত্তিত গুৰুত্ব আৰোপ কৰিছিল৷ 
মুঠৰওপৰত গান্ধীৰ গ্ৰমোন্নয়নৰ ধৰাণাটো হ’ল অহিংসা, স্বায়ত্ব-শাসন আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্ৰতিষ্ঠিত এক গ্ৰাম্য গণৰাজ্যৰ বিকাশ সাধন৷ তেওঁৰ সপোনৰ গাঁওখন নৈতিকতাৰ আধাৰত গঢ় লোৱা এমুঠি স্বনিৰ্ভৰশীল আৰু বিবেকৱান লোকৰ ৰাম-ৰাজ্য৷