Thursday, 14 May 2020

বিকাশ আৰু উন্নয়ন (Growth and Development)

আমি দৈনন্দিন জীৱনত সঘনাই ব্যৱহাৰ কৰা শব্দবোৰৰ ভিতৰত ‘বিকাশ’ শব্দটো অন্যতম৷ বিভিন্ন কাৰণত আৰু আৰু বিভিন্ন প্ৰসঙ্গত আমি এই শব্দটো ব্যৱহাৰ কৰোঁ৷ উদাহৰণস্বৰূপে কোনোৱে কেতিয়াবা কয় “উপযুক্ত পৰিপুষ্টি নেপালে শিশু এটিৰ শাৰীৰিক বিকাশ ভালদৰে নহয়৷” আকৌ কেতিয়াবা কওঁ, “ইন্টাৰনেটত অসমীয়া ভাষাটোৰ যথেষ্ট বিকাশ হৈছে৷ অৰ্থনৈতিক প্ৰসঙ্গতো আমি বিকাশ শব্দটো ঘনাই ব্যৱহাৰ কৰোঁ৷ কেতিয়াবা আকৌ আমি কথাৰ মাজতে কওঁ “ভাৰতৱৰ্ষই খৰতকীয়া অৰ্থনৈতিক বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে৷” খবৰ কাকতত কেতিয়াবা প্ৰকাশ পায়, “যোৱা বিত্তীয় বৰ্ষত দেশৰ ৰপ্তানিৰ বিকাশ নহ’ল৷” -প্ৰশ্নটো হ’ল, এই বিকাশ শব্দটোৱে দৰাচলতে কি বুজায় বাৰু? শিশুটিৰ শাৰীৰিক বিকাশ হোৱা মানে তাৰ উচ্চতা আৰু ওজন বৃদ্ধি পোৱা৷ ইন্টাৰনেটত অসমীয়া ভাষাৰ বিকাশ পোৱা মানে অসমীয়া ই-আলোচনী, অসমীয়া ভাষাৰ ব্লগ, ৱেবচাইট, সংবাদ আৰু অন্যান্য লেখা-মেলাৰ সংখ্যা বৃদ্ধি পোৱাটোকে নুবুজাই জানো? ৰপ্তানিৰ বিকাশ হোৱা মানে আকৌ আমাৰ দেশে অন্য দেশক বিক্ৰী কৰা সামগ্ৰীবোৰৰ পৰিমাণ বৃদ্ধি পোৱাটো৷
ওপৰৰ উদাহৰণবোৰৰ বিশ্লেষণ কৰিলে বুজা যায় যে বিকাশ শব্দটোৰ অৰ্থ হৈছে বিশেষ গুণ বা ধাৰণা কিছুমানৰ বৃদ্ধি হোৱাটো৷ এতিয়া প্ৰশ্নটো হ’ল, অৰ্থনৈতিক বিকাশ (Economic Growth) মানেনো কি? অৰ্থনৈতিক বিকাশো হ’ল একপ্ৰকাৰৰ বৃদ্ধিয়েই৷ এইখিনিতে আমাৰ মনলৈ অহা প্ৰশ্নটো হ’ল –কোনবোৰ দিশ বা গুণৰ বৃদ্ধি হ’লে আমি অৰ্থনৈতিক বিকাশ হোৱা বুলি ক’ম? আন ভাষাত, অৰ্থনৈতিক বিকাশৰ সূচক (indicator) বোৰ কি কি?
আগৰ উদাহৰণটোত শিশুটিৰ শাৰীৰিক বিকাশৰ কথা ক’বলৈ গৈ উচ্চতা আৰু ওজন বৃদ্ধিৰ কথাটো কৈছিলোঁ৷ তেনেদৰে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো বিশেষ সূচক কিছুমানৰ বৃদ্ধিৰ কথাকে ক’ব পাৰোঁ৷ এই সূচকবোৰক অৰ্থনৈতিক বিকাশৰ সূচক বোলা হয়৷ সেইবোৰৰ ভিতৰত আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা সূচকবোৰ হ’ল – মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product), ৰাষ্ট্ৰীয় আয় (National Income), জনমূৰি আয় (Per Capita Income) আদি৷ তলৰ আলোচনাত এই সূচকবোৰৰ বিশদ বিশ্লেষণ আগবঢ়োৱা হৈছে৷

2 comments:

  1. "Thank you for this article because it’s really informative, I love reading your article.Tron Token Development

    ReplyDelete
  2. Excel is a powerful tool, but assignments involving advanced functions, data visualization, or VBA can be intimidating for many students. I struggled with creating dynamic dashboards and complex formulas until I found Excel Assignment Help. This service provides in-depth solutions and step-by-step explanations that not only helped me submit high-quality assignments but also improved my skills significantly. Whether you’re working on financial models, business reports, or academic case studies, their experts guide you with clarity and precision. I strongly suggest this platform for anyone looking to excel (pun intended!) in their Excel coursework.

    ReplyDelete