গ্ৰাম্যাঞ্চলৰ অনগ্ৰসৰতাৰ মূল কাৰণটো হ’ল দৰিদ্ৰতা৷
দৰিদ্ৰতাৰ কাৰণেই গাওঁ অঞ্চলৰ লোকসকলে আধুনিক শিক্ষা আৰু স্বাস্থ্যসেৱা গ্ৰহণৰ পৰা
বঞ্চিত হৈ ৰয়৷ নিৰক্ষৰতাৰ ফলত তেওঁলোক অজ্ঞ হৈ পৰে, স্বাস্থ্যসম্পৰ্কীয় সজাগতা নাথাকে,
নিয়োগৰ সুবিধাও নেপায়, অন্ধবিশ্বাস আৰু কু-সংষ্কাৰৰ চিকাৰ হয়, তেওঁলোকৰ জন্ম আৰু
মৃত্যু –দুইটাৰে হাৰ উচ্চ হয়৷ এই কাৰকসমূহে গ্ৰাম্যাঞ্চলৰ লোকসকলৰ কাম কৰাৰ ক্ষমতা
আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়৷
গ্ৰাম্যাঞ্চলৰ মূল সমস্যা দৰিদ্ৰতা কিদৰে নাইকীয় কৰিব
পৰা যায় তাক তলত আলোচনা কৰা হ’ল৷
ক) কৃষিখণ্ডত পৰিৱৰ্তন যোগেদি ( Changes in the Agricultural Sector):গাওঁ অঞ্চলৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক বুলি
পূৰ্বতেই উনুকিওৱা হৈছে৷ সেইবোৰ অঞ্চলৰ নব্বৈ শতাংশতকৈ অধিক লোক কৃষিখণ্ডতেই
প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকে যদিও কম উৎপাদন আৰু অন্যান্য কিছুমান
সামাজিক কাৰণত কৃষকসকলে খেতি কৰি বিশেষ উপাৰ্জন লাভ কৰিব নোৱাৰে৷ কম উৎপাদনৰ কাৰণ
হ’ল পৰম্পৰাগত অবৈজ্ঞানিক পদ্ধতি৷ যিখিনি উৎপাদন হয় তাৰো আধাভাগ জমিদাৰ বা মহাজনৰ
ওচৰলৈ গুচি যায়৷ গাওঁ অঞ্চলৰ লোকসকলে পূজা পাতলৰ সময়ত বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত
উচ্চ সূদৰ হাৰত মহাজন, জমিদাৰ বা তেনে চহকী আৰু ক্ষমতাশালী ব্যক্তিৰ পৰা ঋণ লয়৷
সেই ঋণ পৰিশোধ কৰিবৰ বাবে বছৰৰ পিছত বছৰ ধৰি উৎপাদিত শস্যৰ এক বৃহৎ অংশ ঋণদাতাক
বিবলগীয়া হয়৷ বহুতো কৃষকে খেতিৰ মাটিকেইডৰাও হেৰুৱাবলগীয়া হয়৷ এনে অবাঞ্চিত
পৰিস্থিতিবোৰৰ পৰা কৃষকসকলক মুক্তি কৰোৱাৰ দুটা পথ আছে৷ প্ৰথম, গ্ৰাম্যাঞ্চল কৃষি ব্যৱস্থাত আধুনিক বিজ্ঞানভিত্তিক কৌশল (ট্ৰেক্টৰ,
জলসিঞ্চন, ৰাসায়নিক সাৰ, উচ্চ উৎপাদনক্ষম বীজ আদি) ব্যৱহাৰ কৰি শস্যৰ উৎপাদন
বৃদ্ধি কৰিব লাগে৷ দ্বিতীয়তে, ভূমি সংস্কাৰৰ নীতিবিলাক গ্ৰাম্যাঞ্চলত কঠোৰভাৱে
বলৱৎ কৰি খেতিয়কসকলক জমিদাৰ শ্ৰেণীৰ শোষণৰ পৰা মুক্ত কৰিব লাগে৷
খ) ক্ষুদ্ৰ উদ্যোগ আৰু কুটীৰ শিল্পৰ বিকাশ সাধনৰ
যোগেদি(Development
of Small-Scale and Cottage Industries):পূৰ্বতেই
কোৱা হৈছে যে আগৰ কালত কুটিৰ উদ্যোগসমূহ গ্ৰাম্য অৰ্থনীতিৰ প্ৰাণ স্বৰূপ আছিল৷
গাওঁ অঞ্চলৰ লোকসকলে আজৰি সময়ত কাঠি-কামী, কাহ-পিতলৰ বাচন, শিপিনীসকলে বোৱা-তোলা,
মাটিৰ সামগ্ৰী নিৰ্মাণ আদি কাম কৰি সময়ৰ সৎব্যৱহাৰ কৰিছিল৷ এইবোৰৰ জৰিয়তে যথেষ্ট
উপাৰ্জনো হৈছিল৷ ইংৰাজৰ শাসনকালত এনে কুটিৰ উদ্যোগসমূহৰ যথেষ্ট ক্ষতি হৈছিল৷ দেশৰ
স্বাধীনতাৰ পিছত অৰ্থনৈতিক উন্নয়নৰ নামত বিশ্বায়ন (Globalisation) ৰ জৰিয়তে নামী-দামী
দেশী-বিদেশী ব্যৱসায় প্ৰতিষ্ঠানসমূহক চৰকাৰে বৰপীৰা পাৰি দিয়াত আমাৰ কুটীৰ উদ্যোগসমূহৰ
বিনাশ ঘটিল৷ ইয়াৰ ফলত গাওঁ অঞ্চলৰ বহু লোকৰ উপাৰ্জনৰ পথো বন্ধ হৈ পৰিল৷ এই কুটীৰ
উদ্যোগসমূহ পুনৰ্জীৱিকৰণৰ যোগেদি গাওঁবাসীৰ হেৰুৱা উপাৰ্জন পুনৰ ঘূৰাই আনিব লাগিব৷
তাৰ বাবে চৰকাৰে কুটীৰ শিল্পৰ যোগেদি উৎপাদিত হোৱা সামগ্ৰীসমূহক বিশ্বায়নৰ পৰা
মুক্ত কৰি ৰাখিবলৈ কঠোৰ আইনৰ প্ৰৱৰ্তন কৰিব লাগিব৷ বাহিৰৰ মেচিনত বোৱা গামোচাবোৰ
অসমৰ বজাৰত বিক্ৰী কৰা ব্যৱস্থাটো অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰাটো তেনে এক
পদক্ষেপৰে উদাহৰণ৷ কুটীৰ শিল্পবোৰৰ দৰেই কিছুমান ক্ষুদ্ৰ উদ্যোগৰ (ধূপ-কাঠিৰ
উদ্যোগ, চেনিকল, সৰিয়হৰ তেল উলিওৱা উদ্যোগ, মৰাপাট উদ্যোগ আদি) স্থাপন কৰিলে গাওঁ
অঞ্চলত উপাৰ্জন আৰু নিয়োগ বৃদ্ধিৰ লগতে প্ৰাকৃতিক সম্পদসমূহৰ উচিত ব্যৱহাৰো
নিশ্চিত হ’ব৷ ক্ষুদ্ৰ উদ্যোগসমূহৰ বিকাশৰ বাবে চৰকাৰে গাঁৱলীয়া বেংক, MUDRA আদি আঁচনিৰ ব্যৱস্থা কৰিছে যদিও মূলতঃ নিৰক্ষৰতাৰ বাবে আমাৰ লোকসকলে সেই
আঁচনিবিলাকৰ ভূ নাপায় আৰু জানিলেও সেইবোৰৰ সুবিধা ল’বলৈ আগবাঢ়ি আহিবলৈ সাহস নকৰে৷
চৰকাৰ-প্ৰশাসনে কিছুমান সজাগতামূলক মেল পাতি সেই অসুবিধা আৰু অজ্ঞতাবোৰ দূৰ কৰিব
পাৰে৷
ঘ) ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত বিতৰণ ব্যৱস্থা(Distributive Justice):অৰ্থনৈতিক
বৈষম্য হৈছে গাওঁ অঞ্চলৰ অন্য এক বিশেষ চৰিত্ৰ৷ গাওঁ অঞ্চলত সাধাৰণতে দুই ধৰণৰ লোক
দেখিবলৈ পোৱা যায়৷ তেনে অঞ্চলৰ বেছিভাগ লোকৰে আৰ্থিক অৱস্থা নিম্ন পৰ্যায়ৰ আৰু তাৰ
বিপৰীতে দুই এজনৰ প্ৰতিপত্তি আৰু সম্পদৰ মালিকীস্বত্ব আকৌ অতি চকুত লগা৷ সেই চহকী
লোককেইজনে উচ্চ সূদৰ হাৰত দুখীয়াসকলক ঋণ দিয়ে৷ দুখীয়া লোকসকলে বিভিন্ন ধৰণে
চহকীকেইজনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু চহকীকেইজনে সুবিধা পালেই দুখীয়াসকলক শোষণ
কৰে৷ইয়াৰ ফলত ধনীসকল দিনক দিনে ধনী হৈ গৈ থাকে আৰু দুখীয়াসকল দুখীয়া হৈ যায়৷ এনে
অৱস্থাৰ পৰা গ্ৰাম্যাঞ্চলৰ অৰ্থনীতিয়ে মুক্তি পাবলৈ হ’লে ধনী দুখীয়াৰ বিভেদটো
নোহোৱা কৰিব লাগিব৷ তাৰ বাবে উপযুক্ত ভূমি নীতি আৰু কৰ-কাতলৰ ব্যৱস্থা কৰিব লাগিব৷
ধনীসকলৰ পৰা আহৰণ কৰা কৰ (tax)
দুখীয়াসকলৰ বিকাশৰ বাবে ব্যয় কৰিলৈ অৰ্থনৈতিক বৈষম্য যথেষ্ট পৰিমাণে
কম হ’ব৷ তাৰোপৰি দুখীয়াসকলক শিক্ষিত কৰি তুলিলে তেওঁলোক নিজা অধিকাৰৰ প্ৰতি অধিক
সজাগ হ’ব আৰু তেতিয়া চহকী শ্ৰেণীটোৱে তেওঁলোকক শোষণ কৰিব নোৱাৰা হ’ব৷
ঘ)উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ন Proper Implementation of Developmental
Programmes:গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও সেইবোৰৰ
বেছিভাগেই কাগজ-কলমতেই আৱদ্ধ হৈ আছে৷ গাঁৱলীয়া লোকৰ অজ্ঞতা, নিৰক্ষৰতা আৰু সৰলতাৰ
সুযোগ লৈ চৰকাৰী বিষয়াসকলে সেই আঁচনিবোৰৰ ধন আত্মাসাৎ কৰি আহিছে বুলি প্ৰায়ে
অভিযোগ কৰা হয়৷ গ্ৰাম্যাঞ্চলৰ উন্নয়ন নিশ্চিত কৰিবৰ বাবে ভাৰতীয় সংবিধানত পঞ্চায়তৰ
ব্যৱস্থা কৰা হৈছে যদিও পঞ্চায়তকৰ্মীসকল দক্ষ নোহোৱা বাবে উন্নয়নৰ ধন গাঁৱলৈ
কঢ়িয়াই আনিব পৰা নাই৷ চৰকাৰী আঁচনিৰ অন্তৰ্গত যি দুই এটি কাম গাওঁবোৰত চলি আছে
সেইবোৰৰো সম্পূৰ্ণ সফল ৰূপায়ণ হোৱা নাই৷ উদাহৰণস্বৰূপে আমি গাওঁ অঞ্চলত জনপ্ৰিয়
হোৱা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিখনৰ কথাকে ক’ব পাৰোঁ৷
এই আঁচনিখনে আইনীভাৱে ধাৰ্য কৰিছে যে গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ এজনকৈ
প্ৰাপ্তবয়ষ্ক লোকক ঘৰৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰতিবছৰে ১০০ দিনৰ
নিশ্চিত নিয়োগৰ ব্যৱস্থা কৰা হ’ব আৰু কিবা কাৰণত যদি চৰকাৰে প্ৰতিশ্ৰুতি দিয়ামতে
সেই ১০০ দিনৰ নিয়োগৰ সুবিধা দিব নোৱাৰে তেতিয়াহ’লে হিতাধিকাৰী সকলক এক বিশেষ
নিৰিখত ক্ষতিপূৰণ দিয়া হ’ব৷ কিন্তু প্ৰকৃত অৰ্থত এই আঁচনিখনৰ প্ৰতিশ্ৰুতি
কাৰ্যক্ষেত্ৰত কোনো গাঁৱতে সম্পূ্ৰ্ণৰূপে ৰূপায়ণ হোৱা নাই৷ অন্যবোৰ আঁচনিৰ
ক্ষেত্ৰটো একেটা কথাই খাটে৷ গ্ৰাম্যাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এই আঁচনিবোৰৰ সঠিক
আৰু সফল ৰূপায়ণ অত্যাৱশ্যকীয়৷
I'm grateful for your commitment to excellence. Also check the vandalia court
ReplyDelete