Thursday, 14 May 2020

গ্ৰাম্যাঞ্চলৰ দুৰৱস্থাৰ কাৰণ সমূহ( Causes of Rural Backwardness) অথবা গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাধাসমূহ (Constraints of Rural Development)


ভাৰতৱৰ্ষৰ দৰে উন্নয়নশীল দেশৰ অৰ্থনীতি মূলতঃ গাওঁভিত্তিক৷ অৰ্থনৈতিক উন্নয়নৰ লগে লগে চহৰসমূহৰ বিকাশ সাধন হৈছে যদিও এতিয়াও আমাৰ দেশৰ ৬০ শতাংশতকৈ অধিক অঞ্চল এতিয়াও গাওঁ৷ আমাৰ দৰে দেশৰ গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক অৱস্থা বিশেষ চকুত লগা নহয়৷ আমাৰ গাওঁসমূহ বিভিন্ন অৰ্থনৈতিক সমস্যাত আক্ৰান্ত৷ গাওঁ অঞ্চলসমূহৰ এই দুৰৱস্থাৰ অন্তৰালত বিভিন্ন কাৰক জড়িত হৈ আছে৷ সেই কাৰকসমূহক মূলতঃ তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি৷
১)অৰ্থনৈতিক কাৰক(Economic Causes)
২)সামাজিক কাৰণ (Social Causes)
৩)ব্যক্তিগত কাৰণ(Personal Causes) আৰু
৪)ভৌগোলিক কাৰণ (Geographic Causes)
১) অৰ্থনৈতিক কাৰক(Economic Causes)
গাওঁ অঞ্চলৰ বেয়া আৰ্থিক অৱস্থাৰ মূল কাৰক হৈছে অৰ্থনৈতিক৷ এই কাৰকসমূহৰ প্ৰভাৱত সেইবোৰ অঞ্চলৰ জনমূৰি আয় অতি কম৷ কম আয়ৰ ফলত বাসিন্দাসকলৰ ক্ৰয় ক্ষমতা কম হোৱা বাবে সেইবোৰ অঞ্চলত উন্নত পৰ্যায়ৰ বজাৰ ব্যৱস্থাৰ বিকাশ সাধন হোৱা নাই৷ তদুপৰি উপাৰ্জন নিম্ন হোৱা বাবে গাওঁ অঞ্চলৰ লোকসকলৰ জীৱন ধাৰণৰ মানো বিশেষ সন্তোষজনক নহয়৷ গ্ৰাম্যাঞ্চলৰ বেয়া আৰ্থিক অৱস্থাৰ অন্তৰালত থকা মূল অৰ্থনৈতিক কাৰকবোৰ তলত আলোচনা কৰা হ’ল-
কম কৃষিভিত্তিক উৎপাদন (Lower Agricultural Productivity): গাওঁ অঞ্চলৰ সৰহভাগ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰতে নিৰ্ভৰশীল যদিও এইবোৰ অঞ্চলত শস্যৰ উৎপাদন বিশেষ সন্তোষজনক নহয়৷ ট্ৰেক্টৰ, ৰাসায়নিক সাৰ, কীটনাশক, উন্নত জাতৰ বীজ আদি বৈজ্ঞানিক কৌশল ব্যৱহাৰ নকৰি কেৱল পৰম্পৰাগত পদ্ধতিৰে একেডৰা মাটিতে বছৰৰ পিছত বছৰ খেতি কৰি থকাৰ বাবে এনেবোৰ অঞ্চলৰ খেতিয়কে উচিত ফচল নেপায়৷ তদুপৰি জলসিঞ্চনৰ ব্যৱস্থা নথকা বাবে পানীৰ বাবে খেতিয়কসকলে প্ৰকৃতিৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়৷ ইয়াৰোপৰি বহু ভিতৰুৱা অঞ্চলৰ গাঁৱত শোষণসৰ্বস্ব জমিদাৰী ব্যৱস্থা থকাৰ প্ৰচলন থকা বাবে উৎপাদনৰ এক বৃহৎ অংশ জমিদাৰে কাঢ়ি লয়৷ এইবোৰৰ ফলত উৎপাদিত শস্য বিক্ৰী কৰি ধন উপাৰ্জন কৰাটো সম্ভৱ নহয়৷
নিবনুৱা সমস্যা (Unemployment): গাওঁ অঞ্চলবোৰক আধুনিক শিক্ষা ব্যৱস্থাই এতিয়াও সামৰি ল’ব নোৱাৰা বাবে সেইবোৰ অঞ্চলত কাৰিকৰী জ্ঞান থকা আৰু চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত চাকৰি কৰিবলৈ প্ৰয়োজন হোৱা শিক্ষাগত অৰ্হতা থকা লোকৰ সংখ্যা অতি তাকৰ৷ সেয়ে তেনে অঞ্চলৰবোৰৰ সৰহসংখ্যক লোকেই নিবনুৱা৷ বেছিভাগ লোক কৃষিকাৰ্যতে জড়িত হৈ থাকে৷ অজ্ঞতাৰ কাৰণে চৰকাৰে প্ৰৱৰ্তন কৰা গ্ৰাম্য অঞ্চলত নিয়োগ সৃষ্টিৰ আঁচনিসমূহৰ সুবিধাও তেওঁলোকে নেপায়৷ ইয়াৰ ফলত কম আয়তেই এক নিম্ন মানদণ্ডৰ জীৱনতে তেওঁলোক সন্তোষ্ট হৈ থাকিবলগীয়া হয়৷
অৰ্থনৈতিক আঁচনিসমূহৰ বিফলতা (Failure of Economic Policies): গ্ৰাম্যাঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক অৱস্থালৈ ধনাত্মক পৰিৱৰ্তন আনিবৰ বাবে চৰকাৰে বিভিন্ন সময়ত বহুতো আঁচনি হাতত লয়৷ কিন্তু গাওঁ অঞ্চলৰ লোকসকলৰ অজ্ঞতাৰ সুবিধা লৈ ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়াসকলে সেই আঁচনিবোৰৰ টকাৰে নিজেই চহকী হয়৷ ইয়াৰ ফলত অৰ্থনৈতিক পৰিকল্পনাবোৰ কাগজ-কলমতে সীমাৱদ্ধ হৈ থাকে৷ চৰকাৰী আঁচনিসমূহৰ বিফলতা, ৰাজনৈতিক নেতাসকলৰ দক্ষতা আৰু দুৰদৰ্শীতাৰ অভাৱ আৰু দুৰ্নীতি হ’ল গাওঁ অঞ্চলবোৰৰ অনগ্ৰসৰতাৰ এক মূল কাৰণ৷
কুটিৰ শিল্পৰ বিনাশ (Ruin of Cottage Industries):আগৰ কালত কুটিৰ উদ্যোগসমূহ গ্ৰাম্য অৰ্থনীতিৰ প্ৰাণ স্বৰূপ আছিল৷ আমাৰ অসমৰে গাওঁ অঞ্চলৰ লোকসকলে আজৰি সময়ত কাঠি-কামি, কাঁহ-পিতলৰ বাচন, শিপিনীসকলে বোৱা-তোলা, মাটিৰ সামগ্ৰী নিৰ্মাণ আদি কাম কৰি সময়ৰ সৎব্যৱহাৰ কৰিছিল৷ এইবোৰৰ জৰিয়তে যথেষ্ট উপাৰ্জনো হৈছিল৷ ইংৰাজৰ শাসনকালত এনে কুটিৰ উদ্যোগসমূহৰ যথেষ্ট ক্ষতি হৈছিল৷ দেশৰ স্বাধীনতাৰ পিছত অৰ্থনৈতিক উন্নয়নৰ নামত বিশ্বায়ন (Globalisation) ৰ জৰিয়তে নামী-দামী দেশী-বিদেশী ব্যৱসায় প্ৰতিষ্ঠানসমূহক চৰকাৰে বৰপীৰা পাৰি দিয়াত আমাৰ কুটীৰ উদ্যোগসমূহৰ বিনাশ ঘটিল৷ ইয়াৰ ফলত গাওঁ অঞ্চলৰ বহু লোকৰ উপাৰ্জনৰ পথো বন্ধ হৈ পৰিল৷ 
২) সামাজিক কাৰণসমূহ(Social Causes):
গ্ৰাম্যাঞ্চলৰ অনগ্ৰসৰতাৰ কাৰকবোৰ ভালদৰে বিবেচনা কৰি চালে দেখা যায় যে অৰ্থনৈতিক কাৰণবোৰৰ উপৰিও কিছুমান সামাজিক কাৰণো তেনে অৱস্থাৰ বাবে দায়ী৷ তাৰেই মূল কিছুমান তলত আলোচনা কৰা হ’ল৷
উপযুক্ত বাসস্থানৰ অভাৱ (Lack of House): গ্ৰাম্যাঞ্চলত বসবাস কৰা লোকসকলৰ সামাজিক জীৱনত আলোকপাত কৰিলে দেখা পোৱা যায় যে তেওঁলোক বহুতৰে নিৰাপদে আশ্ৰয় গ্ৰহণ কৰিব পৰাকৈ এটি সুবিধাজনক ঘৰো নাই৷ আনহাতে গাওঁবোৰত এতিয়াও যুটীয়া পৰিয়ালৰে প্ৰচলন আছে৷ নিৰক্ষৰতা আৰু অজ্ঞতাৰ বাবে তেওঁলোকৰ জন্মৰ হাৰো যথেষ্ট বেছি৷ সেয়েহে তেওঁলোকৰ পৰিয়ালত বিশ-বাইশজন লোক সৰু ঘৰ এটিতে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বসবাস কৰা দেখা যায়৷ তেনেদৰে বাস কৰাৰ ফলত তেওঁলোক বিভিন্ন বেমাৰ আজাৰত সঘনাই আক্ৰান্ত হোৱা দেখা যায়৷ ই কাম কৰাৰ শক্তি আৰু ইচ্ছা যথেষ্ট পৰিমাণে হ্ৰাস কৰে৷
ক্ৰুতিপূৰ্ণ শিক্ষা ব্যৱস্থা (Faults in the Education System): উন্নয়নশীল বা অনুন্নত দেশসমূহৰ শিক্ষা ব্যৱস্থা পৰম্পৰাগত আৰু ক্ৰুতিপূৰ্ণ৷ এনে শিক্ষা ব্যৱস্থাই মানুহ এজনক মাত্ৰ যোগ্যতাৰ প্ৰমাণপত্ৰহে দিব পাৰে; নিয়োগৰ সুবিধা কৰি দিব নোৱাৰে৷ শেহতীয়াকৈ চৰকাৰে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰচলন কৰিছে যদিও তেনে শিক্ষা ব্যৱস্থা গাওঁ অঞ্চলবোৰলৈ এতিয়াও প্ৰাসাৰিত হ’ব পৰা নাই৷ সেয়েহে গ্ৰাম্যঞ্চলৰ বহু আগ্ৰহী যুৱক যুৱতীয়ে তেনে শিক্ষাৰ সুবিধা লাভ কৰা নাই৷তদুপৰি গ্ৰাম্যাঞ্চলৰ কিছুসংখ্যক যুৱক যুৱতীয়ে তেনে শিক্ষা গ্ৰহণ কৰিছে যদিও তেওঁলোকে নিয়োগৰ সা-সুবিধা পোৱা নাই৷ সেয়েহে এনেবোৰ অঞ্চলত দৰিদ্ৰতা এতিয়াও একেদৰেই শিপাই আছে৷
                  ৬৬                  

যুটীয়া পৰিয়াল ব্যৱস্থা, বৰ্ণ ব্যৱস্থা আৰু ধৰ্মীয় বিশ্বাস (Joint Family System, Caste System and Religious Beliefs):নিৰক্ষৰতা, অজ্ঞতা, কৃষিভিত্তিক প্ৰয়োজনীয়তা আৰু অন্য সামাজিক কাৰণত গাওঁ অঞ্চলবোৰত এতিয়াও যুটীয়া পৰিয়ালৰ প্ৰচলন আছে৷ যুটীয়া পৰিয়ালত বসবাস কৰিলে তাৰ সদস্যসকল সাধাৰণতে কম দায়িত্বশীল আৰু কম কৰ্মঠ হোৱা দেখা যায়৷ তদুপৰি এক সামাজিক বান্ধোনৰ মাজত সোমাই পৰা বাবে যুটীয়া পৰিয়ালৰ লোকসকলে দূৰ অঞ্চললৈ গৈ কাম কৰিবলৈ নিবিচাৰে৷ ই উন্নয়নৰ পৰিপন্থী৷
গাওঁ অঞ্চলৰ উন্নয়নত বাধা দিয়া আন এটা গুৰুত্বপূৰ্ণ সামাজিক কাৰক হ’ল বৰ্ণ ব্যৱস্থা৷ বৰ্ণ ব্যৱস্থাৰ ফলত সমাজখন বিভাজিত হৈ পৰাত গাওঁ অঞ্চলৰ লোকসকলে সমজুৱাকৈ কাম কৰাৰ পৰা বিৰত থাকে৷ তেওঁলোকে একেলগে চাল-চলন নকৰে, বিবাহপাশত আৱদ্ধ নহয় আৰু কৰ্মক্ষেত্ৰতো এটা বৰ্ণই আনটোৰ পৰা আঁতৰি থাকে৷ সমাজখনত উচ্চ বৰ্ণৰ লোক বুলি স্বীকৃতি পোৱা সকলে নিম্ন বৰ্ণৰ লোকসকলক নিজা অধিকাৰৰ পৰা বঞ্চিত কৰি শোষণ কৰে৷ নিম্ন শ্ৰেণীৰ যুৱক এজন যিমান যোগ্য নহ’লেও উত্তৰণৰ সুবিধা লাভ নকৰে৷
নিৰক্ষৰতা আৰু পৰম্পৰাগত সাংস্কৃতিক কাৰণত গাওঁ অঞ্চলৰ লোকসকলৰ মাজত এতিয়াও বহু ধৰ্মীয় অন্ধবিশ্বাস প্ৰচলিত হৈ আছে৷ এইবোৰৰ বশৱৰ্তী হৈ গাওঁ অঞ্চলৰ লোকসকলে এতিয়াও বেমাৰ আজাৰ হ’লে চিকিৎসালয়লৈ যোৱাৰ সলনি পূজা পাতলতহে ব্যস্ত হৈ থাকে৷ কন্যাসন্তানক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰি ৰাখে৷ তদুপৰি বাৰটা মাহত তেৰটা পূজা-পাতল আৰু ধৰ্মীয় আচাৰত ব্যস্ত হৈ থকা বাবে গাওঁ অঞ্চলৰ কৰ্মসংস্কৃতিত ঋণাত্মক প্ৰভাৱ পৰে৷ ইয়াৰোপৰি সাঁচতীয়া ধনৰ অপব্যয়ো হয়৷
৩) ব্যক্তিগত কাৰণ (Personal Causes)
ভগ্ন স্বাস্থ্য আৰু ৰুগীয়া মন ( Sickness and Mental Ill-Health):কথাতেই কোৱা হয় যে সুস্থ শৰীৰ এটাতহে সুস্থ মন এটিয়ে বাস কৰিব পাৰে৷ স্বাস্থ্যবান লোক এজনে ৰোগীয়া লোক এজনতকৈ অধিক উৎসাহেৰে, অধিক খৰকৈ আৰু অধিক নিয়াৰিকৈ কাম এটি কৰিব পাৰে৷ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো স্বাস্থ্যবান লোকসকলৰ বৰঙণি অধিক৷ সেয়েহে চৰকাৰে নাগৰিকসকলৰ স্বাস্থ্য উন্নত কৰাৰ বাবে যথেষ্ট ব্যয় কৰিছে৷ সেয়া হ’লেও গ্ৰাম্যাঞ্চলৰ লোকসকলে নিৰক্ষৰতা, অজ্ঞতা, নেতা-বিষয়াসকলৰ অমনোযোগিতা আদি বিভিন্ন কাৰণত উন্নত স্বাস্থ্য সেৱাৰ সুবিধা পোৱা নাই৷ তদুপৰি কম আয়ৰ বাবে তেওঁলোকে পৰিপুষ্টিৰ বাবে আৱশ্যক পুষ্টিকৰ খাদ্য আদিও ক্ৰয় কৰি খাবলৈ অক্ষম৷ ইয়ো গ্ৰাম্যাঞ্চলৰত দুৰৱস্থাৰ এক গুৰুত্বপূৰ্ণ কাৰণ৷
নিৰক্ষৰতা (Illiteracy): অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে নাগৰিকসকল শিক্ষিত হোৱাটো আৱশ্যক৷ শিক্ষাই মানুহক নিয়োগৰ সুবিধা দিয়ে, স্বাস্থ্যৰ প্ৰতি সজাগ কৰে, পৰিয়াল পৰিকল্পনাত সহায় কৰে, অৰ্থনৈতিক জ্ঞান বৃদ্ধি কৰে, চৰকাৰৰ কাম-কাজৰ প্ৰতি সতৰ্ক কৰি তোলে, নিজা অধিকাৰ আৰু কৰ্তব্যবোৰ বুজাই তোলে আৰু নতুন নতুন চিন্তাৰ জন্ম দিয়ে৷ কিন্তু দুখৰ বিষয় হ’ল –এই একবিংশ শতিকাৰ বৈজ্ঞানিক যুগতো গাওঁ অঞ্চলৰ লোকসকলে আধুনিক শিক্ষাৰ সুবিধা লাভ কৰা নাই৷ গ্ৰাম্যাঞ্চলৰ অধিকসংখ্যক লোকেই অশিক্ষিত হোৱা বাবে তেওঁলোকে ভাল কৰ্মসংস্থাপনৰ সুবিধা পোৱা নাই৷ তেওঁলোকৰ দৰিদ্ৰতা, অস্বাস্থ্যকৰ পৰিৱেশ আদিৰ বাবে নিৰক্ষৰতাই দায়ী৷
এলেহুৱা মানসিকতা ( Idleness): গ্ৰাম্যাঞ্চলত মূলতঃ যুটীয়া পৰিয়ালৰ পৰম্পৰা থকা বাবে একেটি পৰিয়ালতে বিশ-বাইশজন পৰ্যন্ত লোকে বসবাস কৰে৷ এনে পৰিয়ালত তিনি চাৰিজন লোকে কাম কৰি ধন উপাৰ্জন কৰি ঘৰ চলোৱাৰ বিপৰীতে পৰিয়ালৰ কিছু সংখ্যক লোকে কোনো কাম বন নকৰাকৈয়ে বহি-শুই কটাই দিয়ে৷ গ্ৰাম্যাঞ্চলৰ অনগ্ৰসৰতাৰ ইয়ো এক মূল কাৰণ৷
৪) ভৌগোলিক কাৰণ ( Geographic Causes):
কোনো অঞ্চল এটিৰ উন্নতি আৰু অনগ্ৰসৰতাৰ আঁৰত বহুতো ভৌগোলিক কাৰণ জড়িত হৈ থাকে৷ অতীত কালত মানুহে নদীৰ কাষৰ সাৰুৱা আৰু সুবিধাজনক ভৌগোলিক অঞ্চলত সভ্যতা স্থাপন কৰিছিল৷ পৃথিৱীত জনসংখ্যা বৃ্দ্ধি হোৱাত মানুহে পাহাৰ, পৰ্বত, মৰুভূমি আদি অসুবিধাজনক ভৌগোলিক অঞ্চলতো বসবাস কৰিবলৈ বাধ্য হৈ পৰিল৷ তেনে অসুবিধাজনক ঠাইবোৰত উন্নয়নৰ বাবে আৱশ্যকীয়আন্তঃগাঁথনি গঢ় দিবলৈ নোৱাৰা বাবে তেনে অঞ্চলবোৰ পিছপৰি ৰয়৷ গাওঁ অঞ্চলৰ অনগ্ৰসৰতাৰ বাবেও কিছুমান ভৌগোলিক কাৰক দায়ী৷ তলত তাৰেই কেইটিমান আলোচনা কৰা হৈছে৷
জলবায়ু ( Climate):গাওঁ অঞ্চলৰ লোকসকল মূলতঃ কৃষিজীৱি৷ কৃষিশস্যৰ উৎপাদনৰ বাবে অনুকূল জলবায়ুৰ প্ৰয়োজন৷ সঠিক সময়ত আৰু সঠিক পৰিমাণে বৰষুণৰ আৱশ্যক৷ অসময়ত হোৱা বৰষুণে খেতিৰ অনিষ্ট কৰে৷ কম পৰিমাণে বৰষুণ দিলে যিদৰে শস্যৰ শ্ৰীবৃদ্ধি নঘটে, ঠিক তেনেদৰেই অত্যাধিক পৰিমাণৰ বৰষুণেও শস্যৰ অনিষ্ট কৰে৷ বৰষুণৰ দৰেই ৰ’দ, শীত, বতাহ আদিয়ে কৃষিৰ উৎপাদনত ভিন্নতাৰ সৃষ্টি কৰে৷ বেছিকৈ ৰ’দ দিলে খৰাং হয়৷ অতিমাত্ৰা শীততো শস্যৰ বৃদ্ধি নহয়৷ অতিমাত্ৰা বতাহো বেয়া৷ বিগত বছৰসমূহত মানৱসৃষ্ট পৰিৱেশ প্ৰদূষণৰ ফলত হোৱা জলবায়ুৰ পৰিৱৰ্তনে কৃষিকাৰ্যৰ বাবে লাগতিয়াল অনুকূল পৰিৱেশটো বহু পৰিমাণে বিঘ্নিত কৰিছে৷ ইয়াৰ ফলত খেতিৰ উৎপাদন বহু পৰিমাণে হ্ৰাস পাইছে৷ তাৰ ফলত গ্ৰাম্যাঞ্চলৰ লোকসকলৰ যথেষ্ট ক্ষতি হৈছে৷
প্ৰাকৃতিক সম্পদৰ উপলব্ধতা ( Availability of Natural Resources):অঞ্চল এটিৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰে৷ আমেৰিকা যুক্তৰাষ্ট, চৌদি আৰৱ, ইৰাণ আদি দেশসমূহ চহকী হোৱাৰ এটা অন্যতম কাৰণ হ’ল সেইবোৰ দেশৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ৷ গাওঁ অঞ্চলৰ লোকসকল প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ গ্ৰাম্যাঞ্চলত জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে হাবি-বন, মাছ-পুঠি, বাঁহ-বেত আদি দৰকাৰী প্ৰাকৃতিক সম্পদবোৰ লাহে লাহে শেষ হৈ আহিছে৷ ই গ্ৰাম্যাঞ্চলৰ অনগ্ৰসৰতাৰ এক অন্যতম কাৰণ৷
প্ৰাকৃতিক দুৰ্যোগ (Natural Calamities): বানপানী, ধুমুহা, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগে জন-ধনৰ যথেষ্ট ক্ষতি কৰে৷ এনে দুৰ্যোগসমূহৰ পৰা হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ বহু বৈজ্ঞানিক কৌশলৰ বিকাশ সাধন কৰা হৈছে৷ উদাহৰণস্বৰূপে নদীবোৰৰ বাবে ওখ আৰু মজবুত মথাউৰি সজা হৈছে৷ ধুমুহা আৰু ভূমিকম্পৰ পৰা বাচিবৰ বাবে উন্নত মানৰ পকীঘৰ নিৰ্মাণ কৰা হৈছে৷ ইয়াৰোপৰি ধুমুহা, বৰষুণ, বানপানী আদিৰ আগলি বতৰা দিব পৰাৰ প্ৰযুক্তিও আৱিষ্কাৰ হৈছে৷ সেয়া হ’লেও গ্ৰাম্যাঞ্চলৰ লোকসকল এইবোৰ সম্পৰ্কে মুঠেই জ্ঞাত নহয়৷ অতি সাধাৰণ জীৱন-যাপন কৰা নিৰক্ষৰ গ্ৰাম্যাঞ্চলৰ লোকসকলক প্ৰাকৃতিক দুৰ্যোগে সকলোতকৈ বেছি ক্ষতি কৰে৷ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজিবৰ বাবে তেওঁলোকৰ ওচৰত কোনো বৈজ্ঞানিক কৌশল নাই৷

1 comment: