Thursday, 14 May 2020

বৃহৎ হেঁচা তত্ব (Big push model)


প’ল ৰ’জেষ্টেইন ৰ’দানে আগবঢ়োৱা বৃহৎ হেঁচা তত্বটো উন্নয়ন অৰ্থনীতিৰ এক উল্লেখযোগ্য তত্ব৷ ১৯৪৩ চনত ৰ’দানে আগবঢ়োৱা এই বিখ্যাত তত্বটো পৰৱৰ্তী সময়ত ১৯৮৯ চনত মাৰ্ফী, চেলফাৰ, ৰবাৰ্ট ভিচনি আদি অৰ্থনীতিবিদসকলে নিজা অৱদানেৰে সম্প্ৰসাৰণ ঘটায়৷
এই তত্বটোৰ মূল কথা হ’ল -অনুন্নত দেশসমূহে বৰ্তমানৰ অৰ্থনৈতিক দুৰৱস্থাৰ পৰা মুক্ত হ’বলৈ হ’লে বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাটো আৱশ্যক৷ কম পৰিমাণৰ বিনিয়োগে এই দেশসমূহৰ অৰ্থনীতিলৈ বিশেষ কোনো ভাল পৰিৱৰ্তন আনিব নোৱাৰে৷ বহুদিন খৰাং হৈ থকাৰ পিছত সৰু কিনকিনীয়া বৰষুণে মাটি বোকা কৰিব নোৱাৰে৷ মাটি বোকা কৰি খেতি কৰিবৰ বাবে কেইবাদিনীয়া ডাঙৰ বৰষুণৰ আৱশ্যক৷ ঠিক তেনেদৰে অনুন্নত দেশৰ অৰ্থনৈতিক অৱস্থাও ইমান বেয়া যে কম পৰিমাণৰ বিনিয়োগে সেইবোৰ দেশৰ অৰ্থনৈতিক দুৰৱস্থা নাইকীয় কৰিব নোৱাৰে৷ সেইবোৰ দেশৰ উন্নয়নৰ  বাবে বৃহৎ পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজন৷ এটি উদাহৰণৰ দ্বাৰা তত্বটো বুজিবলৈ চেষ্টা কৰিলে ভাল হ’ব৷ ধৰা হ’ল কোনো পিছপৰা অঞ্চল এটিত চৰকাৰে এক বৃহৎ পৰিমাণৰ বিনিয়োগ, অৰ্থাৎ ব্যয় কৰিলে৷ ধৰা হ’ল অঞ্চলটোৰ আন্তঃগাঁথনি (ৰাস্তা-পদুলি, জলসিঞ্চন, বিদ্যুৎ যোগান আদি) ৰ বিকাশৰ বাবে এই ব্যয় কৰা হ’ল৷ ইয়াৰ ফলত ঠাইখনৰ বহু লোকে ৰাস্তা নিৰ্মাণ, জলসিঞ্চনৰ নলা নিৰ্মাণ আদি বিভিন্ন কামত নিয়োগৰ সুবিধা পাব৷ তাৰ যোগেদি তেওঁলোকৰ আয় বৃদ্ধি পাব৷ আয় বৃদ্ধি পালে তেওঁলোকে বজাৰলৈ গৈ অধিক সামগ্ৰী ক্ৰয় কৰিব; অৰ্থাৎ বয়-বস্তুৰ চাহিদা বৃদ্ধি পাব৷ বয়-বস্তুৰ চাহিদা বৃদ্ধি পালে উৎপাদকসকলে অধিক উৎসাহেৰে বয়-বস্তুবোৰ নিৰ্মাণ কৰিব৷ উৎপাদন বৃদ্ধি কৰিবলৈ উৎপাদন কাৰ্যত অধিক বিনিয়োগ কৰিব, নতুন লোকক নিয়োজিত কৰিব,প্ৰাকৃতিক সম্পদসমূহৰো উচিত ব্যৱহাৰ হ’ব, উৎপাদন বৃদ্ধি পালে সামগ্ৰীসমূহ অন্য বজাৰলৈ প্ৰেৰণ কৰি ধন অৰ্জন কৰিব পৰা যাব নতুবা বিদেশলৈ ৰপ্তানিও কৰিব পৰা যাব৷ আনহাতে ৰাস্তা-পথ, বিদ্যুৎ যোগান আদিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছত ঠাইখনৰ আন্তঃগাঁথনি উন্নত হ’লে সেয়া ব্যৱসায় বাণিজ্যৰ বাবে অতি সুবিধাজনক হৈ পৰিব, নতুন নতুন লোক ব্যৱসায়লৈ ওলাই আহিব, ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহৰ বিকাশ সাধন হ’ব৷ মানুহবোৰৰ আয় বৃদ্ধিৰ যোগেদি বয়-বস্তুৰ চাহিদা বৃদ্ধি পোৱাটো লক্ষ্য কৰি অন্য অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানেও এই অঞ্চলটোলৈ ব্যৱসায়, উৎপাদন কাৰ্য আৰু বিনিয়োগৰ বাবে আহিব৷ মুঠৰ ওপৰত ঠাইখনৰ কৰ্মসংস্কৃতিলৈ এক বৃহৎ পৰিৱৰ্তন আহিব৷ বৃহৎ পৰিমাণৰ বিনিয়োগে কিদৰে অৰ্থনৈতিক উন্নয়নৰ সূচনা কৰে এই উদাহৰণটোৰ যোগেদিয়েই ভালদৰে বুজিব পাৰি৷
বৃহৎ হেঁচা তত্বটোৱে যুক্তি দৰ্শাইছে যে সামান্য পৰিমাণৰ টকা খৰচ কৰি নতুবা ক্ষুদ্ৰ চৰকাৰী বিনিয়োগ কৰি অনুন্নত অঞ্চলৰ চমকপ্ৰদ উন্নতি সাধন কৰাটো অসম্ভৱ কথা৷ এনে ধৰণৰ ক্ষুদ্ৰ বিনিয়োগবোৰ ধনৰ অপচয়ৰ বাদে আন একো নহয়৷ তত্বটোৰ মূল স্ৰষ্টা ৰ’দানে এখন আকাশীযানৰ উদাহৰণ দি কৈছে যে বিমানবন্দৰৰ ৰানৱেত থকা আকাশীযান এখনে ৰানৱেৰ পৰা আকাশলৈ উঠিবৰ বাবে পোনতে এক বিশেষ বেগত গতি কৰিবলগীয়া হয়৷ কিছু সময় যথেষ্ট বেগত ৰানৱেতে দৌৰাৰ পিছতহে বিমানখন লাহেকৈ আকাশলৈ উঠি যায়৷ সেই নিৰ্দিষ্ট বেগটোতকৈ কম গতিত ঘন্টাৰ পিছত ঘন্টা দৌৰিলেও বিমানখনে ৰানৱেৰ পৰা আকাশলৈ উঠিব নোৱাৰে৷ ঠিক তেনেদৰে অনুন্নত অঞ্চল এটিৰ উন্নয়নৰ বাবেও বিমানখনৰ বেগৰ দৰেই বিনিয়োগৰো এক ন্যূনতম আকাৰ দৰকাৰী৷ অৰ্থাৎ সামান্য পৰিমাণৰ বিনিয়োগে অঞ্চল এটিৰ কোনো উন্নয়ন সাধন কৰিব নোৱাৰে৷ সেয়ে উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাটো অত্যাৱশ্যকীয়৷ উন্নয়ৰ উদ্দেশ্যেৰে কৰা এই বৃহৎ বিনিয়োগটোকে ‘বৃহৎ হেঁচা’ (Big Push) বুলি কোৱা হয়৷ ৰ’দানৰ ভাষাত
"There is a minimum level of resources that must be devoted to... a development programme if it is to have any chance of success. Launching a country into self-sustaining growth is a little like getting an airplane off the ground. There is a critical ground speed which must be passed before the craft can become airborne...."
তিনিটি অবিভাজিতা (The Three Indivisibilities)
ৰ’জেষ্টাইন ৰ’দানে দেখুৱাইছে যে অনুন্নত দেশসমূহত তিনি ধৰণৰ অবিভাজিতা দেখা পোৱা যায়৷ এই অবিভাজিতাবিলাক হৈছে অৰ্থনৈতিক উন্নয়নৰ কিছুমান ডাঙৰ বাধা বা প্ৰত্যাহ্বান৷ এই সমস্যাবোৰ অতিক্ৰম কৰি উন্নয়নৰ পথটি নিৰ্মাণ কৰিবৰ বাবে বৃহৎ পৰিমাণৰ বিনিয়োগৰ আৱশ্যক৷অৰ্থাৎ এই অবিভাজিতাবোৰে বৃহৎ হেঁচা তত্বটোৰ সপক্ষে যুক্তি ডাঙি ধৰে৷
ৰ’দানে আগবঢ়োৱা এই বিশেষ তিনিবিধ অবিভাজিতা হ’ল-
১) উৎপাদন ফলনৰ অবিভাজিতা (Indivisibility of Production Function)
২) চাহিদাৰ অবিভাজিতা (Indivisibility of Demand)
৩) সঞ্চয় যোগানৰ অবিভাজিতা (Indivisibility in the Supply of Savings)
উৎপাদন ফলনৰ অবিভাজিতা (Indivisibility of Production Function)
উৎপাদন ফলনে উৎপাদন কাৰ্যৰ বাবে আৱশ্যকীয় সম্পদসমূহ (কেঁচামাল, মানৱ-শ্ৰম, মূলধন আদি) আৰু উৎপাদিত সামগ্ৰীসমূহৰ মাজৰ সম্পৰ্ক দেখুৱায়৷ উৎপাদন ফলনত তিনিটি বিষয় সন্নিৱিষ্ট হৈ থাকে৷ সেইকেইটি হ’ল-
ক) উৎপাদনৰ বাবে আৱশ্যকীয় সম্পদ (Inputs for Production)
খ) উৎপাদন প্ৰক্ৰিয়া (The Process of Production) আৰু
গ) উৎপাদিত সামগ্ৰী (Outputs)
উৎপাদনৰ বাবে আৱশ্যকীয় সম্পদ (input) বোৰ উৎপাদন প্ৰক্ৰিয়া (Process of Production) ত কামত খটুৱাই চূড়ান্ত সামগ্ৰী (output) বোৰ উৎপাদন কৰা হয়৷ অনুন্নত দেশসমূহ প্ৰাকৃতিক সম্পদত চহকী৷ কিন্তু উপযুক্ত মূলধনৰ অভাৱত সেইবোৰ দেশৰ প্ৰাকৃতিক সম্পদবোৰ অব্যৱহৃত হৈ আছে৷ উৎপাদনৰ বাবে আৱশ্যকীয় সম্পদ বা ‘input’ হিচাপে সেই প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰি অভূতপূৰ্ব অৰ্থনৈতিক উন্নয়ন সাধন কৰিব পৰা যাব৷ সেই অব্যৱহৃত সম্পদসমূহ সঠিকভাৱে উদ্ঘাটন কৰি অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰিবলৈ বৃহৎ বিনিয়োগৰ আৱশ্যক৷ তাৰ পিছতেই আহিল উৎপাদন প্ৰক্ৰিয়া৷ উৎপাদন প্ৰক্ৰিয়াৰ বাবে উপযুক্ত প্ৰযুক্তিৰ আৱশ্যক৷ বিজ্ঞানভিত্তিক আধুনিক প্ৰযুক্তি আয়ত্ব কৰিবৰ কাৰণে যথেষ্ট ব্যয় কৰিবলগীয়া হয়৷ তাৰ বাবে বৃহৎ বিনিয়োগৰ আৱশ্যক৷ তৃতীয় কথাটো হ’ল উৎপাদিত সামগ্ৰীবোৰক লৈ৷ সামগ্ৰীবোৰ উৎপাদন কৰাৰ পিছত সেইবোৰ বজাৰলৈ উলিয়াই নিয়া হ’ব৷ কিন্তু অনুন্নত দেশত ক্ৰেতাসকলৰ ক্ৰয় ক্ষমতা নথকাৰ বাবে উৎপাদিত সামগ্ৰীসমূহৰ অপচয়হে হ’ব৷ সেয়েহে চৰকাৰে নিয়োগ সৃষ্টি আৰু অন্যান্য আয় বৃদ্ধিকাৰী কাৰ্যত বৃহৎ বিনিয়োগৰ যোগেদি নাগৰিকসকলৰ আয় আৰু ক্ৰয় ক্ষমতা বৃদ্ধি কৰাটো উচিত৷
অবিভাজ্য চাহিদা
অনুন্নত দেশসমূহৰ জনমূৰি আয় কম হোৱা বাবে নাগৰিকসকলৰ ক্ৰয় ক্ষমতা যথেষ্ট কম৷ সেয়েহে এইবোৰ দেশৰ বজাৰবোৰৰ আকাৰ ক্ষুদ্ৰ৷ এনে পৰিস্থিতি এটাত যদি আমি কেৱল মাত্ৰ এটা উদ্যোগৰ আধুনিকীকৰণৰ বিষয়ত গুৰুত্ব দিওঁ সেয়া ফলদায়ক নহ’ব৷ তাৰ কাৰণ হ’ল সেই বিশেষ উদ্যোগটোৰ আধুনিকীকৰণৰ ফলত তাৰ উৎপাদন বাঢ়িব আৰু তাত কৰ্মৰত লোকসকলৰ আয় বাঢ়িব ঠিকেই, কিন্তু বৰ্ধিতভাৱে উৎপাদিত সেই সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ তেনে উপযুক্ত বজাৰ নথকা বাবে আৰু নাগৰিকসকলৰ ক্ৰয় ক্ষমতা নথকা বাবে উৎপাদিত সামগ্ৰীবোৰৰ অপচয় হ’ব৷ তাৰ বিপৰীতে যদি আমি আটাইবোৰ উদ্যোগৰ উন্নয়নত আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিওঁ, সেয়া গোটেই অৰ্থনীতিটোৰ বাবে লাভজনক হ’ব কাৰণ তাৰ যোগেদি সকলো উদ্যোগৰে উৎপাদিত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হ’ব আৰু আটাইবোৰ উদ্যোগতে কৰ্মৰত লোকসকলৰ আয় বৃদ্ধি পাব৷ আয়ৰ বৃদ্ধিৰ লগে লগে নাগৰিকসকলৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব৷ ইয়াৰ ফলত এখন ভাল বজাৰৰ বিকাশ সাধন হ’ব য’ত আটাইবোৰ উৎপাদিত সামগ্ৰী বিক্ৰী হ’ব৷ উৎপাদকসকলে অধিক উৎপাদন আৰু বিনিয়োগৰ বাবে আগ্ৰহী হ’ব৷ উন্নয়নৰ বাবে সেয়েহে কেৱলমাত্ৰ এটা উদ্যোগৰ বিকাশৰ ওপৰত গুৰুত্ব নিদি অৰ্থনীতিটোৰ আটাইবোৰ উদ্যোগৰ আধুনিকীকৰণ আৰু উন্নয়ৰ ওপৰত গুৰুত্ব দিয়াটো বাঞ্চনীয়৷ তাৰবাবে বৃহৎ পৰিমাণৰ বিনিয়োগৰ আৱশ্যক৷ 
একমাত্ৰ এটা উদ্যোগক গুৰুত্ব নিদি আটাইবোৰ উদ্যোগৰে সম বিকাশত কিয় গুৰুত্ব আৰোপ কৰিব লাগে তাৰ যুক্তিত বৃহৎ হেঁচা তত্বৰ জনক ৰ’দানে এটা উদাহৰণ দিছে৷ ধৰা হ’ল কোনো এখন অনুন্নত দেশে কেৱলমাত্ৰ জোতা উদ্যোগত বৃহৎ বিনিয়োগ কৰিলে৷ তাৰ ফলত জোতাৰ উৎপাদন বৃদ্ধি হ’ল আৰু জোতা উদ্যোগত কৰ্মৰত লোকসকলৰ আয় বৃদ্ধি হ’ল৷ কৰ্মচাৰীসকলৰ আয় বৃদ্ধিৰ যোগেদি ক্ৰয় ক্ষমতা বৃদ্ধি পোৱা বাবে তেওঁলোকে জোতাৰ বাহিৰেও অন্য সামগ্ৰীসমূহো পূৰ্বতকৈ বেছিকৈ ক্ৰয় কৰিবলৈ মন মেলিব৷ কিন্তু অন্য সামগ্ৰীসমূহ উৎপাদন কৰা উদ্যোগসমূহৰ বিকাশৰ বাবে যিহেতু বিনিয়োগ কৰা হোৱা নাই আৰু সেইবোৰ সামগ্ৰীৰ উৎপাদন বৃদ্ধি ঘটা নাই, সেইবাবে জোতা উদ্যোগটোৰ কৰ্মচাৰীসকলৰ বৰ্ধিত ক্ৰয়ে বজাৰত এইবোৰ সামগ্ৰীৰ নাটনিৰ সৃষ্টি কৰিব৷ তাৰ ফলত এইবোৰ সামগ্ৰীৰ দৰ বৃদ্ধি পাব৷ তাৰ ফলত মুদ্ৰাস্ফীতি ঘটিব৷ এনে বেয়া পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সেয়েহে আটাইবোৰ উদ্যোগতে সম গুৰুত্ব দি সকলোতে একে পৰিমাণে বিনিয়োগ কৰা উচিত৷ তাৰ বাবে বৃহৎ বিনিয়োগৰ আৱশ্যক৷
অবিভাজিত সঞ্চয় (Indivisibility of Savings)
বৃহৎ পৰিমাণৰ বিনিয়োগৰ লগে লগে একে অনুপাতত বৃহৎ পৰিমাণৰ সঞ্চয়ৰো আৱশ্যকতা আছে৷ আমি কেৱল বিদেশৰ মূলধনৰ ওপৰত নিৰ্ভৰশীল হোৱাটো উচিত নহয়৷ অৰ্থনৈতিক উন্নয়নৰ বাবে নিজস্ব বা ঘৰুৱা সঞ্চয়ৰো আৱশ্যকতা আছে৷ বেংক বা তেনে বিত্তীয় প্ৰতিষ্ঠানত সাঁচি থোৱা ধনবোৰ উদ্যোগপতিসকলে ঋণ হিচাপে লৈ বিনিয়োগ কৰে৷ কিন্তু অনুন্নত দেশসমূহত নাগৰিকসকলৰ আয় অতি কম হোৱা বাবে ঘৰুৱা সঞ্চয়ৰ পৰিমাণ অতি তাকৰ৷ অৰ্থনৈতিক উন্নয়নৰ বাবে ই এক বৃহৎ প্ৰত্যাহ্বান৷
ঘৰুৱা সঞ্চয় বৃদ্ধি কৰিবৰ বাবেনাগৰিকসকলৰ আয় বৃদ্ধি কৰাৰ আৱশ্যকতা আছে৷ তাৰ বাবে দেশত নিয়োগৰ সৃষ্টি কৰিব লাগিব, উদ্যোগসমূহত উৎপাদন বৃদ্ধি কৰিব লাগিব৷ তাৰোপৰি নাগৰিকসকলক শিক্ষিত, দক্ষ আৰু স্বাস্থ্যৱান কৰি তেওঁলোকৰ প্ৰতিজনকে একো একোটি মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব লাগিব৷ এইবোৰ কাম সম্পাদন কৰিবৰ বাবে বৃহৎ পৰিমাণৰ প্ৰাৰম্ভিক বিনিয়োগৰ আৱশ্যক৷
ৰাষ্ট্ৰ বা চৰকাৰৰ ভূমিকা (Role of State)
বৃহৎ হেঁচা তত্বটোৰ মূল কথাটো হ’ল যে অৰ্থনৈতিক উন্নয়নৰ বাবে এক বৃহৎ পৰিমাণৰ বিনিয়োগৰ আৱশ্যক৷ অনুন্নত দেশসমূহত নাগৰিকসকলৰ জনমূৰি আয় অতি নিম্ন হোৱা বাবে ব্যক্তিগত প্ৰচেষ্টাত উন্নয়নৰ বাবে আৱশ্যকীয় সেই বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাটো সম্ভৱ নহয়৷ এইখিনিতে চৰকাৰৰ ভূমিকা আহি পৰে৷ উন্নয়নৰ সূচনা কৰিবলৈ চৰকাৰে পোনতে ঠাইখনৰ আন্তঃগাঁথনি অৰ্থাৎ বিদ্যুৎ যোগান, ৰাস্তা-ঘাট, যোগাযোগ ব্যৱস্থা, বেংক, চিকিৎসালয়, বিদ্যালয়-মহাবিদ্যালয় আদিৰ সুব্যৱস্থা কৰি ল’ব লাগে৷ এই সা-সুবিধাবোৰ প্ৰচলন কৰাটো চৰকাৰৰ দায়িত্ব কাৰণ ব্যক্তিগত খণ্ডই এইবোৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি নাহে আৰু সেইটো সম্ভৱো নহয়৷ সেয়েয়ে এই তত্বটোৱে মত ডাঙি ধৰিছে যে ব্যক্তিগত খণ্ডক বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিবলৈ হ’লে প্ৰথমতে চৰকাৰে এক সুচল আন্তঃগাঁথনি সৃষ্টিৰ বাবে বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাটো উচিত৷
সমালোচনা (Criticism)
বৃহৎ হেঁচা তত্বটোক মিন্ট, ফুৰটাডো আদি বিভিন্ন অৰ্থনীতিবিদে তীব্ৰ সমালোচনা কৰিছে৷ স্বাভাৱিকতে ৰ’দানে আগবঢ়োৱা এই তত্বটোৰ কিছুমান সীমাৱদ্ধতা আছে৷ অনুন্নত দেশসমূহৰ অৰ্থনীতিত তৎক্ষণাত কৰা বৃহৎ পৰিমাণৰ বিনিয়োগে উন্নয়নৰ সলনি বিপদহে কঢ়িয়াই অনাৰ সম্ভাৱনা আছে বুলি বহু অৰ্থনীতিবিদে মত পোষণ কৰিছে৷ একমাত্ৰ বিনিয়োগৰ অভাৱৰ বাবেই যে কোনো অঞ্চল এটি অৰ্থনীতি অনুন্নত হৈ থাকে সেয়া নহয়৷ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে উপযুক্ত মানৱ সম্পদৰ অভাৱ, অনানুষ্ঠানিকতা, পৰম্পৰাসৰ্বস্ব ব্যৱস্থা, সামাজিক কু-সংষ্কাৰ আদি বিভিন্ন কাৰক জড়িত হৈ থাকে৷ চৰকাৰে লাহে লাহে এই আটাইবোৰ সমস্যা আঁতৰাই অৰ্থনীতিলৈ সুস্থিৰতা অনাৰ পিছতহে উদ্যোগসমূহৰ আধুনিকীকৰণৰ বাবে ডাঙৰকৈ বিনিয়োগ কৰিব লাগিব৷ অন্যথাই, খৰতকীয়াকৈ কৰা অবিবেচক বৃহৎ বিনিয়োগে অৰ্থনীতিলৈ বিপদহে কঢ়িয়াই আনিব৷ তাৰ ফলত মূলধনৰো অপব্যয় হ’ব৷
দ্বিতীয়তে বৃহৎ হেঁচা তত্বটোৱে কেৱল উদ্যোগ খণ্ডত ডাঙৰ বিনিয়োগৰ যোগেদি অৰ্থনীতিলৈ উন্নয়ন অনাৰ কথা কৈছে৷ এই তত্বটোৱে কৃষিখণ্ডৰ উন্নয়নত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই৷ কিন্তু আমি ভালদৰে জানো যে গাওঁ অঞ্চলৰ অৰ্থনীতিটো হ’ল মূলতঃ কৃষিভিত্তিক আৰু তেনে অঞ্চলত বৃহৎ উদ্যোগসমূহ নাই বুলিলেও হয়৷ বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কাৰিকৰী জ্ঞানসম্পন্ন লোক গাওঁ অঞ্চলত নেথাকে৷ সেয়েহে বহু অৰ্থনীতিবিদে মত পোষণ কৰিছে যে ৰ’দানে আগবঢ়োৱা বৃহৎ হেঁচা তত্বটো বাস্তৱিক নহয়৷
তৃতীয়তে, অনুন্নত দেশসমূহৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ৰ’দানে পৰামৰ্শ দিয়া বৃহৎ বিনিয়োগটো বাস্তৱ পৃথিৱীত কাৰ্যকৰী কৰাটো সহজ নহয়৷ ইয়াৰ কাৰণ হ’ল –অনুন্নত দেশসমূহে মূলধনৰ অভাৱত ভোগি থাকে আৰু মূলধনৰ অভাৱেই হ’ল সেইবোৰ দেশৰ দুৰৱস্থাৰ মূল কাৰণ৷ তেনে অৱস্থাত ৰ’দানে কোৱা ধৰণে বৃহৎ বিনিয়োগটো কৰিবলৈ অনুন্নত দেশসমূহে মূলধন ক’ত পাব সেয়া নিশ্চিত নহয়৷ সেয়েহে, বাস্তৱ পৃথিৱীত ৰ’দানৰ বৃহৎ হেঁচা তত্বটো কাৰ্যকৰী কৰাৰ কিছুমান গুৰুত্বপূৰ্ণ অসুবিধা আছে৷ 

No comments:

Post a Comment