দৰিদ্ৰতা
আৰু নিবনুৱা সমস্যাৰ মাজত এক ওতপ্ৰোত সম্পৰ্ক আছে৷ তাক দুই ধৰণে আলোচনা কৰিব পাৰি৷
ক) দৰিদ্ৰতাৰ
কাৰক হিচাপে নিবনুৱা সমস্যা
খ) নিবনুৱা
সমস্যাৰ কাৰক হিচাপে দৰিদ্ৰতা
ক) দৰিদ্ৰতাৰ
কাৰক হিচাপে নিবনুৱা সমস্যাঃ
ভাৰতৱৰ্ষৰ দৰে দেশত নিবনুৱা সমস্যা হৈছে দৰিদ্ৰতাৰ এক
মূল কাৰক৷ জনসংখ্যাৰ বিষ্ফোৰণ ঘটা আমাৰ দেশত প্ৰতিবছৰে হাজাৰ হাজাৰ শিক্ষিত
নিবনুৱাৰ সৃষ্টি হয়৷ এই বৃহৎ সংখ্যক নিবনুৱাক চৰকাৰে নিয়োগৰ সুবিধা প্ৰদান কৰাটো
সম্ভৱ নহয়৷ মূলধনৰ অভাৱত পৰি নিবনুৱা যুৱক যুৱতীসকলে স্বনিয়োজনৰ সুবিধাও আহৰণ কৰিব
নোৱাৰে৷ ইয়াৰ ফলত শিক্ষিত হোৱা স্বত্বেও তেওঁলোকে দৰিদ্ৰতাৰ চক্ৰবেহুৰ পৰা বাহিৰলৈ
ওলাই আহিবলৈ অসমৰ্থ হয়৷ সেয়েহে নিবনুৱা সমস্যাক দৰিদ্ৰতাৰ এক মূল কাৰক হিচাপে গণ্য
কৰা হয়৷
খ) নিবনুৱা সমস্যাৰ কাৰক হিচাপে দৰিদ্ৰতা
দৰিদ্ৰতা
হ’ল নিবনুৱা সমস্যাৰ এক মূল কাৰক৷ আমাৰ দেশতে দৰিদ্ৰতাৰ কৱলত পৰি বহু লোকে
আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে৷ অশিক্ষিত হোৱা বাবে তেওঁলোকে
চৰকাৰী-বেচৰকাৰী কোনো খণ্ডতে নিয়োগৰ সুবিধা লাভ নকৰে৷ উপাৰ্জন কম হোৱা বাবে
তেওঁলোক পুষ্টিকৰ খাদ্য আৰু আধুনিক চিকিৎসাৰ পৰাও বঞ্চিত হৈ থাকে৷ তাৰ ফলত তেওঁলোক
স্বাস্থ্যৰ ক্ষেত্ৰতো পিছপৰি ৰয়৷ কম কৰ্মঠ হোৱা বাবেও তেওঁলোকে উচিত নিয়োগৰ সুবিধা
লাভ নকৰে৷ দৰিদ্ৰ লোকসকল অশিক্ষিত আৰু অজ্ঞ হোৱা বাবে যথেষ্ট সন্তানৰ জন্ম দিয়ে৷
ইয়াৰ ফলতো নিবনুৱা সমস্যা অধিক বিস্তৃত হৈ পৰে৷
অনুন্নত
দেশসমূহৰ আয় কম হোৱা বাবে সেইবোৰ দেশৰ সঞ্চয়ৰ পৰিমাণো অতি নগন্য হয়৷ ইয়াৰ ফলত
সেইবোৰ দেশত মূলধন গঠন নহয় আৰু বিনিয়োগ কম হয়৷ বিনিয়োগ কম হোৱা বাবে অৰ্থনৈতিক
বিকাশ নহয় আৰু তাৰ ফলত নিয়োগৰ সুবিধাও কম হয়৷ এইবোৰ কাৰণতে দৰিদ্ৰ দেশসমুহে
নিবনুৱা সমস্যাৰ সৈতে সংগ্ৰাম কৰি থাকিবলগীয়া হয়৷
I'm thankful for your commitment to knowledge. Also check the lyndhurst municipal court
ReplyDelete