Thursday, 14 May 2020

লিৱিছৰ অৰ্থনৈতিক উন্নয়নৰ আৰ্হি (Lewis Model of Economic Development)


ডবলিউ আৰ্থাৰ লিৱিছে আগবঢ়োৱা অৰ্থনৈতিক উন্নয়নৰ তত্ব বা আৰ্হিটোৱে অনুন্নত দেশসমূহৰ দ্বৈত অৰ্থনৈতিক (Dual Economy) ব্যৱস্থাত বিভিন্ন খণ্ডসমূহৰ মাজত শ্ৰমিকৰ আদান-প্ৰদানৰ যোগেদি কিদৰে অৰ্থনীতিলৈ ধনাত্মক পৰিৱৰ্তন আনিব পাৰি সেয়া ব্যাখ্যা কৰিছে৷
অৰ্থনীতিবিদ লিৱিছে ১৯৫৪ চনত  লিখা অসীম শ্ৰমৰ যোগানৰ সৈতে অৰ্থনৈতিক উন্নয়ন (Economic Development with Unlimited Supplies of Labour)” নামৰ গৱেষণা পত্ৰত পোন প্ৰথমবাৰৰ বাবে দ্বৈত খণ্ডৰ অৰ্থনীতি এটাত উন্নয়ন কিদৰে আহৰণ কৰিব পাৰিতাৰ যুক্তিপূৰ্ণ ব্যাখ্যা ডাঙি ধৰিছিল৷ মূলতঃ অনুন্নত দেশৰ অৰ্থনৈতিক বৈশিষ্ট্যৰ প্ৰতিফলন ঘটোওৱা এই তত্বটোৱে উন্নয়ন অৰ্থনীতিৰ এক অন্যতম তত্ব হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে৷
অভিধাৰণাসমূহ (Assumptions)                                  
লিৱিছে আগবঢ়োৱা উন্নয়ন তত্ব বা আৰ্হিটো তলত দিয়া অভিধাৰণাসমূহৰ ওপৰত প্ৰতিষ্ঠিতঃ
১৷ তত্বটোৱে ধৰি লৈছে যে উন্নয়নশীল দেশসমূহৰ কৃষিখণ্ডত উৎপাদনহীন (unproductive) আৰু ৰাহি (surplus) শ্ৰমিকেৰে ভৰি আছে৷
২৷ তুলনামূলকভাৱে উচ্চ হাৰত মজুৰি দিয়া নিৰ্মাণ উদ্যোগখণ্ডত (manufacturing sector) কাম কৰিবলৈ শ্ৰমিকসকল অধিক আগ্ৰহী৷
৩৷ নিৰ্মাণখণ্ডত শ্ৰমিকসকলক দিয়া মজুৰি কম-বেছি পৰিমাণে স্থিৰ৷
৪৷ নিৰ্মাণখণ্ডৰ উদ্যোগী বা গৰাকীসকলে উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰাৰ সময়ত তেওঁলোকে শ্ৰমিকসকলক দিয়া মজুৰিৰ তুলনাত অধিক দৰ লৈ লাভ অৰ্জন কৰে৷
     ৫৷ নিৰ্মাণখণ্ডত আহৰণ কৰা লাভবোৰ মূলধন হিচাপে পুনৰ বিনিয়োগ কৰা হয়৷
৬৷ এক উন্নত নিৰ্মাণখণ্ড মানে হল এটা অৰ্থনীতিয়ে পৰম্পৰাসৰ্বস্ব অনুন্নত অৱস্থাৰ ৰ পৰা এক উন্নত উদ্যোগিক অৰ্থনীতিলৈ গতি কৰাটো৷      
দ্বৈত খণ্ডৰ অৰ্থনীতি (Economy of Dual Sector)
অৰ্থনীতিবিদ লিৱিছে যুক্তি দেখুৱাইছে যে অনুন্নত দেশসমূহৰ অৰ্থনীতিসমূহ দুটা স্পষ্ট খণ্ডত বিভক্ত৷ সেই দুটা হৈছে-
১৷ কোনোমতে চলি থকা খণ্ড (The Subsistence Sector) আৰু
২৷ মুলধনী খণ্ড (The Capitalist Sector)
কোনোমতে চলি থকা খণ্ড (The Subsistence Sector)
কোনো মতে চলি থকা খণ্ডটো হৈছে অৰ্থনীতি এখনৰ সেইটো অংগ যিটোত পুনঃউৎপাদনক্ষম মূলধন ব্যৱহাৰ কৰাৰ সলনি বেছিকৈ শ্ৰমিকসকলক ব্যৱহাৰ কৰা হয়৷ অনুন্নত দেশসমূহৰ কৃষিখণ্ড হ’ল ইয়াৰ এক মূল উদাহৰণ৷ কৃষিখণ্ডত যথেষ্ট সংখ্যক লোক প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে৷ এইটো খণ্ডত জনমূৰি উৎপাদন খুব কম হয়৷ তদুপৰি পৰম্পৰাগত অবৈজ্ঞানিক পদ্ধতিৰ ব্যৱহ্যৰ হোৱা বাবে এইটো খণ্ডত উৎপানৰ বৃদ্ধি অতি নগন্য৷ এইটো খণ্ডত প্ৰয়োজনীয়তকৈ বহু বেছি শ্ৰমিক নিয়োজিত হৈ থাকে৷ উদাহৰণস্বৰূপে যিডৰা মাটিত ১০ কুইন্টল ধান উৎপাদন কৰিবলৈ ৫ জন মানুহেই যথেষ্ট তেনে মাটিডৰাত গাওঁ অঞ্চলত ১০/১২ জন মান লোক জড়িত হৈ থাকে৷ অতিৰিক্তভাৱে থকা সেই ৫/৭ জন লোকক কৃষিকৰ্মৰ পৰা অব্যাহতি দিলেও মুঠ উৎপাদন কমি নাযায়৷ অতিৰিক্তভাৱে থকা এইকেইজন লোকৰ প্ৰান্তিক উৎপাদনশীলতা শূন্য৷ এইকেইজন লোক ওপৰে ওপৰে চাবলৈ গ’লে কৃষিকৰ্মত নিয়োজিত হৈ আছে যেন লাগিলেও
তেওঁলোকৰ প্ৰান্তিক উৎপাদনশীলতা শূন্য হোৱা বাবে তেওঁলোকক নিবনুৱা বুলিয়েই ধৰা হয়৷ এনে ধৰণৰ নিবনুৱাক ছদ্মবেশী নিবনুৱা (Disguised Unemployment) বুলি কোৱা হয়৷
কোনো মতে চলি থকা খণ্ডটোত শ্ৰমিকসকলৰ মজুৰি আৰু উৎপাদনশীলতা খুব কম৷ এইটো খণ্ডত শ্ৰমিকৰ সংখ্যা প্ৰয়োজনীয়তকৈ বহু বেছি৷ গতিকে এইটো খণ্ডত মানৱ সম্পদৰ যথেষ্ট অপচয় হয় বুলি আমি ক’ব পাৰোঁ৷ 
মুলধনী খণ্ড (The Capitalist Sector)      
লিৱিছৰ মতে মুলধনী খণ্ড হৈছে অৰ্থনীতিৰ সেইটো অংগ যি উৎপাদনক্ষম মূলধন ব্যৱহাৰ কৰে আৰু তাৰ দ্বাৰা মুলধনৰ গৰাকীৰ উপাৰ্জন হয় (that part of the economy which uses reproducible capital and pays capitalists thereof)৷মূলধনৰ গৰাকী বা পুজিপতিসকলে মূলধনৰ নিয়ন্ত্ৰণ কৰে আৰু উৎপাদন প্ৰক্ৰিয়াৰ বাবে  শ্ৰমিকসকলক নিয়োগ কৰে৷ নিৰ্মাণ, স্থাপন, খনি (manufacturing, plantation, mines)আদি মূলধনী খণ্ডৰ উদাহৰণ৷ মূলধনী খণ্ড ৰাজহুৱা আৰু ব্যক্তিগত –এই দুই ধৰণৰে হ’ব পাৰে৷
দুয়োটি খণ্ডৰ মাজৰ সম্পৰ্ক (Relationship between the two sectors)
        শ্ৰমৰ প্ৰয়োজনীয়তা, শ্ৰমিকৰ উৎপাদনশীলতা আৰু মজুৰিৰ ক্ষেত্ৰত লিৱিছে কোৱা খণ্ড দুটিৰ মাজত কিছুমান স্পষ্ট প্ৰাৰ্থক্য থাকিলেও দুয়োটি খণ্ডৰ মাজত এক সুন্দৰ অৰ্থনৈতিক সম্পৰ্ক আছে৷
আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে কোনোমতে চলি থকা খণ্ডটোত অতিৰিক্তভাৱে যথেষ্ট সংখ্যক শ্ৰমিক নিয়োজিত হৈ থাকে৷ তেওঁলোকে সেইটো খণ্ডত নিজকে অধিক  উৎপাদনক্ষম কৰি তোলাৰ বিশেষ সুবিধা লাভ নকৰে৷ কম উৎপাদনশীলতাৰ কাৰণে তেওঁলোকে মজুৰিও কমকৈ পায়৷ যেতিয়া মূলধনী খণ্ডৰ বিকাশ সাধন হয় তেতিয়া কোনোমতে চলি থকা খণ্ডৰ অতিৰিক্ত শ্ৰমিকসকলে তুলনামূলকভাৱে উচ্চ মজুৰিত মূলধনী খণ্ডত নিয়োজিত হোৱাৰ সুবিধা লাভ কৰে৷ মূলধনী খণ্ডৰ যিমানেই বিকাশ হয়, কোনো মতে চলি থকা খণ্ডটিৰ পৰা মূলধনী খণ্ডলৈ সিমানেই বেছিকৈ শ্ৰমিকৰ সোঁত ববলৈ ধৰে৷
কোনো মতে চলি থকা খণ্ডটিত নিয়োজিত হৈ থকাৰ সময়ত শ্ৰমিকসকলৰ উৎপাদনশীলতা কম আছিল৷ কিন্তু তেনে শ্ৰমিকসকল যেতিয়া মূলধনী খণ্ডলৈ আহি নিয়োজিত হ’ব তেতিয়া প্ৰশিক্ষণৰ যোগেদি তেওঁলোকক দক্ষ কৰি লোৱা হ’ব আৰু তাৰ ফলত তেওঁলোকৰ উৎপাদনশীলতা যথেষ্ট বৃদ্ধি ঘটিব৷ কোনো মতে চলি থকা খণ্ডটিৰ পৰা অতিৰিক্ত শ্ৰমিকসকলক আনি প্ৰশিক্ষিত কৰি মূলধনী খণ্ডত নতুন নতুন উদ্যোগ স্থাপন কৰিব পৰা যাব৷
এইখিনিতে মনতে এটি প্ৰশ্ন হয়৷ সেইটো হ’ল –কোনো মতে চলি থকা খণ্ডটিৰ পৰা মূলধনী খণ্ডলৈ কেতিয়ালৈকে শ্ৰমিকৰ প্ৰৱাহ চলি থাকিব? নতুবা, দুয়োটা খণ্ডৰ মাজত চলি থকা শ্ৰমিকৰ সঞ্চালন কেতিয়া বন্ধ হ’ব৷ এই প্ৰশ্নটিৰ উত্তৰত লিৱিছে এক সুন্দৰ ব্যাখ্যা ডাঙি ধৰিছে৷ তেওঁৰ মতে, যেতিয়ালৈকে কোনো মতে চলি থকা খণ্ডটিত অতিৰিক্ত শ্ৰমিক থাকিব আৰু যেতিয়ালৈকে দুয়োটা খণ্ডৰ মাজত শ্ৰমিকক দিয়া মজুৰিৰ প্ৰাৰ্থক্য থাকিব তেতিয়ালৈকে প্ৰথমটি খণ্ডৰ পৰা দ্বিতীয়টিলৈ শ্ৰমিকৰ প্ৰৱাহ চলি থাকিব৷ এটা সময়ত প্ৰথমটি খণ্ডত অতিৰিক্ত শ্ৰমিকৰ পৰিমাণ কমি আহিব৷ ইয়াৰ ফলত এইটো খণ্ডতো শ্ৰমিকৰ মজুৰি বৃদ্ধি পাবলৈ ধৰিব৷ তাৰ লগে লগে শ্ৰমিকৰ উৎপাদনশীলতাও বৃদ্ধি পাব৷ এটা সময়ত দুয়োটা খণ্ডতে শ্ৰমিকৰ মজুৰি সমান হৈ পৰিব৷ ইয়াৰ লগে লগে প্ৰথমটো খণ্ডৰ পৰা দ্বিতীয়টো খণ্ডলৈ ঘটা শ্ৰমিকৰ প্ৰৱাহৰ অন্ত পৰিব৷ দুয়োটা খণ্ডতে শ্ৰমিকৰ উৎপাদনশীলতা সমান হ’বগৈ৷ অৱশেষত দুয়োটি খণ্ডই একে উৎপাদনশীলতাৰ যোগেদি সম হাৰত বিকাশ লাভ কৰিবলৈ সক্ষম হ’ব৷      
সমালোচনা (Criticism)
লিৱিছৰ তত্বটোৱে অনুন্নত দেশসমূহৰ দ্বৈত খণ্ডযুক্ত অৰ্থনীতিৰ বাস্তৱ ছবি এখন ডাঙি ধৰিছে কাৰণে তেনে দেশসমূহত এই তত্বটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে৷ সেয়া হ’লেও বিভিন্ন চিন্তাবিদে লিৱিছৰ তত্বটো ভিন্ন দিশৰ ওপৰত ভিত্তি কৰি সমালোচনা কৰিছে৷ লিৱিছৰ তত্বটো সমালোচনাৰ সন্মুখীন হোৱাৰ অন্তৰালত থকা তত্বটোৰ মূল দুৰ্বলতাসমূহ তলত আলোচনা কৰা হ’ল৷
১৷ লিৱিছে যুক্তি দৰ্শাইছে যে কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকসকলৰ প্ৰৱাহ ঘটে৷ ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছে যে কৃষিখণ্ডত অতিৰিক্ত শ্ৰমিক অনৰ্থকভাৱে নিয়োজিত হৈ থাকে৷ কিন্তু এই অতিৰিক্ত শ্ৰমিকসকলৰ প্ৰয়োজনীয়তা নাই বুলি একেষাৰে ক’বলৈ নোৱাৰি৷ উদাহৰণস্বৰূপে খেতি চপোৱাৰ সময়ত যথেষ্ট সংখ্যক শ্ৰমিকৰ আৱশ্যক হয়৷ 
২৷ লিৱিছে কোৱাৰ দৰে কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকৰ প্ৰৱাহ নহ’বও পাৰে কাৰণ কাৰিকৰী উন্নয়নৰ লগে লগে উদ্যোগখণ্ডই উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰে যি শ্ৰমিকৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে৷ বৃহৎ উদ্যোগসমূহ যন্ত্ৰ-পাতি আৰু প্ৰযুক্তিৰ ওপৰতহে নিৰ্ভৰশীল৷ তেনে উদ্যোগত শ্ৰমিকসকলৰ প্ৰয়োজনীয়তা তেনেই সীমিত৷
৩৷ কৃষিখণ্ডৰ অতিৰিক্ত শ্ৰমিকসকল উদ্যোগখণ্ডলৈ উচ্চ মজুৰিৰ নিয়োগৰ বাবে ঢাপলি মেলে বুলি লিৱিছে তেওঁৰ তত্বটোত ব্যাখ্যা কৰিছে৷ কিন্তু আমি জানোঁ যে কৃষিখণ্ডৰ পৰা যোৱা সৰহসংখ্যক শ্ৰমিকেই অদক্ষ আৰু কাৰিকৰী জ্ঞানশূন্য৷ আনহাতে উদ্যোগখণ্ডত উচ্চ কাৰিকৰী জ্ঞানসম্পন্ন শ্ৰমিকৰহে আৱশ্যক৷ গাওঁৰ পৰা অহা অদক্ষ শ্ৰমিকসকলে উদ্যোগবোৰত কিদৰে নিয়োগৰ সুবিধা পাব সেয়া লিৱিছে ব্যাখ্যা কৰা নাই৷ তেনে অদক্ষ শ্ৰমিকসকলক দক্ষ কৰিবৰ বাবে লাগতিয়াল প্ৰশিক্ষণ, কাৰিকৰী শিক্ষা প্ৰদান আদিৰ বিষয়তো লিৱিছে একো মাত মতা নাই৷ 

1 comment: