Thursday, 14 May 2020

গ্ৰামোন্নয়ন আৰু পৰিৱেশৰ সুৰক্ষা (Rural Development and Environmental Protection)


বহনক্ষম গ্ৰামোন্নয়ন সম্পৰ্কে আলোচনা কৰোঁতে ইতিমধ্যেই কোৱা হৈছে যে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰাৰ সময়ত পৰিৱেশৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অত্যাৱশ্যকীয়৷ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ মূল কৌশলটোৱেই হৈছে পৰিৱেশটোক সুৰক্ষিত কৰি আহৰণ কৰা উন্নয়ন৷
অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱাৰ পূৰ্বতে গাওঁ অঞ্চলবোৰত প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত হয় নে নহয় সেয়া দুই ধৰণেৰে আলোচনা কৰিব পাৰি৷ দুয়োটা ধাৰণা এটা আনটোৰ সম্পূৰ্ণ ওলোটা৷ দুয়োটাৰ নিজস্ব যুক্তি আছে৷
ক) গাওবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিত আৰু
খ) গাওবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিত নহয়৷
ক) গাওবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিতঃ গাঁৱৰ লোকসকল প্ৰকৃতিৰ বুকুতেই জন্ম আৰু লালিত-পালিত৷ তেওঁলোকে প্ৰাকৃতিক জগতখনক মাতৃজ্ঞান কৰে৷ গ্ৰাম্য লোকসকলৰ কাৰণে প্ৰকৃতিয়েই ভগৱান৷ তেওঁলোকে পূজা-অৰ্চনা কৰা দেৱ-দেৱীসকল প্ৰকৃতিজগতৰে৷ সেয়েহে তেওঁলোকে ডাঙৰ গছবোৰ নাকাটে, হাবিৰ জীৱ জন্তু হত্যা নকৰে, নদীবোৰত আৱৰ্জনা নেপেলায়৷ বহু গছ-গছনি আৰু বন্য জীৱ জন্তুক তেওঁলোকে দেৱ-দেৱতা জ্ঞান কৰি পূজা অৰ্চনা কৰে৷ 
গ্ৰাম্যাঞ্চলৰ লোকসকলৰ প্ৰয়োজনীয়তা অতি সীমিত৷ প্ৰকৃতিজগতৰ কোনো ক্ষতি নোহোৱাকৈয়ে তেওঁলোকে প্ৰকৃতিৰ পৰাই অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সুবিধা যোগাৰ কৰি লয়৷ চহৰৰ চহকী মানুহৰ ঘৰত থকা দামী আচবাব বোৰ তেওঁলোকৰ বাবে অপ্ৰয়োজনীয়৷ সেয়েহে গছ বন কাটি জীৱন যাপন বিলাসী কৰাটো তেওঁলোকৰ বাবে প্ৰয়োজনীয় নহয়৷ তেওঁলোক কম সা-সুবিধাতেই সন্তোষ্ট৷ গ্ৰাম্যাঞ্চলৰ লোকসকলে খেতি বাতি কৰে যদিও সেয়া ব্যৱসায়িক উদ্দেশ্যেৰে কৰা নহয়৷ পৰিয়ালটোৰ আটাইসকলে পেট ভৰাই খাবলৈ হোৱাকৈ শস্যৰ উৎপাদন হ’লেই তেওঁলোক সন্তোষ্ট৷ সেয়েহে হাবি-বন কাটি মাটি উলিয়াই খেতি কৰাটো তেওঁলোকৰ বাবে অপ্ৰয়োজনীয় বিষয়৷
গাওঁ অঞ্চলবোৰত বৃহৎ উদ্যোগ নাই৷ অধিকসংখ্যক লোক কৃষিৰ ওপৰতেই নিৰ্ভৰশীল৷ দুই এটা কুটীৰ শিল্পৰ প্ৰচলন আছে৷ এইবোৰত মানৱ শ্ৰমেই মূল৷ কল -কাৰখানা সাজিবলৈ তেওঁলোকৰ কাৰিকৰী জ্ঞান আৰু মূলধন দুয়োটাৰেই অভাৱ৷ সেয়েহে অৰণ্য কাটি কাৰখানা নিৰ্মাণ কৰাটো তেওঁলোকৰ সপোনৰো অগোচৰ৷ 
গ্ৰাম্যাঞ্চলৰ লোকসকলে দৈনন্দিন জীৱনত জৈৱিক সামগ্ৰীৰ ব্যৱহাৰহে কৰে৷ পিন্ধা কাপোৰৰ পৰা আৰম্ভ কৰি কৃষিকৰ্মত ব্যৱহৃত সাৰলৈকে  আটাইবোৰ -তেওঁলোকে প্ৰাকৃতিক উপকৰণৰ যোগেদি প্ৰস্তুত সামগ্ৰীহে ব্যৱহাৰ কৰে৷ প্লাষ্টিক, পলিথিন, ৰাসায়নিক দ্ৰব্য আদিৰ ব্যৱহাৰ গাওঁ অঞ্চলবোৰত একেবাৰেই নাই বুলিলেও চলে৷  সেয়েহে গ্ৰাম্যাঞ্চলৰ লোকসকলৰ দ্বাৰা মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ অতি নগন্য পৰিমানে হয়৷
খ) গাওঁবাসীৰ ওচৰত পৰিৱেশ সুৰক্ষিত নহয়ঃ গ্ৰাম্যাঞ্চলৰ লোকসকল অজ্ঞ আৰু অশিক্ষিত হোৱা বাবে তেওঁলোকে পৰিৱেশ সংৰক্ষণৰ মূল্য বুজি নাপায়৷ গ্ৰাম্যাঞ্চলৰ হাবিসমূহত বহুতো আপুৰুগীয়া গছ-বন আৰু জীৱ জন্তু পোৱা যায়৷ গাঁৱৰ লোকসকলে সেইবোৰৰ গুৰুত্ব বুজি নাপাই বহু জীৱ জন্তু খাবৰ কাৰণে চিকাৰ কৰি মাৰি পেলায়৷ তাৰ ফলত কিছুমান জীৱ জন্তু বিলুপ্ত হৈ পৰিছে৷ বহু চৰাই চিৰিকটি আজিকালি গাওঁবোৰৰ সলনি চহৰবোৰতহে দেখিবলৈ পোৱা যায়৷
জনসংখ্যা বৃদ্ধিৰ হাৰ গাঁও অঞ্চলবোৰত তুলনামূলকভাৱে অধিক৷ অন্ধবিশ্বাস, আধুনিক চিকিৎসা সুবিধাৰ অভাৱ, অজ্ঞতা আৰু কৃষিভিত্তিক প্ৰয়োজনীয়তাত গ্ৰাম্যাঞ্চলৰ লোকসকলে সাধাৰণতে অধিক সদস্যৰ পৰিয়াল পচণ্ড কৰে৷ এটা পৰিয়ালতে পাঁচ-ছয়টা পৰ্যন্ত ল’ৰা-ছোৱালী থাকে৷ জনসংখ্যা বৃদ্ধিৰ ফলত গাঁৱসমূহত কৃষিভূমিৰ অভাৱ ঘটাত অৰণ্যবোৰ কাটি মুকলি কৰি কৃষিভূমিৰ সৃষ্টি কৰা হয়৷
গ্ৰম্যাঞ্চলত প্ৰাকৃতিক সম্পদসমূহৰ প্ৰাচুৰ্য দেখি ব্যক্তিগত খণ্ডৰ কিছুমান উদ্যোগপতি আকৃষ্ট হৈ বিনিয়োগৰ যোগেদি লাভ অৰ্জন কৰিবলৈ গাঁৱলৈ আহে৷ তেওঁলোকে সহজ সৰল গাঁৱৰ লোকসকলৰ পৰা কম দামতে মাটি-সম্পত্তি ক্ৰয় কৰি নিজা মুনাফা অৰ্জন কৰে৷ এনে উদ্যোগপতিসকলে পৰিৱেশ প্ৰদূষণ কৰিবলৈ অকনো কুন্ঠাবোধ নকৰে৷ অশিক্ষিত আৰু সহজ সৰল গাঁৱলীয়া লোকসকলে চহকী উদ্যোগপতিসকলক  প্ৰদূষণৰ বিপক্ষে অভিযোগ দিবলৈ সাহস নকৰে৷
বহু গাঁৱৰ অবৈজ্ঞানিক কৃষি কৌশল পৰিৱেশ প্ৰদূষণৰ কাৰণে দায়ী৷ উদাহৰণস্বৰূপে বহু ঠাইত অৰণ্য জ্বলাই মুকলি কৰি কেইমাহমানৰ পিছত সেই ঠাইখিনিত খেতিবাতি কৰা হয়৷ তেনে কৃষি কৌশলক জুমখেতি বোলা হয়৷ খেতি কৰাৰ এনে পদ্ধতিৰ ফলত বহু আপুৰুগীয়া গছ বন আৰু জীৱ জন্তু অৰণ্যসমূহৰ পৰা বিলুপ্ত হৈ গৈছে৷ তদুপৰি অৰণ্যসমূহৰ আকাৰ যথেষ্ট হ্ৰাস পাইছে৷ জুমখেতিৰ ফলত পৰিৱেশ প্ৰদূষণো হয়৷ 
গ্ৰামোন্নয়ন আৰম্ভ হোৱাৰ পিছৰ পৰিৱেশ (Environment after the start of Rural Development)
গ্ৰামোন্নয়ন আৰম্ভ হোৱাৰ পিছত প্ৰাকৃতিক পৰিৱেশটোৰ উন্নতি ঘটে নে অৱনতি ঘটে সেইটো এটা ডাঙৰ প্ৰশ্ন৷ সেই সম্পৰ্কে বিভিন্ন অৰ্থনীতিবিদে ভিন্ন মত ডাঙি ধৰিছে৷ এইটো নিশ্চিত যে বৃহৎ উদ্যোগৰ ওপৰত প্ৰতিষ্ঠিত গ্ৰামোন্নয়নে প্ৰাকৃতিক পৰিৱেশৰ যথেষ্ট ক্ষতি কৰে৷ আগতেই কোৱা হৈছে যে গ্ৰাম্যাঞ্চলত বসবাস কৰা লোকসকলৰ অজ্ঞতা আৰু সহজ সৰল স্বভাৱটোৰ সুবিধা লৈ উদ্যোগপতিসকলে ইচ্ছানুসৰি আৰু বাধাহীন ভাৱে পৰিৱেশটো প্ৰদূষিত কৰি থাকে৷ সেয়েহে প্ৰদূষণৰ বাবে দায়ী বৃহৎ উদ্যোগসমূহৰ সলনি ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগৰ যোগেদিহে গ্ৰাম্যাঞ্চলৰ উন্নয়নত গুৰুত্ব আৰোপ কৰাটো উচিত৷ তদুপৰি এনে উদ্যোগসমূহৰ মালিকীস্বত্ব বৃহৎ উদ্যোগপতিৰ সলনি চৰকাৰ নতুবা ৰাইজৰ  ওচৰত থকাটো আৱশ্যকীয়৷
গ্ৰামোন্নয়নৰ প্ৰথমচোৱাত প্ৰাকৃতিক পৰিৱেশৰ অৱক্ষয় হোৱাটো একপ্ৰকাৰে নিশ্চিত৷ সেই সময়ছোৱাত প্ৰদূষণহীন বিশুদ্ধ প্ৰাকৃতিক পৰিৱেশ এটিৰ তুলনাত অৰ্থনৈতিক উন্নয়ন অধিক গুৰুত্বপূৰ্ণ হৈ পৰে৷ কিন্তু উন্নয়নৰ লগে লগে মানুহবোৰৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ ফলত আৰু বিশেষকৈ তেওঁলোক শিক্ষিত হৈ পৰাত সমাজত পৰিৱেশ সম্পৰ্কে সজাগতাৰ সৃষ্টি হয়৷ তাৰ ফলত পৰিৱেশ প্ৰদূষণ হ্ৰাস পাবলৈ ধৰে আৰু প্ৰাকৃতিক পৰিৱেশে পুনৰ ঠন ধৰিবলৈ লয়৷
অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কটো ডাঙি ধৰিবলৈ অৰ্থনীতি বিজ্ঞানত পৰিৱেশীয় কুজনেট বক্ৰ অভিধাৰণাটোৰ (Environmental Kuznets Curve Hypothesis) সহায় লোৱা হয়৷  এই বিশেষ অভিধাৰণাটোৰ মতে অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱাৰ আগতে অঞ্চল এটিত কোনো ধৰণৰ পৰিৱেশ প্ৰদূষণ নাথাকে৷ অৰ্থনৈতিক উন্নয়ন আৰম্ভ হ’লে উন্নয়নৰ প্ৰথম স্তৰত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি ঘটিবলৈ ধৰে৷ উন্নয়নে এক বিশেষ সীমা অতিক্ৰম কৰাৰ পিছত মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত প্ৰদূষণ পুনৰ হ্ৰাস পাবলৈ আৰম্ভ হয়৷ অৰ্থাৎ অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কটো তলৰ চিত্ৰত দেখুওৱা ওলোটা ‘U’ বৰ্ণটোৰ দৰে৷ গ্ৰামোন্নয়নৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য৷
চিত্ৰঃ পৰিৱেশীয় কুজনেট বক্ৰ
চিত্ৰটোত স্পষ্টভাৱে দেখুওৱা হৈছে যে অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱা প্ৰথম স্তৰত পৰিৱেশ প্ৰদূষণৰ বৃদ্ধি ঘটি উচ্চতম সীমা পাইগৈ৷ উন্নয়নে এক বিশেষ সীমা পোৱাৰ পিছত প্ৰদূষণ হ্ৰাস পাবলৈ ধৰে৷ অৰ্থাৎ উন্নয়নৰ প্ৰথম স্তৰত পৰিৱেশৰ অৱক্ষয় ঘটে আৰু উচ্চ পৰ্যায়ৰ উন্নয়নত পৰিৱেশৰ উন্নতি ঘটে৷ বাস্তৱ পৃথিৱীখনতো আমি এনে ধৰণৰ সম্পৰ্ক দেখিবলৈ পাওঁ৷ অনুন্নত দেশসমূহৰ তুলনাত উন্নত দেশসমূহৰ পৰিৱেশ অধিক নিৰ্মল৷


1 comment: