আমাৰ
দেশৰ নতুন দিল্লী, মুম্বাই, বাঙ্গালোৰ আদি বাণিজ্য কেন্দ্ৰত পৰিণত হৈছে৷ দেশৰ
বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোক তেনে বাণিজ্য কেন্দ্ৰবোৰলৈ নিয়োগৰ বাবে ঢাপলি
মেলিছে৷ উপাৰ্জনৰ পথ লাভ কৰি কাষৰ অঞ্চলৰ লোকসকল লাভৱান হৈছে৷ আনহাতে মানৱ সম্পদৰ
বৰ্হিঃগমণ হোৱা বাবে তেনে অঞ্চলসমূহ লোকচানৰো সন্মুখীন হৈছে৷ অৰ্থাৎ কোনো অঞ্চল
এটিয়ে যেতিয়া অৰ্থনৈতিক উন্নয়ন লাভ কৰি বাণিজ্য কেন্দ্ৰত পৰিণত হয় তেতিয়া তাৰ কাষৰ
অঞ্চলসমূহত ভাল আৰু বেয়া দুই ধৰণৰ প্ৰভাৱ পৰে৷
কোনো এক
অঞ্চলত অৰ্থনৈতিক বিকাশ ঘটিলে তাৰ কাষৰ অঞ্চলসমূহৰ লোকসকলে তাত নিয়োগৰ সুবিধা লাভ
কৰে, সেই বিকশিত ঠাইখনলৈ গৈ উন্নত চিকিৎসা আৰু শিক্ষাৰ সুবিধা লাভ কৰে৷ কিন্তু একে
সময়তে, সেই বিকশিত অঞ্চলসমূহলৈ কাষৰ পিছপৰা অঞ্চলসমূহৰ পৰা প্ৰাকৃতিক সম্পদ আৰু
মানৱ সম্পদৰ বৰ্হিঃগমণ ঘটা বাবে তেনে কাষৰীয়া অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নত বেয়া
প্ৰভাৱ পৰে৷ অৰ্থাৎ বাণিজ্যকেন্দ্ৰসমূহে কাষৰীয়া অঞ্চলসমূহত ভাল আৰু বেয়া দুয়োটা
প্ৰভাৱেই পেলায়৷ বেয়াতকৈ ভাল প্ৰভাৱ অধিক হোৱা পৰিস্থিতিটোক বিস্তাৰ (Spread) বোলা হয়৷ আৰু তাৰ বিপৰীতে, ভালতকৈ বেয়া প্ৰভাৱ বেছি হোৱা পৰিস্থিতিটোক
পশ্চাদমুখী পৰিণতি বোলা হয়৷
গুনাৰ
মিৰ্দেল (Gunner
Myrdal, 1957) নামৰ অৰ্থনীতিবিদজনে পোন প্ৰথমবাৰৰ কাৰণে আন্তৰ্জাতিক
বাণিজ্যৰ গ্ৰন্থ এখনিত বিস্তাৰ আৰু পশ্চাদমুখী পৰিণতিৰ ধাৰণাটোৰ জন্ম দিয়ে৷ মিৰ্দেলে দেখুৱালে যে কোনো অঞ্চল এটি ৰপ্তানি
কেন্দ্ৰত পৰিণত হ’লে কাষৰ অঞ্চলসমূহৰ পৰা সেই অঞ্চলটোলৈ মূলধন আৰু শ্ৰমিকৰ সৰবৰাহ
ঘটে৷ ইয়াৰ ফলত সেই কাষৰ অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশত কুপ্ৰভাৱ পৰে৷ ১৯৭৩ চনত থমাচ
ভিট’ৰিজ (Thomas Vietorisz)আৰু বেনেট
হাৰিচন (Bennett
Harrison) নামৰ অৰ্থনীতিবিদ দুজনে মিৰ্দেলৰ আৰ্হিটোৰ সম্প্ৰসাৰণ
ঘটাই ধাৰণা আগবঢ়ালে যে বিস্তাৰ আৰু পশ্চাদমুখী পৰিণতি
বাণিজ্যকেন্দ্ৰৰ প্ৰযুক্তিগত উন্নতি, কাষৰীয়া অঞ্চলসমূহৰ শ্ৰমিকৰ উৎপাদনশীলতা আৰু
দুয়ো অঞ্চলৰ মজুৰিৰ প্ৰাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে৷
পশ্চাদমুখী
পৰিণতি (Backwash Effect)
নগৰ
অঞ্চলৰ বিকাশে কাষৰ গাওঁ অঞ্চলসমূহৰ জনসংখ্যা হ্ৰাস কৰে, সম্পদৰ বৰ্হিঃগমণ ঘটায়৷
ইয়াৰ ফলত পিছপৰা অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়৷ পাঁচটা
কাৰকে পশ্চাদমুখী পৰিণতিৰ উদ্ভৱ ঘটায়৷ সেইকেইটা তলত আলোচনা কৰা হ’ল-
১) নগৰ
অঞ্চলত উদ্যোগৰ বিকাশ সাধন আৰু দ্ৰব্য-সামগ্ৰীৰ খৰটকীয়া উৎপাদনৰ কাৰণে
গ্ৰ্যাম্যাঞ্চলৰ মূলধন আৰু সম্পদসমূহৰ সৰবৰাহ ঘটোৱা হয়৷
২) নগৰৰ
উন্নত সামগ্ৰীসমূহৰ সৈতে প্ৰতিযোগিতাত তিষ্টি থাকিব নোৱাৰি গ্ৰাম্যাঞ্চলৰ
উদ্যোগসমূহ বন্ধ হৈ পৰে৷
৩)
গ্ৰাম্যাঞ্চলৰ শিক্ষিত লোকসকল উন্নত নিয়োগ আৰু অন্যান্য সুবিধাৰ কাৰণে নগৰ অঞ্চললৈ
গুচি যায়৷
৪) গাওঁ
অঞ্চলৰ উন্নত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে উন্নত বজাৰ আৰু সূচল আন্তঃগাঁথনিৰ সুবিধা
বিচাৰি নগৰ অঞ্চললৈ ঢাপলি মেলে৷
৫)
চৰকাৰেও উন্নত অঞ্চলসমূহকহে অধিক গুৰুত্ব দিয়ে৷ পিছপৰা গাওঁ অঞ্চলসমূহ চৰকাৰী
গুৰুত্বৰ পৰা বঞ্চিত হৈ ৰয়৷
এটা কথা মন কৰিবলগীয়া যে নগৰ অঞ্চলৰ পৰা অধিক আঁতৰৰ গ্ৰাম্যাঞ্চলসমূহত পশ্চাদমুখী
পৰিণতিৰ প্ৰভাৱ অধিক বেছি৷ সেয়েহে এই অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নত চৰকাৰ প্ৰশাসনে
অধিক গুৰুত্ব আৰোপ কৰিব লাগে৷
বিস্তাৰ পৰিণতি (SpreadEffect)
বিস্তাৰ পৰিণতি হৈছে পশ্চাদমুখী
পৰিণতিৰ সম্পূৰ্ণ বিপৰীত ধাৰণা৷ নগৰীয়া বাণিজ্য কেন্দ্ৰৰ বিকাশ সাধন হোৱা বাবে
কাষৰ পিছপৰা অঞ্চলসমূহত যি ভাল প্ৰভাৱ পৰে সেইবোৰক বিস্তাৰ বোলা হয়৷
উদাহৰণস্বৰূপে, নতুন দিল্লী বাণিজ্য কেন্দ্ৰত পৰিণত হোৱা বাবে কাষৰ ফৰিদাবাদ,
গুৰগাওঁ, গাজিয়াবাদ আদি আঞ্চলসমূহৰ লোকসকলো উপকৃত হৈছে৷ এই অঞ্চলৰ লোকসমূহে নতুন
দিল্লীত নিয়োগৰ সুবিধা লাভ কৰিছে৷ তেওঁলোকৰ ল’ৰা ছোৱালীয়ে দিল্লীৰ আধুনিক
বিদ্যালয়, মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে৷ সেইবোৰ অঞ্চলৰ ৰোগীয়ে
দিল্লীত উন্নত চিকিৎসাৰ সুবিধা লাভ কৰিছে৷ ইয়াৰোপৰি দিল্লীৰ বজাৰত কম দামতে উন্নত
মানসম্পন্ন সামগ্ৰী পাই গ্ৰাহকসকলো উপকৃত হৈছে৷
বিস্তাৰ
আৰু পশ্চাদমুখী পৰিণতি –কোনটো বেছি? (Spread and Backwash Effect –Which is
Bigger?)
নগৰীয়া বাণিজ্য কেন্দ্ৰৰ পৰা তুলনামূলকভাৱে ওচৰত থকা
গাওঁ অঞ্চলসমূহত বিস্তাৰ পৰিণতিৰ প্ৰভাৱ অধিক হয়৷ তেনে অঞ্চলসমূহতো পশ্চাদমুখী
পৰিণতি থাকে যদিও সেয়া বিস্তাৰৰ তুলনাত কম হয়৷ উদাহৰণস্বৰূপে ডিব্ৰুগড় নগৰখন
বাণিজ্যকেন্দ্ৰত পৰিণত হোৱা বাবে ওচৰৰ চাউলখোৱা, লাহোৱাল আদি অঞ্চলসমূহৰ লোকসকল
লোকচানৰ সন্মুখীন হোৱাৰ তুলনাত অধিক লাভৱান হৈছে৷
অন্যহাতে নগৰীয়া বাণিজ্য কেন্দ্ৰৰ পৰা
তুলনামূলকভাৱে আঁতৰত অৱস্থিত অঞ্চলসমূহত বিস্তাৰৰ তুলনাত পশ্চাদমুখী পৰিণতিৰ
প্ৰভাৱ অধিক হয়৷ তেনে অঞ্চলসমূহতো বিস্তাৰৰ প্ৰভাৱ থাকে যদিও সেয়া তুলনামূলকভাৱে
কম হয়৷ উদাহৰণস্বৰূপে দিল্লী, মুম্বাই আদি অঞ্চলসমূহ বাণিজ্যকেন্দ্ৰলৈ পৰিৱৰ্তিত
হোৱা বাবে ডিব্ৰুগড় যোৰহাট আদিৰ লোকসকল বিশেষ উপকৃত হোৱা নাই কাৰণ উন্নত চিকিৎসা,
শিক্ষাগ্ৰহণ, বজাৰ আদিৰ কাৰণে আমাৰ ইয়াৰ পৰা দিল্লীলৈ যোৱা লোক খুব কম আছে৷ কিন্তু
তাৰ বিপৰীতে যদি আমাৰ অঞ্চলসমূহৰ পৰা যথেষ্ট সংখ্যক শিক্ষিত যুৱক যুৱতী দিল্লীলৈ
ঢাপলি মেলে তেতিয়া আমাৰ অঞ্চলসমূহৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ সম্ভাৱনীয়তা কিছু হ’লেও
হ্ৰাস পাব৷
Your insights are greatly appreciated. Thank you! Also check the wawayanda town court
ReplyDelete