Thursday, 14 May 2020

মিৰ্দেলৰ বিস্তাৰ আৰু পশ্চাদমুখী পৰিণতিৰ তত্ব (Myrdal’s thesis of Spread and Backwash Effect)


আমাৰ দেশৰ নতুন দিল্লী, মুম্বাই, বাঙ্গালোৰ আদি বাণিজ্য কেন্দ্ৰত পৰিণত হৈছে৷ দেশৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোক তেনে বাণিজ্য কেন্দ্ৰবোৰলৈ নিয়োগৰ বাবে ঢাপলি মেলিছে৷ উপাৰ্জনৰ পথ লাভ কৰি কাষৰ অঞ্চলৰ লোকসকল লাভৱান হৈছে৷ আনহাতে মানৱ সম্পদৰ বৰ্হিঃগমণ হোৱা বাবে তেনে অঞ্চলসমূহ লোকচানৰো সন্মুখীন হৈছে৷ অৰ্থাৎ কোনো অঞ্চল এটিয়ে যেতিয়া অৰ্থনৈতিক উন্নয়ন লাভ কৰি বাণিজ্য কেন্দ্ৰত পৰিণত হয় তেতিয়া তাৰ কাষৰ অঞ্চলসমূহত ভাল আৰু বেয়া দুই ধৰণৰ প্ৰভাৱ পৰে৷
কোনো এক অঞ্চলত অৰ্থনৈতিক বিকাশ ঘটিলে তাৰ কাষৰ অঞ্চলসমূহৰ লোকসকলে তাত নিয়োগৰ সুবিধা লাভ কৰে, সেই বিকশিত ঠাইখনলৈ গৈ উন্নত চিকিৎসা আৰু শিক্ষাৰ সুবিধা লাভ কৰে৷ কিন্তু একে সময়তে, সেই বিকশিত অঞ্চলসমূহলৈ কাষৰ পিছপৰা অঞ্চলসমূহৰ পৰা প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ বৰ্হিঃগমণ ঘটা বাবে তেনে কাষৰীয়া অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নত বেয়া প্ৰভাৱ পৰে৷ অৰ্থাৎ বাণিজ্যকেন্দ্ৰসমূহে কাষৰীয়া অঞ্চলসমূহত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱেই পেলায়৷ বেয়াতকৈ ভাল প্ৰভাৱ অধিক হোৱা পৰিস্থিতিটোক বিস্তাৰ (Spread) বোলা হয়৷ আৰু তাৰ বিপৰীতে, ভালতকৈ বেয়া প্ৰভাৱ বেছি হোৱা পৰিস্থিতিটোক পশ্চাদমুখী পৰিণতি বোলা হয়৷
গুনাৰ মিৰ্দেল (Gunner Myrdal, 1957) নামৰ অৰ্থনীতিবিদজনে পোন প্ৰথমবাৰৰ কাৰণে আন্তৰ্জাতিক বাণিজ্যৰ গ্ৰন্থ এখনিত বিস্তাৰ আৰু পশ্চাদমুখী পৰিণতিৰ ধাৰণাটোৰ জন্ম দিয়ে৷  মিৰ্দেলে দেখুৱালে যে কোনো অঞ্চল এটি ৰপ্তানি কেন্দ্ৰত পৰিণত হ’লে কাষৰ অঞ্চলসমূহৰ পৰা সেই অঞ্চলটোলৈ মূলধন আৰু শ্ৰমিকৰ সৰবৰাহ ঘটে৷ ইয়াৰ ফলত সেই কাষৰ অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশত কুপ্ৰভাৱ পৰে৷ ১৯৭৩ চনত থমাচ ভিট’ৰিজ (Thomas Vietorisz)আৰু বেনেট হাৰিচন (Bennett Harrison) নামৰ অৰ্থনীতিবিদ দুজনে মিৰ্দেলৰ আৰ্হিটোৰ সম্প্ৰসাৰণ ঘটাই ধাৰণা আগবঢ়ালে যে বিস্তাৰ আৰু পশ্চাদমুখী পৰিণতি বাণিজ্যকেন্দ্ৰৰ প্ৰযুক্তিগত উন্নতি, কাষৰীয়া অঞ্চলসমূহৰ শ্ৰমিকৰ উৎপাদনশীলতা আৰু দুয়ো অঞ্চলৰ মজুৰিৰ প্ৰাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে৷ 
পশ্চাদমুখী পৰিণতি (Backwash Effect)
নগৰ অঞ্চলৰ বিকাশে কাষৰ গাওঁ অঞ্চলসমূহৰ জনসংখ্যা হ্ৰাস কৰে, সম্পদৰ বৰ্হিঃগমণ ঘটায়৷ ইয়াৰ ফলত পিছপৰা অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়৷ পাঁচটা কাৰকে পশ্চাদমুখী পৰিণতিৰ উদ্ভৱ ঘটায়৷ সেইকেইটা তলত আলোচনা কৰা হ’ল-
১) নগৰ অঞ্চলত উদ্যোগৰ বিকাশ সাধন আৰু দ্ৰব্য-সামগ্ৰীৰ খৰটকীয়া উৎপাদনৰ কাৰণে গ্ৰ্যাম্যাঞ্চলৰ মূলধন আৰু সম্পদসমূহৰ সৰবৰাহ ঘটোৱা হয়৷ 
২) নগৰৰ উন্নত সামগ্ৰীসমূহৰ সৈতে প্ৰতিযোগিতাত তিষ্টি থাকিব নোৱাৰি গ্ৰাম্যাঞ্চলৰ উদ্যোগসমূহ বন্ধ হৈ পৰে৷
৩) গ্ৰাম্যাঞ্চলৰ শিক্ষিত লোকসকল উন্নত নিয়োগ আৰু অন্যান্য সুবিধাৰ কাৰণে নগৰ অঞ্চললৈ গুচি যায়৷
৪) গাওঁ অঞ্চলৰ উন্নত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে উন্নত বজাৰ আৰু সূচল আন্তঃগাঁথনিৰ সুবিধা বিচাৰি নগৰ অঞ্চললৈ ঢাপলি মেলে৷
৫) চৰকাৰেও উন্নত অঞ্চলসমূহকহে অধিক গুৰুত্ব দিয়ে৷ পিছপৰা গাওঁ অঞ্চলসমূহ চৰকাৰী গুৰুত্বৰ পৰা বঞ্চিত হৈ ৰয়৷
এটা কথা মন কৰিবলগীয়া যে নগৰ অঞ্চলৰ পৰা অধিক আঁতৰৰ গ্ৰাম্যাঞ্চলসমূহত পশ্চাদমুখী পৰিণতিৰ প্ৰভাৱ অধিক বেছি৷ সেয়েহে এই অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নত চৰকাৰ প্ৰশাসনে অধিক গুৰুত্ব আৰোপ কৰিব লাগে৷
বিস্তাৰ পৰিণতি (SpreadEffect)
বিস্তাৰ পৰিণতি হৈছে পশ্চাদমুখী পৰিণতিৰ সম্পূৰ্ণ বিপৰীত ধাৰণা৷ নগৰীয়া বাণিজ্য কেন্দ্ৰৰ বিকাশ সাধন হোৱা বাবে কাষৰ পিছপৰা অঞ্চলসমূহত যি ভাল প্ৰভাৱ পৰে সেইবোৰক বিস্তাৰ বোলা হয়৷ উদাহৰণস্বৰূপে, নতুন দিল্লী বাণিজ্য কেন্দ্ৰত পৰিণত হোৱা বাবে কাষৰ ফৰিদাবাদ, গুৰগাওঁ, গাজিয়াবাদ আদি আঞ্চলসমূহৰ লোকসকলো উপকৃত হৈছে৷ এই অঞ্চলৰ লোকসমূহে নতুন দিল্লীত নিয়োগৰ সুবিধা লাভ কৰিছে৷ তেওঁলোকৰ ল’ৰা ছোৱালীয়ে দিল্লীৰ আধুনিক বিদ্যালয়, মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে৷ সেইবোৰ অঞ্চলৰ ৰোগীয়ে দিল্লীত উন্নত চিকিৎসাৰ সুবিধা লাভ কৰিছে৷ ইয়াৰোপৰি দিল্লীৰ বজাৰত কম দামতে উন্নত মানসম্পন্ন সামগ্ৰী পাই গ্ৰাহকসকলো উপকৃত হৈছে৷
বিস্তাৰ আৰু পশ্চাদমুখী পৰিণতি –কোনটো বেছি? (Spread and Backwash Effect –Which is Bigger?)
নগৰীয়া বাণিজ্য কেন্দ্ৰৰ পৰা তুলনামূলকভাৱে ওচৰত থকা গাওঁ অঞ্চলসমূহত বিস্তাৰ পৰিণতিৰ প্ৰভাৱ অধিক হয়৷ তেনে অঞ্চলসমূহতো পশ্চাদমুখী পৰিণতি থাকে যদিও সেয়া বিস্তাৰৰ তুলনাত কম হয়৷ উদাহৰণস্বৰূপে ডিব্ৰুগড় নগৰখন বাণিজ্যকেন্দ্ৰত পৰিণত হোৱা বাবে ওচৰৰ চাউলখোৱা, লাহোৱাল আদি অঞ্চলসমূহৰ লোকসকল লোকচানৰ সন্মুখীন হোৱাৰ তুলনাত অধিক লাভৱান হৈছে৷
অন্যহাতে নগৰীয়া বাণিজ্য কেন্দ্ৰৰ পৰা তুলনামূলকভাৱে আঁতৰত অৱস্থিত অঞ্চলসমূহত বিস্তাৰৰ তুলনাত পশ্চাদমুখী পৰিণতিৰ প্ৰভাৱ অধিক হয়৷ তেনে অঞ্চলসমূহতো বিস্তাৰৰ প্ৰভাৱ থাকে যদিও সেয়া তুলনামূলকভাৱে কম হয়৷ উদাহৰণস্বৰূপে দিল্লী, মুম্বাই আদি অঞ্চলসমূহ বাণিজ্যকেন্দ্ৰলৈ পৰিৱৰ্তিত হোৱা বাবে ডিব্ৰুগড় যোৰহাট আদিৰ লোকসকল বিশেষ উপকৃত হোৱা নাই কাৰণ উন্নত চিকিৎসা, শিক্ষাগ্ৰহণ, বজাৰ আদিৰ কাৰণে আমাৰ ইয়াৰ পৰা দিল্লীলৈ যোৱা লোক খুব কম আছে৷ কিন্তু তাৰ বিপৰীতে যদি আমাৰ অঞ্চলসমূহৰ পৰা যথেষ্ট সংখ্যক শিক্ষিত যুৱক যুৱতী দিল্লীলৈ ঢাপলি মেলে তেতিয়া আমাৰ অঞ্চলসমূহৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ সম্ভাৱনীয়তা কিছু হ’লেও হ্ৰাস পাব৷ 

ৰেগনাৰ নাৰ্কচৰ সুষম বিকাশ তত্ব (Theory of Balanced Growth by Ragnar Nurkse)


অধ্যাপক নাৰ্কচে সম বিকাশ তত্বৰ এক সুন্দৰ ব্যাখ্যা আগবঢ়াইছে৷ তেওঁৰ মতে অনুন্নত দেশসমূহৰ দুৰৱস্থাৰ মূল কাৰণ হ’ল দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ (Vicious Circle of Poverty)৷ দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহে দেখুৱাই যে অনুন্নত দেশসমূহত আয় যথেষ্ট কম৷ কম আয়ৰ বাবে এনেবোৰ দেশত কম সঞ্চয় হয়৷ কম সঞ্চয়ৰ ফলত কম বিনিয়োগ হয়৷ ইয়াৰ ফলত উৎপাদন কম হয়৷ উৎপাদন কম হ’লে আয়ো কম হয়৷ কম আয় হোৱা কাৰণে ক্ৰেতাসকলৰ ক্ৰয় ক্ষমতা অতি নগন্য হয় যাৰ ফলত এইবোৰ দেশত এখন ভাল বজাৰ বিকশিত হ’ব নোৱাৰে৷ তাৰ ফলত বিনিয়োগকাৰী সকলে অধিক বিনিয়োগ কৰিবলৈ অকনো আগ্ৰহী নহয়৷ 
নাৰ্কচে কৈছে, “The inducement to invest may be low because of the small buying power of the people, which is due to their small real income, which again is due to low productivity. The low level of productivity however is a result of the small amount of capital used in production which in turn may be caused, at last partly, by inducement to invest.” অৰ্থাৎ অনুন্নত দেশসমূহত বিনিয়োগকাৰী সকল বিনিয়োগ কৰিবলৈ আগ্ৰহী নোহোৱাৰ মূল কাৰণ হ’ল এনে দেশসমূহৰ লোকসকলৰ সামান্য ক্ৰয় ক্ষমতা৷ সামান্য ক্ৰয় ক্ষমতাৰ মূল কাৰণ হ’ল কম আয়৷ কম আয়ৰ মূল কাৰণ হ’ল কম উৎপাদনশীলতা৷ কম উৎপাদনশীলতাৰ কাৰণ হ’ল কম বিনিয়োগ৷
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে অনুন্নত দেশসমূহৰ দুৰৱস্থাৰ অন্তৰালত এক দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ কাৰক হিচাপে থাকে৷ এই দৰিদ্ৰতাৰ চক্ৰটো ভাঙিব পাৰিলেহে এনে দেশসমূহৰ বিকাশৰ পথটো আৰম্ভ হ’ব৷ এনে দেশসমূহত অধিক বিনিয়োগ কৰি অধিক উৎপাদন কৰিলেও উৎপাদিত সামগ্ৰীসমূহ কিনিবৰ বাবে ক্ৰেতাৰ অভাৱ৷ আন কথাত, এনে দেশসমূহত যোগানৰ তুলনাত চাহিদা যথেষ্ট কম৷ নাৰ্কচে তেওঁৰ তত্বটোত দেখুৱাইছে যে এই চাহিদা আৰু যোগানৰ মাজৰ অসমতা নাইকীয়া কৰিব পাৰিলেই দৰিদ্ৰতাৰ চক্ৰটোৰ পৰা পৰিত্ৰাণ পাব পৰা যাব৷ দৰিদ্ৰতাৰ চক্ৰটোক চাহিদা আৰু যোগান এই দুয়োটা দিশৰ পৰা কিদৰে আলোচনা কৰিব পাৰি তাক তলত উল্লেখ কৰা হৈছে৷
ক) চাহিদাৰ দিশৰ পৰা দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ (Vicious Circle of Poverty: on Demand Side)
আয় কম হোৱা বাবে অনুন্নত দেশসমূহৰ বজাৰৰ আকাৰ তেনেই সৰু৷ তাৰ ফলত বিনিয়োগকাৰী সকল বিনিয়োগৰ বাবে মুঠেই উৎসাহিত নহয়৷ ইয়াৰ ফলত মূলধনৰ বিনিয়োগ কম হয়৷ ইয়াৰ ফলত মূলধনৰ উৎপাদনশীলতা হ্ৰাস পায়৷ কম উৎপাদনৰ বাবে আয়ো কম হয়৷
অৰ্থাৎ, কম আয় -> কম চাহিদা আৰু কম সঞ্চয় -> সৰু আকাৰৰ বজাৰ -> কম উৎসাহিত বিনিয়োগকাৰী -> কম বিনিয়োগ -> কম উৎপাদন আৰু নিয়োগ -> কম আয়
ওপৰত দিয়া শিকলিসদৃশ সম্পৰ্কটোৰ পৰা আমি বুজিলোঁ যে কম আয়ে এক চক্ৰৰ দৰে কাম কৰি অনুন্নত দেশসমূহক অৰ্থনৈতিক বিকাশৰ পৰা বঞ্চিত কৰি ৰাখিছে৷ তলৰ চিত্ৰটিৰ সহায়ত দৰিদ্ৰতাৰ চক্ৰটো দেখুৱাব পাৰি৷
চিত্ৰঃ দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ
খ) যোগানৰ দিশৰ পৰা দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ (Vicious Circle of Poverty: on Supply Side)

দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহে মূলধন গঠনৰ যোগান দিশটোকো বেয়াকৈ প্ৰভাৱিত কৰে৷ অনুন্নত দেশসমূহত নাগৰিকসকলৰ জনমূৰি আয় অতি কম হোৱা বাবে তেনে দেশসমূহ দৰিদ্ৰতাত বুৰ গৈ থাকে৷ জনমূৰি আয় কম হোৱা বাবে সেইবোৰ দেশৰ সঞ্চয়ৰ পৰিমাণো অতি কম৷ অন্যহাতে, মূলধনৰ গঠন আৰু বিনিয়োগ যিহেতু সঞ্চয়ৰ ওপৰতে নিৰ্ভৰশীল সেয়েহে কম সঞ্চয়ৰ ফলত এনে দেশসমূহত মূলধনৰ গঠন আৰু বিনিয়োগ অতি কম পৰিমাণে হয়৷ ইয়াৰ ফলত উৎপাদন হ্ৰাস পায়৷ উৎপাদন হ্ৰাস পালে শ্ৰমিকসকল আৰু বিনিয়োগকাৰীসকল –এই দুয়োটা পক্ষৰে উপাৰ্জন বা আয় কমি যায়৷
যোগান দিশৰ পৰা দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহক তলত দিয়া শিকলিসদৃশ সম্পৰ্কৰ যোগেদি দেখুৱাব পাৰি৷
কম আয় -> কম সঞ্চয় -> কম মূলধন গঠন -> কম বিনিয়োগ -> কম উৎপাদন -> কম উপাৰ্জন বা আয়
অৰ্থনৈতিক বিকাশ কিদৰে সম্ভৱ হ’ব (How to gain economic growth)
নাৰ্কচে কৈছে “এখন দেশ দুখীয় হোৱাৰ কাৰণ হ’ল –সেই দেশখন দুখীয়া” (A country is poor because it is poor)৷ অৰ্থাৎ দৰিদ্ৰতাৰ কাৰণেই এখন দেশ দৰিদ্ৰ হৈ থাকে৷ যিদৰে পিতৃ মাতৃ দৰিদ্ৰ হ’লে সন্তানক শিক্ষা-দীক্ষা আৰু স্বাস্থ্যসম্পৰ্কীয় সুবিধাবোৰ দিব নোৱাৰি সিহঁতক নিৰক্ষৰ আৰু ভগ্ন স্বাস্থ্যৰ লোক হিচাপে গঢ়ি তুলে আৰু পিছলৈ সিহঁতো যিদৰে একে ধৰণৰ দৰিদ্ৰতাৰ কৱলতে পৰে, ঠিক তেনেদৰেই দৰিদ্ৰ দেশ এখনৰো এটা প্ৰজন্মৰ দৰিদ্ৰতা তাৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰৱাহিত হয়৷ সেই দৰিদ্ৰ চক্ৰটোৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ কাম নহয়৷ অৰ্থনীতিবিদ নাৰ্কচে এই দৰিদ্ৰ চক্ৰটোৰ পৰা কিদৰে বাহিৰলৈ ওলাই আহিব পাৰি তাৰ কিছুমান উপায় ডাঙি ধৰিছে৷ তলত সেইবোৰ আলোচনা কৰা হ’ল-
১) পৰিপূৰক চাহিদা (Complementary Demand):
কেৱল এটা উদ্যোগ বা খণ্ডত বিনিয়োগ কৰি দৰিদ্ৰতাৰ চক্ৰটো ভাঙিব নোৱাৰি৷ দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহৰ পৰা মুক্ত হ’বলৈ হ’লে একে সময়তে কেইবাটাও খণ্ড বা উদ্যোগত বিনিয়োগ কৰিব লাগে৷ ইয়াৰ জৰিয়তে মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ যোগেদি বজাৰখনৰ আকাৰ বৃদ্ধি পাব৷ আমি বৃহৎ হেঁচা তত্বটোত অৰ্থনীতিবিদ ৰ’দানে আগবঢ়োৱা জোতাৰ উদাহৰণটোৰ কথা ক’ব পাৰোঁ৷ যদিহে একমাত্ৰ জোতা উদ্যোগত বিনিয়োগ কৰা হয় তেন্তে একমাত্ৰ সেইটো উদ্যোগত কাম কৰা লোকসকলৰহে আয় বৃদ্ধি হ’ব৷ আন লোকসকলৰ আয় একেদৰেই থাকিব৷ তেনে পৰিস্থিতিত জোতাৰ চাহিদা বৃদ্ধি নঘটিব কাৰণ একমাত্ৰ জোতা উদ্যোগটোত কাম কৰা কৰ্মচাৰীসকলৰহে জোতা ক্ৰয় কৰিব পৰাৰ ক্ষমতা সৃষ্টি হ’ল৷ ইয়াৰ বিপৰীতে যদি আমি অৰ্থনীতিটোৰ আটাইবোৰ খণ্ড বা উদ্যোগতে বিনিয়োগ বৃদ্ধি কৰোঁ তেনেহ’লে আটাইবোৰ খণ্ড বা উদ্যোগতে কাম কৰা লোকৰ আয় বৃদ্ধি ঘটিব আৰু তেতিয়া সকলো উদ্যোগৰে উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি ঘটিব৷
আটাইবোৰ উদ্যোগতে সম পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ বিষয়ে নাৰ্কচে এনেদৰে কৈছে, “The solution seems to be balanced pattern of investment in a number of different industries so that people working with more productivity, with more capital and improved techniques become each other’s customers.”
আটাইবোৰ উদ্যোগতে সম গৰুত্ব দি বিনিয়োগ কৰিলে আটাইবোৰ লোকৰে আয় বৃদ্ধি পাব, ক্ৰয় ক্ষমতা বৃদ্ধি পাব আৰু তাৰ যোগেদি বজাৰখন বিস্তৃত হৈ পৰিব৷ বিনিয়োগকাৰী সকলে অধিক উৎসাহী হৈ বিনিয়োগ কৰিব, উৎপাদন বৃদ্ধিৰ লগে লগে আয়, লাভ নিয়োগ আদি আটাইবোৰৰ বৃদ্ধি ঘটিব আৰু ইয়াৰ যোগেদি অৰ্থনীতিখন দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহৰ পৰা মুক্ত হ’ব৷
২) চৰকাৰী হস্তক্ষেপ (Government Intervention)
নাৰ্কচে কৈছে যে অৰ্থনৈতিক বিকাশৰ বাবে চৰকাৰৰ অংশগ্ৰহণ অত্যাৱশ্যকীয়৷ অনুন্নত দেশসমূহত আয় আৰু সঞ্চয় কম হোৱা বাবে মূলধনৰ গঠন নহয় আৰু তাৰ কাৰণে ব্যক্তিগত বিনিয়োগ একেবাৰেই নহয় বুলি ক’লেও ভুল কৰা নহ’ব৷ এনে পৰিস্থিতিতে চৰকাৰৰ ভূমিকা আহি পৰে৷ ব্যক্তিগত বিনিয়োগহীন অৰ্থনীতিটোত চৰকাৰী বিনিয়োগেই একমাত্ৰ সম্বল৷ চৰকাৰৰ যথেষ্ট ৰাজহ থাকে৷ বিদেশৰ পৰা টকা ধাৰলৈ লৈ হ’লেও চৰকাৰে বিনিয়োগ কৰিব পাৰে৷ চৰকাৰী বিনিয়োগে নিয়োগ সৃষ্টিৰ যোগেদি মানুহৰ আয় বৃদ্ধি কৰে, আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰে, এক অনুকুল বাণিজ্য পৰিৱেশৰ সূচনা কৰে৷ ইয়াৰ যোগেদি অৰ্থনীতিটো দৰিদ্ৰতাৰ চক্ৰটোৰ পৰা মুক্ত হ’ব পাৰে৷  
৩) বাহ্যিক অৰ্থনীতি(External Economies):
সুষম বিকাশে বাহ্যিক অৰ্থনীতিৰ সৃষ্টি কৰে৷ বাহ্যিক অৰ্থনীতি মানে হ’ল উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ কাৰণে দীৰ্ঘকালত সৃষ্টি হোৱা ব্যৱসায়িক সুবিধাসমূহ৷ উদাহৰণস্বৰূপে কোনো উদ্যোগ এটিৰ সম্প্ৰসাৰণ ঘটিলে ইয়াৰ উৎপাদন ব্যয় কিছুমান হ্ৰাস পায়৷ প্ৰথম কথা হ’ল বৃহৎ উদ্যোগ এটিয়ে যথেষ্ট পৰিমাণৰ কেঁচামাল একেবাৰতে ক্ৰয় কৰে৷ দ্বিতীয়তে বৃহৎ উদ্যোগসমূহক বেংক আদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে সহজে ঋণ দিয়ে৷ তৃতীয়তে বৃহৎ উদ্যোগসমূহে ব্যয়বহুল কাৰিকৰী কৌশল প্ৰয়োগ কৰি কম সময়তে অধিক উৎপাদন কৰিব পাৰে৷ তদুপৰি বিজ্ঞাপন দিয়া, আন্তৰ্জাতিক বজাৰ দখল কৰা, চৰকাৰী সুবিধাসমূহ আহৰণ কৰাৰ ক্ষেত্ৰত বৃহৎ উদ্যোগসমূহে সৰু উদ্যোগসমূহৰ তুলনাত অধিক সা-সুবিধা লাভ কৰে৷ এতিয়া কথা হ’ল –এই সা-সুবিধাসমূহ বা বাহ্যিক অৰ্থনীতি কেৱল বৃহৎ উদ্যোগসমূহে লাভ কৰে৷ সেয়েহে সকলো উদ্যোগতে বৰ্ধিত বিনিয়োগ কৰি লৈ উদ্যোগসমূহৰ আকাৰ ডাঙৰ কৰি ল’লে সকলো উদ্যোগেই বাহ্যিক অৰ্থনীতিৰ সুবিধাসমূহ লাভ কৰিব৷ তাৰ দ্বাৰা আয়, উৎপাদন আৰু নিয়োগ বৃদ্ধি পাব আৰু অনুন্নত দেশসমূহে দৰিদ্ৰতাৰ চক্ৰটোৰ বাহিৰলৈ ওলাই আহিব পাৰিব৷
৪) অৰ্থনৈতিক বিকাশ(Economic Growth):
আটাইবোৰ খণ্ড বা উদ্যোগৰ বিকাশ সাধন কৰা কাৰ্যটোক সুষম বিকাশ (Balanced Growth) বোলা হয়৷ সুষম বিকাশে সমগ্ৰ অৰ্থনীতিটোৰ বিকাশৰ পথটো গঢ়ি তোলে৷ সুষম খাদ্যই যিদৰে মানৱ দেহৰ সৰ্বাঙ্গীন বিকাশত সহায় কৰে, ঠিক তেনেদৰে সুষম বিকাশে গোটেই অৰ্থনীতিটোকে স্বাস্থ্যবান কৰি তোলে৷ জি এম মিমাৰে কৈছে, “Balanced Growth is a means of getting out of rut” অৰ্থাৎ সুষম বিকাশেই হৈছে বিপদৰ পৰা বাহিৰলৈ ওলাই অহাৰ পথ৷ নাৰ্কচেও কৈছে সুষম বিকাশৰ যোগেদি আটাইবোৰ উদ্যোগ বা খণ্ডৰ সম বিকাশ সাধন কৰি ল’লে সি নিয়োগ সৃষ্টি, বৰ্ধিত উৎপাদন, বৰ্ধিত বিনিয়োগ আৰু বৰ্ধিত আয়ৰ যোগেদি অনুন্নত দেশসমূহক দৰিদ্ৰতাৰ চক্ৰটোৰ পৰা বাহিৰলৈ ওলাই অহাত সহায় কৰিব৷    
কিদৰে বজাৰখন ডাঙৰ কৰিব পাৰি? (How the Market can be enlarged):
অধিক বিনিয়োগ, বিজ্ঞাপন, বাণিজ্যৰ অন্তৰায়বোৰৰ দূৰীকৰণ, সামাজিক দায়ৱদ্ধতা বৃদ্ধি, আন্তঃগাঁথনিৰ উন্নয়ন আদিৰ যোগেদি বজাৰৰ আকাৰ বৃদ্ধি কৰিব পৰা যায়৷  কম দৰত উন্নত গুণসম্পন্ন সামগ্ৰী বজাৰত উলিয়াই দিও অধিক ক্ৰেতাক আকৰ্ষণ কৰিব পৰা যায়৷
নাৰ্কচৰ উন্নয়ন কৌশলটো চে’ৰ বজাৰ বিধি (Say’s Law of Market) “যোগানে নিজে চাহিদাৰ সৃষ্টি কৰে” (Supply Creates its own Demand) ধাৰণাটোৰ ওপৰত প্ৰতিষ্ঠিত৷ সেইমতে উৎপাদন আৰু সামগ্ৰীৰ যোগানৰ বাবে যি বিনিয়োগ কৰা হয় সিয়েই চাহিদাৰ সৃষ্টি কৰে৷ উদাহৰণস্বৰূপে কোনো কাপোৰৰ উদ্যোগ এটাত দহ লাখ টকা কাপোৰ উৎপাদনৰ বাবে ব্যয় কৰা হ’ল৷ ধৰা হ’ল সেই  দহ লাখ টকাৰ সাত লাখ টকা কাপোৰ উদ্যোগটোৰ কৰ্মচাৰী বা শ্ৰমিকসকলক মজুৰি দিবৰ বাবে ব্যয় কৰা হৈছিল৷ তেনে ক্ষেত্ৰত আমি সাত লাখ টকা কিছুমান মানুহৰ মাজত বিতৰণ হোৱাটো বুজিব পাৰোঁ৷ এতিয়া কথা হ’ল মানুহবোৰে লাভ কৰা সেই টকাবোৰৰ এটা অংশ তেওঁলোকে কাপোৰ কিনোঁতে খৰছ হ’ব৷ কাপোৰবোৰ সেই বিশেষ উদ্যোগটোৱেই তৈয়াৰ কৰা৷ অৰ্থাৎ কাপোৰৰ যোগান বা উৎপাদনৰ বাবে ব্যয় কৰা টকাবোৰেই কাপোৰৰ চাহিদা সৃষ্টি কৰিলে৷ এনেদৰেই বজাৰখন সম্প্ৰসাৰিত হ’ব৷

গ্ৰাম্য-নগৰীয়া প্ৰবজনঃ হেৰিচ-ট’ডাৰোৰ আৰ্হি (Rural-Urban Migration –Harris-Todaro Model)


১৯৬০ চনত সদ্য-স্বাধীনতাপ্ৰাপ্ত কেনিয়াৰ চৰকাৰখনে এক জটিল সমস্যাৰ সন্মুখীন হ’ল৷ ৰাজধানী চহৰ নাইৰবিকে আদি কৰি দেশখনৰ মূল চহৰসমূহত নিবনুৱাৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাবলৈ ধৰিলে৷ সেই সমস্যাটো সমাধান কৰাৰ অৰ্থে চৰকাৰে ব্যক্তিগত খণ্ডৰ নিয়োগকৰ্তাসকল, ৰাজহুৱা খণ্ডৰ নিয়োগকৰ্তাসকল আৰু শ্ৰমিক সংঘক লৈ এক ত্ৰিপাক্ষিক আলোচনাত মিলিত হ’ল৷ আলোচনাৰ যোগেদি এক বিশেষ চুক্তি স্বাক্ষৰিত হ’ল৷ সেই চুক্তি মতে নিয়োগকৰ্তাসকলে নিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিলে৷ তেনেদৰে, শ্ৰমিক সংঘই মজুৰিৰ পৰিমাণ সাল-সলনি নকৰাৰ সিদ্ধান্ত ল’লে৷ চুক্তিখনৰ পিছত চৰকাৰে আশা কৰিলে যে নিয়োগৰ সংখ্যা বৃদ্ধি পোৱাত দেশখনত নিবনুৱা সমস্যাৰ অৱসান ঘটিব৷ কিন্তু কেনিয়া চৰকাৰৰ আশাত চেঁচাপানী ঢালি নিবনুৱাৰ সংখ্যা ওলোটাই বাঢ়িবহে ধৰিলে৷  
কেনিয়া চৰকাৰে সন্মুখীন হোৱা সাঁথৰসদৃশ অবান্তৰ পৰিস্থিতিটোৰ কাৰণসমূহ উলিয়াবৰ কাৰণে ১৯৭০ চনত অৰ্থনীতিবিদ জন হেৰিচ (John Harris) আৰু মাইকেল ট’ডাৰো (Michael Todaro) য়ে যুটীয়াকৈ এক বিশেষ অৰ্থনৈতিক তত্বৰ বিকাশ সাধন কৰিলে৷ তেওঁলোকে দেখুৱালে যে কিছুমান কাৰণত বৰ্ধিত হাৰত গ্ৰাম্যাঞ্চলৰ পৰা চহৰ অঞ্চললৈ প্ৰবজন ঘটা শ্ৰমিকসকলৰ কাৰণেই কেনিয়াই নিবনুৱা সমস্যাৰ সন্মুখীন হ’বলগা হৈছিল৷ 
হেৰিচ ট’ডাৰোৰ আৰ্হি মতে গাওঁ অঞ্চলসমূহৰ পৰা চহৰ অঞ্চলসমূহলৈ শ্ৰমিকৰ প্ৰবজন ঘটাৰ কিছুমান স্পষ্ট কাৰণ আছে৷ সেইকেইটা হ’ল-
১) প্ৰথম কথা, গাঁও অঞ্চলৰ পৰম্পৰাগত কৃষিখণ্ডৰ তুলনাত চহৰ অঞ্চলৰ আনুষ্ঠানিক খণ্ডত প্ৰকৃত মজুৰিৰ পৰিমাণ বেছি৷ সেয়েহে বহু লোকে অধিক উপাৰ্জনৰ কাৰণে গাওঁ এৰি চহৰলৈ আহে৷
২) দ্বিতীয়তে, যেতিয়ালৈকে গাওঁ অঞ্চল আৰু চহৰ অঞ্চলৰ প্ৰত্যাশিত মজুৰিৰ মাজত প্ৰাৰ্থক্য থাকিব তেতিয়ালৈকে গাওঁ অঞ্চলৰ পৰা চহৰ অঞ্চললৈ শ্ৰমিকৰ সৰবৰাহ ঘটি থাকিব৷ প্ৰত্যাশিত মজুৰিৰ পৰিমাণ সমান হ’লেহে এটা অঞ্চলৰ পৰা অন্য এটা অঞ্চললৈ ঘটা শ্ৰমিকৰ প্ৰবজন অন্ত পৰিব৷
৩) প্ৰত্যাশিত আয়ৰ প্ৰাৰ্থক্যই হ’ল গাওঁ অঞ্চলৰ পৰা চহৰ অঞ্চললৈ ঘটা শ্ৰমিক-প্ৰবজনৰ মূল কাৰণ৷  
তলৰ কাৰণকেইটোৰ কাৰণে গ্ৰাম্যাঞ্চলৰ পৰা নগৰ অঞ্চললৈ হোৱা শ্ৰমিকৰ প্ৰবজন বৃদ্ধি পায়-
ক) যদি নগৰ অঞ্চলত শ্ৰমিকৰ মজুৰি বৃদ্ধি পোৱাৰ ফলত প্ৰত্যাশিত আয় বৃদ্ধি হয়৷
খ) যদি গাঁৱৰ কৃষিখণ্ডত উৎপাদনশীলতা হ্ৰাস পাই শ্ৰমিকৰ মজুৰি আৰু প্ৰত্যাশিত আয় কমি যায়৷
ভাৰসমতা (Equilibrium)
হেৰিচ ট’ডাৰোৰ আৰ্হি মতে নগৰ অঞ্চলৰ প্ৰত্যাশিত আয় আৰু আৰু গাওঁ অঞ্চলত কৃষিখণ্ডৰ উৎপাদনশীলতা একে সমান হ’লে অৰ্থনীতিত ভাৰসমতাৰ সৃষ্টি হয়৷ অৰ্থাৎ তেনে অৱস্থাত দুয়ো অঞ্চলৰে প্ৰত্যাশিত আয় সমান হৈ পৰে আৰু নগৰৰ পৰা গাঁৱলৈ ঘটা প্ৰবজনৰ অন্ত পৰে৷
হেৰিচ ট’ডাৰোৰ আৰ্হিটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ অভিধাৰণাটোৰ ওপৰত প্ৰতিষ্ঠিত৷ শ্ৰম বজাৰত মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থানৰ সুবিধা থাকে৷ দুয়ো অঞ্চলৰে প্ৰত্যাশিত আয় সম্পৰ্কে শ্ৰমিকসকলৰ ওচৰত শুদ্ধ তথ্য উপলব্ধ থাকে৷  শ্ৰমিকসকলৰ নিজা বিচাৰ বুদ্ধি থাকে আৰু তেওঁলোকে সদায় নিজা উপাৰ্জন সৰ্বাধিক কৰাৰে সুবিধা বিচাৰি ফুৰে৷
চৰকাৰলৈ পৰামৰ্শ (Policy Prescription)                  
নগৰ অঞ্চলৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে হেৰিচ ট’ডাৰোৰ আৰ্হিটোৱে দুটা সুন্দৰ পৰামৰ্শ আগবঢ়াইছে৷ সেইকেইটা হ’ল-
১) নগৰ অঞ্চলত আনুষ্ঠানিক প্ৰতিষ্ঠান স্থাপনৰ যোগেদি আৰু ইতিমধ্যে স্থাপিত হোৱাবোৰৰ বিকাশৰ যোগেদি যথেষ্ট নতুন নিয়োগৰ সৃষ্টি হ’ব৷ 
২) দ্বিতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো হ’ল গ্ৰামোন্নয়ন৷ গাওঁ অঞ্চলৰ উন্নয়নৰ যোগেদি গ্ৰাম্য জনসাধাৰণৰ প্ৰকৃত আয় বৃদ্ধি হ’ব৷ ইয়াৰ ফলত তেওঁলোকে চহৰ অঞ্চললৈ নিয়োগৰ সুবিধা বিচাৰি ঢাপলি মেলাটো বন্ধ কৰিব৷ তাৰ যোগেদি চহৰ অঞ্চলৰ নিবনুৱা সমস্যাটোৰ সমাধান ঘটিব৷  
হেৰিচ ট’ডাৰোৰ আৰ্হিটো প্ৰকাশ পোৱাৰ পিছতেই কেনিয়াৰ চৰকাৰে গ্ৰামোন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিলে, গ্ৰাম্য জনসাধাৰণৰ আয় বৃদ্ধি কৰা বহু আঁচনি সফলতাৰে ৰূপায়ণ কৰিলে৷ ইয়াৰ ফলত কেনিয়াৰ নিবনুৱা সমস্যাৰ সমাধান ঘটিল৷ 

ফেই ৰানিচৰ দ্বৈত অৰ্থনীতি আৰ্হি (Fei-Ranis’ Model of Dual Economy)


ফেই ৰানিচৰ অৰ্থনৈতিক বিকাশৰ আৰ্হি বা তত্বটো হ’ল অৰ্থনীতিদিদ জন চি. এইছ. ফেই আৰু গুস্তভ ৰানিছে আগবঢ়োৱা উন্নয়ন অৰ্থনীতিৰ দ্বৈত আৰ্হিৰ তত্ব৷ এই তত্বটো অৰ্থনীতিবিদ লিৱিছে আগবঢ়োৱা অৰ্থনৈতিক বিকাশৰ তত্বটোৰ সম্প্ৰসাৰিত ৰূপ৷ এই তত্বটোক ৰাহি শ্ৰমিকৰ আৰ্হি (Surplus Labour Model) বুলিও কোৱা হয়৷
ফেই ৰানিচৰ তত্বটোৰ মতে অনুন্নত দেশসমূহৰ অৰ্থনীতিবোৰ দুটা সুকীয়া খণ্ডত বিভক্ত৷ এই খণ্ড দুটি হ’ল –পৌৰাণিক (Primitive) আৰু আধুনিক (Modern)৷ পৌৰাণিক খণ্ডটো সম্পূৰ্ণৰূপে কৃষিভিত্তিক আৰু পৰম্পৰাসৰ্বস্ব৷ এইটো খণ্ডত অতিৰিক্তকৈ যথেষ্ট শ্ৰমিক নিয়াজিত হৈ থাকে৷ অন্যহাতে আধুনিক খণ্ডটো হ’ল সৰু উদ্যোগ কিছুমানৰ ভিত্তিত খুব খৰতকীয়াকৈ বিকশিত৷ এই দুয়োটা বিপৰীতধৰ্মী খণ্ডৰ একক অৱস্থানে অৰ্থনীতিখনত কিছুমান মৌলিক সমস্যাৰ সৃষ্টি কৰে৷ অৰ্থনৈতিক উন্নয়নৰ বাবে পৌৰাণিক কৃষিভিত্তিক খণ্ডটোক উদ্যোগ খণ্ডলৈ ৰূপান্তৰিত কৰি উদ্যোগিক উৎপাদনৰ বৃদ্ধি ঘটোৱাটো আৱশ্যকীয়৷ তাৰ বাবে কৃষিখণ্ডত থকা অতিৰিক্ত শ্ৰমিকসকল উদ্যোগখণ্ডলৈ সৰবৰাহ হ’ব লাগিব৷ ইয়াৰ দ্বাৰা যাতে কৃষিখণ্ডৰ উৎপাদন হ্ৰাস নাপায় সেয়াও একে সময়তে মন কৰিব লাগিব৷ কাৰণ খাদ্য আৰু কেঁচামালৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতাৰ কাৰণে কৃষিখণ্ডৰ উন্নয়নো অত্যাৱশক্যকীয়৷ সঞ্চয় আৰু বিনিয়োগে অৰ্থনৈতিক উন্নয়নৰ গতিটো খৰতকীয়া কৰি তুলিব৷
কৃষিখণ্ডৰ বৰ্ধিত উৎপাদনে কিদৰে উদ্যোগখণ্ডৰ বিকাশত সহায় কৰে ফেই ৰানিচৰ তত্বই তাক সুন্দৰকৈ ব্যাখ্যা কৰিছে৷ অনুন্নত দেশসমূহে অৰ্থনৈতিক অনগ্ৰসৰতাৰ পৰা কিদৰে আত্মনিৰ্ভৰশীল আৰু বিকশিত অৰ্থনীতিলৈ গতি কৰিব পাৰে তাক তিনিটা স্তৰত দেখুৱাইছে৷
তত্বটোৰ মৌলিক যুক্তিসমূহ (Basic Arguments of the theory):
        ফেই ৰানিচৰ তত্ব বা আৰ্হিটোৱে এখন অনুন্নত অৰ্থনীতিৰ তলত দিয়া বৈশিষ্ট্যবোৰৰ ওপৰত নিজা অভিমত ডাঙি ধৰে৷
১) অনুন্নত দেশসমূহত যথেষ্ট পৰিমাণে শ্ৰমিক থাকে৷
২) অনুন্নত দেশসমূহ প্ৰাকৃতিক সম্পদত চহকী নহয়৷
৩) অনুন্নত দেশসমূহত জনসংখ্যাৰ বৃদ্ধি অতি উচ্চ আৰু ইয়াৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷  
৪) অনুন্নত দেশসমূহৰ সৰহসংখ্যক লোক কৃষিখণ্ডত জড়িত হৈ থাকে৷ সেয়া হ’লেও এইবোৰ দেশত শস্যৰ উৎপাদন সন্তোষজনক নহয়৷
৫) অনুন্নত দেশসমূহৰ কৃষিখণ্ডত অতিৰিক্ত শ্ৰমিক নিয়োজিত হৈ থাকে আৰু তেনে শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান৷  
 ৬) এনে দেশসমূহত কৃষিখণ্ডৰ উপৰিও অন্য উদ্যোগ কিছুমান থাকে যদিও মূলধন আৰু বিনিয়োগৰ অভাৱত সেইবোৰ উদ্যোগৰ স্বাস্থ্য মুঠেই উন্নত নহয়৷ 
তত্বটোৰ মূল ব্যাখ্যা (Main Explanation of the Model)
ফেই ৰানিচৰ তত্বটোৰ মতে, "Economic development would be taking place if agricultural labourers are transferred to industrial sector where their productivity will increase"৷ অৰ্থাৎ কৃষিখণ্ডত নিয়োজিত শ্ৰমিকসকলক উদ্যোগখণ্ডলৈ আনি নিয়োজিত কৰিলে তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি হ’ব আৰু ইয়েই অৰ্থনৈতিক উন্নয়নৰ পথ৷
ইতিপূৰ্বে কোৱা হৈছে যে অনুন্নত দেশসমূহৰ অৰ্থনীতিবোৰ দুটা সুকীয়া খণ্ডত বিভক্ত৷ সেই খণ্ড দুটি হৈছে –স্থৱিৰ কৃষিখণ্ড আৰু গতিশীল উদ্যোগ খণ্ড৷ কৃষিখণ্ডত অতিৰিক্তভাৱে নিয়োজিত হৈ থকা শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান আৰু কৃষিখণ্ডৰ উৎপাদনত কোনো নিঘিনি নঘটাকৈ তেওঁলোকক উদ্যোগ খণ্ডলৈ লৈ আনিব পৰা যায়৷
ফেই ৰানিচৰ মতে অৰ্থনৈতিক বিকাশৰ তিনিটা স্তৰ বা আছে৷ তলত সেইবোৰ আলোচনা কৰা হ’ল৷
প্ৰথম স্তৰ (The first stage of growth)
ফেই ৰানিচৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমটো স্তৰ বা পদক্ষেপ অৰ্থনীতিবিদ লিৱিছে আগবঢ়োৱা বিকাশৰ প্ৰথমটো স্তৰৰ সৈতে একেই৷ এইটো স্তৰত কৃষিখণ্ডত নিয়োজিত হৈ থকা শূন্য প্ৰান্তিক উৎপাদনশীলতাৰ শ্ৰমিকসকলক এক নিৰ্দিষ্ট আনুষ্ঠানিক মজুৰি দি উদ্যোগখণ্ডলৈ সৰবৰাহ কৰোৱা হয়৷ 
দ্বিতীয় স্তৰ (Second Stage)
বিকাশৰ দ্বিতীয় স্তৰত কৃষিখণ্ডত নিয়োজিত শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা কিছু বৃদ্ধি পায় যদিও তেওঁলোকৰ উৎপাদনশীলতা তেওঁলোকে পোৱা মজুৰিতকৈ কমেই হৈ থাকে৷ এইটো স্তৰতো কিছু সংখ্যক ছদ্মৱেশী নিবনুৱা থাকি যায়৷ এইসকলকো উদ্যোগখণ্ডলৈ সৰবৰাহ কৰিব লাগে৷ কৃষিখণ্ডৰ পৰা উদোগখণ্ডলৈ হোৱা শ্ৰমিকসকলৰ প্ৰবজন চলি থাকিলে অৱশেষত এনে এক অৱস্থা পাবহি য’ত কৃষিখণ্ডত জড়িত লোকসকলৰ প্ৰান্তিক উৎপাদনশীলতা বৃদ্ধি হৈ আনুষ্ঠানিক মজুৰিৰ সমান হ’বগৈ৷ 
তৃতীয় স্তৰ (Third Stage)   
ফেই ৰানিচ আৰ্হিৰ তৃতীয় স্তৰত এটা খণ্ডৰ পৰা আনটো খণ্ডলৈ হোৱা প্ৰবজনৰ অন্ত পৰে আৰু দুয়োটা খণ্ডতে আত্মনিৰ্ভৰশীল বিকাশ হ’বলৈ ধৰে৷ কৃষিখণ্ডৰ শ্ৰমিকসকলৰ উৎপাদনশীলতা বৃদ্ধি হৈ তেওঁলোকে পোৱা মজুৰি অতিক্ৰম কৰে৷ অৰ্থাৎ এই স্তৰত খেতিয়কসকলে উপাৰ্জিত মজুৰিতকৈ বেছি উৎপাদন কৰে৷ কৃষিখণ্ডত উৎপাদন বৃদ্ধিৰ লগে লগে বাণিজ্যিকৰণৰ যোগেদি এইটো খণ্ড বিকশিত হ’বলৈ ধৰে৷
কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকৰ সৰবৰাহ কেতিয়ালৈকে চলি থাকিব নতুবা এই সৰবৰাহ সম্পূৰ্ণ হ’বলৈ কিমান সময় লাগিব সেয়া তলত দিয়া কাৰককেইটিৰ ওপৰত নিৰ্ভৰশীল৷
১) উদ্যোগখণ্ডত মূলধনৰ বিকাশৰ হাৰ৷ ই লাভৰ ওপৰত নিৰ্ভৰশীল৷ অৰ্থাৎ উদ্যোগখণ্ডত যিমানেই বেছি লাভ হয়, মূলধনৰ বিনিয়োগ সিমানেই হয়৷
২) উদ্যোগসমূহত কাৰিকৰী বিকাশৰ গতি-প্ৰকৃতি৷ 
৩) দেশখনত জনসংখ্যা বৃদ্ধিৰ হাৰ৷ জনসংখ্যাৰ বৃদ্ধি খৰতীয়া হ’লে শ্ৰমিকৰ সংখ্যাও বৃদ্ধি পাব আৰু তাৰ ফলত এটা খণ্ডৰ পৰা আনটোলৈ চলি থকা শ্ৰমিকৰ সৰবৰাহ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ বেছি সময় লাগিব৷ সেয়েহে জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰাটো আৱশ্যকীয়৷
ফেই ৰানিচ আৰ্হিটোৰ মূল কথা তিনিটা হ’ল-
১) কৃষিখণ্ডৰ বিকাশ উদ্যোগখণ্ডৰ বিকাশৰ দৰেই গুৰুত্বপূৰ্ণ৷
২)  কৃষিখণ্ড আৰু উদ্যোগখণ্ডৰ সম বিকাশ আৱশ্যকীয়৷
৩) শ্ৰমিকসকলে নিয়োগৰ সুবিধা পোৱাৰ গতি বা  হাৰটো জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ বেছি হ’ব লাগিব৷ অৰ্থাৎ বিকাশৰ বাবে জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰাটো আৱশ্যকীয়৷
 লিৱিছৰ বিকাশ আৰ্হি বা তত্বৰ সৈতে তুলনা
(A Comparison with Lewis Growth Model)
ফেই ৰানিচৰ বিকাশ আৰ্হিটোৰ সৈতে লিৱিছৰ অৰ্থনৈতিক বিকাশ তত্বটোৰ যথেষ্ট সামঞ্জ্যস্য আছে৷ দুয়োটা তত্বয়েই ব্যাখ্যা কৰিছে যে অনুন্নত দেশসমূহৰ অৰ্থনীতিবোৰ কৃষিভিত্তিক আৰু উদ্যোগিক –এই দুটা খণ্ডত বিভক্ত৷ দুয়োটা তত্বয়েই ব্যাখ্যা কৰিছে কিদৰে কৃষিখণ্ডত নিয়োজিত অতিৰিক্ত শ্ৰমিকসকল উদ্যোগ খণ্ডলৈ সৰবৰাহ হয়৷ দুয়োটা তত্বৰ মাজত এনে সাদৃশ্যসমূহ থাকিলেও ভালদৰে বিশ্লেষণ কৰিলে তত্ব দুটিৰ মাজত কিছুমান প্ৰাৰ্থক্যও মন কৰা যায়৷ প্ৰথম কথা, লিৱিছে কৃষিখণ্ডটোক একেবাৰে কম গুৰুত্ব দিছে আৰু উদ্যোগ খণ্ডৰ বিকাশেহে অৰ্থনৈতিক উন্নয়ন আনিব বুলি কৈছে৷ আনহাতে ফেই ৰানিচৰ বিকাশ আৰ্হি বা তত্বই কৃষিখণ্ড আৰু উদ্যোগখণ্ড –এই দুয়োটাৰেই সম বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ দ্বিতীয়তে, জনসংখ্যাৰ বৃদ্ধিয়ে বিকাশক কিদৰে প্ৰভাৱিত কৰে নতুবা কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ ঘটা শ্ৰমিকসকলৰ প্ৰৱাহক জনসংখ্যাৰ বৃদ্ধিয়ে কিদৰে প্ৰভাৱিত কৰে তাৰ ব্যাখ্যা আগবঢ়োৱাত লিৱিছৰ তত্বটো ব্যৰ্থ হৈছে৷ তাৰ বিপৰীতে ফেই ৰানিচৰ তত্বটোৱে এই বিষয়টোত গুৰুত্ব আৰোপ কৰি কৈছে যে অৰ্থনৈতিক বিকাশৰ বাবে জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰাটো অতিকে আৱশ্যকীয়৷ তৃতীয়তে, লিৱিছৰ উদ্যোগভিত্তিক অৰ্থনৈতিক বিকাশ তত্বৰ বিপৰীতে ফেই ৰানিচৰ আৰ্হিটো সুষম অৰ্থনৈতিক বিকাশ (Balanced Economic Growth) ৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত৷ ফেই ৰানিচৰ তত্বই কৃষিখণ্ড আৰু উদ্যোগখণ্ড –এই দুয়োটা খণ্ডৰে সমান বিকাশৰ বাবে বিনিয়োগ কৰাৰ কথা কৈছে৷
সমালোচনা (Criticism):
সুষম অৰ্থনৈতিক বিকাশত গুৰুত্ব আৰোপ কৰি অনুন্নত দেশসমূহত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা ফেই ৰানিচৰ আৰ্হিটোক লিৱিছৰ বিকাশ তত্বতকৈ উন্নত বুলি কোৱা হয়৷ সেয়া হ’লেও এই তত্বটোৰো কিছুমান সীমাৱদ্ধতা আছে৷ তলত তাৰেই কিছুমান আলোচনা কৰা হ’ল৷
১) ফেই ৰানিচৰ তত্বটোৱে দেখুৱাইছে যে অনুন্নত দেশসমূহৰ কৃষিখণ্ডত জড়িত অতিৰিক্ত শ্ৰমিকসকল অৰ্থনৈতিক বিকাশৰ লগে লগে উদ্যোগ খণ্ডলৈ সৰবৰাহ হয় আৰু তাৰ দ্বাৰা কৃষিখণ্ডৰ উৎপাদনত কোনো বেয়া প্ৰভাৱ নপৰে৷ কিন্তু বহু চিন্তাবিদে এইটো ব্যাখ্যাক সমালোচনা কৰি কৈছে যে খেতি চহোৱা আৰু চপোৱাৰ সময়ত শ্ৰমিকৰ অভাৱ ঘটিলে কৃষিখণ্ডৰ উৎপাদন হ্ৰাস হ’ব৷
২) ফেই ৰানিচৰ তত্বটোত কোৱা হৈছে যে অৰ্থনীতিৰ অনুন্নত অৱস্থাত কৃষিখণ্ডত নিয়োজিত শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান৷ কিন্তু বহু অৰ্থনীতিবিদে তাক সমালোচনা কৰি কৈছে যে শ্ৰমিকৰ প্ৰান্তিক উৎপাদনশীলতা কেতিয়াও শূন্যৰ সমান হ’ব নোৱাৰে কাৰণ তেনে হ’লে কৃষিখণ্ডত শস্য উৎপাদনেই নহ’ব৷
৩) ফেই ৰানিচৰ তত্ব বা আৰ্হিটোৱে অৰ্থনৈতিক বিকাশৰ কাৰক হিচাপে কেৱল শ্ৰম আৰু ভূমিৰওপৰত গুৰুত্ব দিছে৷ মূলধন আৰু প্ৰযুক্তিগত উন্নয়নত তত্বটোৱে কোনো গুৰুত্ব আৰোপ কৰা নাই৷ উন্নত প্ৰযুক্তিৰ উদ্ভাৱনে মানৱ শ্ৰমৰ প্ৰয়োজনীয়তা নোহোৱা কৰে আৰু তেনে অৱস্থাত উদ্যোগখণ্ডত শ্ৰমিকৰ নিয়োগকাৰ্য বন্ধ হোৱা বাবে কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ হোৱা শ্ৰমিকৰ প্ৰৱাহো বন্ধ হৈ পৰিব৷ 
                                                  

      ৪) ফেই ৰানিচৰ তত্বটোত কোৱাৰ দৰে যদি কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকৰ সৰবৰাহ ঘটোওৱা হয়, তাৰ ফলত কৃষিখণ্ডৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাব৷ ইয়াৰ ফলত বজাৰত খাদ্যশস্যৰ দৰ বৃদ্ধি পাই মূদ্ৰাস্ফীতিৰ সৃষ্টি হ’ব আৰু ই অৰ্থনৈতিক বিকাশৰ পথত বাধা হিচাপে থিয় দিব৷
৫)বহু অৰ্থনীতিবিদে মত পোষণ কৰিছে যে ফেই ৰানিচে কৃষি আৰু উদ্যোগ –এই দুয়োটা খণ্ডৰ ওপৰতে আৰোপ কৰা সম গুৰুত্বটো ব্যৱহাৰিক নহয় কাৰণ অৰ্থনৈতিক বিকাশলৈ কৃষিখণ্ডই কোনো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব নোৱাৰে৷

লিৱিছৰ অৰ্থনৈতিক উন্নয়নৰ আৰ্হি (Lewis Model of Economic Development)


ডবলিউ আৰ্থাৰ লিৱিছে আগবঢ়োৱা অৰ্থনৈতিক উন্নয়নৰ তত্ব বা আৰ্হিটোৱে অনুন্নত দেশসমূহৰ দ্বৈত অৰ্থনৈতিক (Dual Economy) ব্যৱস্থাত বিভিন্ন খণ্ডসমূহৰ মাজত শ্ৰমিকৰ আদান-প্ৰদানৰ যোগেদি কিদৰে অৰ্থনীতিলৈ ধনাত্মক পৰিৱৰ্তন আনিব পাৰি সেয়া ব্যাখ্যা কৰিছে৷
অৰ্থনীতিবিদ লিৱিছে ১৯৫৪ চনত  লিখা “অসীম শ্ৰমৰ যোগানৰ সৈতে অৰ্থনৈতিক উন্নয়ন (Economic Development with Unlimited Supplies of Labour)” নামৰ গৱেষণা পত্ৰত পোন প্ৰথমবাৰৰ বাবে দ্বৈত খণ্ডৰ অৰ্থনীতি এটাত উন্নয়ন কিদৰে আহৰণ কৰিব পাৰিতাৰ যুক্তিপূৰ্ণ ব্যাখ্যা ডাঙি ধৰিছিল৷ মূলতঃ অনুন্নত দেশৰ অৰ্থনৈতিক বৈশিষ্ট্যৰ প্ৰতিফলন ঘটোওৱা এই তত্বটোৱে উন্নয়ন অৰ্থনীতিৰ এক অন্যতম তত্ব হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে৷
অভিধাৰণাসমূহ (Assumptions)                                  
লিৱিছে আগবঢ়োৱা উন্নয়ন তত্ব বা আৰ্হিটো তলত দিয়া অভিধাৰণাসমূহৰ ওপৰত প্ৰতিষ্ঠিতঃ
১৷ তত্বটোৱে ধৰি লৈছে যে উন্নয়নশীল দেশসমূহৰ কৃষিখণ্ডত উৎপাদনহীন (unproductive) আৰু ৰাহি (surplus) শ্ৰমিকেৰে ভৰি আছে৷
২৷ তুলনামূলকভাৱে উচ্চ হাৰত মজুৰি দিয়া নিৰ্মাণ উদ্যোগখণ্ডত (manufacturing sector) কাম কৰিবলৈ শ্ৰমিকসকল অধিক আগ্ৰহী৷
৩৷ নিৰ্মাণখণ্ডত শ্ৰমিকসকলক দিয়া মজুৰি কম-বেছি পৰিমাণে স্থিৰ৷
৪৷ নিৰ্মাণখণ্ডৰ উদ্যোগী বা গৰাকীসকলে উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰাৰ সময়ত তেওঁলোকে শ্ৰমিকসকলক দিয়া মজুৰিৰ তুলনাত অধিক দৰ লৈ লাভ অৰ্জন কৰে৷
     ৫৷ নিৰ্মাণখণ্ডত আহৰণ কৰা লাভবোৰ মূলধন হিচাপে পুনৰ বিনিয়োগ কৰা হয়৷
৬৷ এক উন্নত নিৰ্মাণখণ্ড মানে হ’ল এটা অৰ্থনীতিয়ে পৰম্পৰাসৰ্বস্ব অনুন্নত অৱস্থাৰ ৰ পৰা এক উন্নত উদ্যোগিক অৰ্থনীতিলৈ গতি কৰাটো৷      
দ্বৈত খণ্ডৰ অৰ্থনীতি (Economy of Dual Sector)
অৰ্থনীতিবিদ লিৱিছে যুক্তি দেখুৱাইছে যে অনুন্নত দেশসমূহৰ অৰ্থনীতিসমূহ দুটা স্পষ্ট খণ্ডত বিভক্ত৷ সেই দুটা হৈছে-
১৷ কোনোমতে চলি থকা খণ্ড (The Subsistence Sector) আৰু
২৷ মুলধনী খণ্ড (The Capitalist Sector)
কোনোমতে চলি থকা খণ্ড (The Subsistence Sector)
কোনো মতে চলি থকা খণ্ডটো হৈছে অৰ্থনীতি এখনৰ সেইটো অংগ যিটোত পুনঃউৎপাদনক্ষম মূলধন ব্যৱহাৰ কৰাৰ সলনি বেছিকৈ শ্ৰমিকসকলক ব্যৱহাৰ কৰা হয়৷ অনুন্নত দেশসমূহৰ কৃষিখণ্ড হ’ল ইয়াৰ এক মূল উদাহৰণ৷ কৃষিখণ্ডত যথেষ্ট সংখ্যক লোক প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে৷ এইটো খণ্ডত জনমূৰি উৎপাদন খুব কম হয়৷ তদুপৰি পৰম্পৰাগত অবৈজ্ঞানিক পদ্ধতিৰ ব্যৱহ্যৰ হোৱা বাবে এইটো খণ্ডত উৎপানৰ বৃদ্ধি অতি নগন্য৷ এইটো খণ্ডত প্ৰয়োজনীয়তকৈ বহু বেছি শ্ৰমিক নিয়োজিত হৈ থাকে৷ উদাহৰণস্বৰূপে যিডৰা মাটিত ১০ কুইন্টল ধান উৎপাদন কৰিবলৈ ৫ জন মানুহেই যথেষ্ট তেনে মাটিডৰাত গাওঁ অঞ্চলত ১০/১২ জন মান লোক জড়িত হৈ থাকে৷ অতিৰিক্তভাৱে থকা সেই ৫/৭ জন লোকক কৃষিকৰ্মৰ পৰা অব্যাহতি দিলেও মুঠ উৎপাদন কমি নাযায়৷ অতিৰিক্তভাৱে থকা এইকেইজন লোকৰ প্ৰান্তিক উৎপাদনশীলতা শূন্য৷ এইকেইজন লোক ওপৰে ওপৰে চাবলৈ গ’লে কৃষিকৰ্মত নিয়োজিত হৈ আছে যেন লাগিলেও
তেওঁলোকৰ প্ৰান্তিক উৎপাদনশীলতা শূন্য হোৱা বাবে তেওঁলোকক নিবনুৱা বুলিয়েই ধৰা হয়৷ এনে ধৰণৰ নিবনুৱাক ছদ্মবেশী নিবনুৱা (Disguised Unemployment) বুলি কোৱা হয়৷
কোনো মতে চলি থকা খণ্ডটোত শ্ৰমিকসকলৰ মজুৰি আৰু উৎপাদনশীলতা খুব কম৷ এইটো খণ্ডত শ্ৰমিকৰ সংখ্যা প্ৰয়োজনীয়তকৈ বহু বেছি৷ গতিকে এইটো খণ্ডত মানৱ সম্পদৰ যথেষ্ট অপচয় হয় বুলি আমি ক’ব পাৰোঁ৷ 
মুলধনী খণ্ড (The Capitalist Sector)      
লিৱিছৰ মতে মুলধনী খণ্ড হৈছে অৰ্থনীতিৰ সেইটো অংগ যি উৎপাদনক্ষম মূলধন ব্যৱহাৰ কৰে আৰু তাৰ দ্বাৰা মুলধনৰ গৰাকীৰ উপাৰ্জন হয় (that part of the economy which uses reproducible capital and pays capitalists thereof)৷মূলধনৰ গৰাকী বা পুজিপতিসকলে মূলধনৰ নিয়ন্ত্ৰণ কৰে আৰু উৎপাদন প্ৰক্ৰিয়াৰ বাবে  শ্ৰমিকসকলক নিয়োগ কৰে৷ নিৰ্মাণ, স্থাপন, খনি (manufacturing, plantation, mines)আদি মূলধনী খণ্ডৰ উদাহৰণ৷ মূলধনী খণ্ড ৰাজহুৱা আৰু ব্যক্তিগত –এই দুই ধৰণৰে হ’ব পাৰে৷
দুয়োটি খণ্ডৰ মাজৰ সম্পৰ্ক (Relationship between the two sectors)
        শ্ৰমৰ প্ৰয়োজনীয়তা, শ্ৰমিকৰ উৎপাদনশীলতা আৰু মজুৰিৰ ক্ষেত্ৰত লিৱিছে কোৱা খণ্ড দুটিৰ মাজত কিছুমান স্পষ্ট প্ৰাৰ্থক্য থাকিলেও দুয়োটি খণ্ডৰ মাজত এক সুন্দৰ অৰ্থনৈতিক সম্পৰ্ক আছে৷
আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে কোনোমতে চলি থকা খণ্ডটোত অতিৰিক্তভাৱে যথেষ্ট সংখ্যক শ্ৰমিক নিয়োজিত হৈ থাকে৷ তেওঁলোকে সেইটো খণ্ডত নিজকে অধিক  উৎপাদনক্ষম কৰি তোলাৰ বিশেষ সুবিধা লাভ নকৰে৷ কম উৎপাদনশীলতাৰ কাৰণে তেওঁলোকে মজুৰিও কমকৈ পায়৷ যেতিয়া মূলধনী খণ্ডৰ বিকাশ সাধন হয় তেতিয়া কোনোমতে চলি থকা খণ্ডৰ অতিৰিক্ত শ্ৰমিকসকলে তুলনামূলকভাৱে উচ্চ মজুৰিত মূলধনী খণ্ডত নিয়োজিত হোৱাৰ সুবিধা লাভ কৰে৷ মূলধনী খণ্ডৰ যিমানেই বিকাশ হয়, কোনো মতে চলি থকা খণ্ডটিৰ পৰা মূলধনী খণ্ডলৈ সিমানেই বেছিকৈ শ্ৰমিকৰ সোঁত ববলৈ ধৰে৷
কোনো মতে চলি থকা খণ্ডটিত নিয়োজিত হৈ থকাৰ সময়ত শ্ৰমিকসকলৰ উৎপাদনশীলতা কম আছিল৷ কিন্তু তেনে শ্ৰমিকসকল যেতিয়া মূলধনী খণ্ডলৈ আহি নিয়োজিত হ’ব তেতিয়া প্ৰশিক্ষণৰ যোগেদি তেওঁলোকক দক্ষ কৰি লোৱা হ’ব আৰু তাৰ ফলত তেওঁলোকৰ উৎপাদনশীলতা যথেষ্ট বৃদ্ধি ঘটিব৷ কোনো মতে চলি থকা খণ্ডটিৰ পৰা অতিৰিক্ত শ্ৰমিকসকলক আনি প্ৰশিক্ষিত কৰি মূলধনী খণ্ডত নতুন নতুন উদ্যোগ স্থাপন কৰিব পৰা যাব৷
এইখিনিতে মনতে এটি প্ৰশ্ন হয়৷ সেইটো হ’ল –কোনো মতে চলি থকা খণ্ডটিৰ পৰা মূলধনী খণ্ডলৈ কেতিয়ালৈকে শ্ৰমিকৰ প্ৰৱাহ চলি থাকিব? নতুবা, দুয়োটা খণ্ডৰ মাজত চলি থকা শ্ৰমিকৰ সঞ্চালন কেতিয়া বন্ধ হ’ব৷ এই প্ৰশ্নটিৰ উত্তৰত লিৱিছে এক সুন্দৰ ব্যাখ্যা ডাঙি ধৰিছে৷ তেওঁৰ মতে, যেতিয়ালৈকে কোনো মতে চলি থকা খণ্ডটিত অতিৰিক্ত শ্ৰমিক থাকিব আৰু যেতিয়ালৈকে দুয়োটা খণ্ডৰ মাজত শ্ৰমিকক দিয়া মজুৰিৰ প্ৰাৰ্থক্য থাকিব তেতিয়ালৈকে প্ৰথমটি খণ্ডৰ পৰা দ্বিতীয়টিলৈ শ্ৰমিকৰ প্ৰৱাহ চলি থাকিব৷ এটা সময়ত প্ৰথমটি খণ্ডত অতিৰিক্ত শ্ৰমিকৰ পৰিমাণ কমি আহিব৷ ইয়াৰ ফলত এইটো খণ্ডতো শ্ৰমিকৰ মজুৰি বৃদ্ধি পাবলৈ ধৰিব৷ তাৰ লগে লগে শ্ৰমিকৰ উৎপাদনশীলতাও বৃদ্ধি পাব৷ এটা সময়ত দুয়োটা খণ্ডতে শ্ৰমিকৰ মজুৰি সমান হৈ পৰিব৷ ইয়াৰ লগে লগে প্ৰথমটো খণ্ডৰ পৰা দ্বিতীয়টো খণ্ডলৈ ঘটা শ্ৰমিকৰ প্ৰৱাহৰ অন্ত পৰিব৷ দুয়োটা খণ্ডতে শ্ৰমিকৰ উৎপাদনশীলতা সমান হ’বগৈ৷ অৱশেষত দুয়োটি খণ্ডই একে উৎপাদনশীলতাৰ যোগেদি সম হাৰত বিকাশ লাভ কৰিবলৈ সক্ষম হ’ব৷      
সমালোচনা (Criticism)
লিৱিছৰ তত্বটোৱে অনুন্নত দেশসমূহৰ দ্বৈত খণ্ডযুক্ত অৰ্থনীতিৰ বাস্তৱ ছবি এখন ডাঙি ধৰিছে কাৰণে তেনে দেশসমূহত এই তত্বটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে৷ সেয়া হ’লেও বিভিন্ন চিন্তাবিদে লিৱিছৰ তত্বটো ভিন্ন দিশৰ ওপৰত ভিত্তি কৰি সমালোচনা কৰিছে৷ লিৱিছৰ তত্বটো সমালোচনাৰ সন্মুখীন হোৱাৰ অন্তৰালত থকা তত্বটোৰ মূল দুৰ্বলতাসমূহ তলত আলোচনা কৰা হ’ল৷
১৷ লিৱিছে যুক্তি দৰ্শাইছে যে কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকসকলৰ প্ৰৱাহ ঘটে৷ ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছে যে কৃষিখণ্ডত অতিৰিক্ত শ্ৰমিক অনৰ্থকভাৱে নিয়োজিত হৈ থাকে৷ কিন্তু এই অতিৰিক্ত শ্ৰমিকসকলৰ প্ৰয়োজনীয়তা নাই বুলি একেষাৰে ক’বলৈ নোৱাৰি৷ উদাহৰণস্বৰূপে খেতি চপোৱাৰ সময়ত যথেষ্ট সংখ্যক শ্ৰমিকৰ আৱশ্যক হয়৷ 
২৷ লিৱিছে কোৱাৰ দৰে কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকৰ প্ৰৱাহ নহ’বও পাৰে কাৰণ কাৰিকৰী উন্নয়নৰ লগে লগে উদ্যোগখণ্ডই উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰে যি শ্ৰমিকৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে৷ বৃহৎ উদ্যোগসমূহ যন্ত্ৰ-পাতি আৰু প্ৰযুক্তিৰ ওপৰতহে নিৰ্ভৰশীল৷ তেনে উদ্যোগত শ্ৰমিকসকলৰ প্ৰয়োজনীয়তা তেনেই সীমিত৷
৩৷ কৃষিখণ্ডৰ অতিৰিক্ত শ্ৰমিকসকল উদ্যোগখণ্ডলৈ উচ্চ মজুৰিৰ নিয়োগৰ বাবে ঢাপলি মেলে বুলি লিৱিছে তেওঁৰ তত্বটোত ব্যাখ্যা কৰিছে৷ কিন্তু আমি জানোঁ যে কৃষিখণ্ডৰ পৰা যোৱা সৰহসংখ্যক শ্ৰমিকেই অদক্ষ আৰু কাৰিকৰী জ্ঞানশূন্য৷ আনহাতে উদ্যোগখণ্ডত উচ্চ কাৰিকৰী জ্ঞানসম্পন্ন শ্ৰমিকৰহে আৱশ্যক৷ গাওঁৰ পৰা অহা অদক্ষ শ্ৰমিকসকলে উদ্যোগবোৰত কিদৰে নিয়োগৰ সুবিধা পাব সেয়া লিৱিছে ব্যাখ্যা কৰা নাই৷ তেনে অদক্ষ শ্ৰমিকসকলক দক্ষ কৰিবৰ বাবে লাগতিয়াল প্ৰশিক্ষণ, কাৰিকৰী শিক্ষা প্ৰদান আদিৰ বিষয়তো লিৱিছে একো মাত মতা নাই৷