Thursday 14 May 2020

স্থিৰ দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা (Absolute and Relative Poverty)



দৰিদ্ৰতাক দুই প্ৰকাৰে বিচাৰ কৰা হয় –স্থিৰ দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা (Absolute and Relative Poverty)৷ স্থিৰ দৰিদ্ৰতা হ’ল প্ৰকৃত অৰ্থৰ দৰিদ্ৰতা৷ ই এনে এটা অৱস্থা য’ত এজন মানুহে জীৱন নিৰ্বাহৰ মৌলিক প্ৰয়োজনীয়তাবোৰ আহৰণ কৰিবলৈ অক্ষম হয়৷ এনে দৰিদ্ৰ লোক এজন পৃথিৱীৰ যিকোনো দেশতেই বুলি দৰিদ্ৰ বুলি বিবেচিত হ’ব৷ আনহাতে, আপেক্ষিক দৰিদ্ৰতাৰ ধাৰণাটো তুলনামূলক আৰু ঠাই সাপেক্ষে ভিন্ন ভিন্ন৷ এনে দৰিদ্ৰতা জোখোঁতে এটা শ্ৰেণীৰ লোকক আন এটা শ্ৰেণীৰ সৈতে তুলনা কৰি কোনোবা এটা শ্ৰেণীক দৰিদ্ৰ বুলি গণ্য কৰা হয়৷ উদাহৰণস্বৰূপে, আমি যদি বিলাসী গাড়ী থকা আৰু নথকাৰ ভিত্তিত ১০০ জন মানুহক বিভাজিত কৰোঁ, আৰু যদি তেওঁলোকৰ মাজৰ ২৫ জন মানুহৰ বিলাসী গাড়ী নাথাকে, তেন্তে সেই ২৫ জন মানুহক আপেক্ষিকভাৱে দৰিদ্ৰ বুলি ধৰা হ’ব৷ সেয়েহে, সহজ ভাষাত আপেক্ষিক দৰিদ্ৰতা হ’ল এটি বিশেষ পৰ্যায়-শ্ৰেণীৰ মানুহৰ তুলনাত আন এটা শ্ৰেণী আৰ্থিকভাৱে কিমান ধনী বা দুখীয়া সেয়া তুলনা কৰাটো৷
স্থিৰ দৰিদ্ৰতাৰ ধাৰণাটো অনুন্নত দেশসমূহৰ বাবে প্ৰযোজ্য৷ এনে দেশসমূহত যথেষ্ট সংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে আৰু জীৱনৰ মৌলিক প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ তেওঁলোক সম্পূৰ্ণ অক্ষম৷ উন্নত দেশসমূহত স্থিৰ দৰিদ্ৰতাৰ ধাৰণাটো অচল, কাৰণ এনে দেশসমূহত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক নাই বুলিলেও হয়৷
আপেক্ষিক দৰিদ্ৰতাৰ ধাৰণাটো উন্নত দেশসমূহৰ বাবে প্ৰযোজ্য৷ এনে দেশসমূহত প্ৰকৃত অৰ্থত জ্ঞান কৰিব পৰা দুখীয়া লোক নাই বাবে তাত কম চহকী লোকসকলকে দৰিদ্ৰ বুলি ধৰা হয়৷ উদাহৰণস্বৰূপে তেনে দেশসমূহত দুখন বিলাসী গাড়ীৰ গৰাকীসকলৰ বাবে এখন গাড়ী থকাসকল দৰিদ্ৰ লোক৷ 

1 comment: