Thursday 14 May 2020

মানৱ সম্পদ উন্নয়নৰ গুৰুত্ব (Importance of Human Resource Development)


অফুৰন্ত প্ৰাকৃতি সম্পদৰ সম্ভাৰেও আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহলৈ অৰ্থনৈতিক উন্নয়ন কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নাই৷ তাৰ কাৰণ কি বাৰু? প্ৰাকৃতিক সম্পদৰ উপলব্ধতা অৰ্থনৈতিক উন্নয়নৰ চৰ্ত নহয় জানো? নিশ্চয় হয়৷ কিন্তু মূল কথাটো হ’ল –প্ৰাকৃতিক সম্পদ থাকিলেও মানৱ সম্পদৰ অবিহনে অৰ্থনৈতিক উন্নয়ন অসম্ভৱ আৰু অবান্তৰ৷ কোনো এক অঞ্চলৰ প্ৰাকৃতিক সম্পদসমূহৰ উচিত ব্যৱহাৰ কৰি সেইবোৰ অৰ্থনৈতিক উন্নয়নৰ সমল কৰি তুলিবলৈ হ’লে সেই বিশেষ অঞ্চলটোৰ মানুহসকলৰ শ্ৰম, দক্ষতা, জ্ঞান, শিক্ষা আৰু পৰিকল্পনাৰ আৱশ্যক৷
মানৱ সম্পদ মানেনো কি?প্ৰতিজন মানুহকে মানৱ সম্পদ বোলা হয়নে? আমাৰ পৃথিৱীত প্ৰায় সাতশ কোটি মানুহ আছে৷ তাৰে প্ৰতিজনেই মানৱ সম্পদ নেকি? এইবোৰ স্বাভাৱিকতে মনত উদয় হোৱা কিছুমান প্ৰশ্ন৷ এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ হ’লে পোনতে আমি মানৱ সম্পদৰ অৰ্থটো জনাৰ আৱশ্যক৷ মানৱ সম্পদ মানে হ’ল মানুহ এজনৰ মাজত থকা জ্ঞান, দক্ষতা আৰু কৌশল যিবোৰে অৰ্থনৈতিক উন্নয়নৰ পথত পোনপটীয়াকৈ বৰঙণি আগবঢ়ায়৷ অৰ্থাৎ যিসকল মানুহ জ্ঞানী, দক্ষ আৰু কৌশলী –কেৱল সেইসকল লোককহে মানৱ সম্পদ বুলি ধৰা হয়৷ পূৰ্বতেই কোৱা হৈছে যে জ্ঞান, কৌশল আৰু দক্ষতাৰ অৱিহনে প্ৰাকৃতিক সম্পদসমূৰ উচিত ব্যৱহাৰ কৰি আমি অৰ্থনৈতিক উন্নয়ন সাধন কৰিব নোৱাৰোঁ৷
মানৱ সম্পদৰ উন্নয়ন সম্পৰ্কে আমি ইতিমধ্যে প্ৰথম অধ্যায়ত আলোচনা কৰিয়েই আহিছোঁ৷ মানৱ সম্পদৰ উন্নয়ন মানে হৈছে মানৱ সমাজক সম্পদলৈ ৰূপান্তৰিত কৰা কাৰ্য বা প্ৰক্ৰিয়া যাৰ দ্বাৰা তেওঁলোকে অৰ্থনৈতিক উন্নয়নলৈ বৰঙণি আগবঢ়াবৰ কাৰণে যোগ্য হৈ উঠে৷ আগতেই কৈছোঁ যে যিসকল মানুহ জ্ঞানী, দক্ষ আৰু কৌশলী –কেৱল তেনে লোক সকলকহে মানৱ সম্পদ বুলি গণ্য কৰা হয়৷ সেয়েহে মানৱ সম্পদৰ উন্নয়ন সাধিবলৈ হ’লে শিক্ষা আৰু প্ৰশিক্ষণৰ যোগেদি তেওঁলোকক জ্ঞানী, দক্ষ আৰু কৌশলী কৰি তুলিব লাগিব৷ ইয়াৰোপৰি তেওঁলোকৰ স্বাস্থ্য আৰু জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নৰ কাৰণে পৰিপুষ্টি, উন্নত চিকিৎসা সেৱা আৰু নিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ লাগিব৷
গাওঁ অঞ্চলসমূহ মানৱ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে৷ শিক্ষা, স্বাস্থ্য আৰু জীৱন নিৰ্বাহৰ মান –এই আটাইকেইটা দিশতে গ্ৰাম্যাঞ্চলসমূহ চহৰ অঞ্চলৰ তুলনাত পিছপৰা৷ গাওঁসমূহ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ৷ কিন্তু মানৱ সম্পদৰ বা মানৱ উন্নয়নৰ অভাৱৰ ফলত এই প্ৰাকৃতিক সম্পদসমূহ উন্নয়নৰ অৰ্থে ব্যৱহৃত হোৱা নাই৷ তাৰ ফলত গাওঁসমূহে অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ মুখ দেখা নাই৷ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে মানৱ সম্পদৰ উন্নয়ন অত্যাৱশ্যকীয়৷
অনুন্নত দেশসমূহৰ মুঠ ভৌগোলিক এলেকাৰ অধিকাংশই গাওঁ অঞ্চলবোৰে আৱৰি আছে৷ গ্ৰাম্যাঞ্চলৰ উন্নয়ন অৱিহনে এই দেশসমূহৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়৷ একমাত্ৰ মানৱ সম্পদৰ উন্নয়নৰ যোগেদিহে সেই লক্ষ্য আহৰণ কৰিব পৰা যাব৷
শিক্ষাহ’ল মানৱ সম্পদ উন্নয়নৰ এক প্ৰধান আহিলা৷ এজন শিক্ষিত লোকে আন দহজনকো শিক্ষিত কৰি তোলে৷ সমাজৰ এলান্ধুসদৃশ অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰাই বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰসাৰত শিক্ষাৰ দৰে ফলপ্ৰসূ আহিলাআন ক’তো নাই৷ এজন শিক্ষিত লোক স্বাস্থ্য সম্পৰ্কে সচেতন হয়৷ শিক্ষিত হোৱাৰ বাবে তেওঁ নিয়োগৰ সুবিধাও সহজে লাভ কৰে, কাৰণ শিক্ষিত লোক এজনৰ জ্ঞান আৰু দক্ষতা স্বাভাৱিকতে আনতকৈ বেছি৷ তাৰ ফলত তেওঁৰ জীৱন নিৰ্বাহৰ মানদণ্ড অধিক উন্নত হয়৷ শিক্ষিত লোক এজনে নিজা ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে অধিক জ্ঞাত আৰু সজাগ৷ তেওঁ উন্নয়নৰ অৰ্থ, প্ৰয়োজনীয়তা আৰু কৌশল বুজি পায়৷ সেয়েহে অৰ্থনৈতিক উন্নয়নত শিক্ষিত লোকসকলে পোনপটীয়াকৈ যোগদান কৰি নিজা অৱদান আগবঢ়ায়৷ গ্ৰাম্যাঞ্চলৰ উন্নয়নত শিক্ষাই মূল ভূমিকা ল’ব পাৰে৷ গাঁৱৰ সকলো লোক শিক্ষিত হৈ পৰিলে গাঁওসমূহৰ ৰূপেই সলনি হৈ পৰিব৷ বহু সময়ত দেখা যায় যে গাওঁ অঞ্চলৰ উন্নয়নৰ দায়িত্বত থকা গাওঁ-পঞ্চায়তৰ লোকসকল শিক্ষিত নোহোৱা বাবে চৰকাৰী আঁচনিৰ সুবিধাসমূহ তেওঁলোকে গাৱঁলৈ কঢ়িয়াই অনাত বিফল হয়৷
স্বাস্থ্য হৈছে মানৱ সম্পদ উন্নয়নৰ কৌশল আৰু উদ্দেশ্য দুয়োটাই৷ স্বাস্থ্য সেৱাৰ উন্নতিৰ যোগেদি মানৱ সম্পদৰ উন্নয়ন সাধন কৰা হয়৷ নাগৰিকসকলৰ সুস্বাস্থ্যৰ কাৰণে উন্নত চিকিৎসা ব্যৱস্থা, পৰিপুষ্টি আৰু স্বাস্থ্যৰ সজাগতামূলক আঁচনি হাতত লোৱা হয়৷ তেনেদৰে মানৱ উন্নয়নে আকৌ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত মূল গুৰুত্ব আৰোপ কৰে৷ জীৱন প্ৰত্যাশা কাল বৃদ্ধি কৰা, মৃত্যুৰ হাৰ হ্ৰাস কৰা, মহামাৰীবোৰ নিৰ্মূল কৰা আদি বিষয়ত মূল গুৰুত্ব দিয়া হয়৷ স্বাস্থ্যৰ কাৰণে ইমান বেছি গুৰুত্ব দিয়াৰ মূল কাৰণ হ’ল অৰ্থনৈতিক উন্নয়ত ইয়াৰ অবিচ্ছেদ্য ভূমিকা৷ এজন সুস্থ স্বাস্থ্যৰ মানুহে ৰোগীয়া মানুহ এজনৰ তুলনাত অধিক দক্ষতাৰে আৰু কম সময়ৰ ভিতৰতে যিকোনো কাম সমাধা কৰিব পাৰে৷ সুস্থ স্বাস্থ্যৰ শিশু এটিয়ে শিক্ষা আহৰণৰ ক্ষেত্ৰতো অধিক ভাল ফলাফল প্ৰদৰ্শন কৰে৷ কথাতে কয় যে সুস্থ শৰীৰ এটাতহে সুস্থ মন এটিয়ে বাস কৰে৷ সুস্থ লোক এজন অধিক আগ্ৰহী, অধিক দক্ষ, অধিক উদ্যোগী আৰু অধিক কৰ্মঠ৷ সেয়েহে সুস্বাস্থ্যক গাওঁবিলাকৰ উন্নয়নৰ এক আহিলা হিচাপে গঢ় দিয়াটো উচিত৷ গ্ৰাম্য স্বাস্থ্যৰ উন্নয়নৰ কাৰণে বিশেষকৈ পৰিপুষ্টি, সজাগতা আৰু চিকিৎসা সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো উচিত৷ এই ক্ষেত্ৰত আমাৰ দেশৰ চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ দৰে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে৷ সেয়া হ’লেও গ্ৰাম্যঞ্চলত বসবাস কৰা লোকসকলৰ নিৰক্ষৰতা আৰু অজ্ঞতাৰ কাৰণে তেনে আঁচনিসমূহ সম্পূৰ্ণ সফল হোৱা নাই৷    
জীৱন ধাৰণৰ মানদণ্ড কেনে সেই বিষয়টো মানৱ উন্নয়নৰ এক মূল অংগ৷ উন্নত মানদণ্ডৰ জীৱন এটি নিৰ্বাহ কৰি থকা লোকসকলে শিক্ষা আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ অৰ্থনৈতিক উন্নয়নলৈ অৱদান আগবঢ়াবলৈ অধিক সুবিধা লাভ কৰে৷ জীৱন ধাৰণৰ মানদণ্ড সাধাৰণতে আয় বা উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল৷ যিসকল লোকৰ আয় অধিক তেওঁলোকৰ জীৱন ধাৰণৰ মান আনতকৈ উন্নত হয়৷ ঠিক তেনেদৰে কম আয়ৰ লোকসকলে এক মৰ্যদাসম্পন্ন জীৱন নিৰ্বাহৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়৷ গ্ৰাম্যাঞ্চলৰ ছবিখনলৈ মন কৰিলে দেখা যায় যে গাঁৱৰ বেছিভাগ লোকেই কম আয়ৰ ফলত নিম্ন মানদণ্ডৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে৷ তাৰ ফলত তেওঁলোক শিক্ষা, স্বাস্থ্যকৰ পৰিৱেশ, বৈজ্ঞানিক চিন্তাধাৰা আদিৰ পৰা বঞ্চিত হৈ আহিছে৷ গ্ৰাম্যাঞ্চলৰ উন্নয়নত এই এক ডাঙৰ প্ৰত্যাহ্বান৷ 

1 comment: