Thursday 14 May 2020

গ্ৰাম্য উন্নয়নৰ ধাৰণা (Concept of Rural Development)


 গ্ৰাম্য উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ আগতে গাওঁ অঞ্চলনো আচলতে কি অথবা গাওঁ মানেনো কি সেয়া জানি লোৱাটো ভাল হ’ব৷ গাওঁ মানে হ’ল নগৰীয়া জীৱনৰ বিপৰীত মেৰুত অৱস্থান কৰা এনে এক অঞ্চল য’ত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কৃষিভিত্তিক মানুহ কিছুমানে পৰম্পৰাগতভাৱে চলি অহা সামাজিক ৰীতি-নীতি আৰু সংস্কৃতিৰ আলমত সংঘৱদ্ধ হৈ মিলা-প্ৰীতিৰে সমাজ পাতি বসবাস কৰে৷ পৰম্পৰাসৰ্বস্ব ব্যৱস্থা, কৃষিভিত্তিক অৰ্থনীতি, যুটীয়া পৰিয়াল, সৰলতা, প্ৰকৃতি নিৰ্ভৰশীলতা আদি গ্ৰাম্যাঞ্চলৰ কিছুমান মূল চৰিত্ৰ৷ সামাজিক নীতি, লোকাচাৰ আদিৰে সংঘৱদ্ধ হৈ মিলা-প্ৰীতিৰে বসবাস কৰি জীৱন নিৰ্বাহ কৰি থাকিলেও গাওঁ অঞ্চলবোৰ নিৰক্ষৰতা, অন্ধবিশ্বাস, কুসংস্কাৰ, নিবনুৱা সমস্যা, দৰিদ্ৰতা, অবৈজ্ঞানিক জীৱন-যাপন আদি সমস্যাৰে ভাৰাক্ৰান্ত৷
গ্ৰাম্যাঞ্চলৰ লোকসকল এজনৰ ওপৰত আনজন নতুবা এটা পৰিয়ালৰ ওপৰত আন এটা পৰিয়াল যথেষ্ট নিৰ্ভৰশীল৷ উৎসৱ-পাৰ্বন আৰু অন্যান্য সামাজিক অনুস্থানসমূহত সকলোৱে একেলগে মিলা-প্ৰীতিৰে উপভোগ কৰা দেখা যায়৷ তেওঁলোক আনৰ সুখত সুখী আৰু দুখত দুখী৷ চুবুৰীয়াৰ বিদপ-আপদত সকোলোৱে সাধ্যানুসাৰে সহায় সহযোগ আগবঢ়ায়৷ যুটীয়া পৰিয়ালৰ ব্যৱস্থা থকা বাবে পৰিয়ালৰ সদস্যসকলৰ মাজতো যথেষ্ট মিলা-প্ৰীতি আৰু মৰম চেনেহ থাকে৷ গ্ৰাম্যাঞ্চলৰ পৰিয়ালবোৰ সাধাৰণতে পিতৃকেন্দীক৷ সেয়া হ’লেও প্ৰতিটো পৰিয়ালতে মহিলাসকলে পুৰুষৰ সমানেই মৰ্যদাৰ অধিকাৰী৷
এইবাৰ আহোঁ ‘উন্নয়ন’ (Development) শব্দটোৰ অৰ্থ বিচাৰ কৰা পৰ্বলৈ৷ উন্নয়নৰ অৰ্থ আৰু চৰিত্ৰ আমি প্ৰথম অধ্যায়ত ভালদৰেই আলোচনা কৰিছোঁ৷ উন্নয়ন মানে হ’ল সৰ্বাঙ্গীন বিকাশ৷ এই বিকাশ সংখ্যাবাচক আৰু গুণবাচক দুয়োটা দিশতেই হয়৷ সংখ্যাবাচক দিশৰ বিকাশ মানে হ’ল জনমূৰি আয়, আঞ্চলিক আয়, ভোগ ব্যয়, বিনিয়োগ, ৰপ্তানি আদিৰ বৃদ্ধি৷ আনহাতে গুণগত বিকাশ মানে হ’ল ক্ৰয় ক্ষমতা, সাক্ষৰতা, স্বাস্থ্য, জীৱন-ধাৰণৰ মান, অঞ্চলটোৰ আন্তঃগাঁথনি আদিত হোৱা উন্নতি৷ অৰ্থনৈতিক উন্নয়নে এই আটাইবোৰ দিশকে সামৰি লয়৷
গাওঁ অঞ্চল আৰু উন্নয়ন –এই দুয়োটা শব্দৰ লগতে পৰিচয় হোৱাৰ পিছত আমি এতিয়া গ্ৰাম্য-উন্নয়ন মানেনো কি সেয়া আলোচনা কৰিব পৰা হৈছোঁহি৷ সহজ ভাষাত গ্ৰাম্য উন্নয়ন মানে হ’ল গাওঁ অঞ্চলৰ উন্নয়ন৷ বিস্তৃত ভাষাত গ্ৰাম্য উন্নয়ন মানে হ’ল গাওঁ অঞ্চলত বসবাস কৰা লোকসকলৰ আয়, বিনিয়োগ, নিয়োগৰ সুবিধা, ক্ৰয় ক্ষমতা, সাক্ষৰতা, জীৱন ধাৰণৰ মান, জীৱন প্ৰত্যাশাকাল, স্বাস্থ্য, অঞ্চলটোৰ আন্তঃগাঁথনি আদিত হোৱা উন্নতি৷ এনেবোৰ দিশত হোৱা উন্নতিৰ ফলত গ্ৰাম্যাঞ্চললৈ অফুৰন্ত ধনাত্মক পৰিৱৰ্তন আহে, ব্যৱসায় বাণিজ্যৰ উত্থান ঘটে, বাণিজ্যিক আকৰ্ষণ কেন্দ্ৰ হিচাপে চিনাক্ত হয়, বজাৰ ব্যৱস্থাৰ উন্নতি সাধন হয়, অন্য অঞ্চলৰ লোকসকলে বিভিন্ন কাৰণত ঠাইখনলৈ আহ-যাহ কৰে আৰু ঠাইখন ক্ৰমাৎ নগৰীয়া সভ্যতালৈ উত্তৰণ ঘটে৷

1 comment: