Thursday 14 May 2020

ফেই ৰানিচৰ দ্বৈত অৰ্থনীতি আৰ্হি (Fei-Ranis’ Model of Dual Economy)


ফেই ৰানিচৰ অৰ্থনৈতিক বিকাশৰ আৰ্হি বা তত্বটো হ’ল অৰ্থনীতিদিদ জন চি. এইছ. ফেই আৰু গুস্তভ ৰানিছে আগবঢ়োৱা উন্নয়ন অৰ্থনীতিৰ দ্বৈত আৰ্হিৰ তত্ব৷ এই তত্বটো অৰ্থনীতিবিদ লিৱিছে আগবঢ়োৱা অৰ্থনৈতিক বিকাশৰ তত্বটোৰ সম্প্ৰসাৰিত ৰূপ৷ এই তত্বটোক ৰাহি শ্ৰমিকৰ আৰ্হি (Surplus Labour Model) বুলিও কোৱা হয়৷
ফেই ৰানিচৰ তত্বটোৰ মতে অনুন্নত দেশসমূহৰ অৰ্থনীতিবোৰ দুটা সুকীয়া খণ্ডত বিভক্ত৷ এই খণ্ড দুটি হ’ল –পৌৰাণিক (Primitive) আৰু আধুনিক (Modern)৷ পৌৰাণিক খণ্ডটো সম্পূৰ্ণৰূপে কৃষিভিত্তিক আৰু পৰম্পৰাসৰ্বস্ব৷ এইটো খণ্ডত অতিৰিক্তকৈ যথেষ্ট শ্ৰমিক নিয়াজিত হৈ থাকে৷ অন্যহাতে আধুনিক খণ্ডটো হ’ল সৰু উদ্যোগ কিছুমানৰ ভিত্তিত খুব খৰতকীয়াকৈ বিকশিত৷ এই দুয়োটা বিপৰীতধৰ্মী খণ্ডৰ একক অৱস্থানে অৰ্থনীতিখনত কিছুমান মৌলিক সমস্যাৰ সৃষ্টি কৰে৷ অৰ্থনৈতিক উন্নয়নৰ বাবে পৌৰাণিক কৃষিভিত্তিক খণ্ডটোক উদ্যোগ খণ্ডলৈ ৰূপান্তৰিত কৰি উদ্যোগিক উৎপাদনৰ বৃদ্ধি ঘটোৱাটো আৱশ্যকীয়৷ তাৰ বাবে কৃষিখণ্ডত থকা অতিৰিক্ত শ্ৰমিকসকল উদ্যোগখণ্ডলৈ সৰবৰাহ হ’ব লাগিব৷ ইয়াৰ দ্বাৰা যাতে কৃষিখণ্ডৰ উৎপাদন হ্ৰাস নাপায় সেয়াও একে সময়তে মন কৰিব লাগিব৷ কাৰণ খাদ্য আৰু কেঁচামালৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতাৰ কাৰণে কৃষিখণ্ডৰ উন্নয়নো অত্যাৱশক্যকীয়৷ সঞ্চয় আৰু বিনিয়োগে অৰ্থনৈতিক উন্নয়নৰ গতিটো খৰতকীয়া কৰি তুলিব৷
কৃষিখণ্ডৰ বৰ্ধিত উৎপাদনে কিদৰে উদ্যোগখণ্ডৰ বিকাশত সহায় কৰে ফেই ৰানিচৰ তত্বই তাক সুন্দৰকৈ ব্যাখ্যা কৰিছে৷ অনুন্নত দেশসমূহে অৰ্থনৈতিক অনগ্ৰসৰতাৰ পৰা কিদৰে আত্মনিৰ্ভৰশীল আৰু বিকশিত অৰ্থনীতিলৈ গতি কৰিব পাৰে তাক তিনিটা স্তৰত দেখুৱাইছে৷
তত্বটোৰ মৌলিক যুক্তিসমূহ (Basic Arguments of the theory):
        ফেই ৰানিচৰ তত্ব বা আৰ্হিটোৱে এখন অনুন্নত অৰ্থনীতিৰ তলত দিয়া বৈশিষ্ট্যবোৰৰ ওপৰত নিজা অভিমত ডাঙি ধৰে৷
১) অনুন্নত দেশসমূহত যথেষ্ট পৰিমাণে শ্ৰমিক থাকে৷
২) অনুন্নত দেশসমূহ প্ৰাকৃতিক সম্পদত চহকী নহয়৷
৩) অনুন্নত দেশসমূহত জনসংখ্যাৰ বৃদ্ধি অতি উচ্চ আৰু ইয়াৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷  
৪) অনুন্নত দেশসমূহৰ সৰহসংখ্যক লোক কৃষিখণ্ডত জড়িত হৈ থাকে৷ সেয়া হ’লেও এইবোৰ দেশত শস্যৰ উৎপাদন সন্তোষজনক নহয়৷
৫) অনুন্নত দেশসমূহৰ কৃষিখণ্ডত অতিৰিক্ত শ্ৰমিক নিয়োজিত হৈ থাকে আৰু তেনে শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান৷  
 ৬) এনে দেশসমূহত কৃষিখণ্ডৰ উপৰিও অন্য উদ্যোগ কিছুমান থাকে যদিও মূলধন আৰু বিনিয়োগৰ অভাৱত সেইবোৰ উদ্যোগৰ স্বাস্থ্য মুঠেই উন্নত নহয়৷ 
তত্বটোৰ মূল ব্যাখ্যা (Main Explanation of the Model)
ফেই ৰানিচৰ তত্বটোৰ মতে, "Economic development would be taking place if agricultural labourers are transferred to industrial sector where their productivity will increase"৷ অৰ্থাৎ কৃষিখণ্ডত নিয়োজিত শ্ৰমিকসকলক উদ্যোগখণ্ডলৈ আনি নিয়োজিত কৰিলে তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি হ’ব আৰু ইয়েই অৰ্থনৈতিক উন্নয়নৰ পথ৷
ইতিপূৰ্বে কোৱা হৈছে যে অনুন্নত দেশসমূহৰ অৰ্থনীতিবোৰ দুটা সুকীয়া খণ্ডত বিভক্ত৷ সেই খণ্ড দুটি হৈছে –স্থৱিৰ কৃষিখণ্ড আৰু গতিশীল উদ্যোগ খণ্ড৷ কৃষিখণ্ডত অতিৰিক্তভাৱে নিয়োজিত হৈ থকা শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান আৰু কৃষিখণ্ডৰ উৎপাদনত কোনো নিঘিনি নঘটাকৈ তেওঁলোকক উদ্যোগ খণ্ডলৈ লৈ আনিব পৰা যায়৷
ফেই ৰানিচৰ মতে অৰ্থনৈতিক বিকাশৰ তিনিটা স্তৰ বা আছে৷ তলত সেইবোৰ আলোচনা কৰা হ’ল৷
প্ৰথম স্তৰ (The first stage of growth)
ফেই ৰানিচৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমটো স্তৰ বা পদক্ষেপ অৰ্থনীতিবিদ লিৱিছে আগবঢ়োৱা বিকাশৰ প্ৰথমটো স্তৰৰ সৈতে একেই৷ এইটো স্তৰত কৃষিখণ্ডত নিয়োজিত হৈ থকা শূন্য প্ৰান্তিক উৎপাদনশীলতাৰ শ্ৰমিকসকলক এক নিৰ্দিষ্ট আনুষ্ঠানিক মজুৰি দি উদ্যোগখণ্ডলৈ সৰবৰাহ কৰোৱা হয়৷ 
দ্বিতীয় স্তৰ (Second Stage)
বিকাশৰ দ্বিতীয় স্তৰত কৃষিখণ্ডত নিয়োজিত শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা কিছু বৃদ্ধি পায় যদিও তেওঁলোকৰ উৎপাদনশীলতা তেওঁলোকে পোৱা মজুৰিতকৈ কমেই হৈ থাকে৷ এইটো স্তৰতো কিছু সংখ্যক ছদ্মৱেশী নিবনুৱা থাকি যায়৷ এইসকলকো উদ্যোগখণ্ডলৈ সৰবৰাহ কৰিব লাগে৷ কৃষিখণ্ডৰ পৰা উদোগখণ্ডলৈ হোৱা শ্ৰমিকসকলৰ প্ৰবজন চলি থাকিলে অৱশেষত এনে এক অৱস্থা পাবহি য’ত কৃষিখণ্ডত জড়িত লোকসকলৰ প্ৰান্তিক উৎপাদনশীলতা বৃদ্ধি হৈ আনুষ্ঠানিক মজুৰিৰ সমান হ’বগৈ৷ 
তৃতীয় স্তৰ (Third Stage)   
ফেই ৰানিচ আৰ্হিৰ তৃতীয় স্তৰত এটা খণ্ডৰ পৰা আনটো খণ্ডলৈ হোৱা প্ৰবজনৰ অন্ত পৰে আৰু দুয়োটা খণ্ডতে আত্মনিৰ্ভৰশীল বিকাশ হ’বলৈ ধৰে৷ কৃষিখণ্ডৰ শ্ৰমিকসকলৰ উৎপাদনশীলতা বৃদ্ধি হৈ তেওঁলোকে পোৱা মজুৰি অতিক্ৰম কৰে৷ অৰ্থাৎ এই স্তৰত খেতিয়কসকলে উপাৰ্জিত মজুৰিতকৈ বেছি উৎপাদন কৰে৷ কৃষিখণ্ডত উৎপাদন বৃদ্ধিৰ লগে লগে বাণিজ্যিকৰণৰ যোগেদি এইটো খণ্ড বিকশিত হ’বলৈ ধৰে৷
কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকৰ সৰবৰাহ কেতিয়ালৈকে চলি থাকিব নতুবা এই সৰবৰাহ সম্পূৰ্ণ হ’বলৈ কিমান সময় লাগিব সেয়া তলত দিয়া কাৰককেইটিৰ ওপৰত নিৰ্ভৰশীল৷
১) উদ্যোগখণ্ডত মূলধনৰ বিকাশৰ হাৰ৷ ই লাভৰ ওপৰত নিৰ্ভৰশীল৷ অৰ্থাৎ উদ্যোগখণ্ডত যিমানেই বেছি লাভ হয়, মূলধনৰ বিনিয়োগ সিমানেই হয়৷
২) উদ্যোগসমূহত কাৰিকৰী বিকাশৰ গতি-প্ৰকৃতি৷ 
৩) দেশখনত জনসংখ্যা বৃদ্ধিৰ হাৰ৷ জনসংখ্যাৰ বৃদ্ধি খৰতীয়া হ’লে শ্ৰমিকৰ সংখ্যাও বৃদ্ধি পাব আৰু তাৰ ফলত এটা খণ্ডৰ পৰা আনটোলৈ চলি থকা শ্ৰমিকৰ সৰবৰাহ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ বেছি সময় লাগিব৷ সেয়েহে জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰাটো আৱশ্যকীয়৷
ফেই ৰানিচ আৰ্হিটোৰ মূল কথা তিনিটা হ’ল-
১) কৃষিখণ্ডৰ বিকাশ উদ্যোগখণ্ডৰ বিকাশৰ দৰেই গুৰুত্বপূৰ্ণ৷
২)  কৃষিখণ্ড আৰু উদ্যোগখণ্ডৰ সম বিকাশ আৱশ্যকীয়৷
৩) শ্ৰমিকসকলে নিয়োগৰ সুবিধা পোৱাৰ গতি বা  হাৰটো জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ বেছি হ’ব লাগিব৷ অৰ্থাৎ বিকাশৰ বাবে জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰাটো আৱশ্যকীয়৷
 লিৱিছৰ বিকাশ আৰ্হি বা তত্বৰ সৈতে তুলনা
(A Comparison with Lewis Growth Model)
ফেই ৰানিচৰ বিকাশ আৰ্হিটোৰ সৈতে লিৱিছৰ অৰ্থনৈতিক বিকাশ তত্বটোৰ যথেষ্ট সামঞ্জ্যস্য আছে৷ দুয়োটা তত্বয়েই ব্যাখ্যা কৰিছে যে অনুন্নত দেশসমূহৰ অৰ্থনীতিবোৰ কৃষিভিত্তিক আৰু উদ্যোগিক –এই দুটা খণ্ডত বিভক্ত৷ দুয়োটা তত্বয়েই ব্যাখ্যা কৰিছে কিদৰে কৃষিখণ্ডত নিয়োজিত অতিৰিক্ত শ্ৰমিকসকল উদ্যোগ খণ্ডলৈ সৰবৰাহ হয়৷ দুয়োটা তত্বৰ মাজত এনে সাদৃশ্যসমূহ থাকিলেও ভালদৰে বিশ্লেষণ কৰিলে তত্ব দুটিৰ মাজত কিছুমান প্ৰাৰ্থক্যও মন কৰা যায়৷ প্ৰথম কথা, লিৱিছে কৃষিখণ্ডটোক একেবাৰে কম গুৰুত্ব দিছে আৰু উদ্যোগ খণ্ডৰ বিকাশেহে অৰ্থনৈতিক উন্নয়ন আনিব বুলি কৈছে৷ আনহাতে ফেই ৰানিচৰ বিকাশ আৰ্হি বা তত্বই কৃষিখণ্ড আৰু উদ্যোগখণ্ড –এই দুয়োটাৰেই সম বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ দ্বিতীয়তে, জনসংখ্যাৰ বৃদ্ধিয়ে বিকাশক কিদৰে প্ৰভাৱিত কৰে নতুবা কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ ঘটা শ্ৰমিকসকলৰ প্ৰৱাহক জনসংখ্যাৰ বৃদ্ধিয়ে কিদৰে প্ৰভাৱিত কৰে তাৰ ব্যাখ্যা আগবঢ়োৱাত লিৱিছৰ তত্বটো ব্যৰ্থ হৈছে৷ তাৰ বিপৰীতে ফেই ৰানিচৰ তত্বটোৱে এই বিষয়টোত গুৰুত্ব আৰোপ কৰি কৈছে যে অৰ্থনৈতিক বিকাশৰ বাবে জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰাটো অতিকে আৱশ্যকীয়৷ তৃতীয়তে, লিৱিছৰ উদ্যোগভিত্তিক অৰ্থনৈতিক বিকাশ তত্বৰ বিপৰীতে ফেই ৰানিচৰ আৰ্হিটো সুষম অৰ্থনৈতিক বিকাশ (Balanced Economic Growth) ৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত৷ ফেই ৰানিচৰ তত্বই কৃষিখণ্ড আৰু উদ্যোগখণ্ড –এই দুয়োটা খণ্ডৰে সমান বিকাশৰ বাবে বিনিয়োগ কৰাৰ কথা কৈছে৷
সমালোচনা (Criticism):
সুষম অৰ্থনৈতিক বিকাশত গুৰুত্ব আৰোপ কৰি অনুন্নত দেশসমূহত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা ফেই ৰানিচৰ আৰ্হিটোক লিৱিছৰ বিকাশ তত্বতকৈ উন্নত বুলি কোৱা হয়৷ সেয়া হ’লেও এই তত্বটোৰো কিছুমান সীমাৱদ্ধতা আছে৷ তলত তাৰেই কিছুমান আলোচনা কৰা হ’ল৷
১) ফেই ৰানিচৰ তত্বটোৱে দেখুৱাইছে যে অনুন্নত দেশসমূহৰ কৃষিখণ্ডত জড়িত অতিৰিক্ত শ্ৰমিকসকল অৰ্থনৈতিক বিকাশৰ লগে লগে উদ্যোগ খণ্ডলৈ সৰবৰাহ হয় আৰু তাৰ দ্বাৰা কৃষিখণ্ডৰ উৎপাদনত কোনো বেয়া প্ৰভাৱ নপৰে৷ কিন্তু বহু চিন্তাবিদে এইটো ব্যাখ্যাক সমালোচনা কৰি কৈছে যে খেতি চহোৱা আৰু চপোৱাৰ সময়ত শ্ৰমিকৰ অভাৱ ঘটিলে কৃষিখণ্ডৰ উৎপাদন হ্ৰাস হ’ব৷
২) ফেই ৰানিচৰ তত্বটোত কোৱা হৈছে যে অৰ্থনীতিৰ অনুন্নত অৱস্থাত কৃষিখণ্ডত নিয়োজিত শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা শূন্যৰ সমান৷ কিন্তু বহু অৰ্থনীতিবিদে তাক সমালোচনা কৰি কৈছে যে শ্ৰমিকৰ প্ৰান্তিক উৎপাদনশীলতা কেতিয়াও শূন্যৰ সমান হ’ব নোৱাৰে কাৰণ তেনে হ’লে কৃষিখণ্ডত শস্য উৎপাদনেই নহ’ব৷
৩) ফেই ৰানিচৰ তত্ব বা আৰ্হিটোৱে অৰ্থনৈতিক বিকাশৰ কাৰক হিচাপে কেৱল শ্ৰম আৰু ভূমিৰওপৰত গুৰুত্ব দিছে৷ মূলধন আৰু প্ৰযুক্তিগত উন্নয়নত তত্বটোৱে কোনো গুৰুত্ব আৰোপ কৰা নাই৷ উন্নত প্ৰযুক্তিৰ উদ্ভাৱনে মানৱ শ্ৰমৰ প্ৰয়োজনীয়তা নোহোৱা কৰে আৰু তেনে অৱস্থাত উদ্যোগখণ্ডত শ্ৰমিকৰ নিয়োগকাৰ্য বন্ধ হোৱা বাবে কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ হোৱা শ্ৰমিকৰ প্ৰৱাহো বন্ধ হৈ পৰিব৷ 
                                                  

      ৪) ফেই ৰানিচৰ তত্বটোত কোৱাৰ দৰে যদি কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকৰ সৰবৰাহ ঘটোওৱা হয়, তাৰ ফলত কৃষিখণ্ডৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাব৷ ইয়াৰ ফলত বজাৰত খাদ্যশস্যৰ দৰ বৃদ্ধি পাই মূদ্ৰাস্ফীতিৰ সৃষ্টি হ’ব আৰু ই অৰ্থনৈতিক বিকাশৰ পথত বাধা হিচাপে থিয় দিব৷
৫)বহু অৰ্থনীতিবিদে মত পোষণ কৰিছে যে ফেই ৰানিচে কৃষি আৰু উদ্যোগ –এই দুয়োটা খণ্ডৰ ওপৰতে আৰোপ কৰা সম গুৰুত্বটো ব্যৱহাৰিক নহয় কাৰণ অৰ্থনৈতিক বিকাশলৈ কৃষিখণ্ডই কোনো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব নোৱাৰে৷

No comments:

Post a Comment