Thursday 14 May 2020

অৰ্থনৈতিক অসমতা (Economic Inequality)


অৰ্থনৈতিক অসমতা বা অৰ্থনৈতিক বৈষম্য মানে এনে এটা অৱস্থা য’ত কোনো দেশ এখনৰ সম্পদসমূহ দেশখনৰ নাগৰিকসকলৰ মাজত সমভাৱে বা সুষমভাৱে বিতৰণ হৈ নাথাকে৷ অৰ্থাৎ কিছু সংখ্যক লোকে আনসকলতকৈ অধিক ধন- সম্পদ অধিকাৰ কৰি অধিক চহকী হৈ থাকে৷ তাৰ বিপৰীতে কিছুসংখ্যক লোকে আনসকলতকৈ কম সম্পদৰ অধিকাৰী হৈ দুখীয়া হৈ থাকে৷ এনে অৱস্থাত দেশখনৰ লোকসকলক সম্পদৰ অধিকাৰৰ ভিত্তিত ধনৱান, মধ্যবিত্ত, দুখীয়া আদি গোটত ভাগ কৰিব পাৰি৷
পৃথিৱীৰ আটাইবোৰ দেশতেই অৰ্থনৈতিক অসমতা থাকে৷ ভাৰতৱৰ্ষৰ দৰে দেশসমূহত এই বৈষম্য অধিক প্ৰসাৰিত৷ ২০১৮ চনৰ এক প্ৰতিবেদন মতে ভাৰতৱৰ্ষৰ মুঠ জনসংখ্যাৰ মাত্ৰ এক শতাংশই দেশৰ মুঠ সম্পদৰ ৬০ শতাংশ অধিকাৰ কৰি আছে৷ আমাৰ দেশত ব্যক্তিগত জেট বিমান থকা কিছুসংখ্যক চহকী লোক থকাৰ বিপৰীতে থাকিবলৈ ঘৰ এটা নোহোৱা, পিন্ধিবলৈ কাপোৰ নথকা আৰু শাৰীৰিক প্ৰয়োজনীয়তাৰ জোখত দৈনিক খাবলৈ নোপোৱা অনেক লোক আছে৷
এতিয়া প্ৰশ্নটো হ’ল –অৰ্থনৈতিক অসমতা বা বৈষম্য কিদৰে জোখি উলিওৱা হয়? অৰ্থনৈতিক অসমতা গণনা কৰাৰ বিভিন্ন পদ্ধতি বা মাপক আছে৷ তাৰেই মূল পদ্ধতিসমূহ তলত আলোচনা কৰা হ’ল-
গিনি ধ্ৰুৱক (Gini Coefficient):
গিনি ধ্ৰুৱক হৈছে আয় বৈষম্য বা অসমতা পৰিমাপ কৰাৰ আটাইতকৈ জনপ্ৰিয় আৰু আটাইতকৈ বেছিকৈ ব্যৱহৃত পদ্ধতি৷ এই পদ্ধতিয়ে লৰেঞ্জ ৰেখাৰ সহায়ত অৰ্থনৈতিক অসমতাৰ মাপ লয়৷ ই কিদৰে কাম কৰে তাক তলৰ চিত্ৰত দেখুওৱা হৈছে৷
চিত্ৰটিত ৪৫ ডিগ্ৰীৰ কোণ কৰি থকা ৰেখাডাল হ’ল সমতা ৰেখা৷ সমতা ৰেখাডালে আয়ৰ সম বিতৰণ দেখুৱাইছে৷ ইয়াৰ প্ৰতিটো বিন্দুৱে দেখুৱাইছে যে এক বিশেষ পৰিমাণৰ জনসংখ্যাই মুঠ আয়ৰ সেই একে পৰিমাণৰে অংশ অধিকাৰ কৰি আছে৷ উদাহৰণস্বৰূপে, মুঠ জনসংখ্যাৰ ৪০ শতাংশ লোকে দেশৰ মুঠ আয়ৰ ৪০ শতাংশ অধিকাৰ কৰি আছে৷ সেই সমতা ৰেখাৰ পৰা যিমানেই আঁতৰলৈ যোৱা হয়, আয়ৰ বিষমতা বা অসমতা সিমানেই বাঢ়ি যায়৷ ওপৰৰ চিত্ৰত বেঁকাকৈ অঁকা লৰেঞ্জ ৰেখাডাল সমতা ৰেখাৰ পৰা কিছু ব্যৱধানত আছে৷ সমতা ৰেখাডাল আৰু লৰেঞ্জ ৰেখাডালৰ মাজৰ অঞ্চলটো A ৰে দেখুওৱা হৈছে৷ গতিকে এই উদাহৰণটোত A পৰিমাণৰ আয়ৰ অসমতা আছে৷  

বিষমতাৰ ধ্ৰুৱক (Coefficient of Variation)

বিষমতাৰ ধ্ৰুৱক গণনা কৰিবলৈ পোন প্ৰথমে দেশখনৰ নাগৰিকসকলৰ আয়ৰ মানক বিচ্যুতি (Standard Deviation) নিৰ্ণয় কৰা হয়৷ তাৰ পিছত সেই সংখ্যাটোক আয়ৰ সমান্তৰ মাধ্য (Arithmetic Mean) ৰে হৰণ কৰি ভাগফলটোৰ লগত ১০০ পূৰণ কৰি বিষমতাৰ ধ্ৰুৱকটো গণনা কৰা হয়৷


1 comment: