Thursday 14 May 2020

গ্ৰাম্য উন্নয়নৰ গুৰুত্ব (Significance of Rural Development)


শেহতীয়াকৈ গ্ৰাম্য উন্নয়ন বিষয়টোৱে যথেষ্ট গুৰুত্ব পাবলৈ সক্ষম হৈছে৷ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শ্ৰেণীত গ্ৰাম্য উন্নয়নৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে৷ বিশেষকৈ অনুন্নত বা উন্নয়নশীল দেশসমূহে গ্ৰাম্য উন্নয়নৰ প্ৰয়োজনীয়তা হৃদয়ঙ্গম কৰি আনুষ্ঠানিক শিক্ষাত ইয়াক বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰাটো দেখা গৈছে৷ গ্ৰাম্য উন্নয়নে সকলো দেশতে ইমান গুৰুত্ব কিয় লাভ কৰিছে তাক তলৰ শিতানবোৰৰ যোগেদি আলোচনা কৰিব পাৰি৷
গাওঁ অঞ্চলৰ প্ৰাধান্য (Preference to Rural Areas)
উন্নয়নশীল অথবা অনুন্নত দেশসমূহৰ অৰ্থনীতি মূ্লতঃ গাওঁভিত্তিক৷ অৰ্থনৈতিক উন্নয়নৰ লগে লগে সেইবোৰৰ দেশত নগৰীকৰণৰ গতি ইতিমধ্যে আৰম্ভ হৈছে যদিও সেই গতি লেহেমীয়া হোৱা বাবে এতিয়াও দেশসমূহৰ মুঠ মাটিকালিৰ ষাঠি-সত্তৰ শতাংশ গাওঁ অঞ্চলবোৰেই আৱৰি আছে৷ জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লেও মুঠ মানুহৰ সত্তৰ-আষী শতাংশ লোক এতিয়াও গাওঁ অঞ্চলতে বসবাস কৰে৷ সেই বেছিভাগ গাঁৱেই দৰিদ্ৰতা, নিৰক্ষৰতা, ভগ্ন স্বাস্থ্য, পৰিপুষ্টিহীনতা, প্ৰাকৃতিক দুৰ্যোগ –আদি এশ এবুৰি সমস্যাত ভাৰাক্ৰান্ত৷ গ্ৰাম্যাঞ্চলৰ এই সমস্যাবোৰলৈ পিঠি দি দেশৰ উন্নয়ন সধাটো কেতিয়াও সম্ভৱ নহয়৷ সঠিক আৰু পৰিকল্পিত অৰ্থনৈতিক উন্নয়নমূলক আঁচনিয়েহে গ্ৰাম্যাঞ্চলৰ এই সমস্যাসমূহ সমাধান কৰিব পাৰিব৷ গাঁৱৰ সমস্যাবোৰ সমাধান হ’লেহে দেশৰ উন্নয়ন সম্ভৱপৰ হ’ব৷ এই কাৰণতে গ্ৰামীণ উন্নয়নত প্ৰতিখন উন্নয়নশীল আৰু অনুন্নত দেশৰ চৰকাৰে সৰ্বোচ্চ গুৰুত্ব আৰোপ কৰিছে৷
আামাৰ দেশ ভাৰতৱৰ্ষ এখন উন্নয়নশীল দেশ৷ ইয়াৰ মুঠ মাটিকালিৰ ৬০ শতাংশতকৈ অধিক ঠাই গাওঁ অঞ্চলবোৰে আৱৰি আছে৷ দেশখনৰ মুঠ জনসংখ্যাৰ ৬৬ শতাংশ লোক গাওঁ অঞ্চলত বসবাস কৰে৷ গতিকে এইটো স্পষ্ট যে আমাৰ দেশখনৰ প্ৰকৃতি হ’ল মূলতঃ গাওঁভিত্তিক৷ গ্ৰাম্যাঞ্চলৰ অৱিহনে ভাৰতৱৰ্ষক কল্পনা কৰিব নোৱাৰি৷ মুঠ মাটিকালিৰ মাত্ৰ ১০ শতাংশমানেহে চহৰবোৰে আৱৰি আছে৷ সেয়েহে ভাৰতৱৰ্ষৰ উন্নয়ন সাধন কৰিবলৈ হ’লে পোনতে এই গাওঁ অঞ্চলবোৰৰ বিকাশৰ কথা ভাবিবই লাগিব৷
গ্ৰাম্যাঞ্চলৰ অনগ্ৰসৰতা (Backwardness of Rural Area)
গাওঁ অঞ্চলবোৰ বিভিন্ন দিশত চহৰ অঞ্চলতকৈ যথেষ্ট পিছ পৰি আছে৷ তলৰ তালিকাত ভাৰতৱৰ্ষৰ উন্নয়নৰ ছবিখন গাওঁ আৰু চহৰত বিভক্ত কৰি দেখুওৱা হৈছে৷
তালিকাঃ ২.-ভাৰতৱৰ্ষৰ গাওঁ আৰু চহৰ অঞ্চলৰ উন্নয়নৰ তুলনা
বিষয়
চহৰ অঞ্চল
গাওঁ অঞ্চল
সাক্ষৰতা হাৰ
৮৫
৬৮.
শিশুৰ মৃত্যুৰ হাৰ
৩৪
৫৪
দৰিদ্ৰ লোক
১৩.৭০
২৫.৭০
মৃত্যুৰ হাৰ
উৎসঃ ভাৰতৱৰ্ষৰ লোকপিয়ল, ২০১১
আমাৰ দেশত চহৰ অঞ্চলৰ তুলনাত গাওঁ অঞ্চলবোৰ কিদৰে পিছ পৰি আছে সেয়া ওপৰৰ তালিকাখনে স্পষ্টভাৱে দেখুৱাইছ৷ গ্ৰাম্যাঞ্চলৰ এই অনগ্ৰসৰতাৰ বাবেই উন্নয়নশীল অথবা অনুন্নত দেশসমূহ পিছপৰি আছে৷ এই সমস্যাৰ এটাই মাথোন সমাধান আছে৷ সেয়া হৈছে গ্ৰাম্য উন্নয়নত বৰ্ধিত পৰিমাণে গুৰুত্ব আৰোপ কৰাটো৷ সেই কথাটো প্ৰায়বোৰ দেশেই ইতিমধ্যে বুজি উঠিছে আৰু গ্ৰামোন্নয়নত অগ্ৰাধিকাৰ দিয়াৰ ফলত গাওঁ অঞ্চলৰ পূৰ্বৰ ছবিখনিত যথেষ্ট ধনাত্মক সাল-সলনি ঘটিছে৷
অৰ্থনৈতিক উন্নয়নৰ বৈজ্ঞানিক কৌশল (Scientific Technique of Economic Development)

বেছিভাগ দেশেই, বিশেষকৈ অনুন্নত অথবা উন্নয়নশীল দেশসমূহে খৰতকীয়া অৰ্থনৈতিক উন্নয়নৰ বাবে সংগ্ৰাম কৰি আছে৷ কিন্তু এই লক্ষ্য কিদৰে আহৰণ কৰিব পৰা যাব বা উন্নয়নৰ ফলপ্ৰসূ আৰু বৈজ্ঞানিক কৌশল কি সেই সম্পৰ্কে গৱেষণা চলিছে৷ গৱেষণাবোৰে প্ৰমাণ কৰিছে যে অনুন্নত দেশসমূহৰ অধিকভাগ অঞ্চল যিহেতু গাওঁ অঞ্চল আৰু যিহেতু দেশৰ সৰহভাগ লোক গাওঁ অঞ্চলতে বসবাস কৰে সেয়েহে গ্ৰামোন্নয়নত গুৰুত্ব আৰোপ কৰাটোৱেই দেশ এখনৰ অৰ্থনীতি বিকশিত কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায়৷ সেয়েহে গ্ৰাম্য উন্নয়নৰ ধাৰণাটো সমগ্ৰ পৃথিৱীতে জনপ্ৰিয় হৈ পৰিছে৷ তাৰেই ফলশ্ৰুতিত আমাৰ দেশতো প্ৰতিবছৰে হেজাৰ হোজাৰ কোটি টকা গাওঁবোৰৰ উন্নয়নৰ বাবে খৰচ কৰা হৈছে৷ গাওঁ অঞ্চলৰ লোকসকলৰ শিক্ষাৰ বাবে সৰ্বশিক্ষা মিশ্যন, গাওঁ অঞ্চলত সুস্বাস্থ্য নিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান, নিয়োগ সৃষ্টিৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (MGNREGA) আদি বৃহৎ আৰু ফলপ্ৰসূ যোজনাবোৰ হাতত লোৱা হৈছে৷ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰি পঞ্চায়তৰ হাতত সাংবিধানিক অধিকাৰ আৰু ক্ষমতা তুলি দিয়া হৈছে৷
সম্পদৰ উপযোগী ব্যৱহাৰ (Utilisation of Resources)
গাওঁ অঞ্চলবোৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যৰে ভৰপূৰ৷ খাৰুৱা তেল, কয়লাকে আদি কৰি খনিজ সম্পদ, কাঠ-বাঁহ, ঔষধী উদ্ভিদকে আদি কৰি বনজ সম্পদ, মাছ-কাছ, উৎকৃষ্ট মানৰ বালিকে আদি কৰি জলজ সম্পদেৰে গাওঁবোৰ ভৰি আছে৷ সেয়া হ’লেও মূলধন আৰু কৌশলৰ অভাৱত গাঁৱৰ লোকসকলে এই সম্পদসমূহৰ সঠিক ব্যৱহাৰৰ যোগেদি অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ বাট উলিয়াব পৰা নাই৷ তদুপৰি মূল্যবান সম্পদসমূহো অনাৱশ্যকীয় বস্তুৰ দৰে পৰি আছে৷ গ্ৰাম্যাঞ্চলৰ প্ৰাকৃতিক সম্পদসমূহক উপযুক্তভাৱে কামত খটুৱাই গ্ৰাম্য অৰ্থনীতিলৈ অফুৰন্ত পৰিৱৰ্তন আনিবৰ বাবে গ্ৰাম্য উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷
গাওঁ অঞ্চলসমূহ প্ৰাকৃতিক সৌন্দৰ্যত অতুলনীয়৷ পাহাৰ-পৰ্বত, নৈ-নিজৰা, চৰাই-চিৰিকটি, নানা প্ৰজাতিৰ ফুল আৰু অৰ্কিড, দুষ্প্ৰাপ্য জীৱ-জন্তু আদিৰে গাওঁবোৰ ভৰা৷ এই অতুলনীয় প্ৰাকৃতিক শোভাক কামত খটুৱাই গাওঁবোৰক পৰ্যটকৰ আকৰ্ষণবিন্দু কৰি তোলাৰ যথেষ্ট পৰিসৰ আছে৷ তদুপৰি গাওঁ অঞ্চলবোৰত প্ৰচলিত হৈ থকা পৰম্পৰাগত প্ৰাচীন ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, খেলা-ধুলা আদিও পৰ্যটকৰ আকৰ্ষণৰ কাৰক হিচাপে গঢ় দিব পাৰি৷ দেশী-বিদেশী পৰ্যটকৰ আগমনে গাওঁবোৰক অৰ্থনৈতিক ভাৱে গুৰুত্বপূৰ্ণ অঞ্চল কৰি তুলিব৷ ইয়াৰ ফলত যথেষ্ট ৰাজহ আহৰণ হ’ব আৰু এই ধন গাওঁ অঞ্চলবিলাকৰ উন্নয়নৰ বাবে ব্যয় কৰিব পৰা যাব৷ গ্ৰাম্যাঞ্চলৰ এই পৰ্যটন সম্ভাৱনীয়তাক কামত খটুৱাবলৈ গ্ৰাম্য উন্নয়নৰ আৱশ্যক,কাৰণ পৰ্যটকক আকৰ্ষণ কৰিবলৈ কেৱল প্ৰাকৃতিক সৌন্দৰ্যই যথেষ্ট নহয়৷ ইয়াৰ বাবে উন্নত বাট-পথ, ভাল যোগাযোগ ব্যৱস্থা, অতিথিশালা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদিৰ প্ৰয়োজন৷ গ্ৰাম্য উন্নয়ন বিষয়টোৱে গুৰুত্ব লাভ কৰাৰ ইয়ো এক কাৰণ৷
মানৱ সম্পদৰ ক্ষেত্ৰতো গাওঁ অঞ্চলসমূহ অতি আগবঢ়া৷ গাঁৱৰ যুৱক যুৱতীসকলৰ মাজত খেলা-ধুলা, সাহিত্য, গীত, অভিনয়, শিল্পকলা, উদ্ভাৱন আদি সকলো ক্ষেত্ৰতে অফুৰন্ত প্ৰতিভা লুকাই আছে৷ অতি সীমিত সা-সুবিধাৰ মাজতো গাঁৱৰ বহু যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ গ্ৰাম্যাঞ্চলত লুকাই থকা এই সুপ্ত প্ৰতিভাবোৰৰ বিকাশ সাধন কৰিবলৈ হ’লে সেই অঞ্চলবোৰত আধুনিক শিক্ষা ব্যৱস্থা, আধুনিক চিকিৎসা ব্যৱস্থা, তথ্য, যোগাযোগ ব্যৱস্থা আৰু এক জাগৃত পৰিৱেশৰ সৃষ্টি কৰাটো অতি আৱশ্যক৷ ইয়াৰ বাবে গ্ৰাম্য উন্নয়নৰ আৱশ্যক৷  



1 comment: