Thursday 14 May 2020

ৰেগনাৰ নাৰ্কচৰ সুষম বিকাশ তত্ব (Theory of Balanced Growth by Ragnar Nurkse)


অধ্যাপক নাৰ্কচে সম বিকাশ তত্বৰ এক সুন্দৰ ব্যাখ্যা আগবঢ়াইছে৷ তেওঁৰ মতে অনুন্নত দেশসমূহৰ দুৰৱস্থাৰ মূল কাৰণ হ’ল দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ (Vicious Circle of Poverty)৷ দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহে দেখুৱাই যে অনুন্নত দেশসমূহত আয় যথেষ্ট কম৷ কম আয়ৰ বাবে এনেবোৰ দেশত কম সঞ্চয় হয়৷ কম সঞ্চয়ৰ ফলত কম বিনিয়োগ হয়৷ ইয়াৰ ফলত উৎপাদন কম হয়৷ উৎপাদন কম হ’লে আয়ো কম হয়৷ কম আয় হোৱা কাৰণে ক্ৰেতাসকলৰ ক্ৰয় ক্ষমতা অতি নগন্য হয় যাৰ ফলত এইবোৰ দেশত এখন ভাল বজাৰ বিকশিত হ’ব নোৱাৰে৷ তাৰ ফলত বিনিয়োগকাৰী সকলে অধিক বিনিয়োগ কৰিবলৈ অকনো আগ্ৰহী নহয়৷ 
নাৰ্কচে কৈছে, “The inducement to invest may be low because of the small buying power of the people, which is due to their small real income, which again is due to low productivity. The low level of productivity however is a result of the small amount of capital used in production which in turn may be caused, at last partly, by inducement to invest.” অৰ্থাৎ অনুন্নত দেশসমূহত বিনিয়োগকাৰী সকল বিনিয়োগ কৰিবলৈ আগ্ৰহী নোহোৱাৰ মূল কাৰণ হ’ল এনে দেশসমূহৰ লোকসকলৰ সামান্য ক্ৰয় ক্ষমতা৷ সামান্য ক্ৰয় ক্ষমতাৰ মূল কাৰণ হ’ল কম আয়৷ কম আয়ৰ মূল কাৰণ হ’ল কম উৎপাদনশীলতা৷ কম উৎপাদনশীলতাৰ কাৰণ হ’ল কম বিনিয়োগ৷
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে অনুন্নত দেশসমূহৰ দুৰৱস্থাৰ অন্তৰালত এক দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ কাৰক হিচাপে থাকে৷ এই দৰিদ্ৰতাৰ চক্ৰটো ভাঙিব পাৰিলেহে এনে দেশসমূহৰ বিকাশৰ পথটো আৰম্ভ হ’ব৷ এনে দেশসমূহত অধিক বিনিয়োগ কৰি অধিক উৎপাদন কৰিলেও উৎপাদিত সামগ্ৰীসমূহ কিনিবৰ বাবে ক্ৰেতাৰ অভাৱ৷ আন কথাত, এনে দেশসমূহত যোগানৰ তুলনাত চাহিদা যথেষ্ট কম৷ নাৰ্কচে তেওঁৰ তত্বটোত দেখুৱাইছে যে এই চাহিদা আৰু যোগানৰ মাজৰ অসমতা নাইকীয়া কৰিব পাৰিলেই দৰিদ্ৰতাৰ চক্ৰটোৰ পৰা পৰিত্ৰাণ পাব পৰা যাব৷ দৰিদ্ৰতাৰ চক্ৰটোক চাহিদা আৰু যোগান এই দুয়োটা দিশৰ পৰা কিদৰে আলোচনা কৰিব পাৰি তাক তলত উল্লেখ কৰা হৈছে৷
ক) চাহিদাৰ দিশৰ পৰা দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ (Vicious Circle of Poverty: on Demand Side)
আয় কম হোৱা বাবে অনুন্নত দেশসমূহৰ বজাৰৰ আকাৰ তেনেই সৰু৷ তাৰ ফলত বিনিয়োগকাৰী সকল বিনিয়োগৰ বাবে মুঠেই উৎসাহিত নহয়৷ ইয়াৰ ফলত মূলধনৰ বিনিয়োগ কম হয়৷ ইয়াৰ ফলত মূলধনৰ উৎপাদনশীলতা হ্ৰাস পায়৷ কম উৎপাদনৰ বাবে আয়ো কম হয়৷
অৰ্থাৎ, কম আয় -> কম চাহিদা আৰু কম সঞ্চয় -> সৰু আকাৰৰ বজাৰ -> কম উৎসাহিত বিনিয়োগকাৰী -> কম বিনিয়োগ -> কম উৎপাদন আৰু নিয়োগ -> কম আয়
ওপৰত দিয়া শিকলিসদৃশ সম্পৰ্কটোৰ পৰা আমি বুজিলোঁ যে কম আয়ে এক চক্ৰৰ দৰে কাম কৰি অনুন্নত দেশসমূহক অৰ্থনৈতিক বিকাশৰ পৰা বঞ্চিত কৰি ৰাখিছে৷ তলৰ চিত্ৰটিৰ সহায়ত দৰিদ্ৰতাৰ চক্ৰটো দেখুৱাব পাৰি৷
চিত্ৰঃ দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ
খ) যোগানৰ দিশৰ পৰা দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহ (Vicious Circle of Poverty: on Supply Side)

দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহে মূলধন গঠনৰ যোগান দিশটোকো বেয়াকৈ প্ৰভাৱিত কৰে৷ অনুন্নত দেশসমূহত নাগৰিকসকলৰ জনমূৰি আয় অতি কম হোৱা বাবে তেনে দেশসমূহ দৰিদ্ৰতাত বুৰ গৈ থাকে৷ জনমূৰি আয় কম হোৱা বাবে সেইবোৰ দেশৰ সঞ্চয়ৰ পৰিমাণো অতি কম৷ অন্যহাতে, মূলধনৰ গঠন আৰু বিনিয়োগ যিহেতু সঞ্চয়ৰ ওপৰতে নিৰ্ভৰশীল সেয়েহে কম সঞ্চয়ৰ ফলত এনে দেশসমূহত মূলধনৰ গঠন আৰু বিনিয়োগ অতি কম পৰিমাণে হয়৷ ইয়াৰ ফলত উৎপাদন হ্ৰাস পায়৷ উৎপাদন হ্ৰাস পালে শ্ৰমিকসকল আৰু বিনিয়োগকাৰীসকল –এই দুয়োটা পক্ষৰে উপাৰ্জন বা আয় কমি যায়৷
যোগান দিশৰ পৰা দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহক তলত দিয়া শিকলিসদৃশ সম্পৰ্কৰ যোগেদি দেখুৱাব পাৰি৷
কম আয় -> কম সঞ্চয় -> কম মূলধন গঠন -> কম বিনিয়োগ -> কম উৎপাদন -> কম উপাৰ্জন বা আয়
অৰ্থনৈতিক বিকাশ কিদৰে সম্ভৱ হ’ব (How to gain economic growth)
নাৰ্কচে কৈছে “এখন দেশ দুখীয় হোৱাৰ কাৰণ হ’ল –সেই দেশখন দুখীয়া” (A country is poor because it is poor)৷ অৰ্থাৎ দৰিদ্ৰতাৰ কাৰণেই এখন দেশ দৰিদ্ৰ হৈ থাকে৷ যিদৰে পিতৃ মাতৃ দৰিদ্ৰ হ’লে সন্তানক শিক্ষা-দীক্ষা আৰু স্বাস্থ্যসম্পৰ্কীয় সুবিধাবোৰ দিব নোৱাৰি সিহঁতক নিৰক্ষৰ আৰু ভগ্ন স্বাস্থ্যৰ লোক হিচাপে গঢ়ি তুলে আৰু পিছলৈ সিহঁতো যিদৰে একে ধৰণৰ দৰিদ্ৰতাৰ কৱলতে পৰে, ঠিক তেনেদৰেই দৰিদ্ৰ দেশ এখনৰো এটা প্ৰজন্মৰ দৰিদ্ৰতা তাৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰৱাহিত হয়৷ সেই দৰিদ্ৰ চক্ৰটোৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ কাম নহয়৷ অৰ্থনীতিবিদ নাৰ্কচে এই দৰিদ্ৰ চক্ৰটোৰ পৰা কিদৰে বাহিৰলৈ ওলাই আহিব পাৰি তাৰ কিছুমান উপায় ডাঙি ধৰিছে৷ তলত সেইবোৰ আলোচনা কৰা হ’ল-
১) পৰিপূৰক চাহিদা (Complementary Demand):
কেৱল এটা উদ্যোগ বা খণ্ডত বিনিয়োগ কৰি দৰিদ্ৰতাৰ চক্ৰটো ভাঙিব নোৱাৰি৷ দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহৰ পৰা মুক্ত হ’বলৈ হ’লে একে সময়তে কেইবাটাও খণ্ড বা উদ্যোগত বিনিয়োগ কৰিব লাগে৷ ইয়াৰ জৰিয়তে মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ যোগেদি বজাৰখনৰ আকাৰ বৃদ্ধি পাব৷ আমি বৃহৎ হেঁচা তত্বটোত অৰ্থনীতিবিদ ৰ’দানে আগবঢ়োৱা জোতাৰ উদাহৰণটোৰ কথা ক’ব পাৰোঁ৷ যদিহে একমাত্ৰ জোতা উদ্যোগত বিনিয়োগ কৰা হয় তেন্তে একমাত্ৰ সেইটো উদ্যোগত কাম কৰা লোকসকলৰহে আয় বৃদ্ধি হ’ব৷ আন লোকসকলৰ আয় একেদৰেই থাকিব৷ তেনে পৰিস্থিতিত জোতাৰ চাহিদা বৃদ্ধি নঘটিব কাৰণ একমাত্ৰ জোতা উদ্যোগটোত কাম কৰা কৰ্মচাৰীসকলৰহে জোতা ক্ৰয় কৰিব পৰাৰ ক্ষমতা সৃষ্টি হ’ল৷ ইয়াৰ বিপৰীতে যদি আমি অৰ্থনীতিটোৰ আটাইবোৰ খণ্ড বা উদ্যোগতে বিনিয়োগ বৃদ্ধি কৰোঁ তেনেহ’লে আটাইবোৰ খণ্ড বা উদ্যোগতে কাম কৰা লোকৰ আয় বৃদ্ধি ঘটিব আৰু তেতিয়া সকলো উদ্যোগৰে উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি ঘটিব৷
আটাইবোৰ উদ্যোগতে সম পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ বিষয়ে নাৰ্কচে এনেদৰে কৈছে, “The solution seems to be balanced pattern of investment in a number of different industries so that people working with more productivity, with more capital and improved techniques become each other’s customers.”
আটাইবোৰ উদ্যোগতে সম গৰুত্ব দি বিনিয়োগ কৰিলে আটাইবোৰ লোকৰে আয় বৃদ্ধি পাব, ক্ৰয় ক্ষমতা বৃদ্ধি পাব আৰু তাৰ যোগেদি বজাৰখন বিস্তৃত হৈ পৰিব৷ বিনিয়োগকাৰী সকলে অধিক উৎসাহী হৈ বিনিয়োগ কৰিব, উৎপাদন বৃদ্ধিৰ লগে লগে আয়, লাভ নিয়োগ আদি আটাইবোৰৰ বৃদ্ধি ঘটিব আৰু ইয়াৰ যোগেদি অৰ্থনীতিখন দৰিদ্ৰতাৰ চক্ৰীয় প্ৰৱাহৰ পৰা মুক্ত হ’ব৷
২) চৰকাৰী হস্তক্ষেপ (Government Intervention)
নাৰ্কচে কৈছে যে অৰ্থনৈতিক বিকাশৰ বাবে চৰকাৰৰ অংশগ্ৰহণ অত্যাৱশ্যকীয়৷ অনুন্নত দেশসমূহত আয় আৰু সঞ্চয় কম হোৱা বাবে মূলধনৰ গঠন নহয় আৰু তাৰ কাৰণে ব্যক্তিগত বিনিয়োগ একেবাৰেই নহয় বুলি ক’লেও ভুল কৰা নহ’ব৷ এনে পৰিস্থিতিতে চৰকাৰৰ ভূমিকা আহি পৰে৷ ব্যক্তিগত বিনিয়োগহীন অৰ্থনীতিটোত চৰকাৰী বিনিয়োগেই একমাত্ৰ সম্বল৷ চৰকাৰৰ যথেষ্ট ৰাজহ থাকে৷ বিদেশৰ পৰা টকা ধাৰলৈ লৈ হ’লেও চৰকাৰে বিনিয়োগ কৰিব পাৰে৷ চৰকাৰী বিনিয়োগে নিয়োগ সৃষ্টিৰ যোগেদি মানুহৰ আয় বৃদ্ধি কৰে, আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰে, এক অনুকুল বাণিজ্য পৰিৱেশৰ সূচনা কৰে৷ ইয়াৰ যোগেদি অৰ্থনীতিটো দৰিদ্ৰতাৰ চক্ৰটোৰ পৰা মুক্ত হ’ব পাৰে৷  
৩) বাহ্যিক অৰ্থনীতি(External Economies):
সুষম বিকাশে বাহ্যিক অৰ্থনীতিৰ সৃষ্টি কৰে৷ বাহ্যিক অৰ্থনীতি মানে হ’ল উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ কাৰণে দীৰ্ঘকালত সৃষ্টি হোৱা ব্যৱসায়িক সুবিধাসমূহ৷ উদাহৰণস্বৰূপে কোনো উদ্যোগ এটিৰ সম্প্ৰসাৰণ ঘটিলে ইয়াৰ উৎপাদন ব্যয় কিছুমান হ্ৰাস পায়৷ প্ৰথম কথা হ’ল বৃহৎ উদ্যোগ এটিয়ে যথেষ্ট পৰিমাণৰ কেঁচামাল একেবাৰতে ক্ৰয় কৰে৷ দ্বিতীয়তে বৃহৎ উদ্যোগসমূহক বেংক আদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে সহজে ঋণ দিয়ে৷ তৃতীয়তে বৃহৎ উদ্যোগসমূহে ব্যয়বহুল কাৰিকৰী কৌশল প্ৰয়োগ কৰি কম সময়তে অধিক উৎপাদন কৰিব পাৰে৷ তদুপৰি বিজ্ঞাপন দিয়া, আন্তৰ্জাতিক বজাৰ দখল কৰা, চৰকাৰী সুবিধাসমূহ আহৰণ কৰাৰ ক্ষেত্ৰত বৃহৎ উদ্যোগসমূহে সৰু উদ্যোগসমূহৰ তুলনাত অধিক সা-সুবিধা লাভ কৰে৷ এতিয়া কথা হ’ল –এই সা-সুবিধাসমূহ বা বাহ্যিক অৰ্থনীতি কেৱল বৃহৎ উদ্যোগসমূহে লাভ কৰে৷ সেয়েহে সকলো উদ্যোগতে বৰ্ধিত বিনিয়োগ কৰি লৈ উদ্যোগসমূহৰ আকাৰ ডাঙৰ কৰি ল’লে সকলো উদ্যোগেই বাহ্যিক অৰ্থনীতিৰ সুবিধাসমূহ লাভ কৰিব৷ তাৰ দ্বাৰা আয়, উৎপাদন আৰু নিয়োগ বৃদ্ধি পাব আৰু অনুন্নত দেশসমূহে দৰিদ্ৰতাৰ চক্ৰটোৰ বাহিৰলৈ ওলাই আহিব পাৰিব৷
৪) অৰ্থনৈতিক বিকাশ(Economic Growth):
আটাইবোৰ খণ্ড বা উদ্যোগৰ বিকাশ সাধন কৰা কাৰ্যটোক সুষম বিকাশ (Balanced Growth) বোলা হয়৷ সুষম বিকাশে সমগ্ৰ অৰ্থনীতিটোৰ বিকাশৰ পথটো গঢ়ি তোলে৷ সুষম খাদ্যই যিদৰে মানৱ দেহৰ সৰ্বাঙ্গীন বিকাশত সহায় কৰে, ঠিক তেনেদৰে সুষম বিকাশে গোটেই অৰ্থনীতিটোকে স্বাস্থ্যবান কৰি তোলে৷ জি এম মিমাৰে কৈছে, “Balanced Growth is a means of getting out of rut” অৰ্থাৎ সুষম বিকাশেই হৈছে বিপদৰ পৰা বাহিৰলৈ ওলাই অহাৰ পথ৷ নাৰ্কচেও কৈছে সুষম বিকাশৰ যোগেদি আটাইবোৰ উদ্যোগ বা খণ্ডৰ সম বিকাশ সাধন কৰি ল’লে সি নিয়োগ সৃষ্টি, বৰ্ধিত উৎপাদন, বৰ্ধিত বিনিয়োগ আৰু বৰ্ধিত আয়ৰ যোগেদি অনুন্নত দেশসমূহক দৰিদ্ৰতাৰ চক্ৰটোৰ পৰা বাহিৰলৈ ওলাই অহাত সহায় কৰিব৷    
কিদৰে বজাৰখন ডাঙৰ কৰিব পাৰি? (How the Market can be enlarged):
অধিক বিনিয়োগ, বিজ্ঞাপন, বাণিজ্যৰ অন্তৰায়বোৰৰ দূৰীকৰণ, সামাজিক দায়ৱদ্ধতা বৃদ্ধি, আন্তঃগাঁথনিৰ উন্নয়ন আদিৰ যোগেদি বজাৰৰ আকাৰ বৃদ্ধি কৰিব পৰা যায়৷  কম দৰত উন্নত গুণসম্পন্ন সামগ্ৰী বজাৰত উলিয়াই দিও অধিক ক্ৰেতাক আকৰ্ষণ কৰিব পৰা যায়৷
নাৰ্কচৰ উন্নয়ন কৌশলটো চে’ৰ বজাৰ বিধি (Say’s Law of Market) “যোগানে নিজে চাহিদাৰ সৃষ্টি কৰে” (Supply Creates its own Demand) ধাৰণাটোৰ ওপৰত প্ৰতিষ্ঠিত৷ সেইমতে উৎপাদন আৰু সামগ্ৰীৰ যোগানৰ বাবে যি বিনিয়োগ কৰা হয় সিয়েই চাহিদাৰ সৃষ্টি কৰে৷ উদাহৰণস্বৰূপে কোনো কাপোৰৰ উদ্যোগ এটাত দহ লাখ টকা কাপোৰ উৎপাদনৰ বাবে ব্যয় কৰা হ’ল৷ ধৰা হ’ল সেই  দহ লাখ টকাৰ সাত লাখ টকা কাপোৰ উদ্যোগটোৰ কৰ্মচাৰী বা শ্ৰমিকসকলক মজুৰি দিবৰ বাবে ব্যয় কৰা হৈছিল৷ তেনে ক্ষেত্ৰত আমি সাত লাখ টকা কিছুমান মানুহৰ মাজত বিতৰণ হোৱাটো বুজিব পাৰোঁ৷ এতিয়া কথা হ’ল মানুহবোৰে লাভ কৰা সেই টকাবোৰৰ এটা অংশ তেওঁলোকে কাপোৰ কিনোঁতে খৰছ হ’ব৷ কাপোৰবোৰ সেই বিশেষ উদ্যোগটোৱেই তৈয়াৰ কৰা৷ অৰ্থাৎ কাপোৰৰ যোগান বা উৎপাদনৰ বাবে ব্যয় কৰা টকাবোৰেই কাপোৰৰ চাহিদা সৃষ্টি কৰিলে৷ এনেদৰেই বজাৰখন সম্প্ৰসাৰিত হ’ব৷

1 comment: