Thursday 14 May 2020

অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজৰ প্ৰাৰ্থক্য (Difference between Economic Growth and Economic Development)


অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পৰ্কে বিশদ আলোচনা কৰাৰ পিছত আমি দুয়োটা ধাৰণাৰ মাজৰ প্ৰাৰ্থক্যসমূহ বাচনি কৰি উলিয়াবলৈ সক্ষম হৈছোঁ৷ তলত বিকাশ আৰু উন্নয়নৰ মাজৰ মূল প্ৰাৰ্থক্যসমূহ আলোচনা কৰা হ’ল৷
সংখ্যাবাচক নে গুণবাচক (Quantitative or Qualitative) ?
অৰ্থনৈতিক বিকাশ হৈছে সংখ্যাবাচক৷ বিকাশৰ বিভিন্ন সূচকসমূহ (যেনে, মুঠ ঘৰুৱা উৎপাদন, ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আদি) ক সংখ্যাৰে গণনা কৰা হয়৷ যিদৰে শিশু এটিৰ উচ্চতা, ওজন আদি সংখ্যাৰে প্ৰকাশ কৰিব পৰা সূচকসমূহৰ বৃদ্ধি ঘটিলে শিশুটিৰ শাৰীৰিক বিকাশ হৈছে বোলা হয় তেনেদৰেই, অৰ্থনৈতিক বিকাশ হৈছে ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আদিৰ দৰে সাংখ্যিক সূচকসমূহৰ বৃদ্ধি৷ ইয়াৰ বিপৰীতে অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো হৈছে মূলতঃ গুণবাচক৷ অৰ্থনৈতিক উন্নয়ন হ’বলৈ হ’লে একমাত্ৰ ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আদি সংখ্যাবাচক সূচকসমূহৰ বৃদ্ধি হ’লেই নহ’ব৷ সেইবোৰৰ উপৰিও সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰা গুণবাচক সূচকসমূহ যেনে, হ্ৰাসমান দৰিদ্ৰতা, উন্নত জীৱন ধাৰণৰ মানদণ্ড, সাক্ষৰতা আদিৰো অনুকূল দিশত বিকাশ ঘটিব লাগিব৷
ঠেক নে বহল পৰিসৰৰ (Wide or Narrow Scope) ?
অৰ্থনৈতিক বিকাশৰ ধাৰণাটো অৰ্থনৈতিক উন্নয়নৰ ধাৰণাতকৈ যথেষ্ট ঠেক পৰিসৰৰ৷ ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আদি সংখ্যাৰে হিচাপ কৰিব পৰা সূচকসমূহৰ ক্ৰমবৰ্ধমান গতি হ’লেই অৰ্থনৈতিক বিকাশ হৈছে বুলি ধৰা হয়৷ অৰ্থনৈতিক উন্নয়ন হ’বলৈ হ’লে কিন্তু সেই সংখ্যাবাচক সূচকসমূহৰ শ্ৰীবৃদ্ধিৰ লগতে গুণবাচক সূচক যেনে, সাক্ষৰতা, সুস্বাস্থ্য, নিয়োগ, স্বাৱলম্বীতা আদিবোৰৰো বৃদ্ধি ঘটিব লাগিব৷ আন কথাত, অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো অৰ্থনৈতিক বিকাশৰ ধাৰণাতকৈ যথেষ্ট বহল পৰিসৰৰ৷
কোনবোৰ দেশৰ বাবে প্ৰাসংগিক (Relevant for which countries) ?
অৰ্থনৈতিক বিকাশৰ ধাৰণাটো উন্নত আৰু অনুন্নত আটাইবোৰ দেশৰ কাৰণেই প্ৰাসংগিক৷ উন্নত দেশবোৰে সুস্থিৰ অৰ্থনৈতিক বিকাশ সাধনৰ বাবে প্ৰচেষ্টা চলায়৷ তেনেদৰে অনুন্নত দেশসমূহেও বিভিন্ন ৰাজহ আৰু মুদ্ৰানীতিৰ যোগেদি ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধি ঘটাই অৰ্থনৈতিক বিকাশৰ লক্ষ্য লয়৷ তাৰ বিপৰীতে অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো কেৱল অনুন্নত দেশসমূহৰ কাৰণেহে প্ৰাসংগিক৷ এইবোৰ দেশে মানৱ সম্পদৰ উন্নয়ন, স্বাস্থ্য, শিক্ষা, নিয়োগ, জীৱন ধাৰণৰ মানদণ্ড আদি অৰ্থনৈতিক উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশসমূহত উন্নত দেশবোৰতকৈ যথেষ্ট পিছপৰা৷ অনুন্নত দেশবোৰে সেয়েহে বিভিন্ন আঁচনিৰ যোগেদি এনে দিশসমূহত সফলতা অৰ্জন কৰি অৰ্থনৈতিক উন্নয়ন সধাৰ লক্ষ্য লয়৷ আনহাতে উন্নত দেশসমূহে তেনে দিশসমূহত ইতিমধ্যেই সফলতা লাভ কৰিছে৷ সেইবোৰ দেশ ইতিমধ্যে উন্নতেই৷ গতিকে অৰ্থনৈতিক উন্নয়ন সেইবোৰ দেশৰ বাবে অপ্ৰাসংগিক৷
হ্ৰস্বকালীন নে দীৰ্ঘম্যাদী (Short Term or Long Term)

অৰ্থনৈতিক বিকাশ হৈছে এটা হ্ৰস্বকালীন ধাৰণা৷ অৰ্থনৈতিক বিকাশৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰা সূচকসমূহ যেনে ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আদি কম সময়ৰ ভিতৰত গণনা কৰি অৰ্থনৈতিক বিকাশ হৈছে নাই সেয়া বিচাৰ কৰিব পাৰি৷ তেনেদৰেই কোনো এটা বছৰত ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধি নঘটি অৰ্থনৈতিক বিকাশ নহ’বও পাৰে৷ এটা বছৰত অৰ্থনৈতিক বিকাশ ঘটি পিছৰটো বছৰত বিকাশ নঘটিবও পাৰে৷ তাৰ বিপৰীতে অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো দীৰ্ঘম্যাদী৷ এটা বছৰত নতুবা কম সময়ৰ ভিতৰতে অৰ্থনৈতিক উন্নয়ন সাধন কৰাটো সম্ভৱ নহয়৷ ই এটা নিৰৱিচ্ছিন্ন (Continuous) প্ৰক্ৰিয়া৷ এবাৰ অৰ্থনৈতিক উন্নয়ন আৰম্ভ হ’লে সেই প্ৰক্ৰিয়াটো দীৰ্ঘ সময়ৰ বাবে চলি থাকে৷   
বহনক্ষমৰ সৈতে জড়িত প্ৰশ্ন (Questions Related to Sustainability)
অৰ্থনৈতিক বিকাশৰ ধাৰণাটো হ্ৰস্বম্যাদী বুলি আগতেই কোৱা হৈছে৷ দেশীয় সম্পদবোৰ যধে-মধে ব্যৱহাৰ কৰি, প্ৰয়োজনীয়তকৈ অধিককৈ প্ৰস্তুত কৰি আন দেশলৈ ৰপ্তানি কৰি, অনৱীকৰণযোগ্য (Non Renewable) সম্পদবোৰ খৰটকীয়াকৈ ব্যৱহাৰ কৰিও ৰাষ্ট্ৰীয়আয়ৰ বৃদ্ধিৰ যোগেদি অৰ্থনৈতিক বিকাশ ঘটাব পাৰি৷ কিন্তু তেনেদৰে আহৰণ কৰা বিকাশ খন্তেকীয়া৷ সেই ধৰণৰ বিকাশে ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদ ৰাখি নথয়৷ আন কথাত অৰ্থনৈতিক বিকাশৰ ধাৰণাটো বহনক্ষম (Sustainable) নহ’বও পাৰে৷ কিন্তু অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো বহনক্ষমৰ সৈতে জড়িত৷ অৰ্থনৈতিক উন্নয়নে বৰ্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মৰ কথাও চিন্তা কৰি দুয়ো প্ৰজন্মই যাতে উপযুক্ত সম্পদ লাভ কৰিব পাৰে তাক নিশ্চিত কৰে৷ বিখ্যাত Brundtland Commission  ৰ মতে “Sustainable development is the development which meets the needs of the present generation without compromising the ability of the future generation to meet their own needs.”
মানৱ সম্পদে পোৱা গুৰুত্বৰ ভিত্তিত (Based on the Importance of Human Resource)
অৰ্থনৈতিক বিকাশে কেৱল ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আদি সংখ্যাবাচক সূচকসমূহক গুৰুত্ব দিয়ে৷ মানৱ সম্পদৰ স্বাস্থ্য, শিক্ষা আদি বিষয়সমূহৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশ নিমাত৷ তাৰ বিপৰীতে অৰ্থনৈতিক উন্নয়নে মানৱ সম্পদৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷ ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধি ঘটিলেও মানৱ সম্পদৰ উন্নতি নঘটিলে অৰ্থনৈতিক উন্নয়ন হোৱা বুলি কোৱা নহয়৷ আন কথাত, অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটোৱে মানৱ সম্পদৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে৷
প্ৰকৃত অৰ্থনৈতিক স্বৰূপৰ প্ৰদৰ্শক (Reflector of True Economic Picture)
অৰ্থনৈতিক বিকাশে প্ৰকৃত অৰ্থনৈতিক ছবিখন ডাঙি ধৰিব নোৱাৰে৷ কাৰণ ই মাত্ৰ ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আদি সূচকসমূহৰ লগতে ব্যস্ত থাকে৷ প্ৰকৃত অৰ্থনৈতিক স্বৰূপটোৰ বিষয়ে জানিবলৈ অৰ্থনৈতিক উন্নয়ন সম্পৰ্কে জনাটো আৱশ্যক৷ অৰ্থনৈতিক উন্নয়নে বিকাশৰ লগতে জীৱন ধাৰণৰ মানদণ্ড, মানৱ সম্পদ, স্বাস্থ্য, স্বাৱলম্বীতা, নিয়োগৰ সুবিধা আদি সকলো দিশকে সামৰি লয়৷ আমাৰ দেশ ভাৰতৱৰ্ষ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে আগৰণুৱা৷ তিনি ত্ৰিলিয়ণ আমেৰিকান ডলাৰ মূল্যৰ ভাৰতীয় অৰ্থনীতিৰ স্থান পৃথিৱীত চতুৰ্থ৷ কিন্তু সেয়া হ’লেও মানৱ সম্পদ, নিয়োগ, জীৱন ধাৰণৰ মান আদিত বিশেষ সফলতা লাভ নকৰা বাবে আমি ভাৰতৱৰ্ষক উন্নত দেশ বুলি কব নোৱাৰোঁ৷

1 comment: