Thursday 14 May 2020

গ্ৰাম্য-নগৰীয়া প্ৰবজনঃ হেৰিচ-ট’ডাৰোৰ আৰ্হি (Rural-Urban Migration –Harris-Todaro Model)


১৯৬০ চনত সদ্য-স্বাধীনতাপ্ৰাপ্ত কেনিয়াৰ চৰকাৰখনে এক জটিল সমস্যাৰ সন্মুখীন হ’ল৷ ৰাজধানী চহৰ নাইৰবিকে আদি কৰি দেশখনৰ মূল চহৰসমূহত নিবনুৱাৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাবলৈ ধৰিলে৷ সেই সমস্যাটো সমাধান কৰাৰ অৰ্থে চৰকাৰে ব্যক্তিগত খণ্ডৰ নিয়োগকৰ্তাসকল, ৰাজহুৱা খণ্ডৰ নিয়োগকৰ্তাসকল আৰু শ্ৰমিক সংঘক লৈ এক ত্ৰিপাক্ষিক আলোচনাত মিলিত হ’ল৷ আলোচনাৰ যোগেদি এক বিশেষ চুক্তি স্বাক্ষৰিত হ’ল৷ সেই চুক্তি মতে নিয়োগকৰ্তাসকলে নিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিলে৷ তেনেদৰে, শ্ৰমিক সংঘই মজুৰিৰ পৰিমাণ সাল-সলনি নকৰাৰ সিদ্ধান্ত ল’লে৷ চুক্তিখনৰ পিছত চৰকাৰে আশা কৰিলে যে নিয়োগৰ সংখ্যা বৃদ্ধি পোৱাত দেশখনত নিবনুৱা সমস্যাৰ অৱসান ঘটিব৷ কিন্তু কেনিয়া চৰকাৰৰ আশাত চেঁচাপানী ঢালি নিবনুৱাৰ সংখ্যা ওলোটাই বাঢ়িবহে ধৰিলে৷  
কেনিয়া চৰকাৰে সন্মুখীন হোৱা সাঁথৰসদৃশ অবান্তৰ পৰিস্থিতিটোৰ কাৰণসমূহ উলিয়াবৰ কাৰণে ১৯৭০ চনত অৰ্থনীতিবিদ জন হেৰিচ (John Harris) আৰু মাইকেল ট’ডাৰো (Michael Todaro) য়ে যুটীয়াকৈ এক বিশেষ অৰ্থনৈতিক তত্বৰ বিকাশ সাধন কৰিলে৷ তেওঁলোকে দেখুৱালে যে কিছুমান কাৰণত বৰ্ধিত হাৰত গ্ৰাম্যাঞ্চলৰ পৰা চহৰ অঞ্চললৈ প্ৰবজন ঘটা শ্ৰমিকসকলৰ কাৰণেই কেনিয়াই নিবনুৱা সমস্যাৰ সন্মুখীন হ’বলগা হৈছিল৷ 
হেৰিচ ট’ডাৰোৰ আৰ্হি মতে গাওঁ অঞ্চলসমূহৰ পৰা চহৰ অঞ্চলসমূহলৈ শ্ৰমিকৰ প্ৰবজন ঘটাৰ কিছুমান স্পষ্ট কাৰণ আছে৷ সেইকেইটা হ’ল-
১) প্ৰথম কথা, গাঁও অঞ্চলৰ পৰম্পৰাগত কৃষিখণ্ডৰ তুলনাত চহৰ অঞ্চলৰ আনুষ্ঠানিক খণ্ডত প্ৰকৃত মজুৰিৰ পৰিমাণ বেছি৷ সেয়েহে বহু লোকে অধিক উপাৰ্জনৰ কাৰণে গাওঁ এৰি চহৰলৈ আহে৷
২) দ্বিতীয়তে, যেতিয়ালৈকে গাওঁ অঞ্চল আৰু চহৰ অঞ্চলৰ প্ৰত্যাশিত মজুৰিৰ মাজত প্ৰাৰ্থক্য থাকিব তেতিয়ালৈকে গাওঁ অঞ্চলৰ পৰা চহৰ অঞ্চললৈ শ্ৰমিকৰ সৰবৰাহ ঘটি থাকিব৷ প্ৰত্যাশিত মজুৰিৰ পৰিমাণ সমান হ’লেহে এটা অঞ্চলৰ পৰা অন্য এটা অঞ্চললৈ ঘটা শ্ৰমিকৰ প্ৰবজন অন্ত পৰিব৷
৩) প্ৰত্যাশিত আয়ৰ প্ৰাৰ্থক্যই হ’ল গাওঁ অঞ্চলৰ পৰা চহৰ অঞ্চললৈ ঘটা শ্ৰমিক-প্ৰবজনৰ মূল কাৰণ৷  
তলৰ কাৰণকেইটোৰ কাৰণে গ্ৰাম্যাঞ্চলৰ পৰা নগৰ অঞ্চললৈ হোৱা শ্ৰমিকৰ প্ৰবজন বৃদ্ধি পায়-
ক) যদি নগৰ অঞ্চলত শ্ৰমিকৰ মজুৰি বৃদ্ধি পোৱাৰ ফলত প্ৰত্যাশিত আয় বৃদ্ধি হয়৷
খ) যদি গাঁৱৰ কৃষিখণ্ডত উৎপাদনশীলতা হ্ৰাস পাই শ্ৰমিকৰ মজুৰি আৰু প্ৰত্যাশিত আয় কমি যায়৷
ভাৰসমতা (Equilibrium)
হেৰিচ ট’ডাৰোৰ আৰ্হি মতে নগৰ অঞ্চলৰ প্ৰত্যাশিত আয় আৰু আৰু গাওঁ অঞ্চলত কৃষিখণ্ডৰ উৎপাদনশীলতা একে সমান হ’লে অৰ্থনীতিত ভাৰসমতাৰ সৃষ্টি হয়৷ অৰ্থাৎ তেনে অৱস্থাত দুয়ো অঞ্চলৰে প্ৰত্যাশিত আয় সমান হৈ পৰে আৰু নগৰৰ পৰা গাঁৱলৈ ঘটা প্ৰবজনৰ অন্ত পৰে৷
হেৰিচ ট’ডাৰোৰ আৰ্হিটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ অভিধাৰণাটোৰ ওপৰত প্ৰতিষ্ঠিত৷ শ্ৰম বজাৰত মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থানৰ সুবিধা থাকে৷ দুয়ো অঞ্চলৰে প্ৰত্যাশিত আয় সম্পৰ্কে শ্ৰমিকসকলৰ ওচৰত শুদ্ধ তথ্য উপলব্ধ থাকে৷  শ্ৰমিকসকলৰ নিজা বিচাৰ বুদ্ধি থাকে আৰু তেওঁলোকে সদায় নিজা উপাৰ্জন সৰ্বাধিক কৰাৰে সুবিধা বিচাৰি ফুৰে৷
চৰকাৰলৈ পৰামৰ্শ (Policy Prescription)                  
নগৰ অঞ্চলৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে হেৰিচ ট’ডাৰোৰ আৰ্হিটোৱে দুটা সুন্দৰ পৰামৰ্শ আগবঢ়াইছে৷ সেইকেইটা হ’ল-
১) নগৰ অঞ্চলত আনুষ্ঠানিক প্ৰতিষ্ঠান স্থাপনৰ যোগেদি আৰু ইতিমধ্যে স্থাপিত হোৱাবোৰৰ বিকাশৰ যোগেদি যথেষ্ট নতুন নিয়োগৰ সৃষ্টি হ’ব৷ 
২) দ্বিতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো হ’ল গ্ৰামোন্নয়ন৷ গাওঁ অঞ্চলৰ উন্নয়নৰ যোগেদি গ্ৰাম্য জনসাধাৰণৰ প্ৰকৃত আয় বৃদ্ধি হ’ব৷ ইয়াৰ ফলত তেওঁলোকে চহৰ অঞ্চললৈ নিয়োগৰ সুবিধা বিচাৰি ঢাপলি মেলাটো বন্ধ কৰিব৷ তাৰ যোগেদি চহৰ অঞ্চলৰ নিবনুৱা সমস্যাটোৰ সমাধান ঘটিব৷  
হেৰিচ ট’ডাৰোৰ আৰ্হিটো প্ৰকাশ পোৱাৰ পিছতেই কেনিয়াৰ চৰকাৰে গ্ৰামোন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিলে, গ্ৰাম্য জনসাধাৰণৰ আয় বৃদ্ধি কৰা বহু আঁচনি সফলতাৰে ৰূপায়ণ কৰিলে৷ ইয়াৰ ফলত কেনিয়াৰ নিবনুৱা সমস্যাৰ সমাধান ঘটিল৷ 

1 comment:

  1. Your blog is a treasure trove of information. Thanks! Also check the bessemer municipal court

    ReplyDelete