Thursday 14 May 2020

অৰ্থনৈতিক উন্নয়ন (Economic Development)



অৰ্থনৈতিক উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে ‘উন্নয়ন’ শব্দটোৰ অৰ্থটো জানি লোৱাটো ভাল হ’ব৷ উন্নয়ন শব্দটো আমি দৈনন্দিন জীৱনত সঘনাই ব্যৱহাৰ কৰোঁ৷ আমি সভাই-সমিতিয়ে কওঁ –মানৱ সম্পদৰ উন্নয়নৰ বাবে চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত৷ কেতিয়াবা আকৌ কওঁ –দেশৰ উন্নয়নত বিজ্ঞানীসকলৰ মূল অৱদান আছে৷ এই উন্নয়ন মানেনো আচলতে কি বাৰু?
উন্নয়ন মানে হৈছে সৰ্বাঙ্গীন উন্নতি৷ মানৱ সম্পদৰ উন্নয়ন বুলিলে শিক্ষা, স্বাস্থ্য, ব্যক্তিস্বাধীনতা, আয়, জীৱন নিৰ্বাহৰ মানদণ্ড আদি আটাইবোৰ দিশতে মানুহে আহৰণ কৰা উন্নতিক বুজায়৷ তেনেদৰে দেশৰ উন্নতি বুলিলে অৰ্থনৈতিক, ৰাজনৈতিক, কুটনৈতিক, বৈজ্ঞানিক, সাংস্কৃতিক আৰু সামাজিক –এই আটাইবোৰ দিশতে দেশখনে উত্তৰণ লাভ কৰাৰ কথাকে কোৱা হয়৷
আলোচনাৰ পৰা বুজিব পৰা যায় যে উন্নয়নৰ ধাৰণাটো সৰ্বাঙ্গীন বিকাশৰ সৈতে জড়িত৷ ই এটি বিবিধপৰিসৰ (multidimensional) ৰধাৰণা৷ ই একমাত্ৰ এটা দিশত বা বিষয়ত হোৱা উন্নতিৰ কথা নকৈ বহু বিষয়ৰ উন্নতিক সামৰি লয়৷
অৰ্থনৈতিক উন্নয়নৰ বেলিকাও একেটা কথা খাটে৷ দেশৰ অৰ্থনীতিৰ সৰ্বাঙ্গীন বিকাশেই অৰ্থনৈতিক উন্নয়ন৷ দেশৰ অৰ্থনীতিৰ সৈতে জড়িত প্ৰতিটো সূচক আৰু অৰ্থনৈতিক কাৰ্যত অৱদান যোগোৱা প্ৰতিটো খণ্ডৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ বা উন্নতিয়েই হৈছে অৰ্থনৈতিক উন্নয়ন৷ অৰ্থনৈতিক উন্নয়নে কেৱলমাত্ৰ ৰাষ্ট্ৰীয় আয়, জনমুৰি আয় আদিৰ বৃদ্ধিকে সামৰি নলৈ দেশ এখনৰ অৰ্থনীতিৰ আটাইবোৰ দিশতে হোৱা উন্নয়নক আলোচনা কৰে৷ তেনে উন্নয়নৰ ভিতৰত মানৱ উন্নয়ন, ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধি, নিয়োগ বৃদ্ধি, সাক্ষৰতা বৃদ্ধি, অৰ্থনৈতিক সুস্থিৰতা, জনকল্যাণ, সা-সুবিধাৰ বৃদ্ধি, জীৱন-নিৰ্বাহৰ মানদণ্ড –আদি অনেক বিষয় সোমাই থাকে৷
অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো অৰ্থনৈতিক বিকাশৰ পৰিসৰতকৈ কেইবাগুণো বিস্তৃত৷ বিকাশ হৈছে উন্নয়নৰ এটা দিশহে মাত্ৰ৷ অৰ্থনৈতিক উন্নয়ন হ’বলৈ বিকাশো হ’ব লাগিব, কিন্তু বিকাশ হ’লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি ক’ব নোৱাৰোঁ৷ উদাহৰণস্বৰূপে কোনো দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি পালে আমি সেইখন দেশৰ অৰ্থনৈতিক বিকাশ হৈছে বুলি কওঁ; কিন্তু সেই বিকাশে অৰ্থনৈতিক উন্নয়নৰো নিশ্চিতি প্ৰদান নকৰে৷ উন্নয়ন হ’বলৈ হ’লে ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিৰ লগতে মানৱ উন্নয়ন, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি বিবিধ দিশত উন্নতি সাধন হ’ব লাগিব৷
ওপৰৰ আলোচনাৰ পৰা বুজা যায় যে অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো এটা বিস্তৃত পৰিসৰৰ বিষয়৷ ইয়াৰোপৰি মানৱ সভ্যতাৰ উত্তৰণৰ লগে লগে মানুহৰ প্ৰয়োজনীয়তা বৃদ্ধি হোৱা হেতুকে নতুন নতুন দিশ কিছুমানো অৰ্থনৈতিক উন্নয়নৰ পৰিসৰৰ ভিতৰলৈ আহিছে৷ গণতন্ত্ৰৰ বিকাশৰ লগে লগে ব্যক্তিস্বাধীনতা, অধিকাৰ, সমতা আদি দিশ সমূহো অৰ্থনৈতিক উন্নয়নৰ সূচক হিচাপে স্বীকৃতি পাইছে৷ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেনে ব্যক্তিস্বাধীনতাৰ যোগেদি অৰ্থনেতিক উন্নয়নৰ  সংজ্ঞা দিছে এনেদৰে, development is about creating freedom for people and removing obstacles to greater freedom. Greater freedom enables people to choose their own destiny. Obstacles to freedom, and hence to development, include poverty, lack of economic opportunities, corruption, poor governance, lack of education and lack of health.

1 comment: