Thursday 14 May 2020

গ্ৰাম্য উন্নয়নৰ পৰিসৰ (Scope of Rural Development)


গ্ৰাম্য উন্নয়নৰ ধাৰণাটো এটা বিস্তৃত পৰিসৰৰ ধাৰণা৷ গাওঁ অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত অসংখ্য কাৰক আছে৷ এই আটাইবোৰ কাৰক গ্ৰাম্য উন্নয়নৰ আলোচ্য বিষয় আৰু সেয়ে ইয়াৰ পৰিসৰৰ অন্তৰ্ভুক্ত৷ সেইবোৰৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল৷
ক) ৰাজহুৱা স্বাস্থ্য আৰু অনাময় (Public Health and Sanitation): গ্ৰাম্যাঞ্চলৰ উন্নয়ন ৰাজহুৱা স্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে৷ স্বাস্থ্যবান লোকসকল অধিক দক্ষ আৰু কৰ্তব্যপৰায়ণ৷ সেয়েহে অৰ্থনৈতিক উন্নয়নলৈ তেওঁলোকৰ অৱদান সৰ্বোচ্চ৷ স্বাস্থ্য ভাল হ’লে শিক্ষা আৰু প্ৰশিক্ষণ আহৰণ কৰিবলৈও সহজ হয়৷ ঠিক তেনেদৰে এটি ভাল অনাময় ব্যৱস্থাই পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি ৰাজহুৱা স্বাস্থ্য সুন্দৰ কৰি ৰখাত অৱদান আগবঢ়ায়৷ সেয়েহে ৰাজহুৱা স্বাস্থ্য আৰু অনাময় ব্যৱস্থা গ্ৰাম্য উন্নয়নৰ এক অবিচ্ছেদ্য অংগ৷
খ) সাক্ষৰতা (Literacy):গ্ৰাম্যাঞ্চলৰ উন্নয়নত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহৰ ভিতৰত অঞ্চলটোৰ বাসিন্দাসকলৰ সাক্ষৰতা এটি অতি উল্লেখযোগ্য দিশ৷ শিক্ষিত লোকসকল অন্য লোকসকলতকৈ অধিক আগ্ৰহী, সক্ষম আৰু দক্ষ৷শিক্ষিত লোকসকল তেওঁলোকৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ আৰু কৰ্তব্যবোৰৰ প্ৰতি অধিক সজাগ৷ স্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ প্ৰতিও তেওঁলোক সদা সজাগ৷ গ্ৰাম্য উন্নয়নৰ অন্তৰায়বোৰ যেনে অন্ধবিশ্বাস, ৰক্ষণশীল পৰম্পৰাগত নিয়ম-নীতি আদিবোৰ আঁতৰ কৰাত শিক্ষিত লোকসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে৷ গ্ৰাম্যাঞ্চলৰ উৎকৰ্ষ সাধনত ইমান অধিক গুৰুত্ব থকা বাবে সাক্ষৰতাৰ ধাৰণাটো গ্ৰাম্য উন্নয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে৷
গ্ৰামোন্নয়নৰ মৌলিক অৱধাৰণা                  ৫৮                  

গ) মহিলা সৱলীকৰণ (Female Empowerment): পুৰুষৰ সমানেই মহিলাসকলো সমাজৰ এক মূল অংগ৷ গতিকে মহিলাসকলৰ সৱলীকৰণ অৱিহনে উন্নয়ন হ’ব বুলি ভবাটো এটা অলীক কল্পনা৷ মহিলা সৱলীকৰণ মানে হ’ল শিক্ষা আৰু প্ৰশিক্ষণৰ যোগেদি সকলো কাম-কাজ আৰু যিকোনো খণ্ডতে মহিলাসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা; অৰ্থনৈতিক, ৰাজনৈতিক, বৈজ্ঞানিক, সাংস্কৃতিক এই আটাইবোৰ কাৰ্যত পুৰুষৰ সমানেই তেওঁলোককো সিদ্ধান্ত গ্ৰহণ (decision making) ৰ বাবে যোগ্য কৰি তোলা৷ গাওঁ অঞ্চলৰ এক বৃহৎ অংশ মহিলাসকলে অধিকাৰ কৰি থাকে৷ কিন্তু শিক্ষাৰ অভাৱত গাওঁ অঞ্চলৰ মহিলাসকলে এতিয়াও মূৰ ডাঙি উঠিব পৰা নাই আৰু অৰ্থনৈতিক কাৰ্যত তেওঁলোকে প্ৰয়োজনীয় অৱদান আগবঢ়োৱাত বিফল হৈ আছে৷ গতিকে মহিলাসকলৰ সৱলীকৰণৰ যোগেদি গ্ৰাম্যঞ্চলৰ কিদৰে উৎকৰ্ষ সাধন কৰিব পাৰি সেইটো গ্ৰাম্য উন্নয়নৰ অন্যতম আলোচ্য বিষয়৷
ঘ) দৰিদ্ৰতা দূৰীকৰণ (Poverty Eradication): দৰিদ্ৰতা হৈছে এনে এক অৱস্থা যি মানুহক মৌলিক প্ৰয়োজনীয়তাবোৰ আহৰণ কৰাৰ পৰা বঞ্চিত কৰি ৰাখে৷ দৰিদ্ৰ লোকসকলে শিক্ষিত আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ উপযুক্ত সুবিধা নাপায়৷ সেয়েহে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত এইসকল লোকৰ বিশেষ অৱদান নেথাকে৷ তাৰ বিপৰীতে নিৰক্ষৰতা, অন্ধবিশ্বাস, অপ্ৰয়োজনীয় নীতি নিয়ম আদিৰ বিস্তাৰৰ যোগেদি দৰিদ্ৰ লোকসকলে উন্নয়নৰ পথটো অৱৰোধ কৰি ৰাখে৷ ইয়াৰোপৰি তেওঁলোকৰ মাজত জন্ম আৰু মৃত্যু –দুয়োটাৰেই হাৰ যথেষ্ট বেছি৷ এনেবোৰ কাৰণতে দৰিদ্ৰতাক উন্নয়নৰ এক মূল অন্তৰায় বুলি গণ্য কৰা হয়৷ গতিকে দৰিদ্ৰতাৰ দূৰীকৰণক গ্ৰাম্য উন্নয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে৷
ঙ) ভূমি সংস্কাৰ (Land Reform): গাওঁ অঞ্চলৰ লোকসকল মূলতঃ কৃষিভিত্তিক হোৱা বাবে কৃষিভূমিবোৰ হ’ল তেওঁলোকৰ মূল সম্পদ৷ আমাৰ দেশৰ ভিতৰুৱা ঠাইৰ গাওঁসমূহত এতিয়াও জমিদাৰী ব্যৱস্থা প্ৰচলিত হৈ আছে৷ এনে ব্যৱস্থাত কৃষিভূমিৰ মালিকীস্বত্ব খেতিয়কৰ ওচৰত থকাৰ সলনি জমিদাৰ, মহাজন বা তেনে চহকী লোকৰ ওচৰত থাকে৷ সেই ব্যৱস্থাত খেতিয়কসকলৰ কষ্টৰ ফল জমিদাৰসকলে অন্যায়ভাৱে কাঢ়ি লয়৷ যিসকল খেতিয়কৰ কম পৰিমাণৰ হ’লেও কৃষিভূমি আছে, সেইবোৰো জমিদাৰে চল-চাতুৰীৰে কাঢ়ি লয়৷ ইয়াৰ ফলত খেতিয়কসকল সমাজৰ চহকী শ্ৰেণীটোৰ পৰা সদায় শোষিত হৈ থাকিবলগীয়া হয়৷ এনে ব্যৱস্থা গাওঁ অঞ্চলৰ সম বা সুষম উন্নয়নৰ বাবে এক বৃহৎ বাধা৷ ভূমি সংস্কাৰৰ যোগেদি মাটিৰ মালিকীস্বত্ব ন্যায়িকভাৱে নিৰ্ধাৰণ কৰি, কৃষিভূমিৰ ওপৰত কৃষকৰ অধিকাৰ নিশ্চিত কৰি এই সমস্যাটো সমাধান কৰিব পাৰি৷ সেয়ে ভূমি সংস্কাৰো গ্ৰাম্য উন্নয়ৰ এক প্ৰধান আলোচ্য বিষয়৷  
গ্ৰামোন্নয়নৰ মৌলিক অৱধাৰণা             ৬০                 

চ) ঋণৰ সুবিধা (Availability of Credit): যিকোনো অঞ্চলৰ উন্নয়নৰ বাবে ঋণৰ উপযুক্ত ব্যৱস্থা অতিকে প্ৰয়োজনীয়৷ নিজা আয়ৰ সীমিত পৰিসৰৰ ভিতৰত সকলো খৰচ বহন কৰাটো সম্ভৱ নহয়৷ তাৰোপৰি বিনিয়োগৰ বাবে, নতুন উদ্যোগ এটি গঢ় দিবৰ বাবে প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ টকা আহৰণ কৰিবলৈ আমি ঋণৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰোঁ৷ ঠিক তেনেদৰে গাওঁ অঞ্চলৰ ক্ষুদ্ৰ উদ্যোগবোৰৰ বিকাশৰ বাবে নতুবা কোনো উদ্যোগী যুৱকে নতুন উদ্যোগ স্থাপন কৰিবলৈ বিচাৰিলে ঋণৰ প্ৰয়োজন হয়৷ কিন্তু আমাৰ দেশৰ ভিতৰৰ গাওঁবোৰত আনুষ্ঠানিক ঋণৰ ব্যৱস্থা এতিয়াও হোৱা নাই৷ ঋণৰ বাবে উচ্চ সুদৰ হাৰত মহাজন, জমিদাৰ বা তেনে চহকী লোকৰ ওচৰত হাত পাতিবলগীয়া হয়৷ বাণিজ্যিক বেংসমূহে গাওঁ অঞ্চলৰ লোকসকলক ঋণ দিবলৈ আগ্ৰহী নহয়৷ সেয়েহে এনে সমস্যাবোৰ আঁতৰ কৰিবলৈ চৰকাৰে গ্ৰাম্য বেংকিং (Rural Banking) ৰ দৰে ব্যৱস্থাবোৰ আগবঢ়োৱা উচিত৷ গাওঁ অঞ্চলৰ ঋণৰ সা-সুবিধাও গ্ৰাম্য উন্নয়ৰ আলোচনাৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত৷
ছ) আন্তঃগাঁথনিৰ সুবিধা (Infrastructure):উপযুক্ত আন্তঃগাঁথনিৰ অৱিহনে কোনো অঞ্চল এটিৰ উন্নয়ন সম্ভৱ নহয়৷ এটি ভাল আন্তঃগাঁথনি ব্যৱস্থাৰ ভিতৰত উন্নত বাট-পথ, নিয়মীয়া বিজুলী যোগান, ভাল যোগাযোগ ব্যৱস্থা, তথ্যৰ উপলব্ধতা, ঋণৰ সুবিধা আদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈ থাকে৷ ব্যৱসায় বাণিজ্য, উদ্যোগ স্থাপন, শিক্ষা, চিকিৎসালয়ৰ স্থাপন আদিযিকোনো কাৰ্যৰ বাবেই এটি ভাল আন্তঃগাঁথনি ব্যৱস্থা অত্যাৱশ্যকীয়৷ দুৰ্বল আন্তঃগাঁথনি ব্যৱস্থা গাওঁ অঞ্চলৰ উন্নয়নৰ পথত এক প্ৰধান অন্তৰায়৷ সেয়েহে চৰকাৰে গাওঁ অঞ্চলৰ উন্নয়ন সাধন কৰিবলৈ পোন প্ৰথমে আন্তঃগাঁথনিৰ দিশটোত গুৰুত্ব দিয়াটো উচিত৷ আন্তঃগাঁথনিৰ বিষয়টো সেয়েহে গ্ৰাম্য উন্নয়নৰ এক মূল আলোচ্য বিষয়৷

1 comment: