Thursday 14 May 2020

গ্ৰাম্য উন্নয়নৰ অৰ্থ আৰু সংজ্ঞা(Meaning and definition of Rural Development)



উন্নয়ন মানে হৈছে সৰ্বাঙ্গীন বিকাশ বা পৰিপক্কতাৰ দিশে কৰা গতি৷ গ্ৰাম্যাঞ্চলৰ প্ৰেক্ষাপটত উন্নয়ন মানে হ’ল গাওঁ অঞ্চল এটাত বসবাস কৰা গঞা লোকসকলৰ অৰ্থনৈতিক, সামাজিক জীৱনত অহা কিছুমান ধনাত্মক পৰিৱৰ্তন যাৰ যোগেদি তেওঁলোকৰ মাজত সাক্ষৰতা বৃদ্ধি হয়, যাৰ যোগেদি তেওঁলোক সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ পৰে, যাৰ যোগেদি তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি পায় আৰু যাৰ যোগেদি তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডত অফুৰন্ত উত্তৰণ ঘটে৷ গ্ৰাম্য উন্নয়ন হ’ল এনে এক কৌশল যাৰ যোগেদি গাওঁত বসবাস কৰা লোকসকলে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ উন্নত সুবিধা লাভ কৰে৷ নিজা অধিকাৰৰ সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা বৃদ্ধি পায় বাবে চহকী শ্ৰেণীৰ শোষণ ব্যৱস্থাক তেওঁলোকে ওফৰাই পেলায়৷ গ্ৰাম্য উন্নয়নৰ যোগেদি গাওঁ অঞ্চলত নিয়োগৰ সৃষ্টি হয়, পৰম্পৰাসৰ্বস্ব কৃষিভিত্তিক অৰ্থনীতিলৈ আধুনিকতাৰ আশীৰ্বাদ নামি আহে৷ সেয়েহে আমি ক’ব পাৰোঁ যে গ্ৰাম্য উন্নয়ন হৈছে এনে এক প্ৰক্ৰিয়া যাৰ যোগেদি গ্ৰাম্যাঞ্চলৰ লোকসকলৰ প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ উন্নততৰ কৰা হয়, উৎপাদনশীলতা আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা হয়, আৰু গ্ৰাম্য সম্পদসমূহৰ প্ৰত্যাশিত অৰ্থনৈতিক সুফল বৃদ্ধি কৰা হয়(Rural development is the process of improving basic needs, increasing productivity and employment facilities and developing potentials of rural resources) ৷ গ্ৰাম্য উন্নয়নৰ লক্ষ্য পূৰণ কৰিবলৈ বিভিন্ন চৰকাৰী আঁচনি হাতত লোৱা হয়৷ এই আঁচনিসমূহে গ্ৰাম্যাঞ্চলত উন্নত আন্তঃগাঁথনিৰ সৃষ্টি, উন্নত চিকিৎসা সেৱাৰ ব্যৱস্থা, আধুনিক শিক্ষাৰ ব্যৱস্থা, নিয়োগ সৃষ্টি আদি শিতানত গুৰুত্ব আৰোপ কৰে৷

1 comment:

  1. কোনো ব্যক্তি বা অনুষ্ঠান গোষ্ঠীয়ে স্বীকৃতি দিয়া সংজ্ঞা উদ্ধৃতিৰ প্ৰয়োজন হৈছিল!

    ReplyDelete