Thursday 14 May 2020

দৰিদ্ৰতাৰ অৰ্থনৈতিক জোখ (Economic measuresof Poverty)



ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত দৰিদ্ৰতাৰ বিভিন্ন ধৰণৰ জোখ আছে৷ ভাৰতৱৰ্ষত আয় ভিত্তিক (Income Based) আৰু ভোগ ভিত্তিক (Consumption Based) –এই দুই ধৰণৰ দৰিদ্ৰতাৰ জোখ আছে৷ আয় ভিত্তিক দৰিদ্ৰতাত এটি মানসম্পন্ন জীৱন নিৰ্বাহ কৰিবলৈ এজন মানুহক বাৰ্ষিক কিমান আয়ৰ প্ৰয়োজন হয়সেয়া প্ৰথমে বৈজ্ঞানিক পদ্ধতিৰে নিৰ্ণয় কৰি উলিওৱা হয় আৰু তাৰ পিছত সেই আয়-স্তৰৰ ওপৰৰ লোকসকলক চহকী আৰু তলৰ লোকসকলক দৰিদ্ৰ বুলি নিৰ্ধাৰণ কৰা হয়৷ ইয়াৰ বিপৰীতে ভোগ-ভিত্তিক দৰিদ্ৰতাৰ জোখত এটি মানসম্পন্ন জীৱন নিৰ্বাহ কৰিবলৈ মানুহ এজনে প্ৰতিদিনে কিমান পৰিমাণে খাব বা ভোগ কৰিব লাগিব তাক পোন প্ৰথমে বৈজ্ঞানিকভাৱে নিৰ্ণয় কৰি লোৱা হয়৷ তাৰ পিছত সেই নিৰ্দিষ্ট পৰিমাণৰ খাদ্য খাবৰ বাবে আৰু ভোগ কৰিবলৈ প্ৰয়োজন হোৱা ধন মানুহজনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নে নাই তাৰ ভিত্তিত দৰিদ্ৰতাক জোখা হয়৷ যদি তেওঁ সেই পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম তেতিয়াহ’লে তেওঁক চহকী আৰু অন্যথাই তেওঁক দৰিদ্ৰ বুলি নিৰ্ধাৰণ কৰা হ’ব৷       
আমাৰ দেশ ভাৰতৱৰ্ষত দৰিদ্ৰতা জুখিবৰ কাৰণে দৰিদ্ৰ সীমা (Poverty Line) নিৰ্ণয় কৰি লোৱা হৈছে৷ এক বিশেষ সময়ত কোনো এজন মানুহে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ভোগৰ কাৰণে কিমান টকা খৰচ কৰে তাৰ ভিত্তিত আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাডাল নিৰ্ণয় কৰা হৈছে৷ ১৯৬২ চনত পৰিকল্পনা আয়োগে দেশৰ দৰিদ্ৰতা গণনা কৰিবৰ বাবে এক বিশেষ দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণ কৰি দিছিল৷ সেই সীমাৰেখা মতে গাওঁ অঞ্চলৰ যিসকল লোকে দৈনিক ২০ টকা আৰু চহৰ অঞ্চলৰ যিসকল লোকে দৈনিক ২৫ টকা ব্যয় কৰিবলৈ সক্ষম নহয় তেওঁলোককে দৰিদ্ৰ বুলি গণ্য কৰা হ’ব৷
১৯৭৯ চনত ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগে দৰিদ্ৰতা জুখিবৰ বাবে YK Alagh ৰ নেতৃত্বত এক কমিটি গঠন কৰি দিছিল৷ এই বিশেষ কমিটিখনে গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চল দুয়োটাৰে মানুহৰ কেলৰি প্ৰয়োজনীয়তালৈ লক্ষ্য কৰি, ১৯৭৩-৭৪ চনৰ স্থিৰ দৰত, তলৰ তালিকাত দিয়া দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণ কৰি দিছিল৷



তালিকাঃ ১. -ন্যূনতম কেলৰি আৰু আয়ৰ প্ৰয়োজনীয়তা
অঞ্চল
কেলৰি প্ৰয়োজনীয়তা
ন্যূনতম আয়ৰ প্ৰয়োজনীয়তা
গ্ৰাম্যাঞ্চল
২৪০০
৪৯.১ টকা
চহৰ অঞ্চল
২১০০
৫৬.৭ টকা
উৎসঃ পৰিকল্পনা আয়োগ, ভাৰত চৰকাৰ
২০০৭ চনত প্ৰৱৰ্তন কৰা নিয়ম মতে গাওঁ অঞ্চলৰ যিসকল লোকে প্ৰতিদিনে ২৬ টকা (০.৪৩ আমেৰিকান ডলাৰ) আৰু চহৰ অঞ্চলত ৩২ টকা (০.৫৩ আমেৰিকান ডলাৰ) খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ত খৰচ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক চহকী বুলি ধৰা হ’ব আৰু যিসকলে এনেদৰে ব্যয় কৰিবলৈ অসমৰ্থ হৈছে তেওঁলোকক দৰিদ্ৰ বুলি ধৰা হ’ব৷ এই দৰিদ্ৰ সীমাৰেখাডাল বিশ্ববেংকে আগবঢ়োৱা সীমাতকৈ কিছু পিছপৰা৷ ২০০৮ চনত বিশ্ববেংকে আগবঢ়োৱা ধাৰণামতে যিসকল লোকে প্ৰতিদিনে  ১.২৫ আমেৰিকান ডলাৰ (ভাৰতীয় হিচাপত প্ৰায় ৯০ টকা) খৰচ কৰিবলৈ সক্ষম নহয়, তেওঁলোককে দৰিদ্ৰ বুলি অভিহত কৰা হ’ব৷

ভাৰতৱৰ্ষত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা (মুঠ জনসংখ্যাৰ শতাংশ হিচাপে)
তালিকাঃ ১.৫ –ভাৰতৱৰ্ষত দৰিদ্ৰতা (জনসংখ্যাৰ শতাংশ হিচাপে)
চন
১৯৯৩-৯৪
২০০৪-০৫
২০০৯-১০
২০১১-১২
গ্ৰাম্যাঞ্চল
৫০.
৪১.
৩৩.
২৫.
নগৰ অঞ্চল
৩১.
২৫.
২০.
১৩.
মুঠ দৰিদ্ৰ লোক
৪৫.
৩৭.
২৯.
২১.
উৎসঃ লোকপিয়ল, ভাৰত চৰকাৰ
ওপৰৰ তালিকাখনৰ পৰা এইটো কথা স্পষ্ট হৈছে যে দৰিদ্ৰতা নিবাৰণৰ ক্ষেত্ৰত আমাৰ দেশে কিছু পৰিমাণে হ’লেও সফলতা লাভ কৰিছে৷ সেয়া হ’লেও এতিয়াও মুঠ জনসংখ্যাৰ ২১ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলতে বসবাস কৰে৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল –ভাৰতৱৰ্ষৰ গাওঁ অঞ্চলসমূহত নগৰ অঞ্চলৰ প্ৰায় দুগুণ দৰিদ্ৰ লোকে বসবাস কৰি আহিছে৷ এই বিষয়টোৱে গাওঁ অঞ্চলৰ দুৰৱস্থাৰ কথাকে উদঙাই দিছে৷

1 comment: