Thursday 14 May 2020

গ্ৰাম্য উন্নয়নৰ কৌশল ( Strategy for Rural Development):


গ্ৰাম্য উন্নয়নৰ অৰ্থ আৰু উদ্দেশ্য আলোচনা কৰাৰ পিছত আমি ইয়াক আহৰণ কৰাৰ কৌশলসমূহ জানি লোৱাৰ আৱশ্যকতা আছে৷ গ্ৰামোন্নয়নৰ কৌশলসমূহ তলত দিয়া তিনিটা ধৰণে আলোচনা কৰিব পৰা যায়৷
ক) গ্ৰাম্যাঞ্চলৰ মূল জীৱিকা উপাৰ্জনৰ পথ হ’ল কৃষি৷ গাওঁবোৰৰ সৰহসংখ্যক লোক প্ৰত্যক্ষভাৱে কৃষিখণ্ডত জড়িত হৈ থাকে যদিও পৰম্পৰাগত অবৈজ্ঞানিক পদ্ধতিত খেতি কৰা বাবে শস্যৰ উৎপাদন আশানুৰূপ নহয়৷ বছৰ বছৰ ধৰি শ্ৰম আৰু সময়ৰ অপব্যয় কৰি থকা উৎপাদনহীন কৃষিখণ্ডৰ সলনি অন্য লাভজনক জীৱিকাৰ পথ (যেনে- পশুপালন, দুগ্ধপাম, মীনপালন, ক্ষুদ্ৰ উদ্যোগ আদি)এনে অঞ্চলবোৰত আৰম্ভ কৰিলে গ্ৰাম্যাঞ্চললৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিব৷ অৰ্থাৎ জীৱিকাভিত্তিক ৰূপান্তৰকৰণ (Occupational Transformation)  হৈছে গ্ৰাম্যাঞ্চলসমূহ উন্নত কৰাৰ প্ৰথম পদক্ষেপ৷
খ) গ্ৰামোন্নয়নৰ দ্বিতীয় কৌশল হৈছে জনসংখ্যা নিয়ন্ত্ৰণ৷ নিৰক্ষৰতা, অজ্ঞতা, আধুনিক চিকিৎসা সুবিধাৰ অভাৱ, কৃষিভিত্তিক অৰ্থনৈতিক প্ৰয়োজনীয়তা, অন্ধবিশ্বাস আদিৰ বশৱৰ্তী হৈ গাওঁ অঞ্চলৰ লোকসকলে চাৰি-পাঁচটা পৰ্যন্ত সন্তানৰ জন্ম দিয়ে৷ ইয়াৰ ফলত গাওঁবোৰত দ্ৰুত হাৰত জনসংখ্যাৰ বৃদ্ধি হয়৷ ইয়াৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়, মাতৃ আৰু সন্তানে পৰিপুষ্টিহীনতাত ভোগিবলগা হয়৷ অন্যহাতে অধিক জনসংখ্যাৰ ফলত সীমিত প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত চাপ বৃদ্ধি হয়৷ মানুহে হাবি-বন-পাহাৰ কাটি ঘৰ সাজিবলৈ লয়৷ ইয়াৰ ফলত প্ৰকৃতিৰাজ্যৰ বৃহৎ ক্ষতি হয়৷ এনে প্ৰতিকূল পৰিস্থিতিৰ পৰা গ্ৰাম্যাঞ্চলৰ লোকসকলক উদ্ধাৰ কৰাৰ মূল উপায় হ’ল জনসংখ্যাৰ নিয়ন্ত্ৰণ৷ তাৰ বাবে তেওঁলোকৰ মাজত সজাগতা, সাক্ষৰতা আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ সা-সুবিধাসমূহৰ প্ৰচলন কৰিব লাগিব৷
গ্ৰামোন্নয়নৰ মৌলিক অৱধাৰণা                      ৫৬                  

গ) গ্ৰাম্যাঞ্চলবোৰত ভূমি আৰু শ্ৰমিকৰ অভাৱ নাই৷ কিছু পৰিমাণে মূলধনো আছে৷ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যৰ ক্ষেত্ৰত গাওঁবোৰ অতুলনীয়৷ কিন্তু মূল সমস্যাটো হ’ল সেই সম্পদ আৰু উৎপাদনৰ সমলসমূহক কামত খটুৱাই অৰ্থনৈতিক উন্নয়নক গতি দিবলৈ আগবাঢ়ি অহা উদ্যোগী লোক নাই৷ এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আহি পৰে৷ চৰকাৰ প্ৰশাসনে নিজাববীয়াকৈ উদ্যোগ লৈ ধনৰ বিনিয়োগ কৰি গ্ৰাম্যাঞ্চলৰ সম্পদবোৰৰ উপযুক্ত ব্যৱহাৰ কৰি গাওঁবোৰত অৰ্থনৈতিক উন্নয়নৰ সূচনা ঘটাব পাৰে৷
মানৱ উন্নয়নৰ দিশত পিছপৰি থকা গ্ৰাম্যাঞ্চলৰবোৰত আধুনিক স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ডৰ বিকাশৰ বাবে যথেষ্ট কৰণীয় আছে৷ এই দুয়োটি দিশৰ বিকাশেহে গাওঁ অঞ্চলবোৰৰ জীৱনলৈ ফলপ্ৰসূভাৱে পৰিৱৰ্তন আনিব পাৰিব৷ ইয়াৰোপৰি তাৰ দ্বাৰা গ্ৰাম্যাঞ্চলত বসবাস কৰি থকা লোকসকলৰ উৎপাদনশীলতা বৃদ্ধিৰ জৰিয়তে জাতীয় আয়লৈ তেওঁলোকৰ বৰঙণি বৃদ্ধি কৰিব পৰা যাব৷ 

1 comment: