Thursday 14 May 2020

অৰ্থনৈতিক বিকাশৰ অৰ্থ (Meaning of Economic Growth)


বিকাশৰ সূচকবোৰ আলোচনা কৰাৰ পিছত আমি বিকাশৰ এটা সংজ্ঞা দাঙি ধৰিব পৰা হৈছোঁ৷ অৰ্থনৈতিক বিকাশ হৈছে দ্ৰব্য আৰু সেৱাৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে দেশ এখনে নিজা অৰ্থনীতিৰ মূল্য বৃদ্ধি কৰা প্ৰক্ৰিয়াটো (Economic growth is the process of increase in the value of goods and services produced by a country in a year) ৷ এই মূল্যটো দেশখনৰ মূদ্ৰা বা আন মান্য মূদ্ৰা (যেনে আমেৰিকান ডলাৰ)যোগেদি প্ৰকাশ কৰা হয়৷ উদাহৰণস্বৰূপে ভাৰতৱৰ্ষই যদি যোৱা বিত্তীয় বছৰতকৈ এইবছৰ ৩ লাখ কোটি টকাৰ সেৱা আৰু সামগ্ৰী বেছিকৈ উৎপাদন কৰিছে তেন্তে এই সংখ্যাটোৱেই হ’ব যোৱা সময়খিনিত দেশখনৰ অৰ্থনৈতিক বিকাশ৷ এইখিনিতে এইটো কথা উল্লেখ কৰিব লাগিব যে বিভিন্ন অৰ্থনৈতিক অনা-অৰ্থনৈতিক কাৰণত কোনো সময় এছোৱাত দেশ একোখনত বয়-বস্তু আৰু সেৱাৰ দৰ বৃদ্ধি পায় মুদ্ৰাস্ফীতি হ’ব পাৰে৷ বৰ্ধিত দৰ চলি থকা অৱস্থাত মুঠ উৎপাদিত দ্ৰব্যৰ মূল্য চলিত দৰতে গণনা কৰিলে হিচাপটো যথেষ্ট বেছি ওলাব৷ তাৰ ফলত প্ৰকৃত অৰ্থনৈতিক বিকাশৰ ছবিখন আমি দেখা নেপাম৷ সেয়েহে অৰ্থনৈতিক বিকাশৰ বাবে ৰাষ্ট্ৰীয় আয়ৰ গণনা কৰোঁতে চলিত বজাৰ দৰৰ সলনি মুদ্ৰাস্ফীতি নঘটা পাৰ হৈ অহাসাধাৰণ বছৰ (Normal Year) এটিৰ দৰ স্তৰ (Price Level) ক ব্যৱহাৰ কৰা হয়৷ এনে কৌশলৰ জৰিয়তে গণনা কৰা ৰাষ্টীয় আয়ক প্ৰকৃত ৰাষ্ট্ৰীয় আয় (Real National Income) আৰু সি দেখুওৱা অৰ্থনৈতিক বিকাশক প্ৰকৃত অৰ্থনৈতিক বিকাশ (Real Economic Growth) বোলা হয়৷
অৰ্থনৈতিক বিকাশৰ সংজ্ঞাটো আমি সংক্ষেপে এনেদৰে ডাঙি ধৰিব পাৰোঁ “অৰ্থনৈতিক বিকাশ হ’ল এক নিৰ্দিষ্ট সময়ত দেশ এখনৰ দ্বাৰা উৎপাদিত মুঠ সেৱা আৰু দ্ৰব্যৰ প্ৰকৃত মূল্য বৃদ্ধি হোৱাটো যাক মুঠ ঘৰুৱা উৎপাদন, ৰাষ্ট্ৰীয় আয়, জনমুৰি আয় আদিৰ বৃদ্ধিৰ যোগেদি ধৰা পেলোৱা হয়৷” এইখিনিতে উল্লেখ কৰিব পৰা যায় যে অৰ্থনৈতিক বিকাশৰ আটাইবোৰ সূচক সংখ্যাবাচক (quantitative)

1 comment: