Thursday 14 May 2020

অৰ্থনৈতিক বিকাশৰ সূচকবোৰ (Indicators of Economic Development)


অৰ্থনৈতিক বিকাশৰ বহুটো সূচক আছে৷ প্ৰতিটোৰে নিজা নিজা গুণ আৰু সীমাৱদ্ধতা আছে৷ তলত প্ৰতিটো সূচকৰে অৰ্থ, গণনা পদ্ধতি, আৰু সীমাৱদ্ধতাৰ সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ’ল৷
(ক) মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product): মুঠ ঘৰুৱা উৎপাদন হৈছে দেশ এখনে নিজা ভৌগোলিক সীমাৰ ভিতৰত এটা বিত্তীয় বৰ্ষত উৎপাদন কৰা মুঠ সেৱা আৰু সামগ্ৰীৰ মুঠ মূল্য৷উদাহৰণস্বৰূপে যদি আমাৰ দেশ ভাৰতে ২০১৯-২০২০ বিত্তীয় বৰ্ষটোত নিজা ভৌগোলিক সীমাৰ ভিতৰত তিনি ট্ৰিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ সেৱা আৰু সামগ্ৰী উৎপাদন কৰিছে তেন্তে তিনি ট্ৰিলিয়নেই হ’ব সেই বিত্তীয় বৰ্ষটোত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন৷ এইখিনিতে উল্লেখ কৰিবলগীয়া কথাটো হ’ল যে এই হিচাপটোত কেৱল চূড়ান্তভাৱে উৎপাদিত সামগ্ৰী (Finished Goods) বোৰকহে ধৰা হয়; অন্তঃৱৰ্তী সামগ্ৰী (Intermediary Goods) বোৰ এই তালিকাৰ পৰা বাদ দিয়া হয়৷
অৰ্থনৈতিক বিকাশৰ সূচক হিচাপে মুঠ ঘৰুৱা উৎপাদনক ব্যৱহাৰ কৰাত কিছুমান সীমাৱদ্ধতা আছে৷ ভাৰতৰ দৰে অনানুষ্ঠানিক খণ্ড (Informal Sector) বিস্তৃত হৈ থকা দেশএখনত ঘৰুৱাভাৱে মুঠ কিমান সামগ্ৰী প্ৰস্তুত হৈছে তাৰ নিৰ্ভুল হিচাপ উলিওৱাটো সম্ভৱ নহয়৷ উদাহৰণস্বৰূপে গাঁৱৰ খেতিয়কসকলে নিজে উৎপাদিত কৰা শস্যৰ হিচাপ নেৰাখে৷ তেনেদৰে, মুঠ সেৱাৰ মূল্য হিচাপ কৰি উলিওৱাৰ বেলিকাও কিছুমান সেৱা তালিকাভুক্ত নহয়৷ উদাহৰণস্বৰূপে এগৰাকী গৃহিণীয়ে ঘৰখন চলাবলৈ আগবঢ়োৱা কষ্ট আৰু সেৱাৰ হিচাপটো মুঠ ঘৰুৱা উৎপাদনত অন্তৰ্ভুক্ত নহয়৷  
বৰ্ধিত জনসংখ্যাৰ প্ৰসংগটোক এই সূচকটোৱে প্ৰতিনিধিত্ব নকৰে৷ উদাহৰণস্বৰূপে, অতি বেছি জনবহুল দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদন বেছি হ’লেও দেশখনৰ অৰ্থনীতিটো বিকশিত বুলি ক’ব পৰা নাযায়৷ যিদৰে বিশ-বাইছ জন সদস্যৰ পৰিয়াল এটা চলাবলৈ মাহিলি এক-ডেৰ লাখ টকাৰ আয়ো কম হয়, জনবহুল দেশ এখনৰ বেলিকাও সেই কথাটোৱেই প্ৰযোজ্য হয়৷
(খ) ৰাষ্ট্ৰীয় আয় (National Income):আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে দেশ এখনে কোনো বিত্তীয় বৰ্ষত কেৱল নিজা ভৌগোলিক সীমাৰ ভিতৰত উৎপাদন কৰা মুঠ সামগ্ৰী আৰু সেৱাবোৰ মুঠ ঘৰুৱা উৎপাদনত অন্তৰ্ভুক্ত কৰা হয়৷ কিন্তু নিজা ভৌগোলিক সীমাৰ বাহিৰতো বিভিন্ন অৰ্থনৈতিক কাৰ্যৰ যোগেদি এখন দেশে যথেষ্ট ধন উপাৰ্জন কৰে৷ উদাহৰণস্বৰূপে ভাৰতৱৰ্ষই বৈদেশিক সেৱাৰ যোগেদি যথেষ্ট ধন আহৰণ কৰে৷ আমাৰ দেশৰ বহু নাগৰিকে পৃথিৱীৰ বিভিন্ন দেশত সেৱা আগবঢ়াই আহিছে৷ মুঠ ঘৰুৱা উৎপাদনৰ লগত শুধ বৈদেশিক আয় (Net Foreign Income) যোগ কৰি ৰাষ্ট্ৰীয় আয় গণনা কৰা হয়৷
(গ) জনমূৰি আয় (Per Capita Income): মুঠ ৰাষ্ট্ৰীয় আয়ক দেশৰ জনসংখ্যাৰে হৰণ কৰি জনমূৰি আয় গণনা কৰা হয়৷ প্ৰতিজন মানুহৰ বিপৰীতে হোৱা উপাৰ্জনক এই সূচকে উত্থাপন কৰে৷
আয়ৰ বিতৰণত বৃহৎ বৈষম্য থকা ভাৰতৱৰ্ষৰ দৰে দেশত জনমূৰি আয়ৰ দৰে সূচক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো সীমাৱদ্ধতা আছে৷ ভাৰতৱৰ্ষৰ ৰাষ্ট্ৰীয় আয়ৰ ৬০ শতাংশ মুঠ জনসংখ্যাৰ মাত্ৰ এক শতাংশ টাটা-অম্বানিৰ দৰে ধনৱানমানুহৰ হাতত কেন্দ্ৰীভূত হৈ আছে৷ সেয়েহে ১৩০ কোটি মানুহৰ মাজৰ পৰা এই এমুঠিমান মানুহক বাদ দিলে মুঠ জাতীয় আয়ৰ বৃহৎ পতন ঘটিব৷ বৰ্তমান সময়ত দেশৰ জনমূৰি আয় বাৰ্ষিক প্ৰায় ১৮০০ আমেৰিকান ডলাৰ৷ মুঠ ৰাষ্ট্ৰীয় আয়ৰ পৰা সেইকেইজন ধনাঢ্য ব্যক্তিৰ আয়ক বাদ দিলে এই অংকটো অৱনমিত হৈ হ’বগৈ মাত্ৰ ৭৩০ ডলাৰ৷
(ঘ) লেন দেনৰ সমতাত ৰাহি (Surplus in Balance of Payments): প্ৰতিখন দেশে নিজে অতিৰিক্তভাৱে উৎপাদন কৰা সামগ্ৰীসমূহ অন্য দেশলৈ ৰপ্তানি কৰি বৈদেশিক মূল্য আহৰণ কৰে৷ তেনেদৰে নিজা দেশত প্ৰস্তুত কৰিব নোৱাৰা সামগ্ৰীসমূহ নতুবা কমকৈ উৎপাদিত হোৱা দ্ৰব্যবোৰ অন্য দেশৰ পৰা আমদানি কৰি আনে৷ এনে আমদানি-ৰপ্তানিৰ বছেৰেকীয়া হিচাপটোক লেন দেনৰ সমতা (Balance of Payments) বোলা হয়৷ বৈদেশিক বিনিয়োগৰ প্ৰৱাহ আৰু সেৱাৰ আমদানি-ৰপ্তানিও এইটো হিচাপত সোমাই থাকে৷ আমদানিতকৈ ৰপ্তানি বেছি হোৱা মানে দেশ এখনে নিজে আনৰ পৰা কমকৈ কিনি আনক বেছিকৈ বিক্ৰী কৰি বাণিজ্যত ৰাহি সৃষ্টি কৰা৷ এনে ৰাহিৰ যোগেদি দেশ এখনে যথেষ্ট ধন আহৰণ কৰিব পাৰে৷ সেয়ে ৰপ্তানি বৃদ্ধিৰ যোগেদি লেন দেনৰ সমতাত ৰাহিৰ সৃষ্টি হোৱাটোক আমি অৰ্থনৈতিক বিকাশৰে এটা সূচক বুলিব পাৰোঁ৷

1 comment: