Thursday 14 May 2020

বহনক্ষম গ্ৰাম্য উন্নয়ন (Sustainable Rural Development)


বহনক্ষম গ্ৰাম্য উন্নয়নৰ বিষয়ে জনাৰ আগেয়ে আমি বহনক্ষম উন্নয়ন মানে কি সেয়া জানি ল’ব লাগিব৷ তাৰ পিছতহে আমি গ্ৰামোন্নয়নৰ সৈতে সেই বহনক্ষম উন্নয়নৰ সম্পৰ্ক স্থাপন কৰিব পাৰিম৷ বনহক্ষম উন্নয়ন মানে হ’ল এনে এক প্ৰকাৰৰ উন্নয়ন যি বৰ্তমান প্ৰজন্মৰ সমানকৈয়ে ভৱিষ্যৎ প্ৰজন্মৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ই এনে এক উন্নয়ন কৌশল যাৰ দ্বাৰা অৰ্থনৈতিক উন্নয়নৰ কাৰণে সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰা হয় যে বৰ্তমান প্ৰজন্মই সেইবোৰ সম্পদ উপভোগ কৰাৰ লগতে যাতে ভৱিষ্যৎ প্ৰজন্মৰ কল্যাণ আৰু উন্নয়নৰ বাবেও যথেষ্ট পৰিমাণে সম্পদ ৰৈ যায় তাক নিশ্চিত কৰে৷ বিখ্যাত ব্ৰাণ্টলেণ্ড কমিছনৰ মতে, “Sustainable Development is the development which meets the needs of the present generation without compromising the ability of the future generation to meet their own needs.” অৰ্থাৎ বহনক্ষম উন্নয়নৰ ধাৰণাটোৱে বৰ্তমান প্ৰজন্মৰ অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ লগতে  ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ ওপৰতো সম গুৰুত্ব আৰোপ কৰে৷ ই এনে এক উন্নয়নৰ কথা কয় যিটোৱে ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰক সুৰক্ষিত কৰি বৰ্তমান সময়ত উন্নয়নৰ পথ উলিয়াই লয়৷ 
গাওঁসমূহ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যৰে ভৰা৷ বনজ সম্পদ, জলসম্পদ আৰু খনিজ সম্পদত গাওঁসমূহ চহকী৷ এই সম্পদসমূহক কামত খটুৱাই গ্ৰামোন্নয়নৰ পথটো সুন্দৰকৈ আৰম্ভ কৰিব পৰা যায়৷ প্ৰাকৃতিক সম্পদসমূহৰ উচিত ব্যৱহাৰৰ যোগেদি গ্ৰাম্য অৰ্থনীতিলৈ সাংঘাটিক পৰ্যায়ৰ ধনাত্মক পৰিৱৰ্তন আনিব পৰা যায়৷ আমাৰ অসমৰ ডিগবৈ, দুলীয়াজান আদি ঠাইসমূহ একালত যথেষ্ট পিছপৰা দুৰ্গম অঞ্চল আছিল৷ কিন্তু সেই অঞ্চলসমূহৰ প্ৰাকৃতিক সম্পদ (বিশেষকৈ খনিজ সম্পদ) ৰ সৎ প্ৰয়োগ কৰাৰ ফলত বৰ্তমান সময়ত সেই অঞ্চলসমূহ উচ্চ আয়ৰ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ কিছুমানলৈ ৰূপান্তৰিত হৈছে৷
গ্ৰাম্য উন্নয়নৰ বাবে প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰোঁতে এটা ক্ষেত্ৰত সাৱধান হ’ব লাগে যাতে ভৱিষ্যৎ প্ৰজন্মৰ সা-সুবিধাৰ কাৰণেও যথেষ্ট পৰিমাণে সম্পদ থাকি যায়৷ গ্ৰামোন্নয়ন নিশ্চিতভাৱে আৱশ্যকীয় বিষয়৷ কিন্তু সেই গ্ৰামোন্নয়ন যদি গ্ৰাম্যাঞ্চলৰ প্ৰাকৃতিক সম্পদৰ ভিত্তিত গঢ় দিয়া হয় তেতিয়াহ’লে বহনক্ষম উন্নয়নৰ প্ৰাসঙ্গিকতা আহি পৰে৷ প্ৰাকৃতিক সম্পদসমূহ যাতে অবিবেচকভাৱে ব্যয় কৰা নহয় সেই বিষয়টোলৈ মন কৰাটো অতি প্ৰয়োজনীয়৷
প্ৰাকৃতিক সম্পদসমূহক নৱীকৰণযোগ্য (Renewable) আৰু অনৱীকৰণযোগ্য (Non Renewable) –এই দুই ধৰণেৰে ভাগ কৰিব পৰা যায়৷ অনৱীকৰণযোগ্য সম্পদসমূহ সাধাৰতে খনিজাত সম্পদ যেনে –কয়লা, পেট্ৰ’লিয়াম আদি৷  এনে সম্পদসমূহ মানৱ জাতিৰ বাবে অৰ্থৱহ সময়ৰ ভিতৰত পুনৰ সৃষ্টি নহয়৷ গ্ৰামোন্নয়নৰ বাবে এই সম্পদসমূহ ব্যৱহাৰ কৰোঁতে সাৱধান হ’ব লাগে যাতে ভৱিষ্যৎ প্ৰজন্মলৈও এনে সম্পদৰ ভাণ্ডাৰ ৰৈ যায়৷ আনহাতে নৱীকৰণযোগ্য সম্পদসমূহ আমাৰ বাবে অৰ্থৱহ সময়ৰ ভিতৰতে পুনৰ সৃষ্টি হয়৷ উদাহৰণস্বৰূপে গছ-বন, মাছ আদি৷ পুনৰ সৃষ্টি বা জন্ম হোৱাৰ ক্ষমতা থাকিলেও এই সম্পদসমূহৰ অবিবেচক আৰু খৰতকীয়া ব্যৱহাৰে এইবোৰক বিলুপ্ত কৰি তুলিব পাৰে৷ উদাহৰণস্বৰূপে অৰণ্যৰ গছসমূহ নৱীকৰণযোগ্য সম্পদ; এজোপা গছৰ বীজৰ পৰা তেনে দহজোপা গছৰ জন্ম হয়৷ সেয়া হ’লেও এটা গছৰ পুলি সৰু অৱস্থাৰ পৰা ডাঙৰ গছ এজোপালৈ বৃদ্ধি হ’বলৈ ত্ৰিশ-চল্লিশ বছৰৰ আৱশ্যক হয়৷  অৰ্থনৈতিক উন্নয়নৰ প্ৰয়োজনীয়তাত গছবোৰ কাটোঁতে এই কথাটো মন কৰা উচিত৷ ইয়াৰোপৰি নৱীকৰণযোগ্য সম্পদসমূহৰ বংশবৃদ্ধি হোৱাৰ এটা বিশেষ হাৰ (rate) থাকে৷ উন্নয়নৰ বাবে সম্পদসমূহ ব্যৱহাৰ কৰোঁতে সম্পদৰ ব্যৱহাৰৰ হাৰ যাতে সম্পদৰ বংশবৃদ্ধিৰ হাৰতকৈ বেছি নহয় সেই কথালৈ মন কৰিব লাগে৷ আমি মাছৰ উদাহৰণ দিব পাৰোঁ৷ মাছ হ’ল নৱীকৰণযোগ্য সম্পদ কিয়নো মাছৰ বংশবৃদ্ধি হয়৷ ধৰা হ’ল কোনো পুখুৰী এটাত প্ৰতিবছৰে এহাজাৰ জনী মাছ নতুনকৈ জন্ম হয়৷ গতিকে অৰ্থনৈতিক উন্নয়নৰ বাবে পুখুৰীটোৰ মাছবোৰ ব্যৱহাৰ কৰোঁতে মন কৰিব লাগিব যাতে প্ৰতিবছৰে এহাজাৰ জনী বা তাতকৈ কম সংখ্যক মাছ বজাৰলৈ উলিয়াই দিয়া হয়৷ অন্যথাই সেই উন্নয়ন কৌশল বহনক্ষম নহ’ব৷
বহনক্ষম গ্ৰামোন্নয়নৰ কথা আলোচনা কৰোঁতে প্ৰদূষণ নামৰ বিষয়টোৰ কথাও আহে৷ পৰিৱেশ প্ৰদূষণৰ যোগেদি ঠাই এখনৰ মাটি, পানী আৰু বায়ুৰ স্বাভাৱিক প্ৰাকৃতিক গুণাগুণ  বিনষ্ট হয়৷ ই বহনক্ষম উন্নয়নৰ পৰিপন্থী৷ খৰতকীয়া অৰ্থনৈতিক উন্নয়নত গুৰুত্ব দিওঁতে কেতিয়াবা আমি প্ৰদূষণৰ কুফলসমূহলৈ মুঠেই মন নকৰোঁ৷ কিন্তু আমি মন কৰাটো উচিত যে পৰিৱশটোক প্ৰদূষিত কৰি অৰ্জন কৰা অৰ্থনৈতিক উন্নয়ন দীৰ্ঘম্যাদী নহয়৷ পৰিৱেশ প্ৰদূষণে ঋণাত্মক বাহ্যিকতা (Negative Externality) ৰ যোগেদি ৰাজহুৱা ব্যয় বৃদ্ধি কৰে৷
উন্নত দেশসমূহৰ তুলনাত ভাৰতৱৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় আইন কানুনসমূহ যথেষ্ট শিথিল৷কঠোৰ আইন কানুনে উৎপাদনকাৰীক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাবলৈ বাধ্য কৰায় আৰু তাৰ ফলত উৎপাদন ব্যয় বৃদ্ধি পায়৷ সেয়েহে পৰিৱেশ প্ৰদূষণ সম্পৰ্কে যিবিলাক দেশৰ আইন কানুন তুলনামূলকভাৱে কঠোৰ তেনেবোৰ দেশৰ প্ৰতি বিনিয়োগকাৰীসকল আকৰ্ষিত নহয়৷ সেই একেটা কাৰণতে ভাৰতৱৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ কৌশল হিচাপে পৰিৱেশসম্পৰ্কীয় আইনসমূহ তুলনামূলকভাৱে শিথিল কৰি ৰাখিছে বুলি গৱেষণাই প্ৰমাণিত কৰিছে৷ ইয়াৰ ফলত প্ৰত্যক্ষ বিদেশী বিনিয়োগে অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগে লগে পৰিৱেশৰো ক্ষতি কৰিছে৷
প্ৰত্যক্ষ বিদেশী বিনিয়োগে অৰ্থনৈতিক উন্নয়ন সাধন কৰে ঠিকেই কিন্তু তাক আকৰ্ষণ কৰিবৰ বাবে যদি পৰিৱেশীয় আইন-কানুনৰ কঠোৰতা হ্ৰাস কৰা হয়, তেনে কৌশলে বহনক্ষম উন্নয়নৰ সপোনক চাৰখাৰ কৰি পেলায়৷ প্ৰাকৃতিক পৰিৱেশৰ অৱনতি ঘটাই অৰ্জন কৰা উন্নয়ন দীৰ্ঘস্থায়ী নহয়৷ গৱেষণাই দেখুওৱা ধৰণে ভাৰতৱৰ্ষই যদি শিথিল পৰিৱেশীয় আইনক বিদেশী বিনিয়োগ আহৰণৰ চমু পথ হিচাপে ব্যৱহাৰ কৰিছে তেনে অদূৰ ভৱিষ্যতে তাৰ কুফল ভাৰতীয় অৰ্থনীতিয়ে ভোগ কৰিব লাগিব৷ প্ৰাকৃতিক পৰিৱেশক বন্ধকত থৈ আহৰণ কৰা অৰ্থনৈতিক বিকাশ কেতিয়াও দীৰ্ঘম্যাদী হ’ব নোৱাৰে৷

1 comment: