Thursday 14 May 2020

অৰ্থনৈতিক উন্নয়নৰ সূচকসমূহ (Indicators of Economic Development)


অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো বিস্তৃত হোৱা বাবে ইয়াৰ পৰিসৰৰ ভিতৰত অনেক সূচক অন্তৰ্ভুক্ত হৈছে৷ তাৰোপৰি সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন সূচক কিছুমানো অৰ্থনৈতিক উন্নয়নৰ পৰিসৰৰ ভিতৰলৈ আহিছে৷ তলত উন্নয়নৰ প্ৰধান সূচকসমূহৰ আলোচনা আগবঢ়োৱা হ’ল –
ক) অৰ্থনৈতিক বিকাশ (Economic Growth): দ্ৰব্যসামগ্ৰী আৰু সেৱাৰ উৎপাদন বৃদ্ধিৰ যোগেদি ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধি ঘটাই আহৰণ কৰা অৰ্থনৈতিক বিকাশ হৈছে অৰ্থনৈতিক উন্নয়নৰ এটি প্ৰধান সূচক৷ ৰাষ্ট্ৰীয় আয় আৰু তাৰ সমান্তৰালভাৱে প্ৰকৃত জনমূৰি আয়ৰ বৃ্দ্ধি হ’লে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়৷ তাৰ যোগেদি দেশৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পায়, মৃত্যুৰ হাৰ হ্ৰাস পায়, ৰাজনৈতিক-অৰ্থনৈতিক সচেতনতা বৃদ্ধি হয়৷ সেয়েহে অৰ্থনৈতিক বিকাশক উন্নয়নৰ এক প্ৰধান সূচক বুলি ধৰা হয়৷
খ) হ্ৰাসমান দৰিদ্ৰতা (Decreasing Poverty) : দৰিদ্ৰতা হৈছে অৰ্থনৈতিক উন্নয়নৰ এক প্ৰধান বাধা৷ দৰিদ্ৰতাই মানুহক শিক্ষা, সুস্বাস্থ্য, সুখাদ্য আৰু এটি মানদণ্ডপূৰ্ণ জীৱনৰ পৰা বঞ্চিত কৰি ৰাখে৷ দৰিদ্ৰ লোকসকল নিৰক্ষৰ হয়, তেওঁলোকৰ মাজত সচেতনতা কম৷ তেওঁলোকৰ মাজত জন্ম আৰু মৃত্যু –দুয়োটাৰেই হাৰ বেছি৷ অৰ্থনৈতিক উন্নয়নৰ লগে লগে দৰিদ্ৰতাৰ হাৰ হ্ৰাস পায়৷ ভাৰতৱৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহত এতিয়াও মুঠ জনসংখ্যাৰ ২৫ শতাংশতকৈ অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে৷
গ) মানৱ উন্নয়ণ (Human Development):মানৱ উন্নয়ন হৈছে অৰ্থনৈতিক উন্নয়নৰ মূল উৎস আৰু লক্ষ্য দুয়োটাই৷ সুশিক্ষিত আৰু কাৰ্যক্ষম মানৱ শক্তিক মানৱ সম্পদ (Human Resource) বুলি কোৱা হয়, আৰু অৰ্থনৈতিক উন্নয়নত এই মানৱ সম্পদৰ ভূমিকা অত্যাৱশ্যকীয়৷ সেয়েহে দেশ এখনৰ মানৱ শক্তিৰ উন্নয়ন হ’লে সি অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰত্যক্ষভাৱে সহায়ক হয়৷ শিক্ষাৰ প্ৰসাৰৰ যোগেদি মানুহৰ জ্ঞান আৰু কৌশলৰ বৃদ্ধি কৰা, স্বাস্থ্যখণ্ডত বিনিয়োগৰ যোগেদি মৃত্যুৰ হাৰ হ্ৰাস আৰু জীৱন প্ৰত্যাশা বৃদ্ধি কৰা, জনমূৰি আয়ৰ বৃদ্ধিৰ যোগেদি মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা –আদি মানৱ সম্পদ উন্নয়নৰ মূল পদক্ষেপ৷
ঘ) বৃত্তিগত সংৰচনা (Occupational Structure): বৃত্তিগত দিশতউন্নত আৰু অনুন্নত দেশসমূহৰ মাজত থকা এটা ডাঙৰ পাৰ্থক্য আছে৷ উন্নত দেশসমূহত খুব কম সংখ্যক লোক কৃষিখণ্ডৰ সৈতে জড়িত হৈ থাকে; অধিকসংখ্যক লোকে উদ্যোগখণ্ড আৰু সেৱাখণ্ডৰ যোগেদি বৃত্তি উপাৰ্জন কৰে৷ তাৰ বিপৰীতে অনুন্নত দুখীয়া দেশবোৰত মুঠ জনসংখ্যাৰ আধাতকৈ অধিক লোক কৃষিখণ্ডত প্ৰত্যক্ষভাৱে নিয়োজিত হৈ থাকে; উদ্যোগখণ্ড আৰু সেৱাখণ্ডৰ বিকাশ নোহোৱা বাবে এইকেইটা খণ্ডত খুব কম সংখ্যক লোকে কৰ্মসংস্থাপন লাভ কৰে৷ অৰ্থনৈতিক উন্নয়নৰ লগে লগে উদ্যোগখণ্ড আৰু আৰু সেৱাখণ্ডৰ চমকপ্ৰদ বিকাশ হয় আৰু এইবোৰত কৰ্মসংস্থাপন বৃদ্ধি পায়৷ তাৰ বিপৰীতে কৃষিখণ্ডত জড়িত লোকৰ সংখ্যা কমি আহে৷ বৃত্তিগত সংৰচনাত হোৱা এই পৰিৱৰ্তন অৰ্থনৈতিক উন্নয়নৰ লক্ষণ৷ আমাৰ দেশ ভাৰতৱৰ্ষৰ বৃত্তিগত সংৰচনালৈ মন কৰিলে দেখা যায় যে স্বাধীনতাৰ সময়ত দেশৰ সত্তৰ শতাংতকৈ অধিক লোক বৃত্তিৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল৷ স্বাধীনতাৰ পিছত অৰ্থনৈতিক উন্নয়ন আৰম্ভ হোৱাত কৃষিখণ্ডত জড়িত লোকৰ সংখ্যা কমি আহে৷ এতিয়াও দেশৰ ৫৫ শতাংশতকৈ অধিক লোক জীৱিকাৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ সৈতে জড়িত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১.৬৬ শতাংশ লোক কৃষিখণ্ডত নিয়োজিত৷   
ঙ) ৰাষ্ট্ৰীয় আয়লৈ খণ্ডভিত্তিক বৰঙণিত পৰিৱৰ্তন (Change in the sector-wise contribution to national income): অনুন্নত দেশসমূহৰ ৰাষ্ট্ৰীয় আয়লৈ প্ৰাথমিক বা কৃষি খণ্ডই মূল অৱদান আগবঢ়ায়৷ উদ্যোগখণ্ড আৰু সেৱাখণ্ডৰ প্ৰয়োজনীয় বিকাশ নঘটা বাবে সেইকেইটা খণ্ডই ৰাষ্ট্ৰীয় আয়লৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব নোৱাৰে৷ কিন্তু অৰ্থনৈতিক উন্নয়নৰ লগে লগে উদ্যোগ আৰু সেৱা খণ্ডৰ বিকাশ ঘটাত ৰাষ্ট্ৰীয় আয়লৈ সেইকেইটা খণ্ডৰ বৰঙণি দিনক দিনে বাঢ়ি আহিবলৈ ধৰে৷ তাৰ বিপৰীতে কৃষিখণ্ডৰ গুৰুত্ব হ্ৰাস পায়৷ উদাহৰণস্বৰূপে স্বাধীনতাৰ সময়ত ভাৰতৱৰ্ষৰ ৰাষ্ট্ৰীয় আয়লৈ কৃষি, উদ্যোগ আৰু সেৱাখণ্ডৰ অৱদান আছিল ক্ৰমান্বয়ে ৫৫.৯, ১৪.৯, আৰু ২৯.২ শতাংশ৷ অৰ্থনৈতিক উন্নয়নৰ লগে লগে সেই সংৰচনাত পৰিৱৰ্তন ঘটাত বৰ্তমান (২০১৮) সময়ত ৰাষ্ট্ৰীয় আয়লৈ সেইকেইটা খণ্ডৰ অৱদান হৈছে ক্ৰমান্বয়ে, ১৫.৮৭, ২৯.৭৩ আৰু ৫৪.৪০ শতাংশ৷ এনে সংৰচনাত্মক পৰিৱৰ্তন অৰ্থনৈতিক উন্নয়নৰ এটা মূল সূচক৷
চ) অৰ্থনৈতিক স্বাৱলম্বীতাঃ অৰ্থনৈতিক স্বাৱলম্বীতা হৈছে উন্নয়নৰ এক মূল সূচক৷ স্বাৱলম্বীতা মানে হৈছে আনৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজা সম্পদেৰে আটাইবোৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা অৱস্থাটো৷ দেশ এখন চলিবলৈ প্ৰযুক্তি, কেঁচামাল, দক্ষ শ্ৰমিক, খাৰুৱা তেল, খাদ্য, শক্তি আদি অনেক সম্পদৰ আৱশ্যকতা হয়৷ সাধাৰণ দেশ এখনৰ পক্ষে এই আটাইবোৰ সম্পদ আহৰণ কৰাটো সম্ভৱ নহয়৷ সেয়েহে নিজ দেশত নিৰ্মিত নোহোৱা সামগ্ৰীসমূহ অন্য দেশৰ পৰা আমদানি কৰিবলগীয়া হয়৷ তেনে আমদানিৰ যোগেদি যথেষ্ট ব্যয় হয় বাবে দেশসমূহে যিমান সম্ভৱ হয় আমদানি কমাই চলিবলৈ চেষ্টা কৰে৷ তাৰ বাবে নিজ দেশতে প্ৰয়োজনীয় সম্পদ আৰু সামগ্ৰীবোৰ প্ৰস্তুত কৰি স্বাৱলম্বীতা অৰ্জন কৰাটো দেশসমূহৰ লক্ষ্য হৈ পৰে৷ জাপান, অষ্ট্ৰেলিয়া আদি উন্নত  দেশসমূহৰ আমদানি কম, ৰপ্তানী বেছি৷ সেউজ বিপ্লৱৰ পূৰ্বতে আমাৰ দেশ ভাৰতেও যথেষ্ট খাদ্যশস্য আন দেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল৷ অৰ্থনৈতিক উন্নয়নৰ লগে লগে ভাৰতৱৰ্ষই বিভিন্ন সামগ্ৰী নিজ দেশতে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া আমাৰ দেশে গাখীৰ-চেনিৰ পৰা আৰম্ভ কৰি চফটৱেৰ পৰ্যন্ত নিজেই প্ৰস্তুত কৰি স্বাৱলম্বী হৈ অন্য দেশলৈ ৰপ্তানী কৰিবলৈও সক্ষম হৈছে৷    
গ্ৰামোন্নয়নৰ মৌলিক অৱধাৰণা                    ২৪                    
গ্ৰামোন্নয়নৰ মৌলিক অৱধাৰণা              ২৩                  
ছ) নাগৰিকসকলৰ সুস্বাস্থ্যঃ সুস্বাস্থ্যৰ অধিকাৰী দক্ষ গোট এটাক মানৱ সম্পদ বোলা হয়৷ অৰ্থনৈতিক উন্নয়নৰ লগে লগে দেশখনৰ প্ৰায়ভাগ লোকেই সুস্বাস্থ্যৰ অধিকাৰী হৈ পৰে৷ অৰ্থনৈতিক উন্নয়নৰ ফলত মানুহৰ আয় বৃদ্ধি পালে তেওঁলোক স্বাস্থ্য সম্পৰ্কে অধিক সজাগ হৈ পৰে, পুষ্টিকৰ খাদ্য ক্ৰয় কৰি খাব পৰাৰ ক্ষমতা হয়, শিক্ষাৰ বিস্তাৰৰ ফলত স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি পায়৷ এইবোৰ কাৰণত নাগৰিকসকলৰ জীৱন প্ৰত্যাশা কাল বৃদ্ধি পায়, মৃত্যুৰ হাৰ হ্ৰাস পায় আৰু কৰ্মক্ষমতা বাঢ়ে৷
জ) বৰ্ধিত সাক্ষৰতাঃ ক্ৰমবৰ্দ্ধমান সাক্ষৰতা অৰ্থনৈতিক উন্নয়নৰ এটি মূল সূচক৷ অৰ্থনৈতিক উন্নয়ন হ’লে মানুহৰ আয় বৃদ্ধি পায়, শিক্ষাৰ বিস্তাৰ হয়৷ ইয়াৰ ফলৰ দেশৰ নাগৰিকসকল শিক্ষিত হৈ পৰে৷ শিক্ষিত লোকসকলে অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত পোনপটীয়াকৈ অৱদান আগবঢ়াব পাৰে৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, নৰৱে, লাক্সেমবাৰ্গ আদি উন্নত দেশসমূহৰ জনসংখ্যাৰ ১০০ শতাংশ লোকেই শিক্ষিত৷ স্বাধীনতাৰ সময়ত আমাৰ দেশ ভাৰতৰ মাত্ৰ ১৮.৩৩ শতাংশ লোক শিক্ষিত আছিল, বৰ্তমান (২০১১) এই সক্ষৰতা হাৰ ৭৪.০৪ শতাংশলৈ বৃদ্ধি হৈছে৷ এনে বৰ্ধিত সাক্ষৰতা হাৰে ভাৰতীয় অৰ্থনীতি উন্নত হোৱাটোকে সূচাইছে৷
ঝ) উন্নত আন্তঃগাঁথনিঃ আন্তঃগাঁথনি মানে হৈছে অৰ্থনৈতিক কাৰ্যকলাপ সূচাৰুৰূপে সম্পাদন কৰিব পৰাৰ সহায়ক হ’বৰ বাবে লাগতীয়াল সা-সুবিধাসমূহ৷ ৰাস্তা-ঘাট, বিদ্যুৎ, যোগাযোগ ব্যৱস্থা আদি আন্তঃগাঁথনিৰ অন্তৰ্ভুক্ত৷ এই সা-সুবিধাসমূহ অৰ্থনৈতিক উন্নয়নৰ বাবে মৌলিক প্ৰয়োজনীয়তা৷ সেয়েহে এইবোৰৰ বিকাশে অৰ্থনৈতিক উন্নয়নকে সূচায়৷ উন্নত দেশসমূহৰ আন্তঃগাঁথনি অতি আগবঢ়া৷ সেইবোৰ দেশৰ স্থলপথ, জলপথ আৰু আকাশীপথৰ সুবিধা অত্যাধুনিক; ডাক, ইন্টাৰনেট সেৱা আদি নিৰ্ভৰযোগ্য আৰু বেগী; ২৪ ঘন্টাই বিজুলী যোগানৰ বাবে সক্ষম৷
ঞ) নিয়োগ সৃষ্টিঃ অৰ্থনৈতিক উন্নয়নৰ লগে লগে মূলত উদ্যোগ আৰু সেৱাখণ্ডৰ বিকাশ সাধন হোৱা বাবে দেশত নিয়োগৰ সুবিধা বৃদ্ধি পায়৷ অনুন্নত দেশসমূহৰ আধাতকৈ বেছি লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিখণ্ডৰ সৈতে জড়িত হৈ থাকে৷ এনেবোৰ দেশত খেতি-বাতিত প্ৰয়োজনীয়তকৈ অধিক লোক নিয়োজিত হৈ থাকে৷ অতিৰিক্তকৈ থকা এইসকল লোক দেখাত নিয়োজিত যদিও এইসকলক কৰ্মৰ পৰা আঁতৰাই দিলেও উৎপাদন কমি নাযায়৷ এওঁলোকক ছদ্মবেশী নিবনুৱা (Disguised unemployment) বুলি কোৱা হয়৷অৰ্থনৈতিক উন্নয়নৰ ফলত সেৱা আৰু উদ্যোগখণ্ডই বৰ্ধিত হাৰত নিয়োগৰ সুবিধা সৃষ্টি কৰে৷

1 comment:

  1. Your blog is a gift to the internet. Thanks for sharing. Also check the neptune municipal court

    ReplyDelete